Wednesday 26 February 2014

উৰণীয়া হাঁহ

By: Deep Jyoti Nath

এদিন এজন মানুহে এটা উৰণীয়া হাঁহ চিকাৰ কৰিলে । গুলি খায় হাঁহটো এজন বৃদ্ধৰ খেতিৰ ওপৰত পৰিল । মানুহজনে খেতিৰ ভিতৰত সোমাই হাঁহটো বিচাৰি আনোতেই গৃহস্থ বৃদ্ধই তাক আগভেটি ধৰিলে ।

বৃদ্ধ :-- “মোৰ মাটিত পৰা যিকোনো বস্তু মোৰ হৈ যায়, মই এই হাঁহ নিদিওঁ আপোনাক” !

মানুহজনে ক'লে, -- ঐ বুঢ়া, মই অসমৰ সকলোতকৈ ডাঙৰ উকিল হয় । মোক এই চৰাইটো নিব নিদিলে মই তোৰ বিৰুদ্ধে গোচৰ কৰিম । তাৰ পাচত চাবি.. এই হাঁহ মোৰ নে তোৰ ।

খেতিৰ মালিক বৃদ্ধই ক'লে, ''থ.. থ.. তোৰ উকালতি, আমাৰ এইফালে যিকোনো কাজিয়াৰ মীমাংসা কৰাৰ ধৰণটো অলপ বেলেগ ধৰণৰ । আমি কাজিয়া মীমাংসা কৰো তিনি গোৰ পদ্ধতিত ।”

উকিলজনে ক'লে, “তিনি গোৰ পদ্ধতি কেনেকুৱা ?”

খেতিৰ মালিক :-- “প্রথমে মই তোক তিনিটা গোৰ মাৰিম, তাৰপাচত তই মোক তিনিটা গোৰ মাৰিবি । আকৌ মই তোক তিনি গোৰ মাৰিম, আকৌ তই মোক মাৰিৰি ! এনেকৈ মাৰামাৰি চলি গৈ থাকিব যেতিয়ালৈকে কোনেও ছাৰেণ্ডাৰ নকৰে ।”

উকিল জনে চিন্তা কৰিলে.... নিয়মটোত দেখোন বহুত ভালেই, এই বুঢ়াটোক দেখোন সি তিনি গোৰতেই হাৰাই দিব পাৰিব । এনেকৈ ভাবি উকিলজন এই পদ্ধতিতে মীমাংসা কৰিবলৈ ৰাজি হৈ গ'ল ।

বৃদ্ধ মালিকে প্রথম এক গোৰ মাৰিলে তাৰ কঁকালত, উকিলজন চিঞৰি মাটিত পৰি গ'ল । দ্বিতীয় গোৰ মাৰিলে তাৰ নাকত, উকিলৰ নাকৰপৰা তেজ বাহিৰ হৈ গ'ল । তৃতীয় গোৰ মাৰিলে উকিলৰ বুকুত, উকিলে বিষত কেকায় অচেতন হৈ পৰি গ'ল ।

নাই নহ'ব, অচেতন হ'লে নচলিব, সি তাৰ সমস্ত শক্তি একত্ৰিত কৰি থিয় হ'ল । এইবাৰ তাৰ পাল.... বৃদ্ধৰ কাষলৈ গৈ এক গোৰ মাৰিবৰ বাবে ভৰি দাঙিলে । ঠিক সেই মুহূৰ্ততে বৃদ্ধই হাঁহি ক'লে,
.
.
.
.
.
“মই ছাৰেণ্ডাৰ কৰিলো, তোমাৰ হাঁহ তুমি নিব পাৰা ।”

বিশেষ সাংঘাটিক লাভজনক জ্ঞান…

By: Manav Kr Bayan

(যদি ভাল লাগে আনকো এই জ্ঞান বিতৰণ কৰিবলৈ নাপাহৰিব…)

১) যদি আপোনাক কুকুৰে কামোৰে আপুনিও কুকুৰটোক কামুৰি দিয়ক.. হিচাব বৰাবৰ…
২) গাখীৰ যদি ফাটে তেনেহলে বগা সূতাৰে চিলাই কৰি থ’ব৷ কোনেও গমেই নাপাব
৩) যদি আপোনাৰ খুব চুলি সৰে তেনেহলে মূৰটো খুৰাই পেলাব.. চুলি সৰা বন্ধ হৈ যাব
৪) যদি ডিঙি বিষাই আছে তেনেহলে কাৰোবাক ভালদৰে টেটুচেপা দিবলৈ কওক দুইমিনিটমান.. তাৰপাছত কেতিয়াও আৰু ডিঙি নিবিষায়..
৫) যদি আপোনাৰ হাতখন খুব বিষাই আছে তেনেহলে এটা ডাঙত হাতুৰী লৈ ভৰিৰ বুঢ়া আঙুলিত প্ৰচণ্ড মাৰ শোধাওক.. হাতৰ বিষ পাহৰি যাব
৬) যদি আপোনাৰ দাঁত পোকে খাইছে তেনেহলে এসপ্তাহ লঘোণে থাকক.. খাবলৈ নাপাই সকলো পোক মৰি যাব
৭) যদি আপোনাৰ ৰাতি টোপনি নাহে তেনেহলে দিনতে টোপনি মাৰক..

এইবোৰ পালন কৰি কিবা লাভ হ’লে মোক আশীৰ্বাদ কৰিবলৈ নাপাহৰিব৷ অৱশ্যে মই এনেও অতি সুখী!!!

................সন্দেহ ..................

By: Jaan Deepjyoti Borah

আকৌ নগেন আৰু মনালিছাৰ কথাই কবলৈ উলাইছো।
নগেনে অফিচৰ পৰা মনালিছালৈ ফোন কৰিলে আৰু সুধিলে ।
নগেন : মনা ডাৰলিঙ কত আছা ।
মনা: ঘৰতে আছোঁ সোণ ।
নগেন: অ ঠিক আছে ।মিকছাৰটো এবাৰ চলাই দিয়াচোন।
মনা :অ ৰবা সোণ ।
গোৰৰৰৰৰৰৰৰৰৰৰৰৰৰৰৰৰ
.
.
.
আকৌ দ্বিতীয় দিনা
নগেন :দাৰলিঙ কত আছা ।
মনা:ঘৰতে আছোঁ সোন।
নগেন :অ ঠিক আছে ।মিকছাৰটো চলাই দিয়াছোন।
মনা:অ ৰবা।
গোৰৰৰৰৰৰৰৰৰৰৰৰৰৰৰৰৰৰৰৰৰৰ
.
.
.
আকৌ তৃতীয় দিনা নগেনে ভাবিলে যে আজি ফোন নকৰো।সদায় সদায় এনেকৈ ফোন কৰাটো ভাল কথা নহয় ।আজি চিধাই ঘৰলৈ কে যাওঁ ।
বুলি ঘৰলৈ আহি পিছফালৰ পৰা ঘৰলৈ সোমাই দেখিলে যে কামকৰা মানুহজনীয়ে ভাত বনাই আছে ।
.
.
.
নগেন: বৌয়েৰ কত গল।ঘৰত নাই নে কি?
কামকৰা বাই:বৌ দেখোন সদায় ৰাতিপুৱা আপুনি উলাই যোৱাৰ পাছতেই উলাই যায় আৰু আপুনি অহাৰ আগে আগে আহি ঘৰ সুমাইহি।
অ বৌ উলাই যাওঁতে লগত সদায়ে মিকছাৰটো লৈ যায় দেখোন ।
.
.
.
নগেন :ৰ আজি এইক মই।

নগেন আৰু মনালিছা

By: Jaan Deepjyoti Borah

আজি আপোনালোকক নগেন আৰু মনালিছাৰ বিয়াৰ কথা কবলৈ উলাইছো।
নগেন আৰু মনালিছা ব্যস্ত হোমৰ ওচৰত ।নগেনৰ বন্ধু খগেন ব্যস্ত বিয়াৰ ঘৰত ছোৱালী চোৱাত।
এনেদৰে ছোৱালী চাই থাকোতেই এগৰাকীয়ে খগেনলৈ চাই হাঁহি মাৰি হাই বুলি কলে।
কইনাঘৰৰ ছোৱালীৰ এনে মৰমচেনেহ দেখি খগেনৰ মনতো বৰ ভাল লাগি গল। আৰু লাহে লাহে সেই ছোৱালীজনীৰ লগত কথা পাতিবলৈ খগেন আগুৱাই গল।ছোৱালীজনীৰ ওচৰ পাই খগেনে লাজলাজকৈ সুধিলে ।
খগেন : তোমাৰ নাম কি ভনী ।
ছোৱালী : মোৰ নাম মালতী
ছোৱালী :বৰ ধুনীয়া কাপোৰ এসজ পিন্ধিছে দেই ।
খগেন :অ এইযোৰ।পেন্তৰ দাম ২৫০০টকা,চোলাটোৰ দাম ১৫০০টকা.জোতাযোৰত ললে ৩০০০ আৰু ভিতৰত পিন্ধি থকা কেইটাৰ নকওঁ দিয়া ।এইকেইটাও বৰ দামী বুইছা।
ছোৱালী :হব হব ভিতৰৰটো দাম কিমান মই গম পাইছো ।ফুল ফুল ঠকাহে ।আমাৰ যে দেউবৰীয়া বজাৰত পাই।
খগেন :অ ফুল ফুল থকা ।তুমি কেনেকৈ জানিলা।
ছোৱালী :অলপমান কাণখন মোৰফালে আগুৱাই আনক কাণতহে কব পাৰিম ।
আৰু খগেনৰ কাণত মালতীয়ে কলে যে চেনদাল বন্ধ কৰি লওক ।আৰু ময়েই নহয় বিয়া ঘৰৰ সকলোৱে চিনি পাইছে এই ফুল আৰু ফুলৰ দাম কিমান ?

দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ

By: Jayanta Hazarika
আমাৰ চৰকাৰে বাৰু গুটখা বন্ধ কৰিব নে নকৰে ৷ ৰুদ্ধদ্বাৰ বৈঠক বহি আছে আমাৰ অৱতৰিয়া
বানপানী হোৱা একদম মেইন জাগাত ৷

কৰুন গগৈ— দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ যে কালন্ত, তুমি অলচ' এই গুটখা বিল খন
পাছ কৰিবই নালাগিছিল ৷ বাৰু কালন্ত এই গুটখা বিলাক বন্ধ হৈ নাযাইতো ৷

কালন্ত কৃষ্ণ শৰ্মা— ছাৰ আপোনি কোনো চিন্তাই নকৰিব ৷ মই এইবোৰ সকলোঁ চেটিং কৰিথৈছো নহয়
ছাৰ ৷ আপুনি মাত্ৰ চাই থাকক আৰু গুতকা কোম্পানী বিলাকৰ পৰা টকা লৈ নিচিন্তে
জেপত ভৰাই থাকক ৷

কৰুন গগৈ— হেহ হেহ হেহ, মিছা ক'লে কিদাল হ'ব ৷ নহয় জানো কালন্ত ৷ মই তো অলচ'আগতেই জানিছিলোঁ
যে কালন্তই নিচ্চয় কিবা নহয় কিবা এটা কৰিবই ৷ হেৰি নহয় কালন্ত , এইতো কিবা নতুন আচনি
উলিয়াইছা নেকি তুমি?

কালন্ত কৃষ্ণ শৰ্মা— হয় ছাৰ ৷ এইতো মানে আপোনি আচঁনি বুলি ও ধৰিলেই হ'ল ৷ এই ধৰক গুতকা তোক আমি
তিনি ভাগত ভগাই দিলোঁ ৷ প্ৰথম হ'ল শিখৰ— ইয়াক দিছোঁ অসমৰ দুখীয়া বিলাকক খাবলৈ ৷ তেওঁলোকৰ বাবেই ইয়াৰ দাম ধৰি দিয়া হৈছে মাত্ৰ ৩ টকা ৷ ২য়তে আছে আমাৰ দিলৰুৱা— যাৰ দাম মাত্ৰ ৭ টকা ৷ ইয়াক খাবলৈ দিয়া হৈছে আমাৰ মানে মধ্যবৃত্ত মানুহখিনিক ৷ আৰু ছাৰ তিনি নম্বৰত আছে আমাৰ এই যে ধৰমপাল হতৰ ৰজনীগন্ধা ৷ ইয়াক ছাৰ খাব পাৰিব আমাৰ ধনী মানুহ বিলাকেহে ৷ কাৰন ইয়াৰ দাম আছে ১০ ৰ পৰা ১৫ টকাৰ ভিতৰত ৷ গতিকে ছাৰ আমাৰ চৰকাৰৰ কৃপাত গুটখাক ইমান সুন্দৰকৈ ভগাই দিছোঁ ৷ ৰাইজে এতিয়া ছাৰ আমাৰ নাম লৈ কিনি কিনি খোৱাৰ হে কথা আৰু ৷ নহয় জানো ছাৰ ৷

কৰুন গগৈ— হেহ হেহ হেহ, অল ইজ্ ৱেল্ - অল ইজ্ ৱেল্ ৷ কালন্ত তোমাৰ কিন্তু এইদাল মাঠা কমতি
নহয় দেই ৷ দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ যে কালন্ত তোমাৰ দৰে যদি মিনিস্টাৰ মোৰ লগত থাকে ৷ তেতিয়া মই কাকো কেয়াৰেই নকৰোঁ ৷ মিছা ক'লে কিদাল হ'ব, নহয় জানো ৷ পিছে কালন্ত আমাৰ এই আচনি তোৰ নাম বা কি?

কালন্ত কৃষ্ণ শৰ্মা— ছাৰ আমাৰ এই আচঁনি টোৰ নাম হল" গুটখা সুৰক্ষা আচঁনি "৷

কৰুন গগৈ—— হেহ হেহ হেহ অল্ ইজ্ ৱেল্— অল্ ইজ্ ৱেল্ ৷

টিফিন টাইম

By: Rituraj Borgohain
চেঙেলীয়ে সদায় স্কুললৈ বেলেগ বেলেগ বস্তু নিয়ে টিফিন টাইমত খাবলৈ । পিছে কি হব কিছুদিনৰ পৰা সি খাবলৈ নোপোৱা হল । চকিদাৰ জনে সি নিয়া খাদ্যখিনি খাই পেলায় । ইয়াৰ পৰা বাচিবলৈ চেঙেলীয়ে এদিন বুদ্ধি পাঙিলে । সি মাক চেনিমাইক কলে...মা অ' মা আজি পায়স অলপ বেছিকৈ বনাবিচোন লগৰ কেইটামানেও খাব । কথা মতে কাম মাকে এগাল মান পায়স বনাই ঘাটলৈ পানী আনিবলৈ গল । চেঙেলীয়ে পায়সখিনি নিজেই বান্ধি লৈ স্কুল পালেগৈ । স্কুলত.......
চকিদাৰ >ঐ চেঙেলী আজি কি আনিছ ?
চেঙেলী > পায়স আনিছিলো ।
চকিদাৰ > দে মই খাই চাওঁ ।
এইবুলি গোটেই পায়সখিনি লৈ খাবলৈ লাগিল । শেষ কৰিব নোৱাৰি চকিদাৰজনে কলে > এইখিনি মই ঘৰলৈ লৈ যাম । বাচনটো আজি ঘৰলৈ নিনিলে তোক ঘৰত গালি দিব নেকি ?
চেঙেলী > (গহীন ভাৱে ) দিওঁতে গালি দিব নালাগে কিন্তু (অলপ ৰৈ ) ?
চকিদাৰ > কিন্তু কি ?
চেঙেলী > নহয় মানে ৰাতি যদি মাৰ প্ৰেচাৱ কৰিব লাগে তেতিয়া..........
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
যদি চৰিয়াটো বিচাৰি নাপায় গালি দিব পাৰে ।
.
(সেইদিনাৰ পৰা চকিদাৰে চেঙেলীৰ টিফিন নোখোৱা হল )

✪হাঁহিৰাম গগৈৰ ডায়েৰিৰ পৰা… ✪

By: Sanjeeb Borkakati

মনমোহন সিং চাৰি দিনৰ কাৰনে অসম ভ্রমন
কৰিব আহিল ! উদেশ্য - অসমৰ আর্থিক
সমস্যাৰ বুজ লোৱাৰ ! এই চাৰি দিন তেও
হাঁহিৰাম গগৈৰ ঘৰত থকাৰ সিদ্ধান্ত ললে !
প্রথম দিনা তেও দিনটো ভ্রমনৰ শেষত
হাঁহিৰাম গগৈৰ ঘৰত আহি জিৰনি ললে !
সন্ধিয়া সময়ত তেও আৰু
গগৈ দুয়োৱে বহি একান্তমনে কিবা আলোচনা কৰি আছিল !
তেনেতে দুৰৰ পৰা ভাঁহি অহা শিয়ালৰ
হোৱা হোৱা শব্দ শুনি মনমোহনে গগৈক
সুধিলে -
: হেৰা গগৈ, এইবোৰ কিহে চিঞৰিচে…?
: চাৰ এইবোৰ শিয়ালে চিঞৰিচে !
: কিয় চিঞৰিচে …?
: চাৰ, সিহতে আমাৰ দৰে থাকিবলৈ ঘৰ নাই !
বাহতলিতে থাকিব লাগে ! এতিয়া মহৰ কামুৰ
খাই চিঞৰিচে !
: হয় নেকি…? তেনেহলেএটা কাম কৰা,
চৰকাৰী একাউন্টৰ পৰা সিহতৰ অনুদানৰ ঘৰৰ
ব্যৱস্থা কৰা !
: থিক আছে চাৰ, মই কালিৰ
ভিতৰতে ব্যৱস্থা কৰি আছো !
( পিছদিনা হাঁহিৰাম গগৈয়ে চৰকাৰি একাউন্টৰ
পৰা কিচু টকা উলিয়াই নিজৰ একাউন্টত ভৰাই
থলেগৈ ! )

দিতীয় দিনাখন একে সময়তে আকৌ শিয়ালৰ
হোৱা শুনি মনমোহনে গগৈক সুধিলে -
: হেৰা গগৈ, তুমি সিহতক ঘৰৰ
ব্যৱস্থা কৰি নিদিলা নেকি ?
: চাৰ, সিহতক ব্যৱস্থা কৰি দিয়া হল !
: তেনেহলে কিয় চিঞৰিচে…?
: চাৰ সিহতে ঘৰ পালে সচা, কিন্তু আমাৰ
দৰে খাবলৈ নাপায় ! সেয়ে ভুকতে চিঞৰিচে !
: হয় নেকি ? তেনেহলে সিহতক
চৰকাৰী একাউন্টৰ
পৰা খোৱা বোৱাৰো ব্যৱস্থা কৰি দিয়া !
: হব চাৰ, মই কালিলৈকে কৰি দিম !
( পিছদিনাও হাঁহিৰাম গগৈয়ে চৰকাৰি একাউন্টৰ
পৰা কিচু টকা উলিয়াই নিজৰ একাউন্টত ভৰাই
থলেগৈ ! )

তৃতীয় দিনাও শিয়ালৰ
হোৱা শুনি মনমোহনে গগৈক সুধিলে -
: হেৰা গগৈ, আজি আকৌ সিহতে কিয়
চিঞৰিচে…?
: চাৰ, সিহতে থকা - খোৱাৰ
ব্যৱস্থা পালে সচা, কিন্তু আমাৰ
দৰে সিহতে পিন্ধিবলৈ কাপোৰ -কানি নাপায় !
সেয়ে সিহতে ঠাণ্ডাতে চিঞৰিচে !
: হয় নেকি…? তেনেহলে এটা কাম কৰা, সিহতৰ
যিমান সমস্যা আছে, কালিৰ ভিতৰত
চৰকাৰী একাউন্টৰ পৰা সমাধান কৰি দিয়া !
: হব চাৰ, মই কালিৰ ভিতৰত সকলো সমাধান
কৰি দিম !
( পিছদিনাও হাঁহিৰাম গগৈয়ে চৰকাৰি একাউন্টৰ
পৰা কিচু টকা উলিয়াই নিজৰ একাউন্টত ভৰাই
থলেগৈ ! )

চতুর্থ দিনাও একেই ঘটনা……!
মনমোহন সিঙে গগৈক অলপ জোৰেৰে সুধিলে-
: হেৰা গগৈ,
তুমি একো ব্যৱস্থা কৰি নিদিলা নেকি হে ?
: চাৰ, মই সকলো ব্যৱস্থা কৰি দিলো !
: তেনেহলে সিহতে কিয় চিঞৰিছে…?
: চাৰ, সিহতে ঘৰ পালে, খোৱা-বোৱা পালে,
পিন্ধা কাপোৰৰ পৰা ধৰি চব পালে !
এতিয়া সিহতৰ তামাম ফুর্টি !আপুনাৰ খুব
প্রশংসা কৰিচে, সিহতে ! এই
আনন্দতে সিহতে…
.
. .
.
.
.
.
.
.
.
.
.
.
. আপুনাক এতিয়া আৰতি কৰিছে !
মিচা কলে কি দাল হব, এতিয়াৰ পৰা সদায়
সন্ধিয়া হলেই চাকি-বন্তি লগাই আপুনাক
সিহতে হেনো আৰতি কৰিব !
assamese meme

★নগেন দাইটিৰ জমনী এটা শুনক… ★

By: Sanjeeb Borkakati

আমাৰ নগেন দাইতি যে…
শনিবাৰ বজাৰত বজাৰ কৰিব গৈছে ! তেওক
দেখি আলু বেপাৰি এজনে চিঞৰি মাতিলে -
: দাদা আহক আহক, আলু লওক…
: এই ককাই নলও দে, তহতে বহুত দাম ক'…
(নগেন দাইতিয়ে বেপাৰিৰ ওচৰলৈ আহি কলে)
: নাই নকও আহক, আজি কমকৈ কম !
কালিতকৈ দাম অলপ আজি কমিচে…
: কিমান কমিচে…
: কালি ১০ টকাত এক কেজি আছিল, আজি ১০
টকাত দুই কেজি পাব …
: হেৰৌ মূর্খ, মোক ঠগিবলৈ আহিচ' ! দাম
টো দেখুন…
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
একেই আছে, আলুহে বাহিল ! কতনো দাম
কমালি ! চাল্লা মোক ঠগিব নোৱাৰ দেই ! নলও যা …!

ভাবিছিলো

By: Bikash Shinobi Ujjal

সৰুতে মার্ৰল খেলোতে ভাবিছিলো ডাঙৰ হলে এবোস্তা মার্বল কিনিম ,
ধেত তেৰি ..ডাঙৰ হোৱাৰ পিছত মার্বল খেলিব মন নোহোৱা হল ।

হাইস্কুলত পঢ়ি থাকোতে ভাবিছিলো মেট্ৰিকত ভালদৰে পাচ কৰি ডাক্তৰ ,ইঞ্ছিনীয়াৰ হম ,
ধেত তেৰি ..মেট্ৰিকত প্ৰথম স্থানেই নাপালো ।

কলেজত পঢ়ি থাকোতে ভাবিছিলো ভাল চাকৰী এটা কৰিম ,
ধেত তেৰি ...মোটা টকাৰ ভেটি নিদিলে দেখোন চাকৰীয়েই নাপায় ।

কম্পিউতাৰ শিকি থাকোতে ভাবিছিলো ,প্ৰাইভেট কোম্পানীত চাকৰী কৰিম ,
ধেত তেৰি ...এক্সপিৰিয়েঞ্চ নহলে ইয়াতো চাঞ্চ নাই ।

ভাবিলো দোকান এখনকে দিম ,
ধেত তেৰি ..মুলধনে নাই ।

অৱশেষত ভাৱিলো বিয়াখনকে পাতো ,
ধেত তেৰি ...বেকাৰৰ ভাগ্যত কোনো ছোৱালী নাই ।

এই পোষ্টটো লিখোতে ভাবিছিলো বহুত লাইক পাম ,
ধেত তেৰি ..বেলেঞ্চ কটা যোৱাৰ ভয়ত এটাওঁ লাইক দিয়া নাই ।..ধেত তেৰি ।।

Monday 24 February 2014

দৰাঘৰীয়া আৰু কইনাঘৰীয়া

By: DrBhupendra Saikia

এটা পাৰ্টি হল মানুহেৰে ঠাহ খাই পৰাত গৃহস্থ চিন্তিত হৈ পৰিল
- খোৱা বস্তুৰ নাটনি হব চোন ৷
ধৈৰ্য নেহেৰুৱাই গৃহিনীয়ে ঘোষণা কৰিলে
- এতিয়া দৰাঘৰীয়াখিনিয়ে অনুগ্ৰহ কৰি হলৰ সোঁফালে ঠিয় হওক ৷
৫০জন মানে সোঁফালে ঠিয় হ'লগৈ ৷
এইবাৰ গৃহিনীয়ে ঘোষণা কৰিলে
- কইনাঘৰীয়াখিনিয়ে অনুগ্ৰহ কৰি হলৰ বাওঁফালে ঠিয় হওক ৷
এইবাৰ ৪০জন মানে বাওঁফালে ঠিয় হ'লগৈ ৷
এইবাৰ লগে লগে গৃহস্থই ঘোষণা কৰিলে
- দৰাঘৰীয়া আৰু কইনাঘৰীয়াসকল বেলেগ পাৰ্টি হললৈ যাব পাৰে ৷
বাকী থকাসকলে আমাৰ সন্তানৰ বাৰ্থডে পাৰ্টিৰবাবে ইয়াতে ৰৈ যায় যেন ৷

@ছোৱালীৰ ছপিং@

By: চিন্ময় দত্ত

ৰাতিপুৱা ১০ বজাত দুয়োজনী বেষ্ট ফেণ্ড(!) উলাল ছপিংলৈ বুলি। প্রথমে চহৰৰ ডাঙৰ ছপিং মল কেইখন ঘুৰিলে। মেগী পেকেটৰ পৰা আৰম্ভ কৰি LCD টি.ভি লৈ সবতে হাত ফুৰাই গল; পিছে পছন্দ হলে একোৱেই নহল। সব old patternৰ। তাতেই গল ২ ঘণ্টামান।
মানে ১২ টা বাজিল।
এতিয়া ছপিং মলৰ পৰা উলাই কাপোৰৰ দোকান ৫ খন মান ঘুৰিল। ঘুৰিবই লাগিব; মনে বিচৰা কাপোৰসাজ জানো সোনকালে পায়! পিছে শেষত গৈ যেতিয়া উলিয়াই দিয়া ১০ যোৰ মান কাপোৰৰ মাজৰ পৰা পছন্দ হোৱা যোৰ বৰ দামী; ৮০০ টকীয়া কাপোৰযোৰ তেওঁলোকৰ দামত মানে ১৫০ টকাত নিদিয়াৰ বাবে গুচি আহিল। (সেইত; ইমান দামী পায়)
এনেকৈ গল আৰু ২ ঘণ্টা। বাজিল ২ টা।
ভোকো লাগিছে নহয়; কিবা এটা খাব লাগে এতিয়া। দহখন মান ৰেষ্টুৰেণ্ট ঘুৰি ঘুৰি এখনটো পছন্দ নহল। ইমান দাম বস্তুবোৰৰ। পিছে ভোকটো মাৰিব লাগিব; কি কৰা হয়। !dea; ৰাস্তাৰ কাষত দহ দহ টকাকৈ ফুচকা খাই ভোক মাৰিলে।

এনেকৈ আবেলি হল। হঠাত্‍ এজনীয়ে দেখিল যে তাইৰ ছেন্দেলৰ তলটো অলপ ফাটি আছে। "ঐ বলচোন ছেন্দেল এযোৰ কিনোগৈ" বুলি গল BATA, KHADIMS আদি দোকান দুখন মান ঘুৰিল।পিছে কি হব! পছন্দ নহয়; হোৱাযোৰৰ আকৌ জুই-চাই দাম। ধেইত যা: নিকিনো বুলি উলাই আহিল। ফটা ছেন্দেলযোৰতো পিন্ধি থাকিব নোৱাৰি; গতিকে মুছি এজনৰ ওচৰত ১০ টকা দি ঠিক কৰি দুয়োজনী ঘৰমুৱা হল আৰু।।

ৰাতি ফেচবুকত ষ্টেটাচ আপডেট

"Enjoyed a great day, shopping lots...bht val lagil aji"..with অমুকী

(১০০ লাইক; ৫০ কমেণ্ট)

এইমাত্ৰ

By: Arun Bhadhara

এখন ৰেলৰ এটা দবাত গৈ থকা তিনিগৰাকী মহিলাৰ কথোপকঠন-
১ম মহিলা-মোৰ বয়স বেছি হোৱা নাই নহয়।১২ বছৰ পাৰ হৈ এই জাষ্ট ১৩ বছৰত সোমাইছোহে। ২য় মহিলা-মোৰতো আপোনাতকৈ কম।মই ১১ পাৰ কৰিছোহে।
৩য় মহিলা-মোৰতো তেনেহলে বয়স নাই হোৱা বুলিয়েই কব পাৰি।এই ১০ বছৰত ভৰি দিছোহে।

ওপৰৰ বার্থটোতে শুই আছিল এজন বৃদ্ধ। মহিলাকেইগৰাকীৰ কথাৰ তাণ্ডবত থাকিব নোৱাৰি বুঢ়াই ওপৰৰ পৰা জাপ মাৰি মহিলাকেইগৰাকীৰ মাজতে পৰি দিলে।মহিলাকেইগৰাকীয়ে চিঁঞৰ-বাখৰ কৰাত বৃদ্ধই লাহেকৈ মাত লগালে-ভয় নকৰিবা আইটিহঁত।মই এইমাত্ৰ জন্ম হৈছোহে।

এজন ৰজা

By: Raju Barman

এবাৰ এজন ৰজাৰ বৰ টান নৰিয়া হৈছিল । কোনোমতেহে যম ৰজাক মেনেজ কৰি কিছুদিনৰ ভেলিডিতি বঢ়াই আনিলে । এতিয়া দেহাটো কিছু সবল কৰাৰ মনেৰে ৰজাই আদেশ দিলে -"প্ৰতিজন প্ৰজাই মোৰ বাবে একোটাকৈ ফল আনিব লাগে । " আদেশ পাই প্ৰজাগণে ফল আনিবলৈ ধৰিলে । কোনোৱে আনিছে এটা কল, কোনোৱে এটা আঙুৰ, কোনোৱে আকৌ এটা আপেল । তাকে দেখি ৰজাৰ খঙে চুলিৰ আগ পালেগৈ ।
ৰজা: তহতে মোক অপমান কৰিছ । এটা এটা ফল আনি ৰজাক উপলুঙা কৰিবলৈ তহতে সাহস কত পালি ?

প্ৰজা : মহাৰাজ, আপুনিয়েইটো এটাকৈ ফল অনাৰ আদেশ দিছিল......,,

ৰজা : মুৰ্খহত, মই এবিধ ফল অনাৰ কথাহে বুজাইছিলো...,.. এই মুৰ্খামিৰ বাবে ইহতক শাস্তি প্ৰদান কৰা হওক । ৰজাই আদেশ দিলে যে প্ৰতিজন প্ৰজাকে সিহতে অনা ফল বোৰ নিজৰ নিজৰ 'বেক পেনেলেদি' সুমুৱাই দিব লাগে ।

আদেশ দিয়াৰ লগে লগে শাস্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হল ।
প্ৰথমে পাল পৰিল আঙুৰ অনা প্ৰজাজনৰ পাল.....

আঙুৰ অনা প্ৰজা: আইঔ......
.
ইয়াৰ পিছত পাল পৰিল জলফাই অনাজনৰ.....

প্ৰজা : আ..আ..আই ঔ....
.
Next পৰিল কলৰ পাল....
.
প্ৰজা : ..আহ.....আ....আ...আ..ই..ঔ.....ওমা...আইঔ..,
.
Next আপেল অনা প্ৰজাজনৰ পাল ।

প্ৰজা : ও..মা..ঔ...মৰিলোঔ....আই..ঔ...আই..ঔ.....ও মহাৰাজ , বছাওক ঐ.....আ......ই.......ঔ....

এনেদৰে গৈ গৈ এইবাৰ পৰিল আনাৰস অনা প্ৰজাজনৰ পাল । কিন্তু সকলোকে আচৰিত কৰি প্ৰজাজনে হাহিবলৈ ধৰিলে ।

প্ৰজা: হে...হে....হে......হা....হা...হা...

তাকে দেখি ৰজাই সুধিলে : তুমি হাহিছাযে......কষ্ট পোৱা নাই নেকি ?

প্ৰজা : মোৰ কষ্টৰ কথা নকব মহাৰাজ...... পিছৰ জনৰ কথা ভাবিহে মোৰ হাহি উঠিছে ।

ৰজা : কিয় ?

প্ৰজা: মোৰ পিছত .........কঠালৰ পাল মহাৰাজ.......!!!!!!

তুমি মুৰ্খ নেকি হে?

By: Nilutpal Kashyap

আমাৰ ঘৰৰ কাষৰ বৰা দাই সকলো সময়তে ঘৈণীয়েকৰ সকলো কামতে দোষ খুচৰি থাকে ।
যদি ঘৈণীয়েকে ভাতৰ লগত কণী boil কৰি দিয়ে তেতিয়া কয় fry কৰিব লাগিছিল ।
যদি fry কৰি দিয়ে তেতিয়া কয় Boil কৰি দিব লাগিছিল।
এদিন ঘৈণীয়েকে দুয়োটা কৰি দিলে,
এটা কণী boil, আৰু
আনটো কণী fry.
.
.
বৰা দাই বহুত সময় কণীকেইটা চাই থাকি কলে-
.
.
.
হেৰা, তুমি মুৰ্খ নেকি হে? মুৰত গোবৰ লৈ আছা?
যিটো কণী boil কৰিব লাগিছিল সেইটো fry কৰি দিলা আৰু যিটো fry কৰিব লাগিছিল সেইটো boil কৰি দিলা ।
ধুৰ......

ফুটবল খেল

By: Rituraj Borgohain
এবাৰ অৰণ্যত হাতী আৰু কেৰেলুৱাৰ মাজত ফুটবল খেল অনুস্থিত কৰিবলৈ ঠিক কৰিলে । কথামতে কাম...... হাতীৰ দলটো খেলৰ দিনা বুটজোতা মোজা জার্চি পিন্ধি খেল পথাৰত উপস্থিত হল । ইফালে কেলেৰুৱাৰ দলটো আহি নোপোৱাত জীৱ জন্তু বোৰৰ মাজত হুলস্থুল আৰম্ভ হবলৈ ধৰিলে । এনেদৰে চাৰিদিনৰ পাছত কেলেৰুৱা দলটো খেলপথাৰত উপস্থিত হলহি । সকলোৱে সুধিবলৈ ধৰিলে চাৰিদিনৰ পাছত অহা কাৰণটো কি ? কেলেৰুৱা দলটোৰ কোনেওঁ একো মাত নিদিলে । শেষত দলপতি টোৱে কলে......
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
আপোনালোকে কিয় ইমান চিঞৰ বাখৰ লগাইছে আমাৰ হাতীৰ নিচিনা চাৰিটা ঠেং নাই নহয় । এশটা ঠেংত জোতা পিন্ধিবলৈ কিমান সময় লাগে আপুনালোকেই কওঁকচোন ?

Tuesday 18 February 2014

৫ টা কথা

By: Jaan Deepjyoti Borah
ছোৱালীবোৰৰ বিষয়ে ৫ টা কথা তুমি কেতিয়াও বুজি নোপোৱা .....................
১.তুমি আজিকালি বহুত হেৰি হৈ গলা; এতিয়া হেৰি মানে কি কোনেও বুজি নাপায় ।

২. মই তোমাৰ পৰা এইটো আশা কৰা নাছিলোঁ ;তেন্তে কথা হল মোৰ পৰা কি আশা কৰা হৈছিল ।

৩.তুমি প্ৰথমৰ দৰে নোহোৱা হলা বহুতো সলনি হৈ গলা;এতিয়া কথা হল প্ৰথমে মই কেনেকুৱা আছিলো ।

৪.সচাকৈ কোৱা মই আজি দেখাত কেনেকুৱা লাগিছো। এতিয়া কথা হল সচাঁ কথা কৈ কোনে মাৰ খাব বিচাৰে ।

৫.মই বহুত স্বাৰ্থপৰ হয়নে বাৰু ?এতিয়া যদিহে হয় বুলি কওঁ এটা বিপদ যদি নহয় বুলি কওঁ তেওঁ এটা বিপদ।

বি:দ্ৰ:বোধহয় সকলোৱে যাতে এটি কৌতুক বুলি ভাবি লয়।মাথো অকণমান সকলোকে হহুৱাৰ এক সৰু প্ৰছেষ্ঠা।
আপোনালোকৰ মতামতৰ অপেক্ষাত......................

এইয়া নিভা আণ্টি

By: Ashish Majumdar
অজান শিশুমতি।

মাক- বাবলী, এইয়া নিভা আণ্টি। বৰ ভাল মানুহ, আজিৰ পৰা তোমাক পঢ়াব। চুমা এটা খাই দিয়া!
.
.
বাবলী- চুমা নাখাওঁ মই.....আণ্টি বেয়া!
.

মাক- কিয় তেনেকৈ কৈছা...নাপায় নহয় তেনেকৈ ক'ব!!!
.
.
..
.
.

বাবলী- দেউতাই চুমা খাবলৈ লওঁতে আণ্টিয়ে চৰ এটা মাৰি দিলে!

মই এটা ভূত

By: Ratul Rajkhowa
অটব্য অৰণ্যৰ মাজত এজোপা প্ৰকাণ্ড গছ । লেৰেলা-চেপেটা যুৱক এজনে গছ জোপাৰ তলত ৰৈ কিবা ভাবি আছে....

তেনেতে জপহকৈ ভূত এটা তাৰ সন্মুখত থিয় হৈ সুধিলে...
__ কোন তই ইয়াত কি কৰি আছ ?

যুৱক== তই কোন ?

ভূত-- মই এটা ভূত, ইয়াৰ ৰজা । তোৰ নাম কি ? ইয়ালৈ কিয় আহিছ

যুৱক== মোৰ নাম বাস্তৱ ।মই ইয়ালৈ আত্মহত্যা কৰিবলৈ আহিছো ।

ভূতটোৰ তালৈ কিবা মৰম লাগিল..
--হেৰৌ বাস্তৱ কচোন তই কিয় মৰিবলৈ আহিলি...

বাস্তৱ== নকব আৰু ভূত দা ছোৱালী এজনীয়ে...

-- কি হ'ল কিক মাৰিলে ?

== হয় ভূত দা ..!

-- কিয় ?

== তাই কয় মোৰ হেনু গাড়ী টকা ঘৰ একো নাই...

-- বিয়া নহওঁ বুলি কৈছে ?

== অ'

-- তই কল্পনাক ভাল পাৱ ?

== অ' খুউব ভাল পাঁও..! তাইক নাপালে মই মৰি যাম..!

ভূতটোৱে দেখিলে ই বেচেৰা বৰ চিধা , নামতহে বাস্তৱ কামত কল্পনাতকৈও পাতল..!!
ভূত টোৰ দয়া উপজিল আৰু ক'লে..

*
*
*
*
*
*

__ তোক মই ঘৰ, টকা, গাড়ী চব দিলো । এতিয়া ঘৰলৈ গৈ কল্পনাৰ লগত সুখে শান্তিৰে থাকগৈ যা...

সিও ঘৰলৈ আহি ভূতে কোৱাৰ দৰে সকলো সলনি দেখি তৰা-নৰা চিঙি কল্পনাৰ ওচৰ পালেগৈ..
দুয়োৰে প্ৰেম চলি আছে চলি আছে...
কিছুদিনৰ পাছত...
!
!
!
!
!
ভূত__ হেৰৌ লেৰেলা , তই আকৌ কিয় মৰিবলৈ আহিছ ?

বাস্তৱ== কি ক'ব ভূত দা মোৰ এই চেহেৰাটোৰ কাৰণে তাই হেনো লাজ পায় । সেই কাৰণে মোৰ লগত নাথাকো বুলি কৈছে !

ভূত== হব যা তোক চেহেৰা দিলো এতিয়া তাইৰ লগত সুখেৰে থাকগৈ...

বাস্তৱ আৰু কল্পনা এতিয়া যেন চিনেমাৰ নায়ক নায়িকাহে ! সুখ হাঁহি আনন্দেৰে চলি আছে..
চলি আছে.. চলি আছে...
এদিন হঠাৎ..
.
.
.
.
ভূত-- এইবাৰ তোৰ কি হ'ল হেনচাম স্মাৰ্ট বয় ?
বাস্তৱ== এইবাৰ আৰু মোক বাধা নিদিব ভূতদা, মই মৰি যাম ! তাই মোৰ লগত নাথাকে মোৰ হেনো জ্ঞান-বুদ্ধি নাই মই মূৰ্খ বুৰ্বক...
ভূত== তোক দিলো,যা এতিয়া সুখেৰে থাকগৈ...

দিন গৈ আছে..

গৈ আছে..

এদিন সেই অটব্য অৰণ্যত হাঃ হাঃ হাঃ কৈ হাঁহি সেই ভূতটোৱে...
.
.
.
.
?
.

.
.
হেৰৌ ইমান ধুনীয়া ছোৱালীজনী... তই পিছে কিয় মৰিবলৈ আহিছ ?
কান্দি কান্দি ছোৱালী জনীয়ে কবলৈ ধৰিলে..মই ল'ৰা এটাক..
ভূত== হ'ব মই চব বুজিলো ?
বাস্তৱে তোক বিত্ৰে কৰিলে ! শুন কল্পনা, তই গাড়ী টকা  ঘৰ চেহেৰা এইবোৰ বিচাৰিছিলি ঠিকেই আছিল কিন্তু
এটা ভুল কৰিলি...

কল্পনা (কান্দি কান্দি)...কি ভুল কৰিলো ভূতদা ?

ভূত== আকৰী ছোৱালী , তই তাৰ জ্ঞান-বুদ্ধি কিয় বিচাৰিছিলি ? জ্ঞান-বুদ্ধি হোৱাৰ পিছত সি বাৰু কিয় তোৰ ওচৰত থাকিব....!!!!
হাঃ হাঃ হাঃ....

কাজিয়া

By: Bitupon Saikia
ট্ৰেইন ত ছোৱালী দুজনী কাজিয়া লাগিল এজনী ইজনীক ডাইনী বুলি গালি পাৰে সিজনীয়ে এই জনীক ডাইনী বুলি গালি পাৰে এনেদৰে চলি আছে আমাৰ উদয় দা আকৌ অকন মান ধৰি লতং পতং কৈ ছোৱালী দুজনী ৰ কাষতে বহি আহিছে ঘটনাটো হল ট্ৰেইন ৰ খিৰিকী এখন খোলা মেলা ক লৈ এগৰাকীৰ জ্বৰ আছে বুলি খিৰিকী ৰ গ্লাছ খন জপাবলৈ লাগে আৰু দ্বিতীয় জনীক গৰম উঠিছে বুলি গ্লাছ খন মেলি লব লাগে । সিহঁতৰ কাজিয়া ইমান দুৰ পালেগৈ এজনীয়ে কয় এই মদকী টো টোৰ পয়েৰে আকৌ ইজনীয়ে কলে সেই মদকী টো টোৰ হে পয়েৰে। অলপ ৰৈ উদয় দাই কলে
,
,
,
,
,,
,,
,
,
,,
,,
,,
,,
,,
,,
,
,
,
,
,
হেৰা ভন্টি মই বাৰু কোন জনীক পত্নী বুলি মানিম আৰু ঘৰত আছেই এগৰাকী । মিছামিছি কাজিয়া কৰি আছা যে এবাৰ ভালকৈ পৰীক্ষা কৰাচোন খিৰিকী খনত গ্লাছ নাইয়ে । তোমালোকে জপাবলৈ মেলিবলৈ ।

ইটোও মেকুৰি চাৰ

By: Sourav Gogoi
দুটা চুৰে ৰাতি মানুহ এঘৰত চুৰি কৰি থকা অবস্থাত আকস্মিক ভাবে প্ৰথম চুৰৰ হাতৰ
পৰা কিবা বস্তু এটা পৰি গল ।ইপিনে গৃহস্থ সাৰে আছিল ।তেঁওলোকে শব্দটো শুনি
মেকুৰীয়ে কিবা পেলাইছে বুলি ভাবি কলে :চু চু চু
সুযোগ বুজি প্ৰথম চুৰটোৱে মাত দিলে :মিউ মিউ মিউ
অলপ পিছত দ্বিতীয় চুৰটোৰ হাত লাগি কিবা বস্তু এটা পৰিল ।এইবাৰ গৃহস্থ সচকিত হৈ কৈ উঠিল:আও,ভিতৰত কি সুমাল ঔ ।
দ্বিতীয় চুৰটোৱে তত্‍ক্ষণাত মাত দিলে :ইটোও মেকুৰি চাৰ !

★জমনী দেই★

By: Sanjeeb Borkakati

আমাৰ যুগু দা মানুহটো ধর্মীয় ক্ষেত্রত যঠেষ্ট
আগ্রহ আছে ! নাম-প্রসংগ বোৰত প্রায়েই
তেও উপস্থিত থাকেই !
ভাদ মাহৰ কথা ! এদিন নামঘৰৰ পাঠেক জনৰ
কিবা লেঠা উলোৱাত সেইদিনা তেও আহিব
নোৱাৰা হল ! সেইদিনা পাল পৰিল আমাৰ যুগু
দাৰ ! কিন্তু যুগুদাই সৰু হৈ থাকোতে, চিলেটত
ডাঙৰ ডাঙৰকৈ ক-খ খন লিখোতেই স্কুল
এৰিলে ! তাৰ পিছৰ পৰা আৰু স্কুল
যোৱা নাই ! এতিয়া তেও এই পুথি খন
কেনেকৈ পহে…? পৰিল নহয় মহা বিপদত !
পিছে যুগু দাও সহজে হাৰ মনা ভকত নহয় !
ইজ্জতৰ কথা আছে ! সকলোকে দেখুৱাই তেও
পুথিখনৰ প্রথম পৃষ্ঠাটো মেলিলে ! তাৰ পাছত
চচমাযোৰ লগাই পুথিখনত প্রথমে 'ক'
টো বিচাৰিবলৈ ধৰিল ! কোনোমতে এটা 'ক'
বিচাৰি উলিয়ালে ! 'ক' টো দেখিয়েই তেও
আচৰিত হল - আগৰ দিনত ইমান ডাঙৰ ডাঙৰ
'ক' আছিল, এতিয়া ইমান সৰু হৈ গল ! এই
ভাৱিয়েই তেও পুথি পহা আৰম্ভ কৰি দিলে…
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
এ ৰাম কি ক আছিলি, কি ক তই হলি ;
খাবলৈ নাপাই তই শুকাই খীনাই গলি !

নগেন ওপৰৰ পৰা পৰিল..

By: ডঃ মাখন লাল দাস

আমাৰ নগেন বৰ কৃপণ ৷
এবাৰ নগেন ঘৈণীয়েকৰ লগত কিছুদিনৰ বাবে চহৰলৈ গৈছিল কিবা কামত৷
ত্ৰিশশমহলীয়া বিল্ডিং এটাৰ দহ নম্বৰ মহলাৰ এটা সৰু ফ্লেট ভাড়া লৈ দুয়ো থাকে৷
এদিন ৰাতিপুৱা নগেন কিবা এটা চাবলৈ ত্ৰিশমহলীয়া ঘৰটোৰ একেবাৰে ওপৰলৈ গৈছিল৷ ওপৰৰ পৰা তললৈ চাই বৰ ভাল লাগে বাবে নগেনে সকলো পাহৰি তললৈ চাই আছিল কিছুপৰ৷
কিন্তু অতি দুখৰ কথা যে নগেনৰ ভৰি পিছল খালে আৰু ওপৰৰ পৰা তললৈ পৰিব ধৰিলে৷ নগেনে বুজিলে আজি তাৰ মৃত্যু অনিবাৰ্য...
ত্ৰিশ মহলাৰ পৰা নগেন তললৈ পৰি আহি আছে, আহি আছে৷
আহি আহি বিশ মহলা পালে..
তাৰপাছত পোন্ধৰ মহলা..
তাৰপাছত তেৰ, বাৰ, এঘাৰ মহলা.. নগেন সাজু হ'ল..
দহমহলাত নগেনহঁতৰ ফ্লেট..
পৰোঁতে নগেনে দেখিলে ঘৈণীয়েকে ৰুটি বনাবলৈ আটা মাৰি আছে..
নগেনে পৰি থাকোঁতেই চিঞৰি চিঞৰি ঘৈণীয়েকক কৈ গ'ল..
" মোৰ কাৰণে ৰুটি নবনাবা দেই........"
(সংগ্ৰহ)

তিনিজন মিস্ত্রী

By: Madhurya M. Borah
এইবাৰ আকৌ তিনিজন মিস্ত্রী লগ হল -

জাপানী মিস্ত্রী -জানাই আমাৰ তাত কিমান ভূমিকম্প ,তথাপি আমি ইমান ওখ বিল্ডিং সাজু যে থিয় হৈ চালে আগতো নেদেখিয়েই , মাটিত শুই চালেহে যেনেতেনে দেখি |

আমেৰিকাৰ মিস্ত্রী -ও , সেইতোনো কি ওখ? আমি আকৌ ইমান ওখ বিল্ডিং সাজু যে যেনেকৈয়ে নোচোৱা খালী চকুৰে আগতো নেদেখিয়েই , টেলিস্কোপেৰে চালেহে দেখি |

ভাৰতীয় মিস্ত্রী -আমাৰ তাততো ইমান ওখ বিল্ডিং নাই, অৱশ্যে এবাৰ এটা বিল্ডিং সজা মোৰ মনত আছে | এদিন একেবাৰে ওপৰ মহলাত কাম কৰি আছিলো , ছুটী হবৰ সময়তে পত্নিয়ে ফোন কৰিলে -"লৰাটোৰ গা বেয়া সোনকালে আহা |" , লৰালৰিকৈ সৰন্জামবোৰ সামৰে৷তে হাতুৰিটো পিছলী পৰি গল | ভাবিলো এতিয়া নিবিচাৰে৷ দেৰি হব | ঘৰলৈ আহি লৰাটোক দক্তৰৰ ওচৰত নিলো | সি গা ভাল পালে | পাচদিনা কামত লাগিবলৈ গৈ লিফটত উঠিবলৈ লওতেই ওচৰতে ধপকৈ কিবা এটা পৰিলেহি | ভালকৈ চাই দেখো ,ওৱা, মোৰ হাতুৰিটো দেখোন ! আগদিনাই পিছলী পৰিছিল | পাচদিনাহে মাটি পাইছেগৈ !!!!!!!

পৰীক্ষার্থী সকললৈ কেইটামান পৰামর্শ…

By: Sanjeeb Borkakati
(কেৱল জমনীহে কৰিছো দেই, দায়-দোষ
নধৰে যেন… )

★ পৰীক্ষার্থী সকললৈ কেইটামান পৰামর্শ…

১. পৰীক্ষাৰ আগদিনা শিৱমন্দিৰত সেৱা এটা কৰি আহিব - প্রভু, গোটেই কেইদিন বচাবা আৰু …
২.পৰীক্ষালৈ উলাই যোৱাৰ মূহুর্তত সৰস্বতী ফটোখনত তিনিবাৰ মান সেৱা কৰিবলৈ নাপাহৰিব…
৩. বেলিটোলৈ চাই তিনিবাৰ সেৱা কৰি কব -প্রভু, যি কেইটা লৈছো কমন পৰে যেন আউ…
৪. বাটত মন্দিৰ দেখিলে মুৰ দুপিয়াই সেৱা কৰি কব - প্রভু যিকেইটা লৈছো, গোটেইকেইটা যেন ধৰা নপৰাকৈ কৰি আহিব পাৰো !
৫. পৰীক্ষাকেন্দ্রত গৈ কোনজনী ছোৱালী ভাল লাগিছে, তাকে চাই নুফুৰিব !
৬. বেল নাবাজোতেই টেবলেট পুৰিয়া বিলাক সাজু কৰি থব…
৭. টেবলেট বিলাক আপুনাৰ ভৰিৰ তলত নেপেলাব, এক্সটাৰনেল আহিলে বিপদ হব পাৰে ! যিমান পাৰে পকেটতে ৰাখি যাব !
৮. জৰুৰীকালীন অৱস্থাত টেৱলেটটো চুবাই চুবাই গিলি দিব!
৯.মবাইল চাইলেন্টত ৰখাব ! যাতে কোনো প্রশ্নৰ উত্তৰ মেছেজত আহিলে আনে গম নাপায় !
১০. লগৰ জনৰ বহীখন চাই চাই লিখোতে অলপ সাৱধান হব ! লিখি থকাৰ সময়ত অলপ মুৰ তুলি ইফালে - সিফালে চাই থাকিব, যাতে যিকোনো সময়তে এক্সটাৰনেলে আহি আপু ধৰা পেলাব নোৱাৰে !
১১. প্রশ্নখন দিয়াৰ লগে লগে তিনিবাৰ মান অমুকাৰ নামটো মনতে স্মৰন কৰি লব, তেতিয়াহে আপুনাৰ পকেটত থকা গোটেইবোৰ কমন পৰিব !
১২. ১ৰ পৰা ১১ লৈকে পহাৰ পাচতো আপুনি গম নাপালে যে মই এটা নিলিখিলোৱেই !
১৩. এতিয়া আপুনি আকৌ ১ৰ পৰা ১১ লৈকে লুটিয়াই চাইচে আৰু মনতে ভাৱিচে - চব তু ঠিকেই আছে !

গতিকে পৰীক্ষার্থী সকলকো জনাও যে, পৰীক্ষাতো বহীখন এনেকৈ মনোযোগেৰে লুটিৱাই লুটিয়াই চাই ! আৰু যেতিয়াই মনতে ভাৱিব - চব তু থিকেই
আছে বুলি তেতিয়াই বহীখন দি দিব আৰু দোকানত আহি সাউতকৈ মিঠাপান এখন খাই দিব !

শেষত সকলো পৰীক্ষার্থীলৈকে শুভেচ্ছা থাকিল !

লটাৰী

By: ৰিদিপ চেতিয়া
আগতে পঢ়িলে মোৰ গাত দোষ নাই দেই, আকৌ লিখো দিলো বাপেকে.....

এদিন এজন ভিক্ষাৰীৰে লটাৰীত এককোটি টকা জিকিলে । ভিক্ষাৰী এজনেও কোটি টকা জিকা কাৰণে সংবাদ মাধ্যমৰ পৰা তেখেতক সাত্‍ক্ষাতকাৰ লবলৈ আহিল ।
সাংবাদিক ~ আপুনি ১কোটি টকা জিকা শুনি আমি নথৈ আনন্দিত । কওঁকচোন আপুনি এই টকাৰে কি কৰিব ?
ভিক্ষাৰী ~ মই চহৰৰ মাজ-মজিয়াত এডোখৰ মাটি কিনিম আৰু তাত মোৰ ব্যৱসায় আৰম্ভ কৰিম ।
সাংবাদিক ~ ভাল কথা । আপুনি ভাল চিন্তাই কৰিছে । কওঁকচোন কি ব্যৱসায় কৰিম বুলি ভাৱিছে ?
ভিক্ষাৰী ~ তাত এটা ধুনীয়া মন্দিৰ বনাম ।
সাং ~ মন্দিৰ ! মন্দিৰতনো আপুনি কি ব্যৱসায় কৰিব ?
ভি ~ (অলপ গহীনহৈ) তাত মই মোৰ ভিক্ষাবৃত্তি আৰম্ভ কৰিম আৰু কোনো ভিক্ষাৰীকেই সেই ঠাইত থাকিব নিদো । কেৱল মই । চাওকচোন কিমান টকা হব মোৰ ।

(নীতি শিক্ষা কিবা পালেনে বন্ধুসকল)