Showing posts with label পূজা. Show all posts
Showing posts with label পূজা. Show all posts

Friday 24 October 2014

আশীষ_দাৰ_বিবাহোত্তৰ_জীৱনৰ_কেইটামান_স্নেপশ্বট্‬

By: Bhaben Loying

আশীষ দাৰ বিয়াৰ কেইমাহমানৰ পিছৰ এটা আবেলি…… অফিচৰ পৰা অহাৰ পিছতেই বৌৱে ক'লে- "আপোনাক এটা কথা ক'বলৈ আছে… অতি শীঘ্ৰেই আমাৰ ঘৰৰ সদস্যৰ সংখ্যা দুজনৰ পৰা তিনিজনলৈ বৃদ্ধি হ'ব…"
কথাষাৰ শুনা মাত্ৰেই আশীষ দাই আনন্দতে বৌক আকোঁৱালি লৈ মৰম কৰিবলৈ ধৰিলে। তাকে দেখি বৌৱে ক'লে- "আপুনি এইকথাত সুখী হোৱা দেখি মই বৰ সন্তোষ পালোঁ… পিছে মা'ক আনিবলৈ ষ্টেচনলৈ আপুনি যাব নে মই আগবাঢ়ি যাওঁ?
©©©©©©©©©©©©©©©©©©©©©©©


আশীষ দাৰ দাম্পত্য জীৱনৰ কোনোবা এটা সুখী মুহুৰ্তত……

আশীষ দাঃ যদি তোমাৰ কিবা হৈ যায় মই পাগল হৈ যাম সোণ…

বৌঃ কিয়?, তুমি দ্বিতীয় বিবাহ নকৰা?

আশীষ দাঃ পাগলে যিকোনো কাম কৰিব পাৰে!!

@@@@@@@@@@@@@@@@@@@@@

("চাদী কা লাড্ডু" খোৱাৰ কেইবছৰ মানৰ পিছত সেই একেই আশীষ দা…)

বহুদিনৰ মূৰত পুৰণা বন্ধু পংকজ দাক লগ পাই……

আশীষ দাঃ কি খবৰ বন্ধু? বিবাহিত জীৱন কেনে চলিছে?

পংকজ দাঃ নক'বা আৰু বন্ধু, মোৰ পত্নী সাইলাখ সৌ সৰগৰ অপেশ্বৰী… পিছে তোমাৰ?

আশীষ দাঃ (দুখ মনেৰে) মোৰ গৰাকী এতিয়াও জীৱিত!!

@@@@@@@@@@@@@@@@@@@@@

এবাৰ ধৰ্মীয় প্ৰবচন শুনি ঘৰলৈ আহিয়েই বৌক কোলাত লৈ ঘূৰিবলৈ ধৰিলে……

বৌঃ কি কৰে হে! গুৰুৱে ৰোমাঞ্চ কৰিবলৈ উপদেশ দিছে নেকি?

আশীষ দাঃ নহয়, নিজৰ জীৱনৰ বোজা নিজেই উঠাই ল'বলৈ উপদেশ দিছে……

©©©©©©©©©©©©©©©©©©©©©©©

আশীষ দাঃ মোৰ পত্নীৰ বাবেই মই আজি ধাৰ্মিক হ'বলৈ বাধ্য হ'লোঁ……

পংকজ দাঃ সেয়া কেনেকৈ?

আশীষ দাঃ বিয়াৰ আগলৈকে স্বৰ্গ আৰু নৰকৰ ওপৰত ভৰসা নাছিল মোৰ…!!

(আশীষ দা, ক্ষেমিব!!)

Friday 4 April 2014

কিয় গুছি গ'লা ??

by নিভা গগৈ

ৰাতিপুৱা ঘটনা ,আশীষ দা ,ছোটা ডন আৰু মই ৰাষ্টাতে ৰৈ কথাপাতি আছোঃ

আশীষ দাঃ কালিৰ পৰা টেমা গৰম হৈ আছে বে ,ইমান লেতেৰা কৰি পেলাইছে যে ৰগৰৰ ৱালখন খঙত চুলি চিঙি দিব মন গৈছে নিজকে নিজে ।
ছোটা ডনঃ মোৰ আৰু গৰম হৈ আছে দেই ।জুই জ্বলি আছে একেবাৰে ভমভমাই ।

মই একো নামাতি ঘৰলৈ দৌৰ মাৰিলো ।পিছফালৰ পৰা আশীষ দায়ে চিঞৰিলে ,কি হ'ল নিভা ,কিয় গুছি গ'লা ??

মইঃ এক মিনিট ৰব দেই দুইজনেই ,মই আহি আছো ।চাহৰ চচ্ টো লৈ আঁহো , আমাৰ আজি চিলিণ্ডাৰ শেষ হ'ল . ৰাতিপুৱাৰ পৰা চাহ একাপও খোৱা নাই ,দুইজনৰ গাত জুই লাগি থাকোতেই চাহ একাপ বনাই লও !!

Saturday 9 November 2013

******অথঃ দত্ত সংবাদ :- *******

 তিনিজন শৈশৱৰ বন্ধু প্ৰ দত্ত , মে দত্ত আৰু দি দত্ত ।
এবাৰ তিনিওটাই হিমালয় পৰ্বতখনক ৰং দিয়াৰ কনট্ৰেক্ট এটা পালে ।
কাম কৰাৰ মাজত এদিন লান্স ব্ৰেকৰ সময়ত তিনিওটাই নিজৰ নিজৰ টিফিন উলিয়ালে ।

 প্ৰ দত্ত :- হে গড , আজিও ভাতৰ লগত স্প্ৰাইটৰ তৰকাৰী । কালিও যদি একে টিফিন পাও মই ইয়াৰ পৰা জাপ মাৰি চুইচাইদ কৰিম ।

 দি দত্ত :- হে ৰম , আজিও ব্ৰেড আৰু পকা কঠাল , কালিও যদি একে টিফিন পাও মই ইয়াৰ পৰা জাপ মাৰি চুইচাইদ কৰিম ।

 মে দত্ত :- হে অপু , আজিও বেঙেনা ভাজি আৰু ৰুটি , কালিও যদি একে টিফিন পাও মই ইয়াৰ পৰা জাপ মাৰি চুইচাইদ কৰিম । (বি.দ্ৰ. - মে দত্তই অপুক ভগৱান হিচাপে মানে )

 পিছদিনা খন হ‘ল পুৱা মুখত তিনিও সোমাই এখন এখন গুৱা , তিনিও ওলাল হিমালয়লৈ বুলি , ফাটাফাটি ৰংমিস্ট্ৰি হম বুলি ।
 টিফিন টাইমত ভয়ে ভয়ে তিনিও নিজৰ নিজৰ টিফিন বক্স উলিয়ালে ।

প্ৰ দত্ত :- হে গড , আজিও ভাতৰ লগত স্প্ৰাইটৰ তৰকাৰী । মই মৰো দেই , বাই বাই । এইবুলি প্ৰ দত্তই জাপ মাৰি চুইচাইড কৰিলে ।

 দি দত্ত :- হে ৰম , আজিও ব্ৰেড আৰু পকা কঠাল । মই মৰো দেই , বাই বাই । এইবুলি দি দত্তই জাপ মাৰি চুইচাইড কৰিলে ।

 মে দত্ত :- হে অপু , আজিও বেঙেনা ভাজি আৰু ৰুটি । মই মৰো দেই , বাই বাই । এইবুলি মে দত্তই জাপ মাৰি চুইচাইড কৰিলে ।

 কালু দা কলা কুত্তাই সেই সময়ত হাগু দিব আহিছিল হিমালয়লৈ। সি সকলো দেখি তাহাতৰ ঘৰলৈ ফোন মাৰি সিহঁতৰ মৃত্যুৰ কাৰনসহ সকলো খিনি কৈ দিলে আৰু তাহাতৰ টিফিনখিনি খাই মেলি আহিলে ।

 শ্মসানত গোটেই দত্তকেইটাৰ ঘৈনিয়েকবোৰে কান্দি আছে ।
 প্ৰ দত্তৰ পত্নী :- আগতে জনা হলে মই ভাতৰ লগত স্প্ৰাইট নিদি কোকা-কোলাৰ আন্জা দিলো হৈ নহয় । হুক হুক হুক হুক
দি দত্তৰ পত্নী :- আগতে জনা হলে মই তেখেতক চুজি কা হালোৱা বনাই দিলো হৈ নহয় । হুক হুক হুক হুক
 মে দত্তৰ পত্নী :- বিয়া কৰাৰ পৰাই মই পাকঘৰত ভৰি দি পোৱায়েই নাই। তেখেতেটো নিজৰ টিফিন নিজে বনাই লৈ যায় সদায় ।
মোৰ কি হব এতিয়া ।

 * * মৰেল :- দত্ত মাখা কিয়া এনাই হা কিয়া !!!!!!!!!

By:Apurba Kalita

Thursday 31 October 2013

'বডী'-ত হাত নিদিব!

(নতুনকৈ অহা 'টিউচন' মাষ্টৰক, বাপেকে বুজাই আছে…)

: এইডাল 'মস্ত গাধা'…!

ৰিক্সা যোৱাৰ দৰে, লাহে-লাহে, ঘেঁহাই-ঘেঁহাই যায়। ইয়াক অন্ততঃ, 'চিটি বাচ'ৰ দৰে যাব পৰা কৰি দিয়ক…!

: নাই নাই, আপুনি চিন্তাই নকৰিব। ইয়াক মই 'নাইট চুপাৰ'ৰ দৰে যাব পৰা কৰি দিম।

(ল'ৰাটোৱে এইবাৰ লাহেকৈ মাত লগালে)

  : চাৰ…, 'চিটিবাচে'ই কৰক, বা 'নাইট চুপাৰে'ই কৰক…, কৰি থাকক।

লাগিলে 'মাথা'ৰ গিয়েৰ-বক্স ভাঙি দিয়ক।

মাত্ৰ গাড়ীৰ… . . . . . . . . . .






  'বডী'-ত হাত নিদিব…!

by:Udoy Senapoti

Wednesday 30 October 2013

দুটাকৈ দুবাৰ "মিল" ৰ পিছত

মানে ডাক্টৰৰ মতে ইংৰাজী নক’লে হেনো ডাক্টৰৰ লেবেল নাথাকে |

 এবাৰ আহিল এক ৰোগী....." ছাৰ মোৰ ভালেমান দিনৰ পৰা "হেৰি" হোৱাই নাই, বৰ কষ্ট... উপায় দিয়ক"

ডাক্টৰ দৰদী লোক.... দৰৱ দি ক’লে, " দুটাকৈ দুবাৰ "মিল" ৰ পিছত খাবি, ভাল হৈ যাব যা"

 দুদিন পিছত ৰোগী দা লৈ হাজিৰ |
ডাক্টৰ চকড... " হোৱাট হেপেনড?"

ৰোগী " বাঘে খোৱা ডাক্টৰ, সেইদিনাৰ পৰা মই ঘটিটো এৰিবই পৰা নাই "

 ডাক্টৰ " বাট হোৱাই, মইতো ঠিকেই দৰৱ দিছিলো?"

ৰোগী..." মই ভী তো ঠিকেই খাইছিলো.... ইয়াৰ পৰা ঘৰ যাওঁতে বাটত যিমান কেইটা, ধানৰ মিল, আটাৰ মিল পায় , তাত ৰৈ ৰৈ দুটাকৈ বড়ি খাই গৈছো বাটে বাটে........."


 ৰোগীজনে আজিও চোকা দা লৈ হাজিৰ হৈছিল হেনো হাস্পাতালত ................ আগে তো ৰাম হী ৰাখে

By: Sushmita Das

Friday 18 October 2013

উত্তৰৰ বিশ্লেষণ

গাজা নহয়, একেবাৰে সঁচা কথা
 (কোনোবাই আগতে পঢ়িছিল যদি অলপ সময় অনুগ্ৰহ কৰি মনে মনে থাকে যেন)
 এটা পাৰ্চনেলিটি টেষ্ট, মানে ব্যক্তিত্ব পৰীক্ষা:
 নিৰ্ঘাত সঠিক ফলাফল , শতকৰা এশভাগ শুদ্ধ উত্তৰ পাবই৷
ভালদৰে মনোযোগ দি পঢ়ক,
তাৰ পাছত উত্তৰ দিয়ক
আপোনাৰ উত্তৰে বুজাব আপুনি কেনেধৰণৰ লোক৷


 এডাল বিৰাট ওখ নাৰিকল গছ আছিল৷
 গছডালৰ তলত বহি আছিল চাৰিটা প্ৰাণী এটা গৰিলা এটা ওৰাং ওটাং এটা হলৌ বান্দৰ আৰু এটা কিং কং
চাৰিওটাৰ মাজত প্ৰতিযোগিতা হ'ল, সিহঁতৰ মাজত কোন সকলোতকৈ বেগী, তাকে চাবলৈ৷
 যিয়ে সকলোতকৈ আগতে গছত উঠি কল এটা ছিঙি আনিব পাৰিব সিয়ে জিকিব৷
 আপোনাৰ মতে কোন জিকিব?
মাত্ৰ ত্ৰিশ চেকেণ্ডৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰক আৰু আপোনাৰ উত্তৰে জনাব আপুনি কেনেকুৱা ব্যক্তি..

উত্তৰটো পালেনে ভাবি?
এতিয়া উত্তৰৰ বিশ্লেষণবোৰ চাবলৈ তললৈ যাওঁক.. . . . . . . . . . . . . . . . . . . .






যদি আপোনাৰ উত্তৰ গৰিলা: আপুনি এটা জধা মূৰ্খ

ওৰাং ওটাং: বুৰ্বক/সহজে সকলোৱে ঠগিব পাৰে আপোনাক

হলৌ বান্দৰ: আপুনি চিন্তা কৰিব নাজানে/অঁকৰা

কিং কং: আপোনাৰ মগজুত গোৱৰেই গোৱৰ

 কিয় বাৰু?









হে: হে: হে: নাৰিকল গছত কল ক'ৰ পৰা লাগিবনো?

By: Makhan Lal Das

Sunday 13 October 2013

পূজা বুলি…

পূজা বুলি…,

অলপ বেছিকৈয়ে 'মাল' খাই দিলো।
 বাৰান্দাত, ঠেলি-ঠেলি কোনোমতে 'বাইক'খন উঠালো।
তাৰপাছত দৰ্জা বন্ধ কৰিয়েই, চিধা বিচনাত বাগৰি দিলো।
 বেহুচ…!
 মাজনিশা হঠাৎ দেখিলো, দূৰ্গাদেৱী মোৰ সন্মুখতে ৰৈ আছে।
 জীৱ বাহিৰ হৈ গ'ল বাপ্পেকে…!
কি জগৰ লগালো মই…? মইতো গা-ধুই সেৱা জনাইছিলো, ৫টকাও দিছিলো, "জয় দূৰ্গা মাইকী" (?) বুলি চিঞৰিও দিছিলো…, তেন্তে…?? "
…হে আই, নাজানিহি অপৰাধ' হৈল' মোৰ'…",
 - বুলি, কিবা ব্ৰজাৱলী জাতীয়, ভাষা এটাই মুখৰ পৰা ওলাই গ'ল, ভয়ৰ চুটত।
তাৰপাছত ডাইৰেক্ট পজিচন লৈ ল'লো, …'দূৰ্গা মা' -ৰ চৰণত।
 : উঠ বৎস…! 'তেল মাৰি' লাভ নাই।
 সৌ দাপোণ (আইনা) খনৰ ওচৰলৈ যা।
 তাত তোৰ চেহেৰাটো এবাৰ চাগৈ। (সাউতকৈ উঠি আইনা খনৰ ওচৰ পালোগৈ।)
 "ঔ, মা…!" জীভা ওলাই গ'ল বাপ্পেকে…! ই কি কথা…!!
 মোৰ চেহেৰাটো পূজাৰ অসুৰটোৰ দৰে হৈ পৰিল।
জপৰা চুলি, দীঘল দাঁত, টেলেকা চকু…!
দূৰ্গাদেৱীয়ে মোলৈ চাই অট্টহাস্য মাৰি ক'লে, : …তোৰ মূৰত 'অসুৰে' বাহ লৈছে।
 ভালে-ভালে মূৰটো ছিঙি মোক দে, নহলে তোক মাৰিয়েই পেলাম।
 : কিন্তু আই, মূৰটো নহলে মই কেনেকৈ জীয়াই থাকিম।
 : পাৰিবি…। । 'মূৰ' নোহোৱাকৈয়ে কিমানে এতিয়া মন্ত্ৰী-বিধায়ক, আমোলা, ছাত্ৰনেতা, দেশপ্ৰেমিক হৈ গপগপাই ফুৰিছে, …তই কোন কূটা বে?
জল্দি মূৰটো ছিঙি দে, জল্দি…!
 : মই নোৱাৰো আই, ভয় লাগে।
 …কথাষাৰ ক'বলৈহে পালো।
চিধা আহি মোৰ মূৰটো খামোচি ধৰি, দূৰ্গামাই টানিবলৈ ধৰিলে।
বিষত থাকিব পৰা নাই।
এবাৰ দেৱীয়ে এফালে টানে, আনবাৰ মই আনফালে টানো। …
এইদৰে টনা-আজোৰা কৰি থাকোঁতেই, খপ্কৰে সাৰ পাই গলো।
আৰু দেখিলো…





 . . . . . . শ্ৰী মতীয়ে মোৰ মূৰৰ 'হেলমেট'-টো খুলিবলৈ চেষ্টা কৰি আছে।

by: Udoy Senapoti

Wednesday 2 May 2012

Tit for Tat

প্ৰানেশ্বৰে দেউতাকক দুখেৰে ক’লে : “দেউতা ৷ মোৰ গাৰ্লফ্ৰণ্ডে মোৰ লগত ব্ৰেক-আপ কৰিলে ৷ তাই নতুন ল’ৰা এটা পটালে ৷ সেই গাধটোৰ লগত উঠা ফটোবোৰ মোলৈ তাই পঠিয়াই দিছে আজি ৷ ”

প্ৰানেশ্বৰৰ দেউতাক: ইমান ছেন্টি ফালিলে নহ’ব ৷ হিম্মত নাহাৰিবি ৷ তই এটা কাম কৰ মোৰ সোনাই ৷ 

প্ৰানেশ্বৰ:কি কাম দেউতা ?

প্ৰানেশ্বৰৰ দেউতাক : ফটোবোৰ তাইৰ দেউতাকলৈ পঠিয়াই দে পষ্ট কৰি ৷ পাওক মজাটো ৷ 

Contributed by Ishanjyoti Bora