Sunday 26 January 2014

কলৈকো যাব মানা কৰিছে

আমাৰ প্ৰৱাল দাৰ এল পি স্কুলৰ দিনৰ কথা ।সেই স্কলৰ হেদ মাষ্টৰ জন বৰ ধৰ্ম পৰায়ন লোক আছিল । মাষ্টৰে ভূগোল বুজাই আছে ।ভূগোল বুজাই বুজাই ধৰ্মৰ কথালৈ গুছি গল ।মাষ্টৰ জনে শেষত সকলোকে কলে :-কাৰ কাৰ স্বৰ্গলৈ যাবলৈ মন আছে হাত দাঙা ।
সকলোৱে হাত দাঙিলে ।
কিন্তু আমাৰ প্ৰৱাল দাই হাত নাদাঙিল ।
মাষ্টৰে সুধিলে :-তুমি হাত নুঠালা যে ।তোমাৰ স্বৰ্গলৈ যাবৰ মন নাই নেকি?
প্ৰৱাল দাই গহীনাই উওৰ দিলে:-
~
`
~
`
~
`
~
`
~মোক মায়ে স্কুলৰ পৰা কলৈকো যাব মানা কৰিছে ।direct ঘৰলৈ যাবলৈ কৈছে ।
#aloknath
By: আৰ. কে. দাস

No comments:

Post a Comment