Hot Posts

6/recent/ticker-posts

দেওবাৰ বুলিও শান্তি নাই !!

By: Ashutosh Borah Papu

দেওবাৰ বুলিও শান্তি নাই !!
এই দুপৰীয়াখনো বৌয়ে আশীষদাক
ওপৰৰ তলাৰ বাৰান্দাৰ মকৰাজাল চাফা কৰিবলৈ লগাই দিছে !! কোনোবা নতুন ভাড়াতীয়াই বোলে চাবলৈ আহিব !!

এনেতে
তলৰ পৰা কোনোবাই আশীষদা , অ' আশীষদাকৈ চিঞৰিবলৈ ধৰিলে !!

তললৈ চাই দাদাই মৃণালদাক দেখিলে !!

__ কি হ'ল মৃণাল ? এই গৰমখনতো ওলালাহি যে ?

মৃণালদা = দাদা , বিশেষ কাম এটাতহে আহিলো । অলপ তললৈ আহিব নেকি ?

__ মই কাম এটা কৰি আছো । বেয়া নোপোৱা যদি তাৰে পৰা কোৱাচোন ।

মৃণালদা = ইয়াৰ পৰা ক'বলৈ অলপ অসুবিধা হয় । অলপ তললৈ আহকনা ।

যাবলৈ মন নাছিল যদিও আশীষদা তললৈ গ'ল ।

__ উমম , কোৱা । কি কথা আছিল ?

মৃণালদা = দাদা , মোক টকা অলপ ধাৰলৈ দিব পাৰিব নেকি ?

__ কিমান লাগে ?

মৃণালদা = তিনিহেজাৰ মান লাগিছিল । ১০ তাৰিখৰ আগতেই ঘূৰাই দিম ।

কিছুসময়
চিন্তা কৰি দাদাই মাত মাতিলে = আচ্ছা , ওপৰলৈ আহাচোন !!
 

আশীষদা আগে আগে আৰু মৃণালদা পিছে পিছে গৈ ওপৰত উপস্থিত হ'ল !

এইবাৰ দাদাই মৃণালদালৈ চাই লাহেকৈ
ক'লে = মৃণাল , পকেট একেবাৰেই খালী হৈ আছে । গতিকে , মই টকা ধাৰলৈ দিবলৈ নোৱাৰিম !

খঙত টিঙিৰিতুলা হৈ মৃণালদাই ক'লে = সেইষাৰ কথা তলতে ক'ব নোৱাৰিলে নেকি ? মিছাতে মোক ওপৰলৈ উঠাই আনিলে যে ?

__ তলত ক'বলৈ মোৰ অলপ অসুবিধা হয় । সেইবাবেহে………


কেনে লাগিল:

Post a Comment

0 Comments