Friday 4 April 2014

পৰচৰ্চা

by: Minurekha Gogoi

আমি মহিলা সন্থা লগ হ'লে সদায় যে পৰচৰ্চাহে কৰো এইটো নাভাবিৱ আকৌ দেই । কেতিয়াবা আমি অন্য ধৰণৰ কথাও পাতো।এবাৰ আমি আমাৰ ভাষাৰ মাজত কেনেকৈ ইংৰাজী শব্দ বোৰ সোমাই অসমীয়াৰ দৰেই হৈ গৈছে সেইবিষয়ে কথা পাতিছিলোঁ ।তাকেই অলপ ৰহণ সানি আগবঢ়াইছো।

কণিপতৌ গুৱাহাটীৰ ভাড়াঘৰত থাকি বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে এবাৰ তাৰ ককাদেউতাক আহিছিল খবৰ ল'বলৈ।আবেলি সি তেওঁক অটো এখনত উঠাই ফুৰাবলৈ লৈ গ'ল।
: ককা,এইখন মই পঢ়া গুৱাহাটী বিশ্ববিদ্যালয় দেই চাই লোৱা।
: অ' তই আকৌ ইউনিভাৰ্চিতিত পঢ়া বুলিহে জানো ।
: একেখনেইঅ'।এইবাৰ এইখন চোৱা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় ।আমাৰ গাঁৱৰ হেমন্ত ইয়াতেই পঢ়িছিল
: সি ইণ্জিনিয়াৰ নহয় জানো ।ইয়াত নাইপঢ়া হ'বলা।ইণ্জিনিয়েৰিং কলেজতহে পঢ়িছিল।
: উস ককা!সেইখনেই এইখন।এইবাৰএইখন চোৱা চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু হাস্পতাল।
: অ' বুজি পালোঁ দে এইবাৰ ।আয়ুৰ্বেদিক কলেজ আৰু হস্পিতেল।মই আগতে আহিছোঁ ইয়ালৈ ।অথনিৰে পৰা চিধাচিধি অসমীয়াত ক'লেই হয়।ইংৰাজী নামবোৰ কৈ থাকিলে কেনেকৈ চিনি পাওঁ নো নপঢ়া নুশুনা বুঢ়াটোৱে!


(কোনোবাই কৰবাত আগতে পঢ়িছে যদি মোৰ গাত দোষ নাই দেই ৰাইজ )

No comments:

Post a Comment