Sunday 14 June 2015

চাৰ নটুৰে শব্দটোৰ অৰ্থ কি?

By: Muzahid Mj

কলেজৰ দিনৰ ৰিয়াল কেচ:
ইংৰাজী প্ৰফেচৰক এদিন ভাস্কোদাই
সুধিলে:
চাৰ নটুৰে শব্দটোৰ অৰ্থ কি? প্ৰফেচৰ
চাৰ আচৰিত।35 বছৰীয়া চাকৰি জীৱনত
প্ৰথমবাৰ শুনিছে শব্দটো।তথাপি হাত
সাৰিবলে ক'লে কালিলৈ ক'ম।ঘৰত
আহি গোটেই বিলাক অভিধান চলাথ ।
নাই শব্দটো নাই।পিচদিনা
ভাস্কোদাই আকৌ প্ৰফেচাৰক সুধিলে
চাৰ নটুৰে মানে কি?সেইদিনাও
প্ৰফেচাৰ চাৰে কিবা এটা ফাকি
দি সাৰি আহিল।কিন্তু জন্মৰ পৰাই
মানুহক কামোৰ দিম বুলি অহা
ভাস্কোয়ে ইমান সহজে এৰা ভকত নে?
যেতিয়াই পাই তেতিয়াই প্ৰফেচাৰক
সোধে চাৰ নটুৰে মানে কি?পলায়
পলায় ও তত নাপায় প্ৰফেচাৰে এদিন
ক'লে :-অই ভাস্কো নটুৰে শব্দটোৰ
বানান টো কচোন।
ভাস্কো:-NATURE
প্ৰফেচাৰৰ খঙে চুলিৰ আগ পালেগৈ
"মুৰ্খ ,নেচাৰ শব্দটোক নটুৰে কৈ তয় মোৰ
লগত ধেমালী কৰিব আহিছ।চাই থাক
প্ৰিন্সিপালক কৈ তোক কলেজৰ পৰা
বাহিৰ কৰি দিম।
ভাস্কো:-চাৰ প্লিজ মই ভৰিত ধৰিছো।
এনেকুৱা অন্যায় কাম নকৰিব।নহ'লে যে
মোৰ ফুটুৰে (FUTURE )টো বৰবাদ হৈ যাব।
প্ৰফেচাৰ জন তেতিয়াই চেটেপ।

জোৱাঁয়

By: Gubin Gogoi

বিয়াৰ মাত্ৰ ছবছৰ হৈছে ।
পাচোটা লৰা ছোৱালী । ষষ্ঠ বাৰ আকৌ কেচুৱা হবৰ হলত জোৱাঁয়ে গোটেই পল্টনটো লৈ শহুৰেকৰ ঘৰলৈ বুলি ওলাল ।
আগৰ দিনত কেচুঁৱা জন্ম হবৰ সময়ত মাকৰ ঘৰলৈ ছোৱালী যোৱাটো এটা নিয়ম আছিল ।
.
দুৰৰ পৰাই গোটেই কাবাদী টীমটো দেখি শহুৰৰ মুৰ গৰম হৈ গল । জোৱাঁইক  দেখিয়ে হাতত থকা কুঠাৰ খন লৈ
শহুৰে খেদা মাৰি আহিল । চাল্লা নীলাজ, কাণ্ডজ্ঞান পুৰি খোৱা , ৰস নোহোৱা নেমু , শুকান জেওৰাখুটি ... তই বছৰে  বছৰে গৰুৰ নিচিনা ... এই ছোৱালীজনী মৰি নাথাকিবনে ?
.
তোৰ মুৰত কি আছে ?
.
জোৱাঁয়ে বোলে দেউতা , কিয় খং কৰিছে ?
.
সকলো ঈশ্বৰৰ ইচ্ছা । নাপায় । তাতে মই আপোনাৰ কথা আখৰে আখৰে পালনহে কৰিছো ।
.
শহুৰ:- তই মোৰ কি কথা পালন কৰিছ , খাবলৈ নোপোৱাৰ জাত ?
.
জোঁৱাই:- দেউতা , ছোৱালী উলিয়াই নিওঁতে আপুনি কি কৈছিলে মনত পেলাওক ! বোলে তই ছোৱালী নিছ নে
পিছে তাইক খালী পেটে নাৰাখিবি । কৈছিলে নে নাই ?
.
শহুৰ বেহুচ ....... জোৱাঁই দিলখুচ
. কেনে লাগিল ?

Wednesday 7 January 2015

»»»নপঢ়িলে দুখত থাকক, একদম সত্য«««


By: Pankaj Dutta

এদিনাখন মমিবাই অফিচৰ পৰা ঘৰলৈ আহি আছিল .. ৰাস্টাত বহুত জাম হোৱা দেখি মমিবা লগতে আন মানুহবোৰো ৰ'ব লগা হ'ল..
ঠিক সেই সময়তে মমিবাই মন কৰিলে এজন ভিক্ষাৰীয়ে ওচৰত ৰৈ থকা মানুহ এটাক ভিক্ষা খুজি আছে..


মানুহজনক কিবা মমিবাৰ চিনাকী চিনাকী লাগিল , সেয়েহে সুধিয়েই পেলালে ভিক্ষাৰীজনক- আপোনাক মই ক'ৰবাত দেখিছো..!!!

ভিক্ষাৰী- আৰে এইজনী আমাৰ মমিচোন ... ক'ত গৈছিলা ?

মমি বা- (অবাক হৈ) আৰে মোক কেনেকে চিনি পায় ?

ভিক্ষাৰী- (অলপ লাজ কৰি) কিয় মোক চিনি পোৱা নাই ? সেই যে ফেচবুকৰ 'ৰগৰ' নামৰ অসমীয়া গোটটিত ‪#‎নিলু‬ বা‪#‎নেলু‬ বুলি যে নাম এটা পোৱা , সেইজনে মই..

মমি বা- কি ইইইইইইইই..তাৰমানে ?

ভিক্ষাৰী নেলুকাই- নাইচ টু মিট ইউ মমি .. পিছে কাকো নকবা হা, আজি অলপ অভাৰ টাইম কৰিছো, কালিলৈ দিনটোত তেতিয়াহে খুব ফেচবুক কৰিব পাৰিম .. আৰু ৰাতি ইনবক্সত আহিবা হা মমি...

নেলু কথা শুনি মমিবা বেহুচ তেতিয়াৰ পৰা ....

(আগতে শুনা কৌতুক সকলোৱে, অলপ ৰিমিক্স কৰি দিলোং)

বিষ

By: Mamoni Biswas
নগেন এবাৰ ডাক্তৰৰ ওচৰলে গ'ল
নগেন: ছাৰ, মোৰ গোটেই গাতে বিষ হৈছে। সৰ্ব শৰীৰ বিষত মই তত পোৱা নাই। মোক অাপুনি help কৰক ছাৰ
ডাক্তৰ: বিষ ক'ত ক'ত হৈছে?
নগেন: তৰ্জনি অাঙুলিৰে কপালত ছুই ডাক্তৰক দেখুৱালেছাৰ,মই ইয়াত ছুলে বিষায়
তাৰ পাছত হাতত ছোও.....তাতো বিষায়
ডিঙিত ছোও তাতো বিষায়
ইমান যে বিষ......উস্
ডাক্তৰ: চাওছোন ওচৰলে অাহ্
নগেন ডাক্তৰৰ ওচৰত থিয় হ'ল অাৰু
নিজৰ অাঙুলি এটাৰে নগেনৰ কপালত ছুই নগেনক সুধিলে.......
এতিয়া বিষাইছেনে?
নগেন: নাই বিষোৱা ছাৰ
এইবাৰ একেদৰে ডাক্তৰে নগেনৰ হাত অাৰু ডিঙিতো ছুই নগেনক বিষাইছেনে নাই সুধিলত নগেনে নাই বিষোৱা বুলি ক'লে
নগেনে অাচৰিত হৈ ডাক্তৰক সুধিলে ..... ছাৰ মোৰ কেনেকুৱা বিষ হৈছে এইটো......মোক অাপুনি বছওক ছাৰ।
ডাক্তৰ: কুকুৰ ......তোৰ গাত একো হোৱা নাই ......... অাঙুলিত ঘা হৈছে তোৰ!!!!!!!!!