Tuesday 18 February 2014

★জমনী দেই★

By: Sanjeeb Borkakati

আমাৰ যুগু দা মানুহটো ধর্মীয় ক্ষেত্রত যঠেষ্ট
আগ্রহ আছে ! নাম-প্রসংগ বোৰত প্রায়েই
তেও উপস্থিত থাকেই !
ভাদ মাহৰ কথা ! এদিন নামঘৰৰ পাঠেক জনৰ
কিবা লেঠা উলোৱাত সেইদিনা তেও আহিব
নোৱাৰা হল ! সেইদিনা পাল পৰিল আমাৰ যুগু
দাৰ ! কিন্তু যুগুদাই সৰু হৈ থাকোতে, চিলেটত
ডাঙৰ ডাঙৰকৈ ক-খ খন লিখোতেই স্কুল
এৰিলে ! তাৰ পিছৰ পৰা আৰু স্কুল
যোৱা নাই ! এতিয়া তেও এই পুথি খন
কেনেকৈ পহে…? পৰিল নহয় মহা বিপদত !
পিছে যুগু দাও সহজে হাৰ মনা ভকত নহয় !
ইজ্জতৰ কথা আছে ! সকলোকে দেখুৱাই তেও
পুথিখনৰ প্রথম পৃষ্ঠাটো মেলিলে ! তাৰ পাছত
চচমাযোৰ লগাই পুথিখনত প্রথমে 'ক'
টো বিচাৰিবলৈ ধৰিল ! কোনোমতে এটা 'ক'
বিচাৰি উলিয়ালে ! 'ক' টো দেখিয়েই তেও
আচৰিত হল - আগৰ দিনত ইমান ডাঙৰ ডাঙৰ
'ক' আছিল, এতিয়া ইমান সৰু হৈ গল ! এই
ভাৱিয়েই তেও পুথি পহা আৰম্ভ কৰি দিলে…
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
এ ৰাম কি ক আছিলি, কি ক তই হলি ;
খাবলৈ নাপাই তই শুকাই খীনাই গলি !

No comments:

Post a Comment