Showing posts with label Assamese. Show all posts
Showing posts with label Assamese. Show all posts

Friday 28 August 2020

ঐ চবজিখিনি খাওঁতে মুখত ফেনাইছে দেখোন

কেইবছৰমানৰ আগৰ কথা, গাওঁত দাদা এজনৰ বিয়া আছিল। আজিকালিৰ দৰে তেতিয়া গাওঁবোৰত টেন্ট হাউচৰ মানুহে আহি বিয়াৰ পেণ্ডেল নিদিছিল, কেটাৰিংৰ মানুহে খানা নিবিলাইছিল। গাওঁৰ ল'ৰাবোৰেই মিলিজুলি পেণ্ডেল দিয়া, বিয়াত বিলনীয়া কৰা, খাবলৈ কলগছৰ পটুৱা বনোৱা আদি সকলো কাম কৰিছিল।
বিয়াৰ দিনা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ল'ৰাবোৰে লাগি ভাগি দি ৰাতি দৰা গাড়ীৰ লগত কইনা ঘৰলৈ যাবলৈ সাজু হ'ল। দিনটোৰ ভাগৰ, গা বিষ মাৰিবলৈ বগাইয়ে ক'ৰ পৰা জানো 'ফুল' এটা যোগাৰ কৰিলে কইনা ঘৰত খাই অলপ ফুৰ্টি কৰিবলৈ। লাগেই দিয়কছোন ইমান ভাগৰত গৈ গোটেই ৰাতি কইনা ঘৰত হামিয়াই থাকিলেহে হ'ব ধুনীয়া ধুনীয়া কইনা ঘৰৰ ছোৱালী নাচাই। ৰাতি ১০.৩০ মান বজাত গাড়ী কইনা ঘৰ পালেগৈ। কইনা ঘৰৰ আর্থিক অৱস্থা ইমান ভাল নহয়, কেঞ্চি বাটামৰ ঘৰ, নতুনকৈ চুণ-তেল মাৰিছে। গৈ পোৱাৰ অলপ পাছতে ভাত খাবলৈ মাতিলে। মাছ-মাংস নাই, ভাত, দালি, চয়াবিন-ৰঙলাও-আলু ভাজি, পাপৰ আচাৰ এনেকুৱা ধৰণৰ খানা আৰু। কেইটামান কেইটামান ভাত খাই বগাই, কণপিতৌ, থুলুকে বটলটো খোলা জেগা বিছাৰিব লাগিল।
সকলোফালে মানুহ। কোনেও নেদেখাকৈ শান্তিৰে বহিব পৰা জেগা অকণ নাই ক'তো। বাৰীৰ ফালে যোৱাত থুলুকে নতুনকৈ বনোৱা পকা বাথৰুম এটা দেখিলে, ওচৰত গৈ নকিয়া ব্লেক এণ্ড হুৱাইট ১১০০ মডেলৰ মোবাইলটোত থকা টর্চটো মাৰি চাই দেখিলে যে পকাখন শুকাই আছে। তিমূৰ্তিয়ে সিদ্ধান্ত কৰিলে যে কাম ফেৰা ইয়াতে কৰিব পৰা যাব। পলম নকৰি তিনিওটা তাতে এডজাষ্ট কৰি বহি ললে। বহোঁতেহে সিহঁতৰ মনত পৰিল যে ফুলটো আনিলে হয় কোন লগত খাবলৈ চানা, দালবুট, মাংস একো নাই। এতিয়া কি কৰা যায়!
অৱশেষত ওপাই এটা ওলাল যেনিবা; বিয়া ঘৰৰ ৰঙালাও-আলু ভাজিয়েই আজি কাম আহিব।বোলে "নাই মোমাইতকৈ কণা মোমাইয়ে ভাল"।
কথা মতেই কাম, কণপিতৌয়ে ৰন্ধা ঘৰৰ পৰা ৰঙালাও-আলু চবজি বাতি এটা আনিলে, নতুন বাথৰুমতে বহি বিয়া ঘৰৰ প্লাষ্টিকৰ গিলাছত এপেগ এপেগ ঢালি তিনিওয়ে গোঁসাই নাম লৈ আৰম্ভ কৰিলে।
তিনি পেগ মান খোৱা পাছত অলপ চকুতো জিলমিল-জিলমিল লাগিছে আৰু তেনেতে বগাইয়ে পাক খাই ধৰা জিভাখনৰে মাত দিলে "ঐ ৰঙালাও খিনি বৰ ধুনীয়া গোন্ধাইছে দেখোন.."
"ধেই এইটো, তিনি পেগ খাওঁতেই নিচা হ'লেই তোৰ..." থুলুকে বগাইক দম দি ক'লে।
তিনিওটায়ে আকৌ এপেগ এপেগ গিলিলে, আকৌ বগাইয়ে মাত দিছে "ঐ ৰঙালাও খিনি খাওঁতে মুখত ফেনাইছে দেখোন.."
কণপিতৌয়ে কথা কথাটোনো কি বুলি ভাবি নকিয়া মোবাইলৰ টর্চটো তাৰ মুখত মাৰি দেখে যে কথাটো হয়! তাৰ মুখ খন ফেনাই আছে।
তিনিওটাৰে চকুটোও নিচাত জিল মিলাই আছে, তেনৈকেয়ে কথাটো অনুসন্ধান কৰি দেখে যে কথা আৰু নিচাৰ কোবত ৰঙালাও-আলু চবজি প্লেটখন হাত লাগিয়ে নেকি চাইড হৈ আছে, তাৰ ঠাইত আছে চাবোনৰ কে'ছ এটাত পানী লাগি গেল-গেলিয়া হৈ থকা LUX চাবোন এটা।


তেতিয়াহে উৰহীৰ উৰ ওলাল। ইমান টাইম বগাইয়ে গেল-গেলিয়া দি থকা চাবোনটোকে সিজোৱা ৰঙালাও-আলু চবজি বুলি ভাবি চিকুতি চিকুতি খাই আছিল। দিনটো বিয়া ঘৰৰ মানুহে হাত ধুই ধুই চাবোনটোও ভালকৈয়ে গেল-গেলিয়া কৰি থৈছে।
- লক্ষ্য জ্যোতি নাথ

Friday 4 April 2014

পৰচৰ্চা

by: Minurekha Gogoi

আমি মহিলা সন্থা লগ হ'লে সদায় যে পৰচৰ্চাহে কৰো এইটো নাভাবিৱ আকৌ দেই । কেতিয়াবা আমি অন্য ধৰণৰ কথাও পাতো।এবাৰ আমি আমাৰ ভাষাৰ মাজত কেনেকৈ ইংৰাজী শব্দ বোৰ সোমাই অসমীয়াৰ দৰেই হৈ গৈছে সেইবিষয়ে কথা পাতিছিলোঁ ।তাকেই অলপ ৰহণ সানি আগবঢ়াইছো।

কণিপতৌ গুৱাহাটীৰ ভাড়াঘৰত থাকি বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে এবাৰ তাৰ ককাদেউতাক আহিছিল খবৰ ল'বলৈ।আবেলি সি তেওঁক অটো এখনত উঠাই ফুৰাবলৈ লৈ গ'ল।
: ককা,এইখন মই পঢ়া গুৱাহাটী বিশ্ববিদ্যালয় দেই চাই লোৱা।
: অ' তই আকৌ ইউনিভাৰ্চিতিত পঢ়া বুলিহে জানো ।
: একেখনেইঅ'।এইবাৰ এইখন চোৱা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ।আমাৰ গাঁৱৰ হেমন্ত ইয়াতেই পঢ়িছিল
: সি ইণ্জিনিয়াৰ নহয় জানো ।ইয়াত নাইপঢ়া হ'বলা।ইণ্জিনিয়েৰিং কলেজতহে পঢ়িছিল।
: উস ককা!সেইখনেই এইখন।এইবাৰএইখন চোৱা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু হাস্পতাল।
: অ' বুজি পালোঁ দে এইবাৰ ।আয়ুৰ্বেদিক কলেজ আৰু হস্পিতেল।মই আগতে আহিছোঁ ইয়ালৈ ।অথনিৰে পৰা চিধাচিধি অসমীয়াত ক'লেই হয়।ইংৰাজী নামবোৰ কৈ থাকিলে কেনেকৈ চিনি পাওঁ নো নপঢ়া নুশুনা বুঢ়াটোৱে!


(কোনোবাই কৰবাত আগতে পঢ়িছে যদি মোৰ গাত দোষ নাই দেই ৰাইজ )

Wednesday 19 March 2014

'নলবেইৰাত কথা-বতৰা'

By: B.n. Rupam

------------------------

আমাৰ নলবেইৰা চ'লি জোনমনিয়ে গেৰেজৰ কাম শিখবাহ গোলাঘাটৰ পেহাকৰ ঘৰত গেইছিল ।

চেকেন্দ দিনা গেৰেজত যাংতে জোনমনিয়ে হাত মুচবাহ তাৰ পকেটত আখান চিৰা কানি ভ'ৰে ল'লাক ।

তাৰ পকেটখান ফুলি আছে । পেহাকে তাকে দেখি সুধলাক:- তোৰ পকেটত কি ও জোন?

জোন:- কানি ।

পেহা:- কি?? তই কানি খা?

জোন:- মানে চিৰা কানি?

পেহা:- কি কৈছ', চিৰাৰ সৈতে কানি খা কিদৰে? আচৰিত দেই..

পিছত জোনমনিয়ে পকেটৰ পাৰাই 'ফটা কাপোৰ' উলিয়াই দি হে বুজে দিলাক 'চিৰা কানি' কি!!

Sunday 9 March 2014

পুৰণি স্মৃতি

By: Ashish Majumdar
বহুদিনৰ হেৰাই যোৱা দুজন বন্ধু ৰমেন আৰু ৰাতুলক ফেচবুকৰ জৰিয়তে আৱিষ্কাৰ কৰি নবীন আনন্দত আত্মহাৰা হৈ পৰিল!
তিনিও পুৰণি স্মৃতি ৰোমন্থন কৰিবলৈ ৰেষ্টুৰাঁত সোমাল।
নবীন সৰুপানী চুবলৈ টয়লেটত যোৱাৰ পিছত..

ৰমেন- কোৱাচোন ৰাতুল, তোমাৰ ল'ৰা ছোৱালী কেইটা?
ৰাতুল-এটাই ল'ৰা, বৰ বুধিয়ক! ধনীঘৰৰ ছোৱালী এজনী পটাইছে। ইমেজ বনাবলৈ তাইক গাড়ী এখনো gift দিছে। এবাৰ বিয়াখন হৈ গ'লে বাপেকৰ সকলো সম্পত্তি মোৰ!

ৰমেন- হয় নেকি! মোৰ ল'ৰাটোৱেও এজনী ধনীৰ দুলালীক পটাইছে। সি বেংকৰ পৰা টকা ধাৰলৈ লৈ ছোৱালীজনীক ফ্লেট এটা gift দিছে। মই বেয়া পোৱানাই! বিয়াৰ পিছত বাপেকৰ বিপুল সম্পত্তি দেখোন মোৰেই হ'ব!

নবীনে আহি দুয়োৰে কথা শুনি ক'লে- মোৰ এজনীয়ে ছোৱালী, কিন্তু বৰ তীখৰ। তাই একেলগে দুটা ল'ৰাক প্রেমজালত ফচাই থৈছে। এটাই গাড়ী এখন gift দিছে আৰু আনটোৱে ফ্লেট দিছে। তাই হেনো আৰু কিবাকিবি সৰকাবলৈ প্লেন কৰি আছে!

Monday 24 February 2014

দৰাঘৰীয়া আৰু কইনাঘৰীয়া

By: DrBhupendra Saikia

এটা পাৰ্টি হল মানুহেৰে ঠাহ খাই পৰাত গৃহস্থ চিন্তিত হৈ পৰিল
- খোৱা বস্তুৰ নাটনি হব চোন ৷
ধৈৰ্য নেহেৰুৱাই গৃহিনীয়ে ঘোষণা কৰিলে
- এতিয়া দৰাঘৰীয়াখিনিয়ে অনুগ্ৰহ কৰি হলৰ সোঁফালে ঠিয় হওক ৷
৫০জন মানে সোঁফালে ঠিয় হ'লগৈ ৷
এইবাৰ গৃহিনীয়ে ঘোষণা কৰিলে
- কইনাঘৰীয়াখিনিয়ে অনুগ্ৰহ কৰি হলৰ বাওঁফালে ঠিয় হওক ৷
এইবাৰ ৪০জন মানে বাওঁফালে ঠিয় হ'লগৈ ৷
এইবাৰ লগে লগে গৃহস্থই ঘোষণা কৰিলে
- দৰাঘৰীয়া আৰু কইনাঘৰীয়াসকল বেলেগ পাৰ্টি হললৈ যাব পাৰে ৷
বাকী থকাসকলে আমাৰ সন্তানৰ বাৰ্থডে পাৰ্টিৰবাবে ইয়াতে ৰৈ যায় যেন ৷

ফুটবল খেল

By: Rituraj Borgohain
এবাৰ অৰণ্যত হাতী আৰু কেৰেলুৱাৰ মাজত ফুটবল খেল অনুস্থিত কৰিবলৈ ঠিক কৰিলে । কথামতে কাম...... হাতীৰ দলটো খেলৰ দিনা বুটজোতা মোজা জার্চি পিন্ধি খেল পথাৰত উপস্থিত হল । ইফালে কেলেৰুৱাৰ দলটো আহি নোপোৱাত জীৱ জন্তু বোৰৰ মাজত হুলস্থুল আৰম্ভ হবলৈ ধৰিলে । এনেদৰে চাৰিদিনৰ পাছত কেলেৰুৱা দলটো খেলপথাৰত উপস্থিত হলহি । সকলোৱে সুধিবলৈ ধৰিলে চাৰিদিনৰ পাছত অহা কাৰণটো কি ? কেলেৰুৱা দলটোৰ কোনেওঁ একো মাত নিদিলে । শেষত দলপতি টোৱে কলে......
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
আপোনালোকে কিয় ইমান চিঞৰ বাখৰ লগাইছে আমাৰ হাতীৰ নিচিনা চাৰিটা ঠেং নাই নহয় । এশটা ঠেংত জোতা পিন্ধিবলৈ কিমান সময় লাগে আপুনালোকেই কওঁকচোন ?

Friday 14 February 2014

সাধাৰণ জ্ঞান

By: Nitul Kr Das
কেইটামান জানিব লগীয়া সাধাৰণ জ্ঞান

ৰাষ্ট্ৰীয় ভন্টি - মমতা বেনাৰ্জী
ৰাষ্ট্ৰীয় প্ৰেয়সী - চানী লিঅন
ৰাষ্ট্ৰীয় সমস্যা - চলমান খানৰ বিয়া
ৰাষ্ট্ৰীয় অবিবাহিত - ৰাহুল গান্ধী
ৰাষ্ট্ৰীয় সন্ত্ৰাস - ৰা.ৱানৰ চিকুৱেল
ৰাষ্ট্ৰীয় খাদ্য - কচম
ৰাষ্ট্ৰীয় সংগ্ৰামী - অভিষেক বচ্চন
ৰাষ্ট্ৰীয় জৰ্জ - অৰ্চনা পুৰন সিং
ৰাষ্ট্ৰীয় মা - ছোনীয়া গান্ধী
ৰাষ্ট্ৰীয় কিতাপ - ফেচবুক
ৰাষ্ট্ৰীয় জোঁৱাই - ৰোবাৰ্ট বাদ্ৰা
ৰাষ্ট্ৰীয় ৰবট - মনমোহন সিং
ৰাষ্ট্ৰীয় বেংক - ছুইছ বেংক
ৰাষ্ট্ৰীয় ভগৱান - শচীন তেণ্ডুলকাৰ
ৰাষ্ট্ৰীয় অনুষ্ঠান - কমেডি নাইটচ্ ৱিদ কপিল
ৰাষ্ট্ৰীয় বাঘ - নৰেন্দ্ৰ মোডী

(সংগ্ৰহীত ও অনুবাদিত)

Sunday 26 January 2014

কলৈকো যাব মানা কৰিছে

আমাৰ প্ৰৱাল দাৰ এল পি স্কুলৰ দিনৰ কথা ।সেই স্কলৰ হেদ মাষ্টৰ জন বৰ ধৰ্ম পৰায়ন লোক আছিল । মাষ্টৰে ভূগোল বুজাই আছে ।ভূগোল বুজাই বুজাই ধৰ্মৰ কথালৈ গুছি গল ।মাষ্টৰ জনে শেষত সকলোকে কলে :-কাৰ কাৰ স্বৰ্গলৈ যাবলৈ মন আছে হাত দাঙা ।
সকলোৱে হাত দাঙিলে ।
কিন্তু আমাৰ প্ৰৱাল দাই হাত নাদাঙিল ।
মাষ্টৰে সুধিলে :-তুমি হাত নুঠালা যে ।তোমাৰ স্বৰ্গলৈ যাবৰ মন নাই নেকি?
প্ৰৱাল দাই গহীনাই উওৰ দিলে:-
~
`
~
`
~
`
~
`
~মোক মায়ে স্কুলৰ পৰা কলৈকো যাব মানা কৰিছে ।direct ঘৰলৈ যাবলৈ কৈছে ।
#aloknath
By: আৰ. কে. দাস

Wednesday 22 January 2014

সঁচা কথাটো

সদায় যোৱাৰ দৰে আজিও তিনি আলিত মাল খাবলৈ গ'লো ৷ ক্ষীৰোদ ,প্ৰবিত্ৰ মানে মই , আৰু অনিল ৷ 
এখন বাইকত তিনিওটা ৷ তিনি আলি পাইহে দেখো সৰবনাশ ! 

আৰমি এখিনি ৰৈ আছে (26 আহি আছে টো) ৷ ওফটি যাবলৈ সময় নাই , সিহঁতে ৰ'বলৈ ক'লে আমি ভয়ত টিপক টিপক ৷ 
প্ৰথমে ভয়ংকৰ দাড়ি লগা এটাই ক্ষীৰোদক সুধিলে ক'ত যাৱ , সি ছাল্লা বৰ টেঙৰ আছিল , মূখেৰে আ আ শব্দ কৰি হাতখন জোকাৰি আৰমি কেইটাক বুবা বুলি বুজাই দি মোৰ ফালে আঙুলি টোৱাই দিলে ৷
 মোৰ বুকুখন ঢপক কৰি গ'ল , মই ভয়ে ভয়ে :- মে হিন্দী নেহী জানতা হু ওচকৌ পুচৌ " বুলি কৈ অনিললৈ আঙুলি পূণাই দিলো ৷ 
সিয়ো কম বস্তু নহয় ক্ষীৰোদে বুবা বুলি কওঁতে ৰেহাই দিয়াৰ বাবে সিয়ো কৈ দিলো , মে ভী গুংগা হু ভায়াজী মোজে ভী জানে দিজিয়ে ৷ 
আৰমীটোৱে আৰু তাক চাই নাথাকিল এক থাপ্পৰ দি দি ক'লে :- মজাক কৰতে হৌ ! 

অনিলে লগে লগে আৰমিটোক ক'লে মোক কিয় মাৰিলে ক্ষীৰোদোটো বুবা নহয় তাক কিয় নামাৰিলে এটাক বুবা বুলি ক'লে যাবলৈ দিয়ে এটাক দিয়ে ৷

 তাকে কোৱা শুনি ক্ষীৰোদ ৰ'ব নোৱাৰিলে কৈ পেলালে , অই মোক দিলে দিলে তুৰ কি সিংহা লাগিলে ! 
লগে লগে আৰমিটো তাকো দুই থাপ্পৰ দিলে ৷ আৰু কাণত ধৰি থাকিবলৈ মোক যাবলৈ ক'লে ৷ 

আৰু মই এয়া লগে সঁচা কথাটো লিখি দিলো ৷
By: এন্থনি ফুকন

Tuesday 21 January 2014

আমাৰ তাত বহুত পোৱা যাই

এবাৰ এখন ৰেলত তিন জন মানুহৰ চিনাকি হল ।এজন অসমৰ এজন মুম্বাইৰ আৰু এজন delhir ।তেও লোক কথা পাতি গৈ আছে ।হঠাৎ মুম্বাইৰ মানুহ জনে তেওঁ পিন্ধী থকা ঘড়িতো দলিয়াই দিলে ।তেতিয়া অসমৰ মানুজনে সুধিলে - আপুনি ঘড়ীটো কিয় দলিয়াই দিলে ।
মুম্বাইৰ মানুহজনে কলে -আমাৰ মুম্বাইত এনেকুৱা ঘড়ী বহুত আছে ।সেই বাবে দলিয়াই দিলো ।
তাৰ পাছত দিল্লীৰ মানুহজনে তেওঁ পিন্ধী থকা লাখটকিয়া জোতা এজোৰ দলিয়াই দিলে ।তেতিয়া মুম্বাইৰ মানুহ জনে দিল্লী মানুহজনক সুধিলে- আপুনি ইমান ধুনীয়া জোতা যোৰ কিয় দলিয়াই দিলে ।
তেতিয়া মানুজনে কলে আমাৰ দিল্লীত এনেকুৱা জোতা বহুত পোৱা যাই ।
আমাৰ অসমৰ জনে কি দলিয়াও বুলি ভাৱি ওচৰতে বহি থকা বাংলাদেশী এজন দলিয়াই দিলে ।তেতিয়া দিল্লীৰ মানুহজনে -আমাৰ ইয়াক কলে আপুনী এই মানুহজনক কিয় দলিয়াই দিলে ।তেতিয়া আমাৰ ই কলে -
.
.
.
.
.
.
.
.
.
.
.
.আমাৰ তাত এনেকুৱা মানুহ বহুত পোৱা যাই সেইবাবে মই দলিয়াই দিলো ।
হে: হে: ।
(বি:দ্ৰ:- মানুহ কেইজনে হিন্দীত কথা পাতিছিল)
By: Roctim Kumar Das

Wednesday 15 January 2014

মৌখিক পরীক্ষা

এবাৰ পঢ়ি চাব । ভাল লাগিলে লাইক কৰি দিব

দীপজ্যোতি নাথৰ এবাৰ মৌখিক পৰীক্ষা আছিল । শিক্ষয়ত্ৰী গৰাকীয়ে দীপজ্যোতিক সুধিলে :

শিক্ষয়ত্ৰী : সেইটো কি বস্টু হয় যোনটো মোৰ ওচৰত দুটা কিন্তু গাই গৰুৰ ওচৰত চাৰিটা থাকে ?

দীপজ্যোতি : ভৰি বা ঠেং

শিক্ষয়ত্ৰী : সেইটো কি হয় যোনটো তুমাৰ পেণ্টৰ ভিতৰত আছে আৰু মোৰ নাই ?

দীপজ্যোতি : পইচা

শীক্ষয়ত্ৰী : চুই চালে কোমল পালে
পেণ্ট খুলি ভৰাই দিলে ।
কি বস্তু ?

দীপজ্যোতি : কল

শিক্ষয়ত্ৰী : থু লগালে ঠিং খাই
ঠেলি দিলে সোমাই যাই ?

দীপজ্যোতি : কাপোৰ চিলোৰা বেজী ।

শিক্ষয়ত্ৰী :
চাৰিওপিনে বাল
মাজত খাল
গেলা গেলা গুন্ধাই
খাবলৈ ভাল

দীপজ্যোতি : তামোল ।

শিক্ষয়ত্ৰী : সেইটো কি কাম হয় যোনটো দিনত নকৰি ৰাতি বিচনাত কৰি ভাল লাগে ?

দীপজ্যোতি : টোপনি যাবলে

হাঃহাঃ হাঃহাঃ
দীপজ্যোতি পাছ ।

CHANGE YOUR THINKING
By: Ankrit Borah

Sunday 29 December 2013

ৰাৱনৰ বিৰি

ৰামায়নৰ যুদ্ধ চলি থকাৰ মাজতে ৰাৱনৰ বিৰি এটা খাৱৰ মন গল ! চিধাই আহি হনুমানক সুধিলে : ঐ হনু, বিৰি আছে নেকি ?
হনু : বিৰি নাই, শেষ হল !
ৰাৱন যোৱাৰ পাছত ৰামে হনুমানৰ ওচৰলৈ আহি ফুচফুচাই সুধিলে : ঐ হনু, তোৰ হাতত চোন বিৰি আছিলেই, তই কিয় নাই বুলি কলি ?
হনু : প্ৰভু, মিচা কলে কিদাল হব, মোৰ হাতত বিৰি আছে দহটা আৰু….
.
.
.
.
.
.
.
.
.

ৰাৱনৰো দহখন মুখ আছে ! সি একেবাৰতে গোটেইবোৰ বিৰি খাই শেষ কৰিব ! গতিকে তাক যদি বিৰি দিও মোলৈনো কিদাল থাকিব ?
By: Sanjeeb Borkakati

ফিউজ লাইভ

ফিউজ লাইভৰ টিভি শ্ব' চলি আছে..
মহিলা এংকৰ- হেল্ল্, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
- মই দিছপুৰৰ পৰা কৈছো
মহিলা এংকৰ- ওৱাও ময়ো দিছপুৰত থাকোঁ, দিছপুৰৰ ক'ত?
- কল্পতৰু পথ।
মহিলা এংকৰ- ওৱাও ময়ো কল্পতৰু পথত থাকোঁ, কল্পতৰু পথৰ কোনখিনিত থাকে?
- ডলফিন এপাৰ্টমেণ্ট!
মহিলা এংকৰ- কি আচৰিত! ময়ো সেইটো এপাৰ্টমেণ্টতে থাকোঁ! আপোনাৰ ফ্লেট নাম্বাৰ কিমান?
.
.
.
- মই তোমাৰ হাজবেণ্ডে কৈ আছোঁ, তোমাৰ ম'বাইল অফ্ থকা বাবে ইয়াতে ফোন কৰিলোঁ। ফ্লেটৰ চাবি ক'ত থৈ গ'লা?

বাথৰুমটোত মাথো পোহৰ অলপ কম !

চেংমাৰ বহুত মুৰৰ কামোৰণি, অসহ্য বিষত ৰব নোৱাৰি ডাক্টৰৰ ওচৰলৈ গ'ল। ডাক্টৰে পৰীক্ষা কৰি ঔষধ দিলে।নাই, নকমে।৩ মাহ ঔষধ খালে, তথাপিও একো improvement নাই।

৩মাহৰ মুৰত এদিন ডাক্টৰ জনে কলে,"শুনা, এসময়ত মোৰো এনেকুৱা মুৰৰ বিষ আছিল। মই আজি তোমাক যি কথা কম সেয়া মই মেডিকেল কলেজত শিকা কথা নহয়। এই কথা মই মোৰ নিজা experienceৰ পৰা শিকা। যেতিয়াই মোৰ মুৰৰ কামোৰণি হয়, মই ঘৰলৈ গৈ প্ৰথমে গৰম পানীৰে গা ধুৱাৰ পাচত মোৰ পত্নীয়ে ধুনীয়াকে মূৰটো মালিচ কৰি দিয়ে। তাৰ পাচত মোৰ মূৰৰ বিষ নকমিলেও মই মোৰ শ্ৰীমতীক bedroomলৈ লৈ যাওঁ। মূৰৰ কামোৰণিৰ কথা আওকাণ কৰি আমি দুয়ো দুয়োকে মৰম কৰো। তাৰ পাচত মূৰৰ কামোৰণি নাইকিয়া হৈ যায়।তুমিও try কৰি চোৱা। দুমাহ পাচত কেনে ফল পোৱা মোক আহি জনাবা।"

দুমাহ পাচত চেংমাই ডাক্টৰক দেখা কৰিলে :
"চাৰ, আচৰিত দেই। ইমান বছৰে ভুগি থকা বেমাৰ ইমান easily ভাল হৈ গ'ল।আপোনাক বহুত ধন্যবাদ। ও চাৰ কথা এটা কব লগা আছিল।আপোনাৰ ঘৰটো বহুত ধুনীয়া দেই। বাথৰুমটোত মাথো পোহৰ অলপ কম।"
.
.....
By:Hemanta Medhi

Friday 29 November 2013

দাঁতৰ চিকিৎসক...


ডা0 মাখন দা তেতিয়া দাঁতৰ চিকিৎসক । এদিন সন্ধিয়া দেখা গ'ল চেম্বাৰৰ বাহিৰত তেওঁ আনন্দৰে নাচি আছে । তেনেতে তেওঁৰ ব্যক্তিগত সহকাৰী সেংমাই আহিল, ''ছাৰ কিবা সমস্যাত পৰিছে নেকি ?''

মাখন দা -- সমস্যা হ'লে কি মই এনেদৰে আনন্দত নাচি থাকিম ।

সেংমাই :-- সেইবাবেইতো সুধিছো ছাৰ । ভিতৰত ৰোগী বহি আছে আৰু আপুনি বাহিৰত নাচি আছে !!

মাখন দা :-- ভিতৰত যি জন ৰোগী বহি আছে তেওঁ কোন জান্ জানো ?

সেংমাই :-- নাজানো, কোননো ছাৰ ?

মাখন দা :-- এজন পুলিচ চাৰ্জেন্ট, সেইদিনা ষ্পীডত গাড়ী চলোৱাৰ অপৰাধত ৩০০ টকা মোক জৰিমনা কৰিছিল । আজি তাক পাইছো বাপপেকে ।

Thursday 28 November 2013

নগেনৰ ঘৈণীয়েকঃ

নগেনৰ ঘৈণীয়েকঃ ড° আমাৰ এও মোৰ লগত ৰোমাঞ্চ
নকৰে।
ডাক্তৰঃ মই ৩০টা টেবলেট দিম । সদাই এটাকৈ ১মাহ
খুৱালে ঠিক হৈ যাৱ ।
ঘৰলৈ আহি ঘৈণীয়েকে নগেনক এটা টেবলেট খুৱালে আৰু
সেইদিনা ৰাতি নগেনে অলপ ৰোমাঞ্চ কৰিলে ।
পাছদিনা দুটা টেবলেট খুৱাই দিলে আৰু সেইদিনা অলপ
বেছিকৈ ৰোমাঞ্চ কৰিলে ।
তাৰ পাছদিনা ঘৈণীয়েকে বাকী থকা ২৭টা টেবলেট
ভাতৰ লগত মিহলাই একেলগত খুৱাই দিলে ।
.
.
.
.
৩ দিন পাছত ড° জনে নগেনৰ পুতেকক হস্পিতালৰ ওচৰত
লগ পায় মাকৰ বিষয়ে সোধাত সি কলে যেঃ
.
.
.
.
.
.
মা মৰি গল ।
মাহী আৰু পেহী মেডিকেলত পৰি আছে ।
কাম কৰা বাই জনী পলাই গল ।
ওচৰৰ আন্টি এজনীয়ে দেউতাৰ ওপৰত ৰেপ কেছ দিছে ।
মোৰ পিছফালটো এতিয়াও বিষাই আছে ।
ভাইটি বিচনাৰ তলত লুকাই আছে ।
দেউতাই কুকুৰ এটাৰ পিছে পিছে এতিয়াও দৌৰি আছে ।

Tuesday 26 November 2013

মোৰ দেউতা যদি ....

এটা ৯ -১০ বছৰীয়া সৰু ল’ৰা বাছত উঠিল আৰু ঠিক ড্ৰাইভাৰৰ পিছতে বহি একেৰাহে আঁওৰাব ধৰিলে... 

মোৰ দেউতা যদি এটা ষাঁড় আৰু মা যদি গাই হ’লহেতেন, মই এটা দমৰা হ’লোহেতেন...
.

.

কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা হাতী আৰু মা মাইকী হাতী হ’লহেতেন, মই পোৱালী হাতী হ’লোহেতেন...
.
.
.

আকৌ কিছু সময় মনে মনে থাকি পুণৰ আঁওৰাব ধৰিলে~ মোৰ দেউতা যদি মতা গাহৰি আৰু মা মাইকী হ’লহেতেন, মই এটা পোৱালী গাহৰি হ’লোহেতেন...

দুবাৰলৈকে যেনেতেনে সহ্য কৰিলে, কিন্তু এই তৃতীয়বাৰ ড্ৰাইভাৰৰ আৰু সহ্য নহ’ল...
গতিকে গাড়ীত ব্ৰেক্ মাৰি কৈয়েই পেলালে, “ঐ পোৱালী তই যে ইমান চিঁঞৰ -বাখৰ কৰি আছ, তোৰ বাপেৰ ডকাইত আৰু মাৰ বেশ্যা হোৱাহেতেন তই কি হলিহেতেন...? ”
.
.
.

“হি: হি: আংকল, একেবাৰে সহজ উত্তৰ~ আপোনাৰ দৰে এজন বাছ ড্ৰাইভাৰ হলোহেতেন...” , লৰাটোৱে তপৰাই উত্তৰ দিলে...!!!

(মূল কথাখিনি ইংৰাজী ভাষাৰ এটি ৰগৰত পাই নিজে অনুবাদ কৰি, কিছু মছলা সংযোজন কৰি আপোনালোকলৈ আগবঢ়ালো )

সুখী জীৱন যাপনৰ কেইটামান ৰহস্য-

১. জীৱনত টকাই সকলো নহয়। মাষ্টাৰকার্ড, ভিচা আদিৰো প্রয়োজন।

২. জীৱ জন্তুক ভাল পাব লাগে। কাৰণ সেইবোৰ সোৱাদযুক্তও।

৩. ফল-মুল স্বাস্থ্যৰ বাবে লাভদায়ক। সেয়ে সেইবোৰ অসুখৰ সময়ত খাবলৈ থোৱটো ভাল।

৪. কিতাপ সদায় পবিত্র। গতিকে তাৰপৰা আঁতৰত থকাটো ভাল।

৫. কার্য্যালয়ত চিঞৰী কথা কোৱাটো অনুচিত। ই সেইঠাইত শুইথকা সকলক আমনি দিব পাৰে।

৬. প্রতিবেশীক সদায় মৰম কৰিব লাগে। কিন্তু ধৰা নপৰাকৈ।

৭. কঠিন পৰিশ্রম কৰিলে মানুহৰ মৃত্যু নহয়। কিন্তু ইয়াক প্রমান কৰাৰ কি প্রয়োজন।

৮. আজিয়েই কষ্ট কৰাৰ কোনো প্রয়োজন নাই, যদি কালিলৈ সেই কামটো হৈ যায়। আন কাৰোবাৰ দ্বাৰা।

৯. সকলোৱে বিয়া পতা উচিত। কাৰণ জীৱনত সুখেই সকলো নহয়।

অনুদিত...

বিজ্ঞানৰ আজৱ উত্তৰ..

এবাৰ হাইস্কুল এখনৰ ছমহীয়া পৰীক্ষাৰ বহী চাবলৈ পোৱাৰ সুযোগ ঘটিছিল৷ অষ্টম নে নৱম শ্ৰেণীৰ বিজ্ঞানৰ বহী৷ উত্তৰবোৰ পঢ়ি পঢ়ি যথেষ্ট আমোদ পালো৷ তাৰে মনত থাকি যোৱা দুটামান উত্তৰ উল্লেখ কৰিলো৷
(ৰসৰ উৎস যদিও চিন্তনীয় বিষয়)
প্ৰশ্ন: মামৰ কি?
উত্তৰ: মামৰ এবিধ জিনিচ৷ ইয়াকে মামৰ বোলে৷

প্ৰশ্ন: ৰেলৰ চিৰিৰ মাজত ফাঁক কিয় থাকে?
উত্তৰ: বৰপেটাৰোডৰ পৰা গুৱাহাটী বহু দূৰ৷ গতিকে ৰেলেৰে যাব লাগে৷ ৰেলত বহুত মানুহ থাকে৷ ইমানবিলাক মানুহে উশাহ ল’বলৈ বহুতো অক্সিজেনৰ প্ৰয়োজন৷ সেইকাৰণে চিৰিৰ মাজত ফাঁক থাকে আৰু তাতে অক্সিজেন থাকে৷
প্ৰশ্ন: জাৰকালি ফণিৰে চুলি আঁচোৰাৰ পাছত সেই ফণিখনে কাগজৰ টুকুৰা আকৰ্ষণ কৰে৷ কিয়?
উত্তৰ: ফণিৰে চুলি আঁচুৰিলে ফণিত কিছুমান বগা বগা বস্তু লাগি আহে (ছাত্ৰ/ছাত্ৰীগৰাকীৰ নিশ্চয় মূৰত উফি হৈছিল) ৷ ইয়াৰ দ্বাৰা বুজা যায় যে ফণিখন কাগজেৰে তৈয়াৰী৷ একেজাতীয় বস্তুৱে একে বস্তুক আকৰ্ষণ কৰে৷ গতিকে ফণিখনে কাগজৰ টুকুৰা আকৰ্ষণ কৰে৷

প্ৰশ্ন: মাখিপাত কি?
উত্তৰ: মৌ-মাখিয়ে মৌ খাই যিটো পাতত পৰে সেইটোকে মাখিপাত বোলে৷
প্ৰশ্ন: আলু কাণ্ড নে শিপা?
উত্তৰ: বেছিকৈ সাৰ দিলে আলু প্ৰকাণ্ড হয়৷