Showing posts with label মনমোহন. Show all posts
Showing posts with label মনমোহন. Show all posts

Sunday 14 June 2015

জোৱাঁয়

By: Gubin Gogoi

বিয়াৰ মাত্ৰ ছবছৰ হৈছে ।
পাচোটা লৰা ছোৱালী । ষষ্ঠ বাৰ আকৌ কেচুৱা হবৰ হলত জোৱাঁয়ে গোটেই পল্টনটো লৈ শহুৰেকৰ ঘৰলৈ বুলি ওলাল ।
আগৰ দিনত কেচুঁৱা জন্ম হবৰ সময়ত মাকৰ ঘৰলৈ ছোৱালী যোৱাটো এটা নিয়ম আছিল ।
.
দুৰৰ পৰাই গোটেই কাবাদী টীমটো দেখি শহুৰৰ মুৰ গৰম হৈ গল । জোৱাঁইক  দেখিয়ে হাতত থকা কুঠাৰ খন লৈ
শহুৰে খেদা মাৰি আহিল । চাল্লা নীলাজ, কাণ্ডজ্ঞান পুৰি খোৱা , ৰস নোহোৱা নেমু , শুকান জেওৰাখুটি ... তই বছৰে  বছৰে গৰুৰ নিচিনা ... এই ছোৱালীজনী মৰি নাথাকিবনে ?
.
তোৰ মুৰত কি আছে ?
.
জোৱাঁয়ে বোলে দেউতা , কিয় খং কৰিছে ?
.
সকলো ঈশ্বৰৰ ইচ্ছা । নাপায় । তাতে মই আপোনাৰ কথা আখৰে আখৰে পালনহে কৰিছো ।
.
শহুৰ:- তই মোৰ কি কথা পালন কৰিছ , খাবলৈ নোপোৱাৰ জাত ?
.
জোঁৱাই:- দেউতা , ছোৱালী উলিয়াই নিওঁতে আপুনি কি কৈছিলে মনত পেলাওক ! বোলে তই ছোৱালী নিছ নে
পিছে তাইক খালী পেটে নাৰাখিবি । কৈছিলে নে নাই ?
.
শহুৰ বেহুচ ....... জোৱাঁই দিলখুচ
. কেনে লাগিল ?

Sunday 9 March 2014

* তাৰ মানে কেচটো নগেন *

by: Chao Bitupan Boruah
.
এদিন এদল আৰ্মী অভিযান এটাত আমাৰ নগেন কাইটি হঁতৰ গাঁৱৰ ৰাস্তাৰেদি যাবলগীয়া হ'ল । নগেনকাইহঁতৰ গাঁওখন তাতে আক' বহুত ভিতৰুৱা । আৰ্মীৰ গাড়ীখন নগেনকাইৰ গাঁৱৰ ৰাস্তাতে বেয়া হ'ল ।বহুত চেষ্টা কৰিও জোৱানকেইজনে গাড়ীখন ভাল কৰিব পৰা নাই তাতে আকৌ সেইদিনা খুউব টান ৰ'দ । ঠাইখনৰ নামো সিহঁতে জানিব পৰা নাই । জোৱানকেইজনে বৰ বিৰক্তি পাইছে ।হেড কুৱাৰ্টাৰলৈ খবৰ দিবলৈও নেটৱৰ্ক পোৱা নাই । এনেতে সেইফালে দি আমাৰ নগেনকাই ক'ৰবালৈ যাওঁতে জোৱান কেইজনৰ ফালে ঘূৰি ঘূৰি চাবলৈ ধৰিলে ।তাকে দেখি এজন জোৱানে নগেনক হিন্দীতে সুধিলে ।
জোৱান :- ক্যা হোতা হে ?
পিছে নগেনে হিন্দী ভালদৰে বুজিও নেপায়, ক'বও নেজানে ।
নগেনে উত্তৰ দিলে
নগেন :- ডাঙৰি সূতা হে (এবিধ কপাহী সূতা )।
জোৱান :-কাঁহা চে আতা হে ? নগেন :- ঘেহুঁ চে আতা হে ।(মানে ঘেহুঁৰ পৰা আটা হয়)
জোৱান :-কাঁহা হে ?
নগেনৰ কাহিব লগা নাছিল যদিও জোৰ দি হ'লেও কাহিবলৈ ধৰিলে ।জোৱান :- আচ্চা য়ে বাতাও ইচ ৰোড কা নাম ক্যা হে?
নগেন :- ইচ ৰ'দ কা নাম টিকাফটা ৰ'দ হে(খুউব টান ৰ'দ)
জোৱানজনে নগেনক যাবলৈ দি টিকাফটা ৰ'দ ক'ত আছে মেপত বিচাৰি বিচাৰি নাপালে ।
.
জোৱান চক নগেন ৰক

Wednesday 26 February 2014

✪হাঁহিৰাম গগৈৰ ডায়েৰিৰ পৰা… ✪

By: Sanjeeb Borkakati

মনমোহন সিং চাৰি দিনৰ কাৰনে অসম ভ্রমন
কৰিব আহিল ! উদেশ্য - অসমৰ আর্থিক
সমস্যাৰ বুজ লোৱাৰ ! এই চাৰি দিন তেও
হাঁহিৰাম গগৈৰ ঘৰত থকাৰ সিদ্ধান্ত ললে !
প্রথম দিনা তেও দিনটো ভ্রমনৰ শেষত
হাঁহিৰাম গগৈৰ ঘৰত আহি জিৰনি ললে !
সন্ধিয়া সময়ত তেও আৰু
গগৈ দুয়োৱে বহি একান্তমনে কিবা আলোচনা কৰি আছিল !
তেনেতে দুৰৰ পৰা ভাঁহি অহা শিয়ালৰ
হোৱা হোৱা শব্দ শুনি মনমোহনে গগৈক
সুধিলে -
: হেৰা গগৈ, এইবোৰ কিহে চিঞৰিচে…?
: চাৰ এইবোৰ শিয়ালে চিঞৰিচে !
: কিয় চিঞৰিচে …?
: চাৰ, সিহতে আমাৰ দৰে থাকিবলৈ ঘৰ নাই !
বাহতলিতে থাকিব লাগে ! এতিয়া মহৰ কামুৰ
খাই চিঞৰিচে !
: হয় নেকি…? তেনেহলেএটা কাম কৰা,
চৰকাৰী একাউন্টৰ পৰা সিহতৰ অনুদানৰ ঘৰৰ
ব্যৱস্থা কৰা !
: থিক আছে চাৰ, মই কালিৰ
ভিতৰতে ব্যৱস্থা কৰি আছো !
( পিছদিনা হাঁহিৰাম গগৈয়ে চৰকাৰি একাউন্টৰ
পৰা কিচু টকা উলিয়াই নিজৰ একাউন্টত ভৰাই
থলেগৈ ! )

দিতীয় দিনাখন একে সময়তে আকৌ শিয়ালৰ
হোৱা শুনি মনমোহনে গগৈক সুধিলে -
: হেৰা গগৈ, তুমি সিহতক ঘৰৰ
ব্যৱস্থা কৰি নিদিলা নেকি ?
: চাৰ, সিহতক ব্যৱস্থা কৰি দিয়া হল !
: তেনেহলে কিয় চিঞৰিচে…?
: চাৰ সিহতে ঘৰ পালে সচা, কিন্তু আমাৰ
দৰে খাবলৈ নাপায় ! সেয়ে ভুকতে চিঞৰিচে !
: হয় নেকি ? তেনেহলে সিহতক
চৰকাৰী একাউন্টৰ
পৰা খোৱা বোৱাৰো ব্যৱস্থা কৰি দিয়া !
: হব চাৰ, মই কালিলৈকে কৰি দিম !
( পিছদিনাও হাঁহিৰাম গগৈয়ে চৰকাৰি একাউন্টৰ
পৰা কিচু টকা উলিয়াই নিজৰ একাউন্টত ভৰাই
থলেগৈ ! )

তৃতীয় দিনাও শিয়ালৰ
হোৱা শুনি মনমোহনে গগৈক সুধিলে -
: হেৰা গগৈ, আজি আকৌ সিহতে কিয়
চিঞৰিচে…?
: চাৰ, সিহতে থকা - খোৱাৰ
ব্যৱস্থা পালে সচা, কিন্তু আমাৰ
দৰে সিহতে পিন্ধিবলৈ কাপোৰ -কানি নাপায় !
সেয়ে সিহতে ঠাণ্ডাতে চিঞৰিচে !
: হয় নেকি…? তেনেহলে এটা কাম কৰা, সিহতৰ
যিমান সমস্যা আছে, কালিৰ ভিতৰত
চৰকাৰী একাউন্টৰ পৰা সমাধান কৰি দিয়া !
: হব চাৰ, মই কালিৰ ভিতৰত সকলো সমাধান
কৰি দিম !
( পিছদিনাও হাঁহিৰাম গগৈয়ে চৰকাৰি একাউন্টৰ
পৰা কিচু টকা উলিয়াই নিজৰ একাউন্টত ভৰাই
থলেগৈ ! )

চতুর্থ দিনাও একেই ঘটনা……!
মনমোহন সিঙে গগৈক অলপ জোৰেৰে সুধিলে-
: হেৰা গগৈ,
তুমি একো ব্যৱস্থা কৰি নিদিলা নেকি হে ?
: চাৰ, মই সকলো ব্যৱস্থা কৰি দিলো !
: তেনেহলে সিহতে কিয় চিঞৰিছে…?
: চাৰ, সিহতে ঘৰ পালে, খোৱা-বোৱা পালে,
পিন্ধা কাপোৰৰ পৰা ধৰি চব পালে !
এতিয়া সিহতৰ তামাম ফুর্টি !আপুনাৰ খুব
প্রশংসা কৰিচে, সিহতে ! এই
আনন্দতে সিহতে…
.
. .
.
.
.
.
.
.
.
.
.
.
. আপুনাক এতিয়া আৰতি কৰিছে !
মিচা কলে কি দাল হব, এতিয়াৰ পৰা সদায়
সন্ধিয়া হলেই চাকি-বন্তি লগাই আপুনাক
সিহতে হেনো আৰতি কৰিব !
assamese meme

Saturday 21 December 2013

এজনী 'বেশ্যা' আৰু এজনী 'চিনেমা নায়িকা' ৰ মাজত কি পার্থক্য ??

(অলপ প্রাপ্তবয়স্ক যদিও এটা মন্তব্য দিলে ভাল পাম)

এজনী 'বেশ্যা' আৰু এজনী 'চিনেমা নায়িকা' ৰ মাজত কি পার্থক্য
আছে ?

.......বিখ্যাত বুদ্ধিজীবী জনে, এজন সাধাৰণ মানুহক প্রশ্ন কৰিলে ।

মানুহজনৰ উত্তৰ ----

'বেশ্যা' হৈছে এনে এগৰাকী নাৰী যিয়ে ৮০ শতাংশতকৈ ততোধিক ধর্ষণকাৰীৰ পৰা আমাৰ 'ভন্টি-বাইদেউ' সকলক ৰক্ষা কৰে ।

ঠিক তেনেকৈ

চিনেমাৰ নায়িকা হ'ল এনে এগৰকী নাৰী যিয়ে অর্ধঃ উলংগ দেহ দেখাই পৰোক্ষ বা প্রত্যক্ষ ভাবে ২০ শতাংশ পুৰুষক ধর্ষণকাৰী সজায় ।

কিন্তু সমাজৰ চকুত 'বেশ্যা' সদায় ঘৃনণীয়, অর্ধঃ উলংগ দেহ দেখাই আপলোড কৰা নায়িকাৰ ফটোত ৫০০+ লাইক-কমেন্ট আহে !

..
..

মানুহজনৰ উত্তৰ শুনি বুদ্ধিজীবী জন নিমাত হৈ ৰ'ল !!

এতিয়া আপুনিও নিমাত হৈ থাকিবনে ?
By: Dípankar Nath

Monday 16 December 2013

মই মনমোহন

ফলাফল ঘোষণাৰ পিছৰ কথা !

যোৱা কালি দিগ্বিজয় সিংহে আহি ৰাহুল গান্ধীক কলে---- "চল বেটা, এবাৰ ফুৰি আহো "

ৰাহুল : এনেয়ে ইমান বেয়াকৈ হাৰিলো এতিয়া মানুহক মূখ কেনেকৈ দেখাম, নাযাঁও ফুৰিব ।

দিগ্বিজয় : মই আছো নহয় বাবা, তুমি চিন্তা নকৰিবা । এটা কাম কৰো দিয়া, তুমিও এখন শাৰী পিন্ধি লোৱা মইও এখন শাৰী পিন্ধি লও, কোনেও আমাক চিনিব নোৱাৰে ।

কথামতেই কাম !

দুয়ো শাৰী পিন্ধি ইণ্ডিয়া গেট
পালেগৈ ।

গেটৰ ওচৰত এজনী অঘৰী যেন লগা মহিলা সিঁহতৰ কাষ চাপি আহি সুধিলে ----

" তহঁত দুটা ৰাহুল আৰু দিগ্বিজয় নহয়নে " ?

দিগ্বিজয় : নহয়টো, আমি 'সীতা আৰু গীতা' হে ...!

মহিলা : মই ভালকৈ জানো তহঁতে মিছা কৈছে । তহঁত 'দিগ্বিজয় আৰু ৰাহুল' !

এইবাৰ ৰাহুল গান্ধী ভেশধাৰী মহিলা গৰাকীয়ে সুধিলে----

কি প্রমাণ আছে তোৰ ওচৰত ??

..
..
..
..

....... প্রমাণ লাগে, চা তেন্তে

..

..

(শাৰী খন ঢাঙি) এইয়া ভালকৈ চা !

মই মনমোহন, তহঁতৰ প্রধানমন্ত্রী !
By: Dípankar Nath