Showing posts with label চিনেমা. Show all posts
Showing posts with label চিনেমা. Show all posts

Friday 28 August 2020

ঐ চবজিখিনি খাওঁতে মুখত ফেনাইছে দেখোন

কেইবছৰমানৰ আগৰ কথা, গাওঁত দাদা এজনৰ বিয়া আছিল। আজিকালিৰ দৰে তেতিয়া গাওঁবোৰত টেন্ট হাউচৰ মানুহে আহি বিয়াৰ পেণ্ডেল নিদিছিল, কেটাৰিংৰ মানুহে খানা নিবিলাইছিল। গাওঁৰ ল'ৰাবোৰেই মিলিজুলি পেণ্ডেল দিয়া, বিয়াত বিলনীয়া কৰা, খাবলৈ কলগছৰ পটুৱা বনোৱা আদি সকলো কাম কৰিছিল।
বিয়াৰ দিনা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ল'ৰাবোৰে লাগি ভাগি দি ৰাতি দৰা গাড়ীৰ লগত কইনা ঘৰলৈ যাবলৈ সাজু হ'ল। দিনটোৰ ভাগৰ, গা বিষ মাৰিবলৈ বগাইয়ে ক'ৰ পৰা জানো 'ফুল' এটা যোগাৰ কৰিলে কইনা ঘৰত খাই অলপ ফুৰ্টি কৰিবলৈ। লাগেই দিয়কছোন ইমান ভাগৰত গৈ গোটেই ৰাতি কইনা ঘৰত হামিয়াই থাকিলেহে হ'ব ধুনীয়া ধুনীয়া কইনা ঘৰৰ ছোৱালী নাচাই। ৰাতি ১০.৩০ মান বজাত গাড়ী কইনা ঘৰ পালেগৈ। কইনা ঘৰৰ আর্থিক অৱস্থা ইমান ভাল নহয়, কেঞ্চি বাটামৰ ঘৰ, নতুনকৈ চুণ-তেল মাৰিছে। গৈ পোৱাৰ অলপ পাছতে ভাত খাবলৈ মাতিলে। মাছ-মাংস নাই, ভাত, দালি, চয়াবিন-ৰঙলাও-আলু ভাজি, পাপৰ আচাৰ এনেকুৱা ধৰণৰ খানা আৰু। কেইটামান কেইটামান ভাত খাই বগাই, কণপিতৌ, থুলুকে বটলটো খোলা জেগা বিছাৰিব লাগিল।
সকলোফালে মানুহ। কোনেও নেদেখাকৈ শান্তিৰে বহিব পৰা জেগা অকণ নাই ক'তো। বাৰীৰ ফালে যোৱাত থুলুকে নতুনকৈ বনোৱা পকা বাথৰুম এটা দেখিলে, ওচৰত গৈ নকিয়া ব্লেক এণ্ড হুৱাইট ১১০০ মডেলৰ মোবাইলটোত থকা টর্চটো মাৰি চাই দেখিলে যে পকাখন শুকাই আছে। তিমূৰ্তিয়ে সিদ্ধান্ত কৰিলে যে কাম ফেৰা ইয়াতে কৰিব পৰা যাব। পলম নকৰি তিনিওটা তাতে এডজাষ্ট কৰি বহি ললে। বহোঁতেহে সিহঁতৰ মনত পৰিল যে ফুলটো আনিলে হয় কোন লগত খাবলৈ চানা, দালবুট, মাংস একো নাই। এতিয়া কি কৰা যায়!
অৱশেষত ওপাই এটা ওলাল যেনিবা; বিয়া ঘৰৰ ৰঙালাও-আলু ভাজিয়েই আজি কাম আহিব।বোলে "নাই মোমাইতকৈ কণা মোমাইয়ে ভাল"।
কথা মতেই কাম, কণপিতৌয়ে ৰন্ধা ঘৰৰ পৰা ৰঙালাও-আলু চবজি বাতি এটা আনিলে, নতুন বাথৰুমতে বহি বিয়া ঘৰৰ প্লাষ্টিকৰ গিলাছত এপেগ এপেগ ঢালি তিনিওয়ে গোঁসাই নাম লৈ আৰম্ভ কৰিলে।
তিনি পেগ মান খোৱা পাছত অলপ চকুতো জিলমিল-জিলমিল লাগিছে আৰু তেনেতে বগাইয়ে পাক খাই ধৰা জিভাখনৰে মাত দিলে "ঐ ৰঙালাও খিনি বৰ ধুনীয়া গোন্ধাইছে দেখোন.."
"ধেই এইটো, তিনি পেগ খাওঁতেই নিচা হ'লেই তোৰ..." থুলুকে বগাইক দম দি ক'লে।
তিনিওটায়ে আকৌ এপেগ এপেগ গিলিলে, আকৌ বগাইয়ে মাত দিছে "ঐ ৰঙালাও খিনি খাওঁতে মুখত ফেনাইছে দেখোন.."
কণপিতৌয়ে কথা কথাটোনো কি বুলি ভাবি নকিয়া মোবাইলৰ টর্চটো তাৰ মুখত মাৰি দেখে যে কথাটো হয়! তাৰ মুখ খন ফেনাই আছে।
তিনিওটাৰে চকুটোও নিচাত জিল মিলাই আছে, তেনৈকেয়ে কথাটো অনুসন্ধান কৰি দেখে যে কথা আৰু নিচাৰ কোবত ৰঙালাও-আলু চবজি প্লেটখন হাত লাগিয়ে নেকি চাইড হৈ আছে, তাৰ ঠাইত আছে চাবোনৰ কে'ছ এটাত পানী লাগি গেল-গেলিয়া হৈ থকা LUX চাবোন এটা।


তেতিয়াহে উৰহীৰ উৰ ওলাল। ইমান টাইম বগাইয়ে গেল-গেলিয়া দি থকা চাবোনটোকে সিজোৱা ৰঙালাও-আলু চবজি বুলি ভাবি চিকুতি চিকুতি খাই আছিল। দিনটো বিয়া ঘৰৰ মানুহে হাত ধুই ধুই চাবোনটোও ভালকৈয়ে গেল-গেলিয়া কৰি থৈছে।
- লক্ষ্য জ্যোতি নাথ

Saturday 1 November 2014

ডাক্তৰ

By: AbDüs SaLam AhMeð

এদিন ৰাতিপুৱা এজন ডাক্তৰৰ ওচৰত এটা ৰোগী ককালৰ বিষ লৈ আহিছিল .......
চিকিৎসা কৰি থকা অৱস্থাত ডাক্তৰ এ ৰোগীক সুধিলে কি হৈছিল বাৰু তোমাৰ ......
ৰোগী - ছাৰ মই এটা নাইট ক্লাৱত কাম কৰো । আজি ৰাতিপুৱা সোনকালে ঘৰ পাই দেখিলো মোৰ ৰোমত যেন কোনোবা আছিল মোৰ পত্নীৰ সতে....
খিৰিকীটো খোলা আছিল সেয়ে মই মনে মনে খিৰিকীদি সোমাই ৰোমত কাকো নাপালো ..
খিৰিকী দি তললৈ চাওঁতে দেখা পালো এজন মানুহ সেইফালেদি খৰধৰকৈ কাপোৰ পিন্ধি গৈ আছিল ....
মোৰ সন্দেহ হোৱাত মই ফ্ৰিজখন তাৰ গাত দলিয়াই দিলো সেয়ে ককালত বিষ হল......॥॥


2য় ৰোগী এজন আহিল ইয়াৰ পিছতে ...
দেখাত তেখেতক গাড়ীয়ে খুন্দিওৱা যেন লাগিছিল ...
ডাক্তৰে সুধিলে তোমাৰ আগত আহা ৰোগীৰ অৱস্থা বহুত বেয়া আছিল কিন্তু তোমাৰ অৱস্থা তাতোকৈ বেয়া দেখোন ...
কি হৈছিল বাৰু ....
ৰোগীয়ে কলে যে- মোৰ বহুত দিন কোনো চাকৰি নাছিল ।
আজি নতুন চাকৰিত যোগ দিয়াৰ প্ৰথম দিন আছিল ....ৰাতি এলাৰ্ম দিবলে পাহৰিছিলো আৰু দেৰিকৈ সাৰ পালো.......সেয়ে অফিচলৈ ওলাই থাকোতেই কাপোৰ পিন্ধি পিন্ধিয়ে গৈ আছিলো....কিন্তু কোনোবাই মোৰ গাত ফ্ৰিজ দলিয়াই দিলে ......সেয়ে মোৰ এই অৱস্থা হল ॥

৩য় ৰোগী এজন আহিল ইয়াৰ পিছত.....
তাৰ অৱস্থা আৰু বেয়া আছিল ....
ডাক্তৰ-ইছ.......তোমাৰ কি হল পিছে ...?
ৰোগী - মই এটা ফ্ৰিজত বহি আছিলো .....কোনোবা গাধই ফ্ৰিজটো তিনি মহলাৰ ওপৰৰ পৰা পেলাই দিলে ......

বোজি পোৱা সকলে লাইক কমেন্ট দিব ....॥

২০৫০ চন

by: Gulzar Hussain
২০৫০ চনৰ ৰাতিপুৱা টুপনিৰ পৰা উঠি যেতিয়া আপুনি বাতৰি কাকতখন হাতত ল'ব, তেতিয়া তাত কি  কি খবৰ থাকিব পাৰে ???


আহঁকচোন এবাৰ চাই লওঁ —

→ প্ৰত্যেক বনকৰা ছোৱালীক এটাকৈ এপাৰ্টমেন্ট আৰু এটাকৈ BMW গাড়ী দিয়াৰ দাবিত অহা কাইলৈ
গোটেই ৰাজ্যজুৰি ১০০ ঘণ্টীয়া বন্ধৰ ঘোষণা ‘ বনকৰা ছোৱালী কল্যাণ সমিতি’ৰ !!!

→ ইউৰোপৰৰ বজাৰত বিক্ৰীত শীৰ্ষ স্থানত আছে অসমৰ ‘ চুলাই -লাওঁপানী ’ আৰু পানিৰামৰ আদাঁৰ বেপাৰ !!! 

→ নকলৰ পৰা সাৱধান! নকলৰ পৰা সাবধান!
চীনত তৈৰি নকল মূৰ্গী চৰাইয়ে - ভাৰতীয় হাঁহ ৰ বজাৰক হ্ৰাস কৰিছে !!!

→ তৰুন গগৈ ডাঙৰীয়াৰ চন্দ্ৰপৃষ্টলৈ চাফাই অভিযান !!!

→ ছাগলীক হৰিণাৰ স্বীকৃতি দিলে বনবিভাগে !!!

→ কোন হ'ব এইবাৰৰ ফিফা ফুটবলাৰ বিজয়ী ? মেসিৰ নাতিয়েক নে ক্ৰিস্টিয়ানো ৰোনালদোৰ
নাতিয়েক ???

→ ক্যাটৰিনাৰ নাতিনীয়েকৰ সৈতে চালমান খানৰ নতুন মুভি ৰিলিজ  ‘দাবাঙ-২০’!!!

( বি : দ্ৰ -পোষ্টটো হাঁহিৰ বাবেহে কোনেওঁ যাতে মোক বেয়া নাপায় হে ।)

Friday 24 October 2014

চিনেমা

by: Bhaben Loying

আমি সকলোৱে কম-বেছি পৰিমাণে চিনেমা চাওঁ। মনোৰঞ্জনৰ লগতে আমি চিনেমাৰ পৰা বহুতো নজনা কথা জানিব পাৰোঁ। ৰ'ব, ৰ'ব……, ইয়াত আমি কোনো পঢ়া-লিখাৰ কথা কোৱা নাই, চিনেমাৰ কিছুমান আমোদজনক কথাহে ক'ব বিচাৰিছোঁ… এয়া মাথোঁ ভাৰতীয় চিনেমাৰে নহয় গোটেই বিশ্বৰে চিনেমাত সচৰাচৰ দেখিবলৈ পোৱা যায়…
আহকচোন চাওঁ কোন দেশৰ চিনেমাত কি, কি দেখিবলৈ পোৱা যায়……

১. চীন, কোৰিয়া আদি দেশৰ চিনেমাত কাৰাটে-কুংফু কৰা আৰু শিকোৱাৰ বাহিৰে যেন আৰু একোৱেই নাই!


২. আমেৰিকাৰ আধাতকৈ বেছি লোক এফবিআই/চিআইএ এজেন্ট অথবা গুপুত অভিযানৰ সতে জড়িত।

৩. আমেৰিকাৰ শিক্ষা ব্যৱস্থা বাস্কেট বল আৰু বেছবলক অগ্ৰাধিকাৰ দিবলৈহে যেন গঢ় লৈ উঠিছে

৪. বেলেগ গ্ৰহৰ প্ৰাণীবোৰৰ আমেৰিকা আক্ৰমণৰ প্ৰতি যেন এক বিশেষ ৰুচি আছে!

৫.যেন আমেৰিকাই পৃথিৱীৰ একমাত্ৰ ঠাই য'ত ৰূপ পৰিবৰ্তনকাৰী বিভিন্ন জন্তু আৰু ভেম্পায়াৰৰ দৰে অদ্ভূত প্ৰাণী পোৱা যায়।

এতিয়া আহকচোন চকু ফুৰাওঁ ভাৰতীয় চিনেমাৰ ওপৰত…

১.ভাৰতীয় চিনেমাৰ যমজ চৰিত্ৰবোৰৰ এটা চৰিত্ৰ নিশ্চিতভাৱে বদমাছ/গুণ্ডা হ'বই!

২. বোমা নিস্ক্ৰীয় কৰাৰ সময়ত যিডাল তাঁৰেই নাকাটক সেইডালেই যে সঠিক হ'ব সেয়া ধুৰূপ।

৩. মুখ্য অভিনেতাজনে গুণ্ডাৰ হাতেৰে মাধমাৰ খোৱাৰ সময়ত বিষ নহয় যদিও হিৰ'ইনে মালিচ কৰাৰ সময়ত কেঁকনি শুনিবলৈ পাবই পাব!!

৪.সকলোবোৰ পুলিচ অফিছাৰ বা ডিটেক্টভে চাকৰিৰ পৰা খেদা নোখোৱালৈকে প্ৰকৃত অপৰাধীৰ অপৰাধ প্ৰমাণ কৰিব নোৱাৰে!

৫. জনসমাগমৰ মাজতো যদি হিৰ'-হিৰ'ইনে ডান্স কৰে, উপস্থিত সাধাৰণ জনতায়ো তেওঁলোকৰ খোজত খোজ মিলাই নিৰ্ভুলকৈ ডান্স কৰিব পাৰে……

এনেধৰণৰ আৰু যদি আমোদজনক কিবা আছে সংযোগ কৰি যাওক………

(অনুবাদ)