Showing posts with label সেনাপতি দা. Show all posts
Showing posts with label সেনাপতি দা. Show all posts

Monday 1 September 2014

ব্যাখ্যা

by:Amritkumar Das

শিক্ষক : প্ৰসংগ সংগতি যিকোনো কবিতা এফাকি ব্যাখ্যা কৰা ।
ছাত্ৰ : ভীগে হোঠ তেৰে, প্যাসা দিল মেৰা ।
উক্ত কবিতা ফাকি বলিউডৰ প্ৰসিদ্ধ কবি সাধু শ্ৰী ইমৰান হাছমী(চুম্বন দেৱতা ) দেৱৰ দ্বাৰা ৰচিত মাডাৰ নামৰ কবিতা পুথি খনৰ ভীগে হোঠ তেৰে কবিতাটোৰ পৰা লোৱা হৈছে ।
এই কবিতাটোত কবিয়ে যেতিয়াই দেৱী মল্লিকাক নিবস্ত্র নচা দেখে তেতিয়াই তেওঁৰ সহ্য সীমা পাৰ হৈ যায় আৰু তেওঁ কয় হে দেৱী........ যেনেকৈ তোমাৰ ওঁঠৰ ভিতৰৰ পানীয়ে তোমাৰ পিয়াহ আতৰাইছে তেনেকৈ সেই পানীৰে মোৰো পিয়াহ আতৰাব বিচাৰো ।
উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে তেওঁৰ হাৰামী , নীচ আৰু অশ্লীল মনোভাৱ ব্যক্ত কৰিছে ।
কবিৰ ভাব সৰল আৰু স্পষ্ট ৰূপত চালে চৰিত্ৰহীন বুলি ভক্তসকলে দেখা পাব । আৰু কবিতাটোৰ জৰিয়তে কবিয়ে স্পষ্ট ভাৱে তেওঁৰ কঠোৰ আৰু নাৰীদেহৰ প্ৰতি থকা দুবলতাৰ প্ৰমাণ জনসাধাৰণৰ আগত দাঙি ধৰিছে ।

Saturday 8 February 2014

ছাৰৰ ফেচবুক আখ্যান

By: Joydeep Chakrabarty

আমাৰ ছাৰে বাইদেউৰ ভয়তে আজিকালি সদায়েই পাইখানাত বহি বহিয়েই ফেচবুকায় । বাইদেউৰ হাতত ছাৰে কেইবাবাৰো শাৰিৰীক ভাবে অপদস্থ হোৱা বাবেই ছাৰৰ এই পদক্ষেপ, ছাৰে নিজৰ নতুন এন্ডৰয়েড ফোনটো লৈ আজিও ৰাতিপুৱা ছাৰৰ আটাইতকৈ প্ৰিয় পাইখানাত সোমাই কোদালৰ দৰে দন্তকেইটা নিকটাই হাঁহি হাঁহি ফেছবুকাই আছিলে । হঠাৎ বাহিৰৰ পৰা বাইদেউয়ে দুৱাৰত টুকৰিয়ালে- হেৰি কি মানুহহে আপুনি ২ঘন্টাৰ পৰা হাগিয়ে আছে.... ওলাই আহক, মোৰ ইমাৰজেঞ্ছি হৈছে... নে তাতেই টোপনিয়ালে । ছাৰে খকমককৈ উঠি আহতে ফোনটো হাতৰ পৰা পিছলি একেবাৰেই পাইখানাৰ পেনত পৰি গ'ল ।

দুঃখ কষ্টত ছাৰৰ চকুৰে পানী ওলাই আহিল, কিমান কষ্ট কৰি ছাৰে এই ফোনটো গোটাইছিলে, তাকো পৰি ডুবি থাকিল পাইখানাৰ দৰে ঠাইত.... কিন্তু ই কি হঠাত্‍ পাইখানাৰ পেনৰ ফুটাৰে ওলাই আহিলে এটি পৰী। পৰী মানে দুঃগন্ধময় গুপৰীহে, ছাৰে দুৰ্গন্ধত নাকত হাত দিলে । পৰীটোৱে ছৰক শুধিলে কি হ'ল কান্ধি আছ কিয় বে ? ছাৰে ফোনটো পাইখানাত পৰা বুলি ক'লে । পৰীয়ে ক'লে ৰবা, চাওঁ মই কি কৰিব পাৰো এই বুলি কৈ গুপৰী পূণৰ পেনৰ ফুটাৰে সোমাই গ'ল। পিছ মূহুৰ্ত্ততে গুপৰীয়ে এটা নকিয়া X-2 হেন্ডছেট লৈ ওলাই আহি শুধিলে- চা বেকামূৰীয়া এইটো ফোন হয় নেকি...? ছাৰে ক'লে এইটো হয় পিছে এয়া ২মাহ আগত পৰাটোহে হয় আজিৰটো নহয় । গুপৰী পূণৰ পেনৰ ফুটাৰে সোমাই গৈ পুণৰ এটা মাইক্ৰমেক্স হেন্ডছেট লৈ ওলাই আহি শুধিলে- চা অবতৰীয়া এইটো ফোন হয় নেকি...? এইটো দেখোন যোৱা মাহত পৰাটো ছাৰে উত্তৰ দিলে । গুপৰী পূণৰ পেনৰ ফুটাৰে .... এইবাৰ চুমচাঙ গোল্ডেন এন্ডৰয়েড এটা লৈ ওলালে... ছাৰৰ খৰিকটিয়া আৰু জলদেৱতাৰ কাহিনীটো মনত পৰি গ'ল আৰু ছাৰে ক'লে- হেল্ল মেডাম গুপৰী এইটো দেখোন সোণৰ ফোন, এইটো মোৰ নহয়....
পৰীয়ে ক'লে আৰে গাধা ধুই চাই ল এইটোয়ে তোৰ ফোনটো ।
এনেতে বাহিৰৰ পৰা বাইদেউয়ে দুৱাৰত প্ৰচন্ড জোৰে টুকৰিয়ালে, ছাৰে গোল্ডেন এন্ডৰয়েড ফোনটো নোধোৱাকৈয়ে পকেটতলৈ পাইখানাৰ পৰা ওলাই আহিল ।

Thursday 28 November 2013

গজিনী ০২ ৰ দুটা চি’ন...

যয়ন্ত টালুকডাৰৰ গজিনী ০২ ৰ দুটা চি’ন (not SIN): -

১/
দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, ম‍ই কথাবোৰ ফট ফট পাহৰি যাওঁ|
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: কোনটো বেমাৰ? ম‍ই একো বুজা নাই....!!!

২/ দত্ত: ডাক্তৰ আজিকালি মোৰ এটা বেমাৰ হৈছে, মোৰ তামাম খং উঠে... ফট ফট ফট
কলিতা: কিমান দিন হৈছি এই বেমাৰটো হোৱাৰ?

দত্ত: তোক কেলে লাগে বে? ত‍ই জানি কি কৰিবি? চিনি পোৱা নাই ম‍ই কোন? দম আছে যদি মোক চিকুটি দেখা %#%ঽঽ$###

Tuesday 26 November 2013

উঠ চালা!

টেটোনে এদিন মদ খায় মাতাল হৈ মাজ নিশা
ঘৰলৈ উভতি আহি শুই থাকিল ।
তাৰ পিছতে তাৰ মৃত্যু হল । দুজন যমদূতে তাক টানি টানি জমৰ
আগত হাজিৰ কৰালে ।সি কান্দি কান্দি গাৰ কাপোৰ
কানি টিয়াই পেলালে আৰু
সি জম ৰজাক অনুৰোধ কৰিলে
দুনিয়াত আৰু এবাৰ ফিৰাই পাঠোৱাৰ কাৰণে ।
জমৰাজে তাক আৰু এটা সুযোগ দিলে আৰু তাক
মুৰগী বনায়
দুনিয়াত ফিৰাই পঠালে।
মুৰগী হৈয়ে সি এটা কণী পাৰিলে ।
কণীটো দেখি সি আচৰিত হৈ গল।
কণীটো আছিল সোনৰ আনন্দতে সি জোৰ
দি আৰু এটা কণী পাৰিলে ।
সেইটোওঁ আছিল সোনৰ কণী আৰু
আনন্দতে কণী পাৰিবলৈ জোৰ দিওঁতেই কোনোবা এজনে তাক
বাঢ়হনীৰে কোবালে ।
সি চকু খুলি দেখিলে তাৰ স্ত্রী ভেবলিয়ে
চিঞৰী আছে-
. . .
.
.
“উঠ চালা!
বিছনাত পেচাব কৰি তো ভহায় দিছাই
এতিয়া আকৌ পায়খানা কৰিব ধৰিছা !!!

Friday 22 November 2013

গোমৰ ফাঁক !!

সেনাপতিৰ স্কুলীয়া দিনৰ কথা...

পৰীক্ষাৰ ফীজ ৰেহাই পাবলৈ প্রধান শিক্ষকৰ ওচৰত সেনাপতিৰ দৰ্খাস্ত।
বিনীত নিবেদন এই যে মোৰ দেউতাই পৰীক্ষাৰ ফীজ দিবলৈ ৫০০ টকা দিছিলে।
 তাৰে ১০০ টকাৰ নেট পেক ভৰালোঁ, নতুন গাৰ্লফ্রেণ্ডৰ ম'বাইলত ৫০ টকা ভৰালোঁ, 
লগৰবোৰক ১০০ টকাৰ পাৰ্টি দিলোঁ আৰু বাকী ২৫০ টকা বাজীত হাৰিলোঁ। 

ইংৰাজী ছাৰৰ লগত বুৰঞ্জী বাইদেউৰ লিলিমাই চলিছে বুলি বাজী ধৰিছিলোঁ। 

হাৰি থাকিলোঁ.....আজি গম পালোঁ বুৰঞ্জী বাইদেউৰ লগত আপোনাৰ হে লিলিমাই চলি আছে!
এতিয়া বল আপোনাৰ কৰ্টত।
হয় মোৰ ফীজ ৰেহাই দিয়ক, নহ'লে.....
.
.
গোমৰ ফাঁক !!!

ইতি-
আপোনাৰ একান্ত বাধ্য ছাত্র
উদয়

Saturday 9 November 2013

ইচ Road কা নাম ?

এদিনাখন আমাৰ দেশৰ প্রধান মন্ত্রী মনমোহন সিং ডাঙৰীয়াই বৰপেটাত এটা ৰাস্তৰ ওপৰত এখন নতুনকৈ বনোৱা দলং এখনৰ শুভাৰাম্ভ কৰিবলৈ আহিলে

কিন্তু সিং ডাঙৰীয়াৰ শুভ উদ্বোধনী ভাষন দিওতে অলপ দিকদাৰ পালে ।

 কাৰন তেও যিটো ৰাস্তাৰ ওপৰত দলং খন বনাইছে সেই ৰাস্তাটোৰনাম টো তেও নেজানে ।

 সেয়েহে তেও ৰাস্তাটোৰ নামটো জানিবলৈ ৰাইজৰ পৰা ৰাস্তাটোৰ নামটো জানিবলৈ তেওঁ ৰাইজক হিন্দিতে সুধিলে

 দেবী ঔৰ চজ্জনো আপ লগোকে বিছ মে চে কৈ বাতা চেকটেহো কিয়া ইচ Road কা নাম ।

 তেনেতে আমাৰ সকলোৰে প্রিয় সেনাপতি দাই ৰাইজৰ মাজৰ পৰা ঘপহ কৰি থিয় হ খপহ কৰে কলে




 Sir জি ইচ Road কা নাম হায় " " " " " " ' " " " "




 টিকা ফাটা Road ।

By: সঞ্জীৱ তালুকদাৰ

পাচিত থকা .....

এদিন সেনাপতি দাৰ (পত্নী) বৌৱে ৰাতিপুৱা সোনকালে উঠি কাম বন কৰি গা ধুবলৈ বাথৰুমত সোমাল !

তেতিয়া সেনাপতিদাৰ লৰাটো তেনেই সৰু কেচুৱা !

বৌৱে গা ধুই নহালৈকে সেনাপতি দাই তাক বিচনাতে উমলাই আছিল !

 হথাৎ কেচুৱাটোৰ কান্দোনৰ চিঞৰ শুনি বৌৱে বাথৰুমৰ পৰাই চিঞৰি কলে -

 হেৰি , মইনাই যে ইমান কান্দি আছে তাক কি লাগে দি দিয়কচোন !
 : তাক দেখুন বিচৰা বস্তুটো দিয়াৰ পৰাই বেচিকৈ কান্দিচে !
 : সি নো কি বিচাৰিচিল ? . . . . . . . . . . . . . . . . . . . . . . . . . .





 : পাচিত থকা পকা জলকীয়াটো !

By: Sanjeeb Borkakati

'ৰগৰ'ৰ চলেৰে…!

গৰম দিন।
 সিংহ এটা গছৰ ছাঁত জিৰণি লৈ আছিল।
সেই সময়তে নিগনি এটা কৰবাৰ পৰা আহি, সিংহটোৰ গাত উঠিলহি।
 সিংহৰ বৰ খং উঠিল। সি নিগনিটোক একে থাপে ধৰিলে আৰু মাৰি পেলাবলৈ ল'লে।
 নিগনিটোৱে ক'লে…, "…মহাৰাজ মোক ক্ষমা কৰক। আপুনি মোক এৰি দিলে, ভৱিষ্যতে মই আপোনাক সহায় কৰিম…!"
 সিংহই হাঁহিলে। "…তই সাধাৰণ নিগনিয়ে মোক কিডাল সহায় কৰিবি…? যা বাৰু তোক এৰি দিলো…!" .
 বহুদিনৰ পাচত এদিন, সেই সিংহটো চিকাৰীৰ জালত পৰিল। চিঞৰত সি গগন ফালিলে। সেই সময়তে নিগনিটো আহি তাত ওলালহি।
 সি ক'লে, "…চিন্তা নকৰিব মহাৰাজ, মই আপোনাক ৰক্ষা কৰিম…!"
 এই বুলি কৈ নিগনিটো গুচি গ'ল।
 সেই গ'ল যি গ'ল…, তাৰপাছত কোনো খবৰেই নাই।
 সিংহ ৰৈ থাকিল, সময় গৈ থাকিল। নাই…, নিগনিৰ কোনো খবৰ নাই। …

দুঘন্টা মানৰ পিছত নিগনি আহি ওলালহি। পিচে অকলে নহয়, লগত পূৰা 'মিডিয়া' লৈ আহিল।
বাতৰি কাকত, নিউজ চেনেল, …মুঠতে পূৰা সংবাদ মাধ্যম লৈ আহিল।
 আহিয়েই চিধা সিংহৰ গাত উঠিল গৈ। লগে-লগে কেমেৰাৰ 'ফ্লাচ' জিলিকি উঠিল, ভিডিঅ' ৰেকৰ্ডিং আৰম্ভ হৈ গ'ল।

 তাৰপাছত নিগনিয়ে ভাষণ আৰম্ভ কৰিলে…, "…শ্ৰদ্ধেয় অসমবাসী ৰাইজ, আপোনালোকৰ বহুতেই জানে যে এই সিংহটোক মই আগতেও এবাৰ বচাই থৈছো। কিন্তু হ'লে কিডাল হব…!
মাত্ৰ অসমৰ এল. পি. স্কুলৰ কিতাপত হে খবৰটো ছপা হ'ল।
 অসমৰ বাহিৰত কোনো গমেই নাপালে। গতিকে এইবাৰ সেই ভুল নকৰো। …
এইবাৰ পূৰা 'লাইভ কভাৰেজ' হব, …

অসমৰ ইমান ধুনীয়া 'সাধুকথা' গোটেই দেশে জানিব লাগিব।
জানিব লাগিব, অসমতো 'বিশ্বমান'ৰ (world class) সাধুকথা আছে। জয় আই অসম…!"

By: Udoy Senapoti

ভজা মাছৰ মূৰটো !

এয়া ১৯৭৫ চনমানৰ কথা ।
 সেনাপতি দা তেতিয়া মুম্বাইত থাকে।
এদিন ৰাতিপুৱা সময়ত তেওঁ জাহাজত উঠি কৰবালৈ ফুৰিবলৈ গৈ আছিল !
তেওঁৰ কাষত আছিল এজন ইজৰাইলী ভদ্রলোক !
 দুয়ো চিনাকি হ'ল । ইটো সিটো কথা পাতিবলৈ আৰম্ভ কৰিলে !
কিছুসময় এনেকৈ যোৱাৰ পিচত সেনাপতি দাই হঠাত্‍ কিবা এটা চিন্তা কৰাৰ দৰে কৰি তেওঁৰ লগত বস্তু নিয়া বেগ টো খুলি কাগজেৰে আলফুলকৈ মেৰিয়াই অনা টোপোলা এটা উলিয়ালে আৰু তাৰপৰা ডাঙৰ ভজা মাছৰ মূৰ এটা উলিয়াই এবাৰ ভালদৰে চাই লৈ তাক খাবলৈ ধৰিলে ।..... ....
ইজৰাইলী ভদ্রলোক জনে তেওঁৰ কার্যকলাপ চাই আছিল । তেওঁ সেনাপতি দাক তেনেকে মাছৰ মূৰাতো খাইলৈ লোৱা দেখি সুধিলে -
 "হেৰি বন্ধু আপুনি এনেকৈ ভজা মাছৰ মূৰটো কিয় খাবলৈ লৈছে!"
 সেনাপতি দা :" আপুনি নুবুজিব হে ! এয়া আমাৰ ভৰতীয়সকলৰ চিক্রেট ! এনেকৈ ৰাতিপুৱা ভজা মাছৰ মূৰ খালে টামাম মগজু হয় ! আমি ভাৰতীয় সকলে সদায় এনেকৈ এটা এটা মাছৰ মূৰ খাওঁ । সেইকাৰণে আমাৰ টামাম মাথা ! "
 ইজৰাইলী জনে ভাবিলে হবওঁ পাৰে কি ঠিক ! তথাপি তেওঁ নিজৰ মনটোক সন্তুষ্ট কৰিব নোৱাৰিলে ।
সুধিলে- ..."আওঁ দেউ আপুনি কয় কি হে ! ভজা মাছৰ মূৰ খালে সচাকে মগজু হয়নে ?...
 সেনাপতি দা: "আপুনি একোদাল নাজানে হে ! আপুনি মুর্খ ! আচলতে আপুনিহে ভজা মাছৰ মূৰ খাবলৈ আৰম্ভ কৰা উচিত, মগজু হব !"...
 ইজৰাইলী জনে কিবা এটা ভাবিলে আৰু কলে - "হেৰি বন্ধু অনুগ্রহ কৰি মোকো এটা ভজা মাছৰ মূৰ দিবনে ?" 
 সেনাপতি দা : "মোৰ হাতত এটা বঢ়িয়াকে ভাজি থোৱা ডাঙৰ মাছৰ মূৰ এটা আছে অবশ্যে ! কিন্তু মই আপোনাক দিব নোৱাৰিম !"
 ইজৰাইলী ভদ্রলোক : "নহয় নহয় আপোনাক মই যিমান লাগে সিমান পইচা দিম ! (১০০ টকীয়া নোট এখন উলিয়াই ) লয়া লওঁক !"
 সেনাপতি দা : "নাই নাই !আপুনি বৰ কিবা দিয়ক হে ! উপায় নাই আৰু ! লয়া লওঁক !আপোনাক বন্ধু বুলিহে দিলো আৰু ! ".... .....
এইবুলি ১০০ টকীয়া নোটখন লৈ বেলেগ কাগজৰ টোপোলা এটা খুলি ডাঙৰ মাছৰ মূৰ এটা উলিয়াই সেনাপতি দাই ইজৰাইলী জনক খাবলৈ দিলে ।.... ...
ইজৰাইলী জনে আনন্দমনে মাছৰ মূৰটো খাবলৈ আৰম্ভ কৰিলে ! মূৰটো খাবলৈ আৰম্ভ কৰাৰ কিছুসময় পিচত হঠাত কিবা এটা চিন্তা কৰি তেওঁ সেনাপতি দাৰ ফালে চাই কলে -
 "আপোনাৰ চাগে গোটেই মাছটো কিনোটেই ৫ টকাৰ বেছি লোৱা নাছিলে ! মোক মূৰটোৱেই ১০০ টকাত বেছিলে !"....

সেনাপতি দা: "এয়া চাওঁক, মই কৈছিলোনে ! মাছৰ মূৰ খোৱা শেষ নৌ হওঁতেই আপোনাৰ মগজুৱে কাম দিবলৈ ললেই !

হেভ এ হেপ্পী জার্নি বন্ধু , এনজয় কৰক !"........
By: Nâvâ Kríshñá DéKá

Thursday 31 October 2013

নদন-বদন বাক্য ৰচনা

পঞ্চম মান শ্রেনীত পৰীক্ষাত নদন-বদন খণ্ডবাক্যটোৰে বাক্য ৰচনা কৰিব দিলে ।

আমাৰ ৰগৰ ঘৰৰ মহান ব্যক্তি সেনাপতি ডাঙৰীয়ই প্রশ্নটো চাই মুৰ ঘুৰাই গল কাৰণ তেওঁ কোনোদিনে সেই খণ্ডবাক্যটোৰে একো বাক্য লিখিব সিকা নাই

 তথাপি তেওঁ প্রশ্নটো এৰি দিয়াত নাই কাৰণ শ্রেনীৰ ভিতৰতে তেওঁক সকলোৱে বিৰাৎ জনা আৰু তেঙৰ বুলি জানে ।

শেষত বহুত চিন্তা ভাৱনা কৰি বাক্য এটা উত্তৰ বহীত লিখি পেলালে এই বুলি





" ঐ নদন বদন কলৈ গল ও " ।

Wednesday 30 October 2013

আব্বে কোন কুক্কুৰ

বন্ধুসকল, আপোনালোক বহুতেই হয়তো নাজানে যে আমাৰ আশিষ দা আৰু সেনাপতি দা ইঞ্জিনিয়াৰিং কলেজত পঢ়োতে একেলগে ভাৰাৰুমত থাকি পঢ়াশুনা কৰিছিল!

 তেওঁলোক দুয়োজন পঢ়া শুনাত বেছ ভাল আছিল !

 ইম্মান পঢ়িছিল যে, পঢ়ি পঢ়ি কেতিয়াবা ৰাতি পুৱাই দিছিল !

 এদিনাখনৰ কথা ৰাতি দুয়োজনে পঢ়ি আছে ,
 কিমান টাইম হ'ল কাৰোৰে খেয়ালেই নাই !
 হঠাত্‍ এবাৰ আশিষ দাই সেনাপতি দাক সুধিলে - "এই সেনা কেই বাজিল ঐ ?"

 আমাৰ সেনাপতি দাই আকৌ চব কাম ডিফেৰেন্ট ষ্টাইলত প্রেক্টিকেলী কৰিহে ভাল পায় !

তেওঁ লগে লগে খিৰিকীখন খুলিলে শিলগুটি এটা লৈ কাষৰ ঘৰলৈ মাৰি পঠিয়ালে !

লগে লগে কাষৰ ঘৰৰ পৰা চিঞঁৰ শুনা গল- "আব্বে কোন কুক্কুৰ বে এই ৰাতি ৩ বজাত ঘৰত শিলগুটি মাৰিছ' !"

 ৰাইজ, এয়াই হ'ল আমাৰ সেনাপতি দাৰ কামৰ ডিফেৰেন্ট ইঞ্জিনিয়াৰিং ষ্টাইল ! কেনে পালে বাৰু ?..

By: Nâvâ Kríshñá DéKá

Sunday 27 October 2013

এই পৃথিবীত সবাতোকৈ ডাঙৰ কোন ?

এবাৰ আমাৰ সেনাপতি দা একদম ফিটিং হৈ ঘৰলৈ আহি আছিল ।
 আহি থকা ৰাস্তাতে মন্দিৰ এটা দেখি হাত দুখন পূৰা ওপৰ ফালে কৰি এবাৰ প্রণাম জনালে আৰু দেখিলে যে মন্দিৰৰ বাহিৰত পূজাৰী এজন ৰৈ আছে !

 তেওঁ পূজাৰী জনৰ ওচৰলৈ গ'ল আৰু সুধিলে - "কওঁকচোন প্রভূ এই পৃথিবীত সবাতোকৈ ডাঙৰ কোন ?"
 পূজাৰী - "সবাতোকৈ ডাঙৰ মন্দিৰ বাচা !"
 সেনাপতি দা- "যদি মন্দিৰেই সবাতোকৈ ডাঙৰ তেনে ই পৃথিবীৰ ওপৰত কেনেকৈ থিয় হৈ আছে ?"
 পুজাৰী-"পৃথিবী ডাঙৰ !"
 সেনাপতি দা-"যদি পৃথিবীয়েই সবাতোকৈ ডাঙৰ তেনে ই কালনাগৰ ওপৰত কেনেকৈ ঠিয় হৈ আছে ?"
 পূজাৰী -"কালনাগ ডাঙৰ!"
 সেনাপতি দা -"কালনাগেই যদি সবাতোকৈ ডাঙৰ তেনে ই শিৱৰ গলত কেনেকৈ মেৰ খাই আছে ?"
 পূজাৰী - "শিৱ ডাঙৰ !" 
সেনাপতি দা- "শিৱই যদি সবাতোকৈ ডাঙৰ তেনে তেওঁ পর্বতৰ ওপৰত কেনেকৈ বহি আছে ! " 
পূজাৰী-"পর্বত ডাঙৰ !"
 সেনাপতি দা-"পর্বতেই যদি সবাতোকৈ ডাঙৰ তেনে ই হনুমানৰ আঙুলিৰ ওপৰত কেনেকৈ ঠিয় হৈ আছিল ?"
 পুজাৰী- "হনুমান ডাঙৰ !"
 সেনাপতি দা-"হনুমানেই যদি সবাতোকৈ ডাঙৰ ৰামৰ চৰণত কিয় পৰিছিল ?".......
 পূজাৰী-"হে হৰি, মোৰ দেউতা ঈশ্বৰ তুমিয়েই কোৱাচোন এই পৃথিবীত সবাতোকৈ ডাঙৰ কোন ?" . . .


 সেনাপতি দা- "আব্বে এই পৃথিবীত তেওঁৱেই ডাঙৰ বে, যি পূৰা বটল খাই কতো নিহিলাকে নিজৰ জিভাৰ ওপৰত ঠিয় হৈ থাকিব পাৰে !!!".........

By: Nâvâ Kríshñá DéKá