Showing posts with label তপু দা. Show all posts
Showing posts with label তপু দা. Show all posts

Thursday 13 November 2014

মহিলাসকল

by: Nayan Mani

কেইজনীমান বান্ধৱী লগলাগি অলপ দূৰলৈ ফুৰিবলৈ গল।
গৈ তাত এখন হোটেল দেখিলে যত লিখা আছিল "অকল মহিলাৰ বাবে"।
যিহেতু সিহতে গিৰিয়েক বা বয়ফ্রেণ্ড কেইটাক লগত নিয়া নাছিল, তেওঁলোকে তাতেই থাকিব মন কৰিলে।
সোমায়েই মেনেজাৰক লগ পালে। মেনেজাৰে কথাটো বুজায় দিলে যে সৰ্বমুঠ ৫ টা মহলা আছে। যিটো মহলা ভাল লাগে সেইটোতে থাকিব পাৰিব। আৰু তেওঁলোকৰ সুবিধাৰ কাৰনে কোনটো মহলাত কি আছে তাৰ এখন ফলক প্রত্যক মহলাৰ দুৱাৰমুখত আছে।
বান্ধৱী কেইজনী ওপৰলৈ উঠিল আৰু প্রথম মহলা পালে।


তাত লিখা আছিল "এই মহলাৰ সকলোবোৰ পুৰুষ চাপৰ আৰু কেটেঙা"। তেওঁলোকে থিকছে হাঁহিলে আৰু ২য় মহলালৈ গল।

২য় মহলাত লিখা আছিল "এই মহলাৰ সকলোবোৰপুৰুষ চাপৰ আৰু ধুনিয়া"। বান্ধৱীকেইজনী তাতেও নৰৈ আৰু ওপৰলে উঠিল।

৩য় মহলাত লিখা আছিল "এই মহলাৰ সকলোবোৰপুৰুষ ওখ আৰু কেটেঙা"।
তেওঁলোকে আৰু কিবা ভাল বিচাৰিছিল, সেইকাৰনে ২টা মহলা বাকি থকাত আকৌ ওপৰলৈ উঠিল।

৪ৰ্থ মহলাৰ ফলকখন পাৰফেক্ট আছিল "এই মহলাৰ সকলোবোৰ পুৰুষ ওখ আৰু ধুনিয়া"।
বান্ধৱীকেইজনী বহুত আনন্দিত হল আৰু ভিতৰত সোমাব খুজিলে।
তেতিয়াই অনুভব হল যে এতিয়াও আৰু এটা মহলা বাকি আছে।
৫ম মহলাত নো কি আছে তাকে ভাবি ভাবি গোটেই কেইজনী ওপৰলৈ উঠিল।

৫ম মহলাত গৈ তেওঁলোকে এখন ফলক দেখিলে য'ত লিখা আছিল


"ইয়াত কোনো পুৰুষ নাই।
এই মহলাটো মাত্র এটা কথা প্রমাণ কৰিবলৈ বনোৱা হৈছিল যে
.
.
.
.
.
...

মহিলাসকলক কেতিয়াওঁ কোনোপধ্যেই সন্তুষ্ট কৰিব নোৱাৰি"।

Tuesday 13 May 2014

@জোনবাই ২০৫০@

by: চিন্ময় দত্ত

আমাৰ পৰৱর্তী প্রজন্মই "জোনবাই এ বেজি এটি দিয়া বুলি..." গানটো কেনেকৈ গাব জানেনে

জোনবাই এ;
মবাইল এটি দিয়া বুলি
পদ্য মতা বয়সত;
তুমি পঢ়িছিলা এচি ৰুমত বহি
এপেল আইফোন ৰে লগত।।
আৰু মই তোমাকে 3G কল কৰি চালো জান ঐ;
ফটোচপ ৰ ইডিটিংত তোমাৰ মুখনি
নতুন ৰঙেৰে উঠিছিল জিলিকি।।


জোনবাই এ;
লেপটপ এটি দিয়া বুলি পদ্য মতা বয়সত,
আমি পঢ়িছিলো আৰামী চকীত বহি
প্লে-স্কুলৰ চোতালত।।
আৰু মই তোমাৰে ফটো লৈছিলো জান ঐ;
মৰম বুজি তুমি নাপালা ঐ,
ৱালপেপাৰ তেতিয়াৰ পৰাই তোমাৰে অ।।

মৰমজান ঐ;
ফেচবুকৰ বুকুতে চাটিং কৰা বয়সত;
তুমি পঢ়িছিলা ডুবাইৰ স্কুলত
এইটত নে ও নাইনত।।
আৰু মই তোমালৈ সদায় ৰাতি কৰি চাটিং;
ফটো টেগ কৰো তুমি ভাল পাবায়ে বুলি;
কোৱাই নহল জানা তোমাকে ও,
ভাল পাও বুলি এবাৰ চাটিংত অ।।

দেহাজান ও;
জীৱনত প্রথমবাৰ মিনি স্কার্ট পিন্ধোতে;
তুমি জোকাইছিলা গাল ৰঙা পেলাই ডিস্ক বাৰত পাই অকলে।
আৰু মই উচুপি উচুপি কান্দিলো জান ঐ;
কোমল বয়সৰ কোমলীয়া মন;
দেহাত জাগিছিল যৌৱনৰ শিশৰণ।।

Friday 4 April 2014

কিয় গুছি গ'লা ??

by নিভা গগৈ

ৰাতিপুৱা ঘটনা ,আশীষ দা ,ছোটা ডন আৰু মই ৰাষ্টাতে ৰৈ কথাপাতি আছোঃ

আশীষ দাঃ কালিৰ পৰা টেমা গৰম হৈ আছে বে ,ইমান লেতেৰা কৰি পেলাইছে যে ৰগৰৰ ৱালখন খঙত চুলি চিঙি দিব মন গৈছে নিজকে নিজে ।
ছোটা ডনঃ মোৰ আৰু গৰম হৈ আছে দেই ।জুই জ্বলি আছে একেবাৰে ভমভমাই ।

মই একো নামাতি ঘৰলৈ দৌৰ মাৰিলো ।পিছফালৰ পৰা আশীষ দায়ে চিঞৰিলে ,কি হ'ল নিভা ,কিয় গুছি গ'লা ??

মইঃ এক মিনিট ৰব দেই দুইজনেই ,মই আহি আছো ।চাহৰ চচ্ টো লৈ আঁহো , আমাৰ আজি চিলিণ্ডাৰ শেষ হ'ল . ৰাতিপুৱাৰ পৰা চাহ একাপও খোৱা নাই ,দুইজনৰ গাত জুই লাগি থাকোতেই চাহ একাপ বনাই লও !!

Monday 24 February 2014

এজন ৰজা

By: Raju Barman

এবাৰ এজন ৰজাৰ বৰ টান নৰিয়া হৈছিল । কোনোমতেহে যম ৰজাক মেনেজ কৰি কিছুদিনৰ ভেলিডিতি বঢ়াই আনিলে । এতিয়া দেহাটো কিছু সবল কৰাৰ মনেৰে ৰজাই আদেশ দিলে -"প্ৰতিজন প্ৰজাই মোৰ বাবে একোটাকৈ ফল আনিব লাগে । " আদেশ পাই প্ৰজাগণে ফল আনিবলৈ ধৰিলে । কোনোৱে আনিছে এটা কল, কোনোৱে এটা আঙুৰ, কোনোৱে আকৌ এটা আপেল । তাকে দেখি ৰজাৰ খঙে চুলিৰ আগ পালেগৈ ।
ৰজা: তহতে মোক অপমান কৰিছ । এটা এটা ফল আনি ৰজাক উপলুঙা কৰিবলৈ তহতে সাহস কত পালি ?

প্ৰজা : মহাৰাজ, আপুনিয়েইটো এটাকৈ ফল অনাৰ আদেশ দিছিল......,,

ৰজা : মুৰ্খহত, মই এবিধ ফল অনাৰ কথাহে বুজাইছিলো...,.. এই মুৰ্খামিৰ বাবে ইহতক শাস্তি প্ৰদান কৰা হওক । ৰজাই আদেশ দিলে যে প্ৰতিজন প্ৰজাকে সিহতে অনা ফল বোৰ নিজৰ নিজৰ 'বেক পেনেলেদি' সুমুৱাই দিব লাগে ।

আদেশ দিয়াৰ লগে লগে শাস্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হল ।
প্ৰথমে পাল পৰিল আঙুৰ অনা প্ৰজাজনৰ পাল.....

আঙুৰ অনা প্ৰজা: আইঔ......
.
ইয়াৰ পিছত পাল পৰিল জলফাই অনাজনৰ.....

প্ৰজা : আ..আ..আই ঔ....
.
Next পৰিল কলৰ পাল....
.
প্ৰজা : ..আহ.....আ....আ...আ..ই..ঔ.....ওমা...আইঔ..,
.
Next আপেল অনা প্ৰজাজনৰ পাল ।

প্ৰজা : ও..মা..ঔ...মৰিলোঔ....আই..ঔ...আই..ঔ.....ও মহাৰাজ , বছাওক ঐ.....আ......ই.......ঔ....

এনেদৰে গৈ গৈ এইবাৰ পৰিল আনাৰস অনা প্ৰজাজনৰ পাল । কিন্তু সকলোকে আচৰিত কৰি প্ৰজাজনে হাহিবলৈ ধৰিলে ।

প্ৰজা: হে...হে....হে......হা....হা...হা...

তাকে দেখি ৰজাই সুধিলে : তুমি হাহিছাযে......কষ্ট পোৱা নাই নেকি ?

প্ৰজা : মোৰ কষ্টৰ কথা নকব মহাৰাজ...... পিছৰ জনৰ কথা ভাবিহে মোৰ হাহি উঠিছে ।

ৰজা : কিয় ?

প্ৰজা: মোৰ পিছত .........কঠালৰ পাল মহাৰাজ.......!!!!!!

Saturday 8 February 2014

তপু দা

By: Niyar Partha Pratim Bujarbaruah

আজি ৰাতিপুৱাই উঠি দেখো, কথা বিষম । আমাৰ ওচৰত যে থাকে তপু দা, তেঁওৰ গোটেই মুখ ফুলি কলা পৰি আছে । চকু দুটাৰ ফালেটো চাবই নোৱাৰি, যিহে দেৱালীৰ আলু বোমাটোৰ দৰে হৈ আছে, এই ফুটু এই ফুটু অৱস্থা ।
মই বোলো কথা কি তপু দা? এই পুৱাই কোনখন বিধান সভাত যুজ বাগৰ কৰি আহিলহে?
( মই আপোনালোকক বিশ্বাস কৰি কথাখিনি কও, আপোনালোকে কিন্তু কাকো নকব দেই, মানে তপু দাক প্রমিজ কৰি থৈছো । )
- যোৱাৰাতি বোলে তপু দাই বহু ৰাতিলৈ মবাইলত ফেচবুক কৰি আছিল , নিলে নহয় বৌই টান মাৰি দিলে মবাইলটো । তপু দাৰো উঠি আছিল খং । কোনোবাই বোলে কেইদিনমানৰ পৰা ফেচবুকত তেঁওৰ টেমা বজাই আচিল । গতিকে খঙৰ ভমকত লগাই দিলে বৌক এচৰ । ঠাচ্...
লগে লগে বৌৰ কান্দি কাতি অৱস্থা নাই । তপু দাই দেখিলে কথা বিষম । তপু দাৰ কটীয়া দেহাটোত যিমান মৰম আছিল সকলো একলগ কৰি বৌক ক বুজালে- “ নাকান্দিবাচোন । মই মৰমতে হে মাৰিছো তোমাক । আচলতে যাক বেছি মৰম কৰা যায়, তেঁওৰ ওপৰত হে বেছি খং উঠে ।”

অলপ সময় পিছত বৌ ৰূমৰ পৰা ওলাই আহিল।
বৌৰ উত্তৰঃ তুমিও নাভাবিবা, মই তোমাক কমকে মৰম কৰো বুলি ।
তপু দাই ঘূৰি চোৱাৰ লগে লগেই দিলে নহয় ঠাচ্ ঠাচ্ ঠাচ্ ঠাচ্.........