Showing posts with label Assamese sms. Show all posts
Showing posts with label Assamese sms. Show all posts

Friday 1 November 2019

পৰলোক

এজন মন্ত্ৰীৰ মৃত্যুৰ পিছত আত্মাটো পৰলোক পালেগৈ ।
যেতিয়া তেওঁ স্বৰ্গৰ দুৱাৰদলিত উপস্থিত হ'ল ( যেনে তেনেহে স্বৰ্গত স্থান পোৱাৰ যোগ্য আছিল ) ।তেতিয়া দেৱতাৰ দ্বাৰৰক্ষীয়ে ক'লে = স্বৰ্গত কিছু সংস্কাৰৰ কাম চলি আছে । সেয়ে দুদিন তুমি নৰকত ফুৰি আহিব লাগিব ।
মন্ত্ৰীজন কথাটোত ৰাজি হ'ল ।
নৰকৰ যমদূতে তেওঁক আদৰণি জনালে ।
,
বিন্দাছ হৈ মন্ত্ৰীজনে নৰক ফুৰিবলৈ ধৰিলে । নৰকৰ সুন্দৰ ৰূপ দেখি মন্ত্ৰীজন অবাক হৈ গ'ল ।
অতিপাত আৰামদায়ক নৰকৰ ব্যৱস্থা দেখি মন্ত্ৰী জন মূহিত হ'ল । থাকিবৰ বাবে আৰাম দায়ক প্ৰাসাদ , চুইমিং পুল , গল্ফ্ কৰ্ট আদিয়ে মন্ত্ৰী জনৰ মন মুহি পেলালে ।
লগতে সোণত সুৱগা চৰোৱা অপ্সৰা বোৰতো আছেই । মানুহবোৰ তাত পৃথিৱীত কৈও আৰামত আছে ।
,
দুদিন ফুৰাৰ পিছত যেতিয়া তেওঁৰ স্বৰ্গলৈ যোৱাৰ সময় আহিল , তেতিয়া তেওঁ দেৱতা সকলক ক'লে = মই আৰু স্বৰ্গলৈ নেযাওঁ । নৰকতে থাকিম । ইয়াতকৈ আৰু অধিক সুখ মোক নালাগে ।
,
আচৰিত হৈ দেৱতা সকলে ক'লে = তুমি সঁচাকৈয়ে তাতে থাকিবানে ?
মন্ত্ৰী = হয় থাকিম ।
,
দেৱতাসকল ৰাজি হৈ গ'ল ।
,
তাৰ পিছত মন্ত্ৰীজন পুনৰ যেতিয়া নৰকলৈ গ'ল , তেতিয়া তেওঁ নৰকত আগত দেখাতকৈ সম্মূৰ্ণ এখন ওলোটা ছবি দেখিলে ।
য'ত নেকি নাই কোনো সুন্দৰ ঠাই । কেউফালে মাথোন জুই আৰু উত্তপ্ত অঙঠাৰ লগতে গৰম তেল । ভয়ানক দৈত্যবোৰে মানুহবোৰক বিভিন্ন শাস্তি দি আছে । বিষাক্ত সৰ্প আৰু কীট পতংগই চাৰিও ফালে কিলবিলায় আছে । মুঠতে এখন কুৎসিত আৰু জঘন্য ঠাই ।
,
আচৰিত হৈ মন্ত্ৰীজনে যমদূতক সুধিলে = নৰকত এইয়া কি দেখিছো । আগৰ দৰে নহয় যে ?
,,
হাঁহি হাঁহি যমদূতে ক'লে = সেইয়া আছিল কেম্পেইনিং । তোমালোকে যেনেদৰে ইলেকচনৰ আগত মানুহক স্বৰ্গৰ সপোন দেখাই পিছত নৰক উপহাৰ দিয়া , আমিও থিক সেইটোৱেই কৰিছো । তুমিতো এইটো কথা সহজেই বুজি পাব লাগে । সাধাৰণ ভোটাৰৰ দৰে তুমিও এতিয়া ভোগ কৰিব লাগিব ।

Friday 24 November 2017

লাচিত বৰফুকন

লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি। ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।
"দেশতকৈ মোমাই ডাঙৰ নহয়"
প্ৰবাদ আছে যে মোগলৰ বিৰুদ্ধে যুদ্ধৰ প্ৰ্স্তুতি হোৱাৰ সময়ত তেওঁ মোগলক ভেটা দিবৰ বাবে একে ৰাতিৰ ভিতৰতে গড় (ওখ মাটিৰ দেৱাল) বান্ধিবলৈ সৈন্যসকলক আদেশ দিছিল আৰু সেই কামটো তত্বাবধানৰ দায়িত্ব তেওঁৰ মোমায়েকৰ হাতত অৰ্পন কৰিছিল। শেহ ৰাতি তেওঁ চাবলৈ আহি দেখে যে কামবোৰ আগবঢ়া নাই। মোমায়েকক তাৰ উত্তৰ বিচৰাত সৈন্যসকল ভাগৰুৱা হৈ পৰিছে বুলি অজুহাত দেখুৱালে। নিজৰ কৰ্তব্য
পিছ কৰা দেখি লাচিতে খঙত একো নাই হৈ ঠিতাতে হেংদাঙেৰে “দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি মোমায়েকৰ শিৰশ্চেদ কৰিলে। তাৰ পিছত ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ হৈছিল। লাচিতৰ দেশপ্ৰেম, কৰ্তব্যনিষ্ঠাৰ এইটো এটা বিৰল উদাহৰণ।

সাহসৰ অন্তিম নিদৰ্শন

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনী আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছহুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল । সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল-“ যদি তোমালোক উভতি যাব খুজিছা, যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, গতিকে ম‍ই শেষ মুহুৰ্তলৈ যুঁজ দিম। মোগলে মোক লৈ যাবলৈ দিয়া। তোমালোকে মাত্ৰ স্বৰ্গদেৱক ম‍ই তেওঁৰ আজ্ঞা পালন কৰি শেষ মুহুৰ্তলৈ যুঁজ দিছো বুলি কবা।” এইকথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।

লাচিত-দিৱস
প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয় |

Wednesday 22 November 2017

|| দেউতা ||

সকলোৰে হাতে হাতে 'এন্দ্ৰইড' মবাইল।সিওঁ এটা নতুন মবাইল লাগে বুলি জিদ কৰিব ধৰিলে।সেই মানুহজনে হাঁহি এটা মাৰি কলে "ঠিক আছে, অহামাহত লৈ লবি।'
দুদিনমানৰ পিছত এদিন তাৰ চকুত পৰিল সেই মানুহজনৰ 'মবাইলটো'।তিনিটা বুতাম বেয়া।ৰং-চং গৈ মবাইলৰ অবস্থা নাই।তাকে দেখি তাৰ নিজৰ মবাইলটোকে দিব খুজিলে।তেতিয়া মানুহজনে কলে " থ থ, তোৰ মবাইল তোৰ ওচৰতে থ।এইটো নকিয়া মবাইল বুজিছ, কোনোবাই লাখ টকা দিলেও নিদিওঁ………",বৰ সুন্দৰ অভিনয় কৰিব জানে সেই মানুহ জনে !!
তেতিয়া বজাৰত নতুনকৈ 'উডলেন্ড' জোতা ওলাইছিল।লগৰ সকলোৱে পিন্ধা বাৱে সিওঁ সেই মানুহ জনক জোতা এজোৰ 'ডিমান্দ' কৰিলে।একেই সহজ হাঁহি এটা মাৰি কলে "ৰ, অহামাহত দিম।"………তাৰ খঙ উঠিছিল, এজোৰ জোতাৰ বাৱে এমাহ ৰব লাগিব !! খঙতে সি মাঁ'ককে বকিলে।
ভাল পালে share  কৰিবলৈ নাপাহৰিব 
ৰাতি শুৱাৰ সময়ত মাঁ'কে তাৰ ওচৰলৈ দুযোৰ জোতা লৈ আহিল।এজোৰৰ বয়স ২৫ বছৰ আৰু আনজোৰৰ বয়স ১০ বছৰ।জোতা দুই জোৰৰে তল ফালে তাপলি মৰা।তথাপিও জোতা দুজোৰ পলিচ-চলিচ কৰি জিলিকাই থৈছে সেই মানুহজনে।তেওঁৰেই জোতা সেই দুজোৰ।
সি ৰাতিপুৱা মানুহ জনক কলে যে তাক নতুন জোতা নেলাগে।তেওঁকহে এজোৰ নতুন জোতা লোৱাৰ কথা কলে।মানুহ জনৰ উত্তৰ "মোক আজিকালিৰ তহঁতৰ দৰে জোতা নেলাগে।এইকেইজোৰ মোৰ 'ইটালিয়ান লেডাৰৰ' জোতা বুজিছ।কত পাবি আজিকালি।তোকেই দিম দে নতুন এজোৰ।"…………আকৌ সুন্দৰ অভিনয় সেই মানুহ জনৰ।সেই মানুহ জন অকল লোকৰ বাবেই জীয়াই আছে নেকি !!!!
এবাৰ তাৰ কিবা বেয়া স্বভাৱৰ বাবে সেই মানুহজনে তাক পিটিলে।খঙতে সি ঘৰলৈ তিনি দিন নাহিল।ঘৰলৈ আহি মাঁকে কোৱাত হে সি গম পালে যে যোৱা তিনিদিন সেই মানুহজনে মুখেৰে একো কোৱা নাই যদিও একো এটা খোৱা নাই!!…………অদ্ভূত সেই মানুহজন, মৰম থাকিলেও প্ৰকাশ নকৰে।কি সুন্দৰ অভিনয় কৰিব জানে সেই মানুহজনে।
নিজৰ বুকুৰ বিষ'ক গেচ হৈছে বুলি কৈ ডাক্টৰক নেদেখোৱাই।গোটেই জীৱনটো তাৰ মবাইল, জিন্স, বাইক, স্কুল-কলেজৰ ফিজ……নানান ধৰনৰ চাহিদা পুৰন কৰোঁতেই বুঢ়া হৈ গল।সি কিন্তু সেই ধাৰ মাৰিব নোৱাৰিলে।আজি সেই মানুহজন নাই, এই পৃথিৱীত।সি অভাগাই সেই মানুহজনৰ ধাৰ মৰাৰ কোনো সুযোগেই নেপালে!!!!!!
কোনোবা সোভাগ্যবানৰ লগত যদি সেই মানুহজন আছে, তেন্তে তেওঁৰ ধাৰবোৰ জীয়াই থাকোতেই মাৰি দিব।
বৰ অদ্ভূত সেই মানুহজন, নিজৰ দুখ-কস্টৰ বিষয়ে কাকো একো নকয়।বৰ সুন্দৰ অভিনয় কৰিব জানে, সেই মানুহজনে………………………
#সংগ্ৰহ

Sunday 13 November 2016

কাজিয়া

By: Rana Mantu Das [Source : Rogor]
স্বামীৰ পেছা মানে প্ৰফেচন অনুযায়ী সেইসকলৰ পত্নীৰ স্বামীৰ লগত কাজিয়া কৰাৰ ধৰণো ভিন ভিন হয়‼‼
❇ৰাজনীতিকৰ পত্নী : হ'ব, হ'ব; ৰাইজখনত দিয়া দি মোক ভুৱা আশ্বাসবোৰ নিদিলেও হ'ব !!
❇শিক্ষকৰ পত্নী : মোক শিকাবলৈ চেষ্টা নকৰিবা, কৈ দিছো !!
❇অভিনেতাৰ পত্নী : বেছি নাটক কৰি দেখুৱাব নালাগে !!
❇পাইলটৰ পত্নী : বৰ বেছি উৰিছা কিন্তু, সাৱধান !!
❇ধোবাৰ পত্নী : একদম ধুই পেলাম কিন্তু !!
❇ডেণ্টিষ্টৰ পত্নী : বেছি লেটি-পেটি কৰিলে দাঁত কিন্তু এটাও নাথাকিব, কৈ দিছো হ'লে !!
❇একাউণ্টেণ্টৰ পত্নী : ময়ো কিন্তু চব হিচাপ জমা ৰাখিছো; সুদে-মূলে কেনেকৈ আদায় কৰিব লাগে, সেই কথা মই জানো !!
❇আৰ্কিটেক্টৰ পত্নী : ভালে ভালে চিধা হোৱা; নহ'লে চেহেৰাৰ ডিজাইনেই সলনি কৰি দিম !!
❇দোকানীৰ পত্নী : মোক কি সস্তীয়া মাল পাইছা নেকি !!
❇কচাইৰ পত্নী : কাটি টুকুৰা টুকুৰ কৰিলেহে গম পাবা !!
❇মাছুৱৈৰ পত্নী : মৰিয়াই একেবাৰে শুকান মাছ বনাই দিম কিন্তু, গম পাইছা !!
❇প্ৰবাসীৰ পত্নী : যোৱা তিনি মাহে ঘৰলৈ আহিবলৈ সময় নোলাল যেতিয়া তাতে এখন সংসাৰ পাতি লোৱা !!
❇সাংবাদিকৰ পত্নী : কোনোবাদিনা তোমাকো সংবাদৰ হেড-লাইন কৰিম !!
❇কাঠ-মিস্ত্ৰীৰ পত্নী : পিতি পিতি তক্তা বনালাহে বুজিবা !!
❇ৰাজমিস্ত্ৰীৰ পত্নী : ইটা মাৰি মূৰ ফালি দিম !!
❇উকীলৰ পত্নী : হ'ব, হ'ব; আমাক আইন শিকাবহি নালাগে !!
❇আৰক্ষীৰ পত্নী : মোক তোমাৰ লাঠী দেখুৱাবলৈ নাহিবা; আইন-কানুন আমিও জানো !!

Saturday 28 May 2016

বোৰ্ণভিতা

From Rogor:
বহুত ক্ষীণ একপ্ৰকাৰ হাড়ে চালে লগা লৰা এজন বাটেৰে গৈ আছিল ।
:
এজনী খুৱ ধুনীয়া ছোৱালী দামী গাড়ী এখনত আহি লৰা জনৰ কাষত ৰখি দিলে । আৰু গাড়ীত উঠিবলৈ অনুৰোধ কৰিলে ।
:
লৰাজনে ভাবিলে ...... ইমান ধুনীয়া আৰু ধনী মানুহৰ ছোৱালীয়ে তাক অনুৰোধ কৰিছে !! যদি এইৰ লগত মই বিয়া হওঁ খুৱ ধনী হম আৰু সুখেৰে থাকিব পাৰিম ।
:
লৰাজন যাবলৈ মান্তি হ'ল আৰু গাড়ীত বহি ললে ।
:
ছোৱালী জনীয়ে তাইৰ ঘৰলৈ লৈ গ'ল । ঘৰ মানে তাইৰ খুৱ ধুনীয়া অট্টালিকা ।
:
ছোৱালী জনীয়ে লৰাজনক একেবাৰে ডাইনিং ৰুমলৈ লৈ গ'ল আৰু বহিবলৈ দি তাই অপেক্ষা কৰিব কলে ।
:
লৰাজনে আনন্দতে কি কৰো কি নকৰো লাগিল ।
:
অলপ পিছত ছোৱালী জনীয়ে দুটা সৰু লৰা ছোৱালী লৈ আহিল আৰু লৰাজনক দেখুৱাই কলে ..................
চোৱা বাবা মাইনা যদি বোৰ্ণভিতা নোখোৱা এই আংকল জনৰ নিচিনা হবা ।

Sunday 26 October 2014

লৰা ছোৱালী কেইটা?

By: Shahanur Islam
আশীষদাৰ ঘৰত ভাৰাটীয়া হিচাবে থকা বেপাৰী জনক আশীষদাই এদিন সুধিয়ে পেলালে
আ: দা -- ইমান বছৰ হল তুমি ঘৰত নোযোৱা কিয়?
ভাৰাটীয়া--- বাবু সময়ে পোৱা নাই
আ: দা--- তোমাৰ লৰা ছোৱালী কেইটা?


'
'
'
'
'
'
'
'


'
ভাৰাটীয়া ---সেই আঠ বছৰ আগতে বিয়া পাতি থৈ আহিছো, মানুহজনীয়ে অকলে অকলে কিমান কৰিব, তথাপিতো তিনিটা লৰা ছোৱালী ৷ বাবু মই থকা হলে দুই চাৰিটা বেছি হলহেঁতেন ৷
:
:
শুনি আশীষদা হাফ বেহুচ

কাইলৈ মা আহিব

By: Ashish Majumdar 

ৰূপালীৰ গিৰিয়েক- হেৰা শুনাচোন..কাইলৈ মা আহিব। ট্রেনত ৰাতিপুৱা পাঁচ বজাত পাবহি।
ৰূপালী- চাৰি মাহ আগতে আহি গৈছিল হে! আকৌ আহিবলগীয়া হ'লেই নে? কাইলৈ দেওবাৰ, ভাবিছিলোঁ অলপ দেৰীলৈকে শুম....তোমাৰ মা দেওবাৰ দিনাখনেই আহিবলৈ পালে নে? তাকো পুৱা পাঁচটাতেই!
ইমান ৰাতিপুৱা টেক্সী ক'ৰ পৰা......
.
.


গিৰিয়েক- মোৰ মা নহয়, তোমাৰ মা আহিব।
ৰূপালী- ওৱাও! মা আহিব !!!! দুমাহেই হৈ গ'ল মাক লগ পোৱা! শুনা চোন মোৰ হাতত টেক্সীৱালাৰ নাম্বাৰ আছে। তাক ফোন এটা কৰি দিলেই সি ষ্টেছনত ৰৈ থাকিব। ভালেই হ'ল কাইলৈ দেও বাৰ। ল'ৰা ছোৱালী কেইটাৰো স্কুল নাই। সিহঁতেও আইতাকক আনিবলৈ যাব পাৰিব। মই লিষ্ট এখন দিছো তুমি পটককৈ বস্তু কেইটা লৈ আহাঁ চোন!

**হোষ্টেল লাইফ**

By: Dipu Borah

আজি কিবা এটা ভাগ্যৰ বলত এখন চেমিনাৰ এটেণ্ড বুলি সেই বহুবছৰৰ আগেয়ে শিক্ষাজীৱন এৰি থৈ অহা চহৰখনত পুনৰবাৰ উপস্থিত হলোহি....

চেমিনাৰ খনত মন নবহাত উলাই আহি অটো এখন লৈ পূৰ্বে এৰি থৈ অহা হোষ্টেল অভিমুখে লৈ যাবলৈ চালক জনক নিৰ্দেশ দিলো...


যিমানেই হোষ্টেলৰ কাষ চাপি গৈছো সিমানেই আবেগিক হৈ পৰিছো। সকলো ফালেই পৰিৱৰ্তন । আগৰ কেঁচা দোকান, শিলগুটি দিয়া পথসমূহ পকী হল, মুঠতে এই কেইবছৰতে বিৰাট পৰিবৰ্তন ....

অটো ৰোৱাৰ মাত্ৰেই দৌৰি গৈ ৰূম নং:-১০৫ সম্মুখত ৰৈ বন্ধ দুৱাৰত নক কৰিলো....... কোন বুলি সোধাত নিজকে প্ৰাক্তন আবাসী বুলি পৰিচয় দিয়াত দুৱাৰখন খুলি দি ভিতৰলৈ মাতিলে.......

ভিতৰ সোমাই সকলো এফালৰ পৰা পৰীক্ষা কৰি যাব ধৰিলো ...

সকলো একেই আছে...

সেই একে কাঠৰ পঢ়া টেবুল...

একেটা কাঠৰ আলমাৰি....

একেই ৰছিত উলমি থকা কাপোৰ..

একেই চিগাৰেটৰ গোন্ধ ....

একেই সেই পকী দেৱালত বলিউদৰ নায়িকাৰ উত্তেজক ফটো...

একেই সেইখন খিৰকি, যিখন খুলিলে ছোৱালী হোষ্টেলৰ গেটখন দেখা পোৱা যায়..

আৰু এইখন টো সেইখনেই কাঠৰ বিচনা যত মই তিনিবছৰ পাৰ কৰিলো....

সেইবুলি বিচনাখনৰ চাদৰ খন ডাঙি দিয়াত তলত এজনী ছোৱালী সোমাই থকা দেখি লৰাটোলৈ চালো.......

চাল্লা তাৰো সেই একেই পূৰণা দায়লগ.... "দাদা কিবা ভুল নুবুজে যেন... তাই মোৰ ভণ্টি হয় আৰু তাইৰ এপাত কাণফুলি হেৰুৱাত হে বিচনা তলত বিচাৰি আছে ...."

Monday 1 September 2014

কম্বল

by: Prasanta Konwar

চাকৰ নগেনৰ মালিকৰ পুতেক জোনে ঠান্ডা দিনত নববিবাহিতা সুন্দৰী পত্নীক এৰি দিল্লীত চাকৰিত join কৰিব লগা হ' ল ,,, যাবৰ সময়ত 1 খন কম্বল কিনি থৈ গ'ল পত্নীৰ বাবে ( দামী, বৰ ধুনীয়া ) ৷

3 মাহ মানৰ পিছত জোন ঘৰলৈ আহিল ,, পদুলিতে জোনে নগেনক সুধিলে - মোৰ WIFE ৰ খবৰ কেনেকুৱা অ নগেন কাই ? নগেনে সংকোচ ভাবেৰে কলে - তোমাৰ wife ৰ কথা কিনো কবা ঐ বোপা ,,,সেই wife আৰু এতিয়া তোমাৰ হৈ থকা নাই ,এমাহ মান ঠিকেই আছিল দেউতাই নিজৰ পুৰনা wife কে ব্যৱহাৰ কৰি আছিল,,, কিন্ত লাহে লাহে দেউতাৰ চকু তোমাৰ নতুন ধুনীয়া wife ৰ ওপৰত পৰিব ধৰিলে , মাই এদিন হাতে লোটে ধৰা পেলালে ,,, তেনে বেয়া কাম কৰিব মানা কৰিলে কিন্ত দেউতাৰ স্বভাব বদলি নহল ,,,, ঠান্ডা বতৰ হলেই ,,, ঘৰত কোনো নাথাকিলেই দেউতাই সুবিধা লয় ,,, এদিন তো মই নিজ চকুৰে দেখিলো তোমাৰ wife লৈ দেউতা বিন্দাচ শুই আছে,,,,,, দেউতাৰাই নিজৰ পুৰনা wife খনকো তো ব্যৱহাৰ কৰিব পাৰে ন ,,,,, সেইখন পুৰনা হল বুলিয়ে জানো তোমাৰ নতুন wife ক সুবিধা লব লাগে ? মিছা কলে কি ডাল হব এদিন ডাৱৰীয়া বতৰত ঘৰত কোনো নথকা অৱস্হাত মই ও তোমাৰ wife ৰ মজা ললো, ,,সচাই তোমাৰ wife ৰ সোৱাদেই বেলেগ দেই , ইমান ধুনীয়া, ,, ইমান কোমল ,,,,ইমান আমেজ ,,,,ইমান গৰম ,,, এবাৰ তোমাৰ wife ৰ তৃপ্তি যি পাব সি সহজে পাহৰিব নোৱাৰে ,,, সেইবাবেই হবলা দেউতাই নিজৰ wife ক পাত্তাই নিদিয়ে আজিকালি ,,,


এদিন ৰাতি আক মোৰ লগৰ গেৰেলাই ও তোমাৰ wife ক ব্যৱহাৰ কৰিলেগৈ ,,, সি অৱশ্যে 50 টকা দিলে দেই মিছা কব নেপায় ৷

নগেনৰ মালিকৰ পুতেক বোলে এতিয়াও মানসিক চিকিৎসালয়তে আছে , ,,, ( নগেনৰ গাত কি দোষ বেচেৰাই নো কেনেকৈ জানে wife মানে যে কম্বল নহয় মানুহজনী )

Wednesday 30 April 2014

লিপিপেহীৰ ছাতিটো

Pankaj Neog

বহু দিন Lipika পেহীৰ কথা কোৱাই হোৱা নাই.....
যোৱাবাৰ বাৰিষা লিপিপেহীৰ ছাতিটো চুৰে নিলে.... নিলে মানে হেৰি আৰু... বৰষুণ দি থাকোতে ছাতিলৈ তাৰিখনি (ডেটিং) কৰিবলৈ গ'ল... কিন্তু ঘুৰি আহোতে বৰষুণ নথকাত ছতিটো পাহৰি আহিল।
.. এইবাৰ পেহীয়ে এটা নতুন ছাতি কিনিলে। ফেছবুকত ষ্টেটাছো দিলে... "মই আৰু মোৰ নতুন ছাতি'' ... কিন্তু আমাৰ বিগবছ তো কম মানুহ নহয়..
ছোৱালীয়েই হওক বা ছাতিয়েই হওক
তন্ন তন্ন কৈ ফটো চোৱাটো কৈশোৰে অভ্যাস...
,,,, বিগবছে ফটোখন দেখি অবাক
বিগবছ : হাউ লিপি... কি ছাতি কিনলা হে .. ওপৰৰ ফালে দেখুন ফুটা?
লিপিপেহী: নহয় হা... মই কৰি লৈছো ফুটাটো..
বিগবছ: কিয়া.....
লিপিপেহী: বৰষুন দিছি না ৰ'দ দিছি কেংকে জানিম নহলে???

নিমন্ত্ৰণ

Nilutpal Kalita
মই যেতিয়া বিয়া পাতিবলৈ


ছোৱালী চাব গৈছিলো মোৰ
এটা উত্তৰতে মোক......
.
.
.
ভাবিব কিটো আছে?
চিধাই নাকচ কৰিছিলে
বেঙে মূতা পাপীটোৱে ।
(ছোৱালীৰ দেউতাকে)
.
মোক যেতিয়া ছোৱালীৰ
দেউতাকে সুধিছিল..
"তুমি মদ খোৱা নেকি?"


মই আনন্দত ক'ব নোৱাৰা হৈ
কৈ দিলোঁ -
'এইটো মোক প্ৰশ্ন সুধিছেনে?
নে নিমন্ত্ৰণ জনাইছে দেউতা?'

গাঁৱৰ ভগৱান হেৰাইছে

Bitupon Saikia
এখন ঘৰত দুটা বৰ দুস্ট সৰু লৰা আছিল সিহঁতৰ অশান্তি ত মাক দেউতাক ৰ লগতে চুবুৰীয়া সকলো অতিস্ত হৈছিল সিহঁতৰ পৰা সৰু ডাঙৰ কোনো হাত সাৰিব পৰা নাছিল ! সিহঁতক লৈ মাকৰ বহুত চিন্তা হৈছিল তাকে ভাবি লৰা দুটাক এজন বাবাৰ ওচৰলৈ নিলে ।বাবা ই এটা এটা কৰি লৰা দুটাক বুজাবলৈ দায়িত্ব ললে ।

বাবাই শান্ত ভাৱে লৰাটোক অকলশৰীয়া কৈ বহোৱাই সুধিলে বাছা ভগৱান কত আছে জানা ????? লৰা টোৱে একো মাত দিয়া নাই বাবা ই আকৌ সুধিলে বাছা কোৱা আকৌ ভগৱান কত ?????? নাই লৰাটোৰ একো মাত নাই এইবাৰ বাবা ই অলপ ডাঙৰ কৈ মাত দিলে অই বাছা শুনি পোৱা নাই নেকি মই সুধি আছোঁ কিবা এটা ???????
এইবাৰ লৰাটো বহাৰ পৰা উঠিল আৰু ঘৰলৈ দৌৰ দিলে
ঘৰ গৈ ভায়েক ক কলেগৈ "
"
পলা পলা গাঁৱৰ ভগৱান হেৰাইছে কৰবাত । মানুহে আমাৰ দুটাকে সন্দেহ কৰিছে গতিকে পলা

Sunday 6 April 2014

কোৱা কি কৰিব লাগে...?

By: Karuna Talukdar

শুভ দুপৰীয়া বন্ধুসৱ....
পঢ়কছোন কিজানিবা ভাল লাগেই....

আমাৰ পাপুৱে এবাৰ তাৰ হিয়াৰ আমঠ মালতী ক লগত লৈ সিহঁতৰ নতুনকৈ কিনা 4whlr খনত long drive বুলি ওলালে...।পাপুৰ মন খুৱ ৰোমাণ্টিক মালতীক অকলশৰীয়া কৈ পাইছে ওচৰতে বহিছে...মনটো তাৰ সাতখন-আঠখন লাগিছে , হাত এখনে মালতীক স্পৰ্শ কৰিব খুজিওঁ লাজ আৰু ভয়ত পিছুৱাই আহিছে...॥ এনেতে হঠাতে মালতীয়ে মাত লগালে ......


মালতী:- দেহা তুমি এখন হাতেৰে drv কৰিব পাৰিবানে...?

পাপু:- (ভিতৰি ভিতৰি মালতীয়ে চাগে তাক green sgnl দিছে তাৰ আশা পূৰণ হব)সি তপৰাই কলে পাৰিম.. পাৰিম...জান কোৱা কি কৰিব লাগে...?

মালতী :- একো অসুবিধা নহয়টো.দেহা..।

পাপু:- আহ: জান একো অসুবিধা নহয়..কোৱা কি কৰিব লাগে...?

মালতী :-
.
.
.
.
দেহা অসুবিধা নহয় যদি এখন হাতেৰে তোমাৰ নাকটো মোচা.....

চাল্লা বুক্কৰ্ক

by: Anuj Kumar Das

ছোটা ডনে আজি আশীষ দাক ১২ টা বজাই দিলে । দোষ্টিৰ চৰম প্ৰেমৰ সোৱাদৰে টেটুলৈ Full Recharged কৰাই দিলে । মিছা �কলে কি দাল হব ? কোনো দিনে সেইবিধ চুই(?) নোপোৱা .... আশীষ দা দলং পলং খোজেৰে ঘৰলৈ বুলি আহি আছিল...এনেতে পথৰ দাঁতিৰ ঘৰৰ দুৱাৰখনলৈ চকু গল...দুৱাৰৰ ঠিক ওপৰতে বৰ্ড এটাত হিন্দীত লিখা আছে-" ডক্টৰ কে লিয়ে..ঘন্টি বজাইয়ে" !
.
.
.


বৰ্ডত লিখা বাক্য শাৰী পঢ়িঁ আশীষ দাই সুৰা'ৰ ৰাগীত, অতিৰিক্ত নিচাত
...ঘন্টিটো বজাই দিলে ।
.
.
.

খন্তেক সময়ৰ পাছত...চকু মোহাৰি মোহাৰি মানুহ এজন ওলাল ... আৰু আশীষ দালৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই সুধিলে:-"Yes"?
.
.
.

আশীষ দা (হালি-জালি...জীভা পাক খাই অদ্ভুত কন্ঠস্বৰেৰে...গেঙণি মাৰি ) কলে :-"তো আপ ডাক্তৰ হ্যায় ?"
.
.
.

ডাক্তৰ (আশীষ দাৰ আপতমস্তক নিৰিক্ষণ কৰি ) :-Oh...Yes !
.
.
.

আশীষ দা:-"চাল্লা বুক্কৰ্ক ! ...ই য়ে ঘন্টী খুদ বজা নহী সকতে...খামখা ৰাহ চলতী আদমিও কো তকলিফ দেতে হো !"
.
.
.

আশীষ দাৰ কথাত ডাক্তৰ Shock !

কেছ টো On the rock !

মহ হত্যা কৰাৰ এটা বুদ্ধি

By: Dípankar Nath

গৰম মানেই মহৰ উতপাত, মহ হত্যা কৰাৰ এটা বুদ্ধি দিলো--
.
.
.
.
চেনী আৰু শুকান জলকীয়াৰ এটা মিশ্রণ বনাই মহটোক খাবলৈ দিয়ক, মিশ্রণ খিনি খাই মহটোয়ে পানী খাবলৈ পানী টেংকি ওচৰত যাব, এটা থিয় গোৰ মাৰি মহটোক পানীৰ টেংকিত পেলাই দিয়ক !


মহটোয়ে নিজৰ দেহাটো শুকাবলৈ উৰি উৰি জুইৰ ওচৰত যাব, এতিয়া জুইত এটা ব'ম পেলাই দিয়ক !

মহটোয়ে ব'ম ব্লাষ্টত গুৰুত্ব ভাবে আঘাতপ্রাপ্ত হৈ হস্পিতালত র্ভত্তি হব !
.
.
.

এতিয়া আপুনিও হস্পিতালত গৈ তাৰ মূখত লগাই থোৱা অক্সিজেন র্মাক্সডাল খুলি দিয়ক !

..
..

বেটাই উশাহ নাপাই নিজে নিজে মৰি থাকিব !

কোনো ধন্যবাদৰ প্রয়োজন নাই, মই আপোনালোকক সহায় কৰি সম্পূর্ণ সূখী !

ধন্যবাদ

প্ৰতিক্ৰিয়া

By: Bitupon Saikia
এখন হোটেলত ত এক গিলাচ গাখীৰ ত অকস্মাত এটা মাখি পৰি গ'লে ,, প্ৰতি দেশৰ নাগৰিক ৰ প্ৰতিক্ৰিয়া এনে হয়:--
১/ ইংলেণ্ডৰ নাগৰিক হলে গাখীৰ গিলাচ দলিয়াই গুছি যাব । -

২/ আমেৰিকান হ'লে মাখি টো পেলাই গাখীৰ গিলাচ খাই পেলাব ।


৩/ চীনা নাগৰিক হলে মাখি টো প্রথম খাই পাচত গাখীৰ গিলাচ
খাই পেলাব ।

৪/ ভাৰতীয় হ'লে মাখি টো চীনাক বিক্ৰী কৰিব গাখীৰ গিলাচ আমেৰিকান জনক বিক্ৰী কৰিব আৰু সেই পইচা ই এক গিলাচ মদ কিনি খাব ।
আৰু
৫/পাকিস্তানী হলে গাখীৰত মাখি পৰা কাৰণে ভাৰতীয় ক জগৰীয়া কৰিব। আৰু তাৰ লগত কাশ্মীৰ বিষয় টো জোৰা দিব
চীন ক সৈন্য ৰ সহায় বিচাৰিব আৰু আমেৰিকাৰ পৰা টকা ধাৰ বিচাৰিব নতুন গাখীৰ কিনি খাবলৈ । ।।।

Friday 4 April 2014

//হাঁহিৰাম গগৈ চিৰিজ//

By: Dip Chutia

যোৱাকালি বাতৰিকাকতত প্ৰকাশ হোৱা "ই ভি এম মেচিনৰ বিসংগতি" শীৰ্ষ বাতৰিটিৰ প্ৰতিক্ৰিয়া ।

কালন্ত :- চাৰ...... এইয়া কি....???? টিপিলেই ফুলে, টিপিলেই ফুলে , টিপিলেই ফুলে??



হাঁহিৰাম গগৈ :- হে হে হে মিছা কলে কি হব এখন্তেক ফুল ফুলিছে ফুলক । কাৰোবাৰ হয়তো কপাল ফুলিছে ফুলক .... নে কি কোৱা... কালন্ত l

কালন্ত :- নহয় মানে তথাপিও ।

হাঁহিৰাম গগৈ :- দেট ইজ অলচ ইমপৰটেণ্ট কথা যে এতিয়া যিয়েই নুফুলক কিয় ফুল চিঙিবলৈতো হাত লাগিবই

হে হে হে হে হে হে হে হে হে

Sunday 30 March 2014

Assamese Joke


ইন্টাৰনেচনেল পুলিছ কম্পিটিচন

By: Dhiman Adhikary
তো এবাৰ ইন্টাৰনেচনেল পুলিছ কম্পিটিচন হল কাজিৰঙাত

চব দেশৰ পুলিছ আহিল আৰু চবৰে বাবে এটাই খেল ৰাখিলে

কাজিৰঙাৰ ভিতৰত শহাপহু এটা এৰি দিব আৰু কিমান কম সময়ৰ ভিতৰত কোন দেশৰ পুলিছে শহাপহুটো উলিয়াই আনিব পাৰিব. !!!!!!!!!!!!

১/ স্কটলেণ্ড য়াৰ্ড গল, তিনি মিনিটৰ ভিতৰত শহাপহুটো উলিয়াই আনিলে

২/ এফ বি আই গল, দুই মিনিটৰ ভিতৰত শহাপহুটো উলিয়াই আনিলে

৩/ অসমৰ পৰা পুলিছ নিউ ফুকন গল

.......................................................
.......................................................

দুদিন পিছত বান্দৰ এটাক গায়ে মুৰে চিনিব নোৱাৰাকৈ পুলিচ নিউ ফুকনে বেন্দেজ কৰাই ৰাইডাং বেতেৰে বৈদ্য মাৰ দি কাজিৰঙাৰ পৰা উলিয়াই আনিলে, আৰু মা কচম বান্দৰটোৱে চিঞৰি চিঞৰি কান্দি কান্দি কৈ আছে " আবে নামাৰিবি আৰু মোক, মই শহাপহু হয়, মই শহাপহু হয় "

মাইকী কুকুৰা

By: Dip Chutia

এবাৰ এটা শিয়াল চিকাৰৰ উদ্দেশ্যে এটা গড়ালৰ কাষ পালেগৈ । সেই সময়ত গড়ালত ৰাজহাঁহ সাৰে আছিল । হৰ্থাৎ বাহিৰত খচমচনি শুনি বাহিৰলৈ চাই শিয়ালক দেখি .....ডকাইত....... ডকাইত....... বুলি চিঞৰিব ধৰিলে । ৰাজহাঁহৰ চিঞৰত গড়ালৰ সকলো সদস্য সাৰ পাই গল ।ৰাজহাঁহক তেনেকৈ চিঞৰা দেখি গড়ালৰ মাইকী কুকুৰাই মাত লগালে

;-ক'ত..... ক'ত..... ক'ত.... ক'ত..... ,,,

তেনেতে শিয়ালক বাহিৰত দেখি পাতিহাঁহে কলে :- তাত.......তাত.......তাত......তাত.....

মতা পাতিহাঁহটোৱে সকলোকে উদ্দেশ্যি ক'লে;- চুপ..... চাপ...,চুপ..... চাপ...,চুপ..... চাপ...,

কথা বিষম দেখি শিয়ালে চিকাৰৰ আশা বাদ দি গুছি গল ।ৰাতিপুৱা মতা কুকুৰাটোৱে ৰাতিৰ ঘটনাটোৰ খং সামৰিব নোৱাৰি বুকুত পাখি চপৰিয়াই চিঞৰিব ধৰিলে :- (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) শিয়াল কুকুৰ ক'ত.......... (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) পোৱাহ'লে তাক .............(ঢাপ-ঢাপ, ঢাপ-ঢাপ ) শিয়াল কুকুৰ ক'ত.......... (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) পোৱাহ'লে তাক .............

তেনেতে মাইকী কুকুৰাই কালিনো কি চাই আছিল ভাৱেৰে ঠাট্টা কৰি লাহেকৈ ক'লে :- থঅঅঅক........ থক থক থক থক থক থক...........