Showing posts with label বুদ্ধিয়ক কনটিলৌ. Show all posts
Showing posts with label বুদ্ধিয়ক কনটিলৌ. Show all posts

Saturday 19 November 2016

পৰীক্ষা

মিছা কলে কি দাল হব.. ছোৱালী ত কৈ লৰাৰ মন বহুত ভাল ৷..............?? পৰীক্ষাৰ হলত দুই বান্ধৱীৰ কথোপকথন —
১ম বান্ধৱীঃ - এই, ৭নং টো
লিখিছানে ?
২য় বান্ধৱীঃ - নাই লিখা, ৭নং টো
ভালদৰে পৰা নাই অ' ।
১ম বান্ধৱীঃ - ৮ নং টো লিখিছা ?
২য় বান্ধৱীঃ - না, সেইটো নিদিওঁ দেই !
১ম বান্ধৱীঃ - ৯ নং টো পাৰিছানে ?
২য় বান্ধৱীঃ - নাই ।
১ম বান্ধৱীঃ - ১০ নং টো একা ?
২য় বান্ধৱীঃ - লিখিছো, অলপ বনায়
বনায় !!
এইবাৰ ৰিজাল্টৰ পাচত সেই দুই বান্ধৱীৰ
কথোপকথন—
১ম বান্ধৱীঃ - কিমান পালি ?
২য় বান্ধৱীঃ - বেছি পোৱা নাই !
১ম বান্ধৱীঃ - তথাপিও ক'চোন !
২য় বান্ধৱীঃ - ৯৫ ।
১ম বান্ধৱীঃ - ৯৫ পাইচ্, তথাপিও কৈচ্
বেছি পোৱা নাই ! কিন্তু তোকতো ৪টা
প্রশ্ন সুধোতে তই নাজানো বুলি
কৈছিলি আৰু এতিয়া কেনেকৈ ৯৫
পালি ?
----------------------
পৰীক্ষাৰ হলত দুই বন্ধুৰ কথোপকথন —
১ম বন্ধুঃ - দোস্ত, ৭ নং লিখিছনে ?
২য় বন্ধুঃ - হুম ।
১ম বন্ধুঃ - দেখা ।
২য় বন্ধুঃ - ধৰ ধৰ, বহীখন ধৰ । বিন্দাছ
লেখ, কিন্তু সাৱধান !!
১ম বন্ধুঃ - থেংকচ দোস্ত । পাচ কৰিম
নহয় ?
২য় বন্ধুঃ - চাল্লা, মই পাছ কৰিলে তয়ো
পাছ কৰিবি । এতিয়া লেখ ।
এইবাৰ ৰিজাল্টৰ পাচত সেই দুই বন্ধুৰ
কথোপকথন—
১ম বন্ধুঃ - দোস্ত, থেংকচ !! তোৰ কাৰণে
পাছ কৰিছো বে....!
২য় বন্ধুঃ - চাল্লা, পাৰ্টি নোখোৱালে
চাবি কিন্তু !! কিমান পালি ?
১ম বন্ধুঃ - ৯০ !!
২য় বন্ধুঃ - আবেই, তইতো মোৰ
গোটেইখনেই কপি কৰিছিলি । কিন্তু কিয়
মোতকৈ ৫ নম্বৰ কম পালি ? বানান ভুল
কৰিছিলি নেকি ?

Sunday 14 June 2015

জোৱাঁয়

By: Gubin Gogoi

বিয়াৰ মাত্ৰ ছবছৰ হৈছে ।
পাচোটা লৰা ছোৱালী । ষষ্ঠ বাৰ আকৌ কেচুৱা হবৰ হলত জোৱাঁয়ে গোটেই পল্টনটো লৈ শহুৰেকৰ ঘৰলৈ বুলি ওলাল ।
আগৰ দিনত কেচুঁৱা জন্ম হবৰ সময়ত মাকৰ ঘৰলৈ ছোৱালী যোৱাটো এটা নিয়ম আছিল ।
.
দুৰৰ পৰাই গোটেই কাবাদী টীমটো দেখি শহুৰৰ মুৰ গৰম হৈ গল । জোৱাঁইক  দেখিয়ে হাতত থকা কুঠাৰ খন লৈ
শহুৰে খেদা মাৰি আহিল । চাল্লা নীলাজ, কাণ্ডজ্ঞান পুৰি খোৱা , ৰস নোহোৱা নেমু , শুকান জেওৰাখুটি ... তই বছৰে  বছৰে গৰুৰ নিচিনা ... এই ছোৱালীজনী মৰি নাথাকিবনে ?
.
তোৰ মুৰত কি আছে ?
.
জোৱাঁয়ে বোলে দেউতা , কিয় খং কৰিছে ?
.
সকলো ঈশ্বৰৰ ইচ্ছা । নাপায় । তাতে মই আপোনাৰ কথা আখৰে আখৰে পালনহে কৰিছো ।
.
শহুৰ:- তই মোৰ কি কথা পালন কৰিছ , খাবলৈ নোপোৱাৰ জাত ?
.
জোঁৱাই:- দেউতা , ছোৱালী উলিয়াই নিওঁতে আপুনি কি কৈছিলে মনত পেলাওক ! বোলে তই ছোৱালী নিছ নে
পিছে তাইক খালী পেটে নাৰাখিবি । কৈছিলে নে নাই ?
.
শহুৰ বেহুচ ....... জোৱাঁই দিলখুচ
. কেনে লাগিল ?

Saturday 1 November 2014

ডাক্তৰ

By: AbDüs SaLam AhMeð

এদিন ৰাতিপুৱা এজন ডাক্তৰৰ ওচৰত এটা ৰোগী ককালৰ বিষ লৈ আহিছিল .......
চিকিৎসা কৰি থকা অৱস্থাত ডাক্তৰ এ ৰোগীক সুধিলে কি হৈছিল বাৰু তোমাৰ ......
ৰোগী - ছাৰ মই এটা নাইট ক্লাৱত কাম কৰো । আজি ৰাতিপুৱা সোনকালে ঘৰ পাই দেখিলো মোৰ ৰোমত যেন কোনোবা আছিল মোৰ পত্নীৰ সতে....
খিৰিকীটো খোলা আছিল সেয়ে মই মনে মনে খিৰিকীদি সোমাই ৰোমত কাকো নাপালো ..
খিৰিকী দি তললৈ চাওঁতে দেখা পালো এজন মানুহ সেইফালেদি খৰধৰকৈ কাপোৰ পিন্ধি গৈ আছিল ....
মোৰ সন্দেহ হোৱাত মই ফ্ৰিজখন তাৰ গাত দলিয়াই দিলো সেয়ে ককালত বিষ হল......॥॥


2য় ৰোগী এজন আহিল ইয়াৰ পিছতে ...
দেখাত তেখেতক গাড়ীয়ে খুন্দিওৱা যেন লাগিছিল ...
ডাক্তৰে সুধিলে তোমাৰ আগত আহা ৰোগীৰ অৱস্থা বহুত বেয়া আছিল কিন্তু তোমাৰ অৱস্থা তাতোকৈ বেয়া দেখোন ...
কি হৈছিল বাৰু ....
ৰোগীয়ে কলে যে- মোৰ বহুত দিন কোনো চাকৰি নাছিল ।
আজি নতুন চাকৰিত যোগ দিয়াৰ প্ৰথম দিন আছিল ....ৰাতি এলাৰ্ম দিবলে পাহৰিছিলো আৰু দেৰিকৈ সাৰ পালো.......সেয়ে অফিচলৈ ওলাই থাকোতেই কাপোৰ পিন্ধি পিন্ধিয়ে গৈ আছিলো....কিন্তু কোনোবাই মোৰ গাত ফ্ৰিজ দলিয়াই দিলে ......সেয়ে মোৰ এই অৱস্থা হল ॥

৩য় ৰোগী এজন আহিল ইয়াৰ পিছত.....
তাৰ অৱস্থা আৰু বেয়া আছিল ....
ডাক্তৰ-ইছ.......তোমাৰ কি হল পিছে ...?
ৰোগী - মই এটা ফ্ৰিজত বহি আছিলো .....কোনোবা গাধই ফ্ৰিজটো তিনি মহলাৰ ওপৰৰ পৰা পেলাই দিলে ......

বোজি পোৱা সকলে লাইক কমেন্ট দিব ....॥

Saturday 1 February 2014

জেনেটিকছ - অথঃ মালি সংবাদ

বহুদিন মালিৰ খবৰ নাই ৷
সিদিনা লগ ফাৰ্মাছী এখনৰ বাহিৰত লগ পালো ৷
‘‘আৰে ভাই মালি, বহু দিন খা-খবৰ নাই যে ?’’
মালি, ‘‘এহ্ নক’ব আৰু দাদা ৷ মোৰ হাই ব্লাড প্ৰেছাৰ !’’
কথাটো শুনি বেয়া লাগিল ৷ সুধিলো, ‘‘ডাক্টৰক দেখুৱালা নে নাই ?’’
মালি, ‘‘দেখুৱাইছো দাদা ৷ পাছে ফেমেলিতেই আছে ৷ গতিকে উপায় নাই আৰু !’’
মই সান্তনা দিবলৈ তাক ক’লো, ‘‘হেহ্ ! ফেমেলিত থাকিলেও ব্লাড প্ৰেছাৰ হে ! দৰব খালে ভাল হৈ যায় ৷ ফেমেলি মানে তোমাৰ দেউতাৰ ফালৰ কথা কৈছা নে মাৰ ফালৰ কথা কৈছ ?’’
মই এনেদৰে প্ৰশ্ন কৰিলো যে মই ডাঙৰ জেনেটিক বিশেষজ্ঞহে ৷
মালি, ‘‘নাই নাই দাদা ৷ মা-দেউতাৰ ফালে প্ৰেছাৰৰ প-টোও নাই ৷ মোৰ ৱাইফৰ ফালৰ পৰা পাইছো ৷’’
মোৰ খং উঠিল, ‘‘কি যা তা কথা কৈছা হে ? তোমাৰ ৱাইফৰ ফালৰ পৰা আকৌ কেনেকৈ ব্লাড প্ৰেছাৰ হ’ব হে ?’’
মালি, ‘‘দাদা, এবাৰ লগ পোৱাই দিম দিয়ক ! আপোনাৰো হৈ যাব ৷’’


By: Pratibhu Dutta

Sunday 26 January 2014

কনটিলৌৰ অভিশাপ

মাঘ বিহু সমাগত, সেয়ে কনটিলৌৰ গা সাতখন - আঠখন । চহৰৰ পৰা ককায়েক নবৌয়েক ঘৰলৈ আহিব । প্ৰতিটো বিহুতে আহে, এইবাৰো আহিব । সেয়ে বিহু বুলিলেই তাৰ মনটো কিবা আনন্দ আনন্দ ফিলিংছ এটাই সাৱতি ধৰে । আচলতে আচল কথাটো ককায়েক নবৌয়েকৰ আগমন নহয় ।সিহঁতৰ লগত প্ৰতিবাৰে ককায়েকৰ খুলখালিয়েক, মানে নবৌয়েকৰ ভনীয়েকো আহে । পদুমী.... তাইৰ নাম মনত পৰিলেই দেখুন কিবা ৰিং-ৰিং, চাং-চাং অনুভৱ কৰে । আয়ৈ কি চেহেৰা তাইৰ । বোলো চকুলৈকে চাবা নে ওঁঠলৈকে চাবা । আস্... তাইলৈ মনত পৰিলে তাৰ বিহু গীত এটাকে গাই দিবৰ মন যাই .....
বোলে-
কিনো চেহেৰাৰে স্ৰজিলে
তোকে ঐ পদুমী,
গাত যৌৱনৰ জুই ।
এইবাৰো যে তাই আহিব সেয়া সি খাটাংকৈ ধৰি ল'লে । মাজে মাজে তাৰ মনত খোকোজা নলগা নহয়, আহেবা নাহে পদুমী ।ককায়েক নবৌয়েককো সুধিব নোৱাৰি ।তাৰ কিবা লাজ বোলা পদাৰ্থবিধ নাই নেকি.....?

কালিলৈ উৰুকা ।মেজি ৰেডি, ভোজৰ হাঁহ কোমোৰা সকলোৰে বন্দবস্ত হৈ আছে ।মানুহ বাঢ়িলে বস্তু কমিব । কোনো কথা নাই, চোৰ কৰা সংস্কৃতিক দোঁহাই দি এমাহৰ বাবে বস্তু গোটোৱাত সি অদ্বিতীয় এক্সপাৰ্ট । সেইবোৰ মেনেজ হৈ যাব । আজি আবেলি ককায়েকহঁত গাৱৰ ভূমিত অৱতৰণ কৰিবহি । লগত তাৰ বিয়াৰ ৰাণী, ধ্যেৎ কিবা বোলেনে হিয়াৰ ৰাণী পদূমী ।আজি আৰু ঠাণ্ডা বুলি গা নোধোৱাকৈ থাকিব নোৱাৰি ।একদম গাৰপৰা গোটেই মলিবোৰ খহাই পেলাব সি । তাৰ গাত থাকিবলৈ পাই সিহঁতৰ টেম্পাৰ বাঢ়ি গৈছে সিহঁতৰ । অৱশ্যে সিহতে তাক বৰ ভাল পাই ।তাৰ ক'লা-খহটা ছালখনত আঙুলিৰে ৰোকা মাৰি আহ বুলিলেই নখৰ ফাকত সোমাই আহে । ৰহ্ বাপেকে আজি বিহু দেখুৱাম ।সি আঙুলিৰ মূৰত হিচাপ কৰিলে পুহৰ দুই তাৰিখে জেতুকি হতঁৰ পুখুৰিত মাছ ধৰোতেই ধোৱা গা ।এমাহেই হ'বৰ হ'ল ।হওঁক ।গা ধুলেহে প্ৰবিত্ৰ হয় নেকি ।উপাই নাই আজি ধূবই লাগিব ।গাৰ পৰা যিহে গোন্ধ ওলাইছে ।আজি তাৰ গাত থাকিব কেৱল প্ৰেম প্ৰেম গোন্ধ ।

ছিঃ যি সোপাহে মলি ওলাইছে তাৰ গাৰ পৰা ।তাৰ নিজৰে ঘিন লাগি গ'ল ।সি ঘহি আছে, মলি ওলাই আছে.... ঘহি আছে, মলি ওলাই আছে..... ।ৰাম ৰাম । ইমান মলি ।তাৰ কনটিলৌ নামৰ মানুহটোৰ ভিতৰত সোমাই থকা মনটোলৈ টিঙিচকৈ খং উঠি গ'ল ।যত চব এই মনটোৰ বাবেই ।এই এমাহত তাৰ এবাৰলৈতো মন যাব পাৰে গা ধূবলৈ ।নাই মনকান নাই সেইবোৰত ।এতিয়া পদুমীয়ে এইবোৰ দেখিলে কি ক'ব ।হৰি হৰি । সি তাৰ মনটোক অভিশাপ দিৱৰ মন গ'ল ।ৰৌ ৰৌ নৰকত পৰিবি তই অ । মনটোতো তাৰ ভিতৰতহে আছে ।যদি মনটো নৰকলৈ নাযাওঁ বুলি কয় । জন্মৰে পৰা সি মনটোৰ সৈতে একেলগে আছে । এতিয়া নৰকলৈ যাব লাগে বুলিয়েই মনটোক এৰি দিবনে সি ।যদি মনটোৰ লগত সিয়ো নৰকলৈ যায় পদুমীক কেনেকৈ পাব সি ।মনটোৰ লগৰ ইমান দিনৰ মিতিৰালিয়ো শেষ কৰিব নোৱাৰি ।কি কৰে এতিয়া সি ।যাহ্ পদুমীকো এটা অভিশাপ দি দিয়া হওঁক ।তেতিয়া তাইয়ো নৰকলৈ যাব ।তাত সি লগ পাব.... সংসাৰ পাতিব..... ।

"পদুমী, যা তয়ো নৰকলৈ যা" ।
by: Dibya Jyoti Saikia

Monday 13 January 2014

টেটৰ মাষ্টৰণী

নতুনকৈ ছাকৰিত সোমোৱা টেটৰ মাষ্টৰণী, অলপ টো 'ষ্টাইল' হবই দিয়কচোন ।

ষ্টাইলতে শ্রেণীকোঠাত ছাত্র-ছাত্রী সকলক ক'লে --
.....মিছা কথা নকবা দেই, মই তোমালোকৰ মুখ খন দেখিলেই কৈ দিব পাৰো, তোমালোকে কি ভাবি আছা ?

..
..

বুদ্ধিয়ক ছাত্র টিলৌ :

....তথাপিও বাইদেউ আপুনি শাৰীখন ভাল কৰি নলয় কিয় ??

( ৰগৰ হে, কাকো জগৰ লগাবলৈ বিছৰা নাই )
by: Dípankar Nath

Saturday 30 November 2013

বুদ্ধিয়ক কনটিলৌ


এদিন শ্রেণী কোঠাত বাইদেউয়ে কণমানি ছাত্র-ছাত্রী সকল বুজাই আছে -----

" যদি তোমালোকে শুদ্ধ মনেৰে ভগবানক পূজা কৰা তেন্তে মনৰ কামনা পূর্ণ হবই " ।

বুদ্ধিয়ক কনটিলৌ : মিছা কথা বাইদেউ !!

যদি তেনেকুৱা হ'লহেতেন আপুনি তাত থিয় হৈ নাথাকে ----

..

..

..

..

..

..

মোৰ দুবাহুত সোমাই থাকিলহেঁতেন ।
By: Dípankar Nath