Sunday 26 January 2014

খৰিকটিয়া আৰু জলদেৱতা

এদিনাখন এজন খৰিকটিয়াই হাবিত খৰি কাটিবলৈ গৈছিল। হঠাৎ তাৰ কুঠাৰ খন এটা দঁ কুৱাঁত পৰি গল। কুঠাৰখন হেৰুৱাই খৰিকটিয়াই কুৱাঁটোৰ ওচৰতে বহি কান্দিবলৈ ধৰিলে। তাৰ কান্দোন শুনি কুৱাঁটোৰ ভিতৰত থকা জলদেৱতা ওলাই আহিল হাতত এখন সোনৰ কুঠাৰ লৈ, খৰিকটিয়াই সেইখন তাৰ নহয় বুলি কলে ।
জলদেৱতাই কুৱাঁৰ ভিতৰলৈ সোমাই গ'ল আৰু এখন ৰুপৰ কুঠাৰ দেখুৱালে এইবাৰো সেইখন তাৰ নহয় বুলি কলে। এইবাৰ জলদেৱতাই আচল কুঠাৰখন দেখুওৱাত সেইখন তাৰ হয় বুলি কলে। জলদেবতাই খৰিকটিয়াৰ সততাত মুগ্ধ হৈ তিনিওখন কুঠাৰ তেওঁক দি দিলে।

খৰিকটিয়া ধনী হ'ল যদিওঁ খৰি কটা কামটো এৰা নাছিল। আকৌ এদিন খৰিকটিয়াজনে খৰি কাটিবলৈ নিজৰ লখিমী তিৰোতা জনীকো লৈ গৈছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস সেইদিনা তাৰ ঘৈনিয়েক জনী সেই কুৱাঁটোত পৰি গ'ল।

নিজৰ মৰমৰ ঘৈণীয়েকক হেৰুৱাই সি পুনৰ কান্দিবলৈ ধৰিলে।

এইবাৰো জলদেৱতা ওলাই আহিল হাতত প্ৰিয়ংকা চোপ্ৰাক লৈ।
জলদেৱতাঃ এইজণী তোৰ নিজৰ মানুহজনী হয়নে?

খৰিকতিয়াঃ (চিন্তা কৰি) হয় মহাৰাজ এই জনীয়েই মোৰ পত্নী।

জলদেৱতাঃ চালা কুকুৰ.আগতে তই ভাল আছিলি কিন্তু আজি তই প্ৰিয়ংকা চোপ্ৰাক দেখি ভোল গলি

খৰিকটিয়াঃ নহয় মহাৰাজ।

মই প্ৰিয়ংকা চোপ্ৰাক মোৰ পত্নী নহয় বুলি কোৱাহেতেন আপুনি দীপিকা পাডুকানক দেখুৱালেহেতেন আৰু মই নহয় বুলি কোৱাৰ পিচত আপুনি মোৰ আচল পত্নীক আনি দেখুৱালেহেতেন। আৰু যদিহে মই সচা কলোহেতেন যোৱা বাৰৰ নিচিনাকৈ তিনিওজনীকে মোক দি পঠালেহেতেন। তিনিজনীক পোহপাল দিয়াটো কিমান টান হব তাক আপুনি কি বুজিব। সেই কাৰনেহে মই মিচা কলো।
By: প্ৰণৱ মেধি

No comments:

Post a Comment