Showing posts with label neufc. Show all posts
Showing posts with label neufc. Show all posts

Friday 24 November 2017

লাচিত বৰফুকন

লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি। ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।
"দেশতকৈ মোমাই ডাঙৰ নহয়"
প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় (ওখ মাটিৰ দেৱাল) বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। শেহ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালে। নিজৰ কৰ্তব্য
পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে। তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ।

সাহসৰ অন্তিম নিদৰ্শন

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল । সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল-“ যদি তোমালোক উভতি যাব খুজিছা, যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, গতিকে ম‍ই শেষ মুহুৰ্তলৈ যুঁজ দিম। মোগলে মোক লৈ যাবলৈ দিয়া। তোমালোকে মাত্ৰ স্বৰ্গদেৱক ম‍ই তেওঁৰ আজ্ঞা পালন কৰি শেষ মুহুৰ্তলৈ যুঁজ দিছো বুলি কবা।” এইকথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।

লাচিত-দিৱস
প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয় |

Tuesday 18 November 2014

আই এছ এলত এনেকুৱাও হয়নে !!

By: Nilutpal Sarmah
তিনিবছৰৰ ডেঞ্জাৰাছ প্ৰেম । প্ৰেম !! আউ.. প্ৰেম নহয় যেন সেয়া তিনিবছৰৰ সাংসাৰিক অভিজ্ঞতাহে আছিল । আৰু সেই সময়ত মোতকৈ সুখী আৰু ভাগ্যৱান চাগে এই দুনিয়াতে নোলাব । তেৰাৰ নামটো বাৰু নকওৱে দিয়কচোন... চিনাকি কৰাই দিবলৈ কামবোৰেই যথেষ্ঠ দেখোন । হৃষ্ট-পুষ্ট মানুহটোক যে তিনিটা বছৰতে এক্কেবাৰে পানীকেচুৱা কৰি পেলাইছিল ভাবকছোন সেইগৰাকীৰ মহিমা তেন্তে কম হ'ব নে...

এই ধৰক গৰমৰ দিনত ৰাতি কাৰেন্ট নাই, সৰু ভাৰাঘৰটোত বতাহ সোমাব পৰা এখনেই খিৰিকি... গুৱাহাটীৰ চোৰ ডকাইতলৈকো কেৰেপ নকৰি খিৰিকি খুলি শুবলৈ চেষ্টা কৰি আছো...পৰা নাই... কাৰেন্ট নাহে হে নাহে... বাৰ বাজি গ'ল..এক বাজি গ'ল..কাৰেন্ট তথাপিও নাই... শেষত প্ৰায় আঢ়ৈমান বজাত কাৰেন্টটো আহিল, ধপকৈ শব্দ এটা কৰি মোৰ পুৰণি ফেনখন লাহে লাহে ঘুৰিব ধৰিছে... মইও উস্..ৰক্ষা বুলি চকুকেইটা মুদি শুবলৈ চেষ্টা কৰিছো...বাজিল নহয় মোবাইলটো... চাই দেখু এঞ্জেল কলিং.... আউ.. এঞ্জেল মানে সেই তাই আকৌ... ক'লোৱে দেখুন সেই সময়ত মোতকৈ সুখী কোনোয়ে নাছিল বুলি... আৰু ইমান সুখী মানুহ এটাই কাৰোবাক যেনিবা এঞ্জেল বুলি মাতিলেই...মতিছো নো ক'ত... ফোনতহে চেভ কৰিছো... এতিয়া আকৌ বেলেগ অৰ্থ নুলিয়াব দেই... মই একো গালি খাই সেইটো নাম দিয়া নাই... আপোনালোকে চাগে ভাবিছে মই নাম্বাৰ চেভ নকৰাকৈ ৰাখি থোৱা তাই চাগে দেখিলে, দেখিয়ে মুখ উফন্দাই মোৰ লগত কাজিয়া কৰিলে...আৰু তাইৰ সমুখতে ধুনীয়া নাম এটা দি নাম্বাৰটো চেভ কৰিব দিলে... আৰু তেতিয়াৰ পৰা নাম্বাৰটো এঞ্জেল বুলি চেভ হৈ আছে মোৰ মোবাইলত । হ'ব হ'ব...তেনেকুৱা একো নহয় বুজিলে... আমাৰ তাই তেনেকুৱা নহয় ও....

চেহ তাই কল কৰি আছিল নহয়.... পাহৰিছিলোয়ে কথাটো আধৰোৱা হ'ল বুলি...
এই ৰাতি আঢ়ৈ বজাত হঠাৎ আকৌ এঞ্জেলৰ কি হ'ল....

মই বোলো – হেল্ল....

: কি কৰিছা....

মই বোলো- শুব লৈছিলো....

: তোমাৰেই দিন আৰু...

মই বোলো- কিয়..? কি হ'ল নো ?

: ইম্মান ধুনীয়াকৈ শুই আছিলো জানানে, হোষ্টেলৰ কাৰেন্টটো গুচি গ'ল...গৰমত এতিয়া শুব পৰা নাই...প্লিছ....জান... কথা পাতা না অলপ....প্লিছ..তোমাক বহুহুহুতত....মিছ কৰিছো...

উপাই নাই আৰু... গৰমতকৈ উফন্দা মুখৰ উত্তাপ বহুত বেছি... বুজা সকলে বুজিব... ওপৰত ফেনখন চলি আছে, তলত মোৰ মুখখন....

এয়াই আছিল প্ৰেম.. কথা পতাৰ কোনো নিৰ্দিষ্ট সময় যেনেদৰে নাছিল মিছ কৰাৰো কোনো নিৰ্দিষ্ট সময় নাছিল । আৰু ঠিক তেনেকৈ মৰম কৰাৰ, কেয়াৰ লোৱাৰ, চিন্তা কৰাৰ...

ঠাণ্ডা দিন পৰিল কি নাই আৰম্ভ হৈ যায়... গৰম পানী খাবা, ৰাতিটো নকৰিবাই দিনতো গৰম বেছি লাগিলে কল্ড ড্ৰিংকছ ইউজ নকৰিবা, পাৰিলে ৰাতিপুৱা গৰম পানীৰে গা ধুবা, তুমি কিন্তু বাইক বেছিকৈ চলোৱা দেই..একদম কমোৱা বাইক চলোৱা...

ক'লোৱে নহয় মোতকৈ ভাগ্যবান সম্ভৱ দ্বিতীয়টো কোনো নাই...
এই যে ডাক্তৰে দৰৱ দিলে কয় দুচামুচ আহাৰৰ আগত...মোৰো অৱস্থা ঠিক তেনেকুৱাই । দুচামুচ কেয়াৰ আহাৰৰ আগত... দুচামোচ চিন্তা বাইক চলোৱাৰ আগত, দুচামোচ মিছ শুই থকাৰ মাজত আৰু দুচামোচ মৰম.... তাইৰ বাৰ্থডেৰ আগত.....

জীৱন জীৱন বৰ অনুপম.... নিৰ্মলপ্ৰভা বাইদেউৰ কিতাপখনৰ শিৰোনামটোৰ সৈতে যেন মোৰ জীৱনটো মিলি গৈছিল সেই সময়ত.. কিতাপখন কিনি আনি পঢ়ি দিবই মন গৈছিল...পিছে প্ৰেমিক মানুহৰ আকৌ সময় ক'ত...তাতে মোৰ নিচিনাবোৰৰতো কথাই বেলেগ...
আজি বোলে এঞ্জেলক চিনেমা দেখুৱাবলৈ নিব লাগে...কাইলৈ আকৌ পেন্টালুনচত মহিলালৈ বুলি থোৱা কাপোৰৰ আঁৰে আঁৰে সোমাই তাইক ড্ৰেছ চইচ কৰাত হেল্প কৰি দিব লাগে...

এহ...আপোনালোকো কম নহয় দিয়ক... ডেবিট কাৰ্ডখন কাৰ ব্যৱহাৰ কৰিছিলো সেইটোকলৈহে চিন্তা কৰিছে... তাইৰ বা মোৰ এটাৰ হ'লেই হ'ল আৰু... মই ল'ৰা মানুহটো থাকোতে ছোৱালীজনীক বাৰু পেইমেন্ট কৰিব দিব পাৰো নে... ধুৰ.. প্ৰেষ্টিজৰ কথা নাই নেকি কিবা...

চকুচৰহাবোৰতো জ্বলিবই... কেৱল নিগেটিভ চিন্তা...আনৰ ভাল দেখিবই নোৱাৰে... আৰে এঞ্জেলৰ মৰম, চেনেহ, কেয়াৰ এইবোৰৰ ওচৰত মইচোন একোৱে দিবই পৰা নাই...তথাপি তাই কিমান বহল অন্তৰৰ চাওক, মোক লৈ কেতিয়াও একো অৱজেকচন নাই তাইৰ... অ' অৱশ্যে মই ঘৰৰ পৰা পঠোৱা টকা কেইটাৰে তাইক ইটো সিটো সৰু সুৰা বস্তু কিনি দিবলৈ অসুবিধা হোৱাৰ বাবে ক্ৰেডিট কাৰ্ডখন লওতে তাই অলপ অৱজেকচন নকৰা নহয়... সেইদিনা তাই মনটো একেবাৰে মাৰিয়ে পেলাইছিল....
তাই কৈছিল..এতিয়াতো তুমি মোক বহুত ভাবি চিন্তিহে কিবা দিবা চাগে... ক্ৰেডিট কাৰ্ডৰ বিল বুলিতো চাগে মাজে মাজে শুনাইয়ে থাকিবা আৰু... বাপৰে...কম বুজাইছিলোনে তেনেকুৱা একো নহ'ব বুলি....

এতিয়া আকৌ নুশুধিব দেই ক্ৰেডিট কাৰ্ডৰ বিল কিমান আহিছিল বুলি...
সেইবোৰ পুৰণি ফাইল খুচৰিবলৈ মোৰ ওচৰত এতিয়া ক্ৰেডিট কাৰ্ডো নাই বিলো নাই...

মুঠতে মোৰ হিট লাভ ষ্টৰি... চকুচৰহাবোৰে নামানিলে কি হ'ল...

প্ৰথমে মাজ নিশা সাৰ পাই শুনা – অ' জান মিছ ইউ, ৰাতিপুৱা এলাৰ্ম ক্লকৰ দৰে টোপনিৰ পৰা জগাই দি কোৱা – গুদ মৰ্নিং ছুইহাৰ্ট, চাণ্ডা দিনত বাইকলৈ ক'ৰবালৈ যাব ওলালে – অ' দেহা..ভালকৈ গৰম কাপোৰ পিন্ধি যাবা আদিৰ দৰে বিশেষণবোৰ পিছলৈ অস্তত্বৰ সংকতত ভোগিছিল... ভুলটো তেনেকুৱা শব্দবোৰ শুনিবলৈ পোৱা নাছিলো...। অৱশ্যে তাৰ ঠাইত বেলেগ কিছুমান শব্দহে সংযোগ হৈছিল। যেনে – তুমি কিন্তু শকত হৈছা... আগতকৈ অলপ কলাও পৰিছা... আজি কালি মই কিবা এটা কলেই তুমি উল্টা বুজা... কেতিয়াবা অলপ বেছিকৈ এনেদৰে- হ'ব..যি কৰা কৰি থাকা... তুমি বহুহুহুহুততত চেঞ্জ হ'লা.. মোক অলপো বুজিব ট্ৰাই নকৰা...

এনেকৈয়ে প্ৰব্লেম ৰ পিছত প্ৰব্লেম ওলাওতে ওলাওতে এদিন কোনোবা ৰাৱনে আহি এঞ্জেলক হৰণ কৰি লৈ গৈছিল... নে এঞ্জেল নিজেই পূৰণ হৈছিল ক'ব নোৱাৰো... মইটো আৰু ৰামচন্দ্ৰ নহয় যে শিলৰ সাকোঁ বনাই এঞ্জেলক বিচাৰি যাম... মদ খাবলৈও আকৌ দেৱদাস নহয়....
গতিকে পাৰোৰ নামত জগজিৎ সিঙ বা পংকজ উদাষৰ গজল কেইটামানকে শুনিব ল'লো... আৰু ফু বাবাই ফু দি বেমাৰ ভাল কৰাৰ নিচিনাকৈ মই জান, সোণ, ধন, দেহা আদি বিশেষণৰ মায়া মোহৰ পৰা সোনকালেই আৰোগ্য হৈ উঠিলো ।

সেইদিনা আই এছ এলত পুনেৰ লগৰ মেচখন চাবলৈ বুলি ষ্টেডিয়ামত বহি আছো.. লগত আৰু দুজন... খেল তেতিয়াও আৰম্ভ হোৱাই নাই... ইফালে আকৌ বন্ধুৰ দৰে দাদা দুজনমানেও একেলগে চাব... গতিকে মই আৰু লগৰ দুটা অলপ সোনকালে ষ্টেডিয়াম পালো কাৰণে সেই দাদা কেইজনলৈও চিট দুটামান ৰাখি থৈ দিছো... বহুতে আহি ছিট কেইটাৰ কথা সুধিছে, আমিও পানী বটল আনিবলৈ উঠি গৈছে বুলি কিবা প্ৰকাৰে চিট কেইটা ৰাখি আছো যেনেতেনে । ইফালে মানুহে ষ্টেডিয়াম ভৰি পৰিছে... বহুতে লাহে লাহে ছিটৰ আশা বাদ দি থিয় হৈ চাবলৈকে ঠিৰাং কৰিছে । আমিও দাদা কেইজনক ফোন লগাও হে লগাও... নাই...নেটৱৰ্ক নাই... ফোন নালাগে...ছেহ কি কৰা যায় বাৰু... ইফালে খেলপথাৰত খেলুৱৈবোৰ শাৰী পাতিছে ৰাষ্ট্ৰীয় সংগীত গাবলৈ.... দৰ্শকো থিয় হ'ল.... তথাপি দাদা কেইজনৰ কোনো খবৰ নাই... আৰম্ভ হ'ল....

"জন গণ মন অধিনায়ক জয় হে
ভাৰত ভাগ্য বিধাতা..."

এহ ভাৰতৰ ভাগ্য বাদ দিয়কহে মোৰ ভাগ্যখন চাওকচোন...
আমি বহা শাৰীতে কোলাত কেচুৱা লৈ থিয় হৈ আছে এঞ্জেল... এফালে গাই আছো ৰাষ্ট্ৰীয় সংগীত আনফালে চকু এবাৰ এঞ্জেললৈ এবাৰ কোলাৰ কেচুৱাটোলৈ এবাৰ আকৌ খুৰাকলৈ ।

ৰাষ্ট্ৰীয় সংগীত শেষ তাৰ পিছতে আমাৰ মিলন সংগীত বাজি উঠিল....
মই একো ক'বই নাপালো... দেখা লগে লগে অলপো পলম নকৰি তাই চিঞৰি উঠিল—অহ.. হাই...তুমি.... ইয়াত.....???

ইচ্ যেন মই ভনীয়েকৰ বিয়াত হে আছো...তাইৰ ৰিয়েকচনটো দেখি তেনেকুৱাই লাগিল....

মই বোলো—অ...হাই....এই খেল চাব আহিলো...

: অ' অ' ... আমিও... পিছে ছিটেই পোৱা নাই জানানে...
এইকেইটা ছিট দেখিহে লৰা লৰিকৈ আহিছো...কোনোবা আছে নেকি এইকেইটাত...??

মই বোলো—লগৰ দুজনমান আহি আছে...

: এহ হ'ব দিয়া.. আহিলে বাৰু এৰি দিম..এতিয়া বহি থাকো... কৈয়ে নিজেতো বহিলেই খুৰাককো হাতত ধৰি বহাই দিলে...

: অহ পাহৰিছিলো... অই শুনাছোন... এয়া মোৰ হাছবেণ্ড অনিৰ্বান... আৰু অনিৰ্বান, এয়া মোৰ ক্লাছ ফ্ৰেণ্ড........অমুক......

অট্ টেৰি.... খুৰাক নহয়...পতিহে সেইজন....

আৰু মই...!!! মোতকৈ বয়সত চাৰিবছৰৰ সৰু ছোৱালীজনী হ'লগৈ মোৰ ক্লাছ ফ্ৰেণ্ড...

মইও সৌজন্যতাৰ খাতিৰত হেল্ল' জাতীয় কিবা এটা দিলো... শুনিলেনে নাই নাজানো... প্ৰত্তোতৰ হিচাপে তেওঁ হাঁহিটো মাৰি হেল্ল' বুলিয়ে ক'লে যেন পাও... মই তেওঁনো কি কয় ইমান আগ্ৰহেৰে অপেক্ষা কৰা নাছিলো ।

খেল ইতিমধ্যে আৰম্ভ হৈ গৈছে... দাদা কেইজনৰ কোনো খবৰ নাই...

বাংলাদেশীয়ে চাগে এনেকৈয়ে অলপ বহিম বুলিয়ে নিগাজিকৈ অসমত বহি গৈছিল... মোৰ প্ৰাক্তন প্ৰেমিকাই পতি আৰু পুত্ৰৰ সৈতে ডেৰ ঘন্টা ধৰি নানা ফাকি ফুকা, কষ্টৰে ৰাখি থোৱা ছিটকেইটাত নিগাজিকৈ খুপনি পুতিছিল ।

কোলাৰ কেচুৱাটোৱে সম্ভৱ মানুহৰ ভিৰত অশান্তি কৰিছিল নেকি... এঞ্জেলে এগাৰাকী দায়িত্বশীল মাতৃৰ দৰে নিচুকাবলৈ যত্ন কৰিছিল... মই খেল চাই থকাৰ মাজতে মাজে মাজে এঞ্জেললৈ চাও... এবাৰ চকুৱে চকুৱে পৰিল... ডাঙৰ স্ক্ৰীণখনত তেতিয়া সাত মিনিতৰ খেল হৈ গৈছে...

চকুৱে চকুৱে পৰাত..তাই ক'লে... ভিৰ যে..অলপ আমনি কৰিছে ।
কিন্তু মগজ...বেয়া হ'ল তেতিয়া যেতিয়া কেচুৱাটোৱে মোক দেখি হাঁহিব খোজোতে তাই কৈ উঠিল...

কিনো... কিনো.... মামাৰ ওচৰলৈ যাবা...

মামা....!!!!

কোন...?? কোনো মামা ওলাল ইয়াত...??

কথাটো কৈ কেচুৱাটো মোৰ ফালে আগবঢ়াই দিয়াত হে বুজিলো...মামাটো চোন মইয়ে....

এতিয়া দৃশ্যপট মন কৰক.... মানুহে গিজগিজাই থকা সৰুসজাই ষ্টেডিয়াম... সমুখত কোকে, এলেন, কেপডাভিয়াই বল লৈ দৌৰি আছে... মই গেলেৰীত বহি আছো, কাষত হাছবেণ্ডৰ সৈতে আছে মোৰ প্ৰাক্তন প্ৰেয়সী...আৰু মই প্ৰথমতে প্ৰেয়সীৰ ক্লাছ ফ্ৰেণ্ড আৰু পিছলৈ মামা ৰূপ ধাৰণ কৰি প্ৰেয়সীৰ সন্তান মানে ভাগিনক কোলাত লৈ নিচুকাই আছো ।

নব্বৈ মিনিটৰ খেল চাই শেষ হ'বৰ হ'ল... তেতিয়াও মামা ভাগিনৰ যোগলবন্দী শেষ হোৱাৰ কোনো আশা নাই... মাজে মাজে এঞ্জেলে মোকে শুনাবলৈকে কেচুৱাটোক কয়... "ইছ...মামা পাই মোক পাহৰি গল আউ...নহ্...নহ্ ধুনু... হয়নে...অ বুলু হয়নে...??"

লগে লগে কেচুৱাটোৰ এটা মিচিকিয়া হাঁহি...
সেই হাঁহিটোৰ কথাকে আকৌ হাছবেণ্ডক কয়....হাছবেণ্ডে মোলৈ চাই কয়—
আপুনি বাৰু আমনি পাইছে নেকি....

ক'বলৈ মন যায়... সেই মাজ ৰাতি শুব নিদি "কথা পাতা না জান" বুলি কোৱা ভুক্তভোগীটো হয় মই... মন আৰু ছাল এক্কেবাৰে ডাঠ কৰি থৈছে আপোনাৰ পত্নীয়ে ডাঙৰীয়া...এইবোৰ তেনেই সাধাৰণ কথা...নকওঁ... মিচিকিয়াই হাঁহি এটা মাৰি একো নাই বুলি কৈ থও...

খেলৰ অতিৰিক্ত সময়তহে এঞ্জেলে মোৰ পৰা এই অতিৰিক্ত দায়িত্বটো কমালে...

খেল শেষ হোৱাৰ পাছত ক'লে...
নাই নাই এনেকে খেল চাব দিগদাৰ জানানে... ইয়াকলৈ খেল চাব আহিব নোৱাৰি... মানুহ বেছি যে বৰ আমনি কৰে পাই...

ঘৰলৈ বুলি আহি থাকোতে ভাবিলো... নব্বৈ মিনিট কোলাত প্ৰাক্তন প্ৰেয়সীৰ কেচুৱা লৈ আই এছ এল চোৱা মানুহ চাগে মইয়ে প্ৰথম নেকি...!

এঞ্জেলৰ কথাবোৰকে ভাবি ভাবি আহি কেতিয়ানো ঘৰৰ গেটৰ ওচৰ পালোহি গমেই নাপালো... ব্ৰেকডাল মাৰিহে মনত পৰিল...দাদা কেইজন বা আহিছিল নে নাই খেল চাব...