Saturday 8 February 2014

ছাৰৰ ফেচবুক আখ্যান

By: Joydeep Chakrabarty

আমাৰ ছাৰে বাইদেউৰ ভয়তে আজিকালি সদায়েই পাইখানাত বহি বহিয়েই ফেচবুকায় । বাইদেউৰ হাতত ছাৰে কেইবাবাৰো শাৰিৰীক ভাবে অপদস্থ হোৱা বাবেই ছাৰৰ এই পদক্ষেপ, ছাৰে নিজৰ নতুন এন্ডৰয়েড ফোনটো লৈ আজিও ৰাতিপুৱা ছাৰৰ আটাইতকৈ প্ৰিয় পাইখানাত সোমাই কোদালৰ দৰে দন্তকেইটা নিকটাই হাঁহি হাঁহি ফেছবুকাই আছিলে । হঠাৎ বাহিৰৰ পৰা বাইদেউয়ে দুৱাৰত টুকৰিয়ালে- হেৰি কি মানুহহে আপুনি ২ঘন্টাৰ পৰা হাগিয়ে আছে.... ওলাই আহক, মোৰ ইমাৰজেঞ্ছি হৈছে... নে তাতেই টোপনিয়ালে । ছাৰে খকমককৈ উঠি আহতে ফোনটো হাতৰ পৰা পিছলি একেবাৰেই পাইখানাৰ পেনত পৰি গ'ল ।

দুঃখ কষ্টত ছাৰৰ চকুৰে পানী ওলাই আহিল, কিমান কষ্ট কৰি ছাৰে এই ফোনটো গোটাইছিলে, তাকো পৰি ডুবি থাকিল পাইখানাৰ দৰে ঠাইত.... কিন্তু ই কি হঠাত্‍ পাইখানাৰ পেনৰ ফুটাৰে ওলাই আহিলে এটি পৰী। পৰী মানে দুঃগন্ধময় গুপৰীহে, ছাৰে দুৰ্গন্ধত নাকত হাত দিলে । পৰীটোৱে ছৰক শুধিলে কি হ'ল কান্ধি আছ কিয় বে ? ছাৰে ফোনটো পাইখানাত পৰা বুলি ক'লে । পৰীয়ে ক'লে ৰবা, চাওঁ মই কি কৰিব পাৰো এই বুলি কৈ গুপৰী পূণৰ পেনৰ ফুটাৰে সোমাই গ'ল। পিছ মূহুৰ্ত্ততে গুপৰীয়ে এটা নকিয়া X-2 হেন্ডছেট লৈ ওলাই আহি শুধিলে- চা বেকামূৰীয়া এইটো ফোন হয় নেকি...? ছাৰে ক'লে এইটো হয় পিছে এয়া ২মাহ আগত পৰাটোহে হয় আজিৰটো নহয় । গুপৰী পূণৰ পেনৰ ফুটাৰে সোমাই গৈ পুণৰ এটা মাইক্ৰমেক্স হেন্ডছেট লৈ ওলাই আহি শুধিলে- চা অবতৰীয়া এইটো ফোন হয় নেকি...? এইটো দেখোন যোৱা মাহত পৰাটো ছাৰে উত্তৰ দিলে । গুপৰী পূণৰ পেনৰ ফুটাৰে .... এইবাৰ চুমচাঙ গোল্ডেন এন্ডৰয়েড এটা লৈ ওলালে... ছাৰৰ খৰিকটিয়া আৰু জলদেৱতাৰ কাহিনীটো মনত পৰি গ'ল আৰু ছাৰে ক'লে- হেল্ল মেডাম গুপৰী এইটো দেখোন সোণৰ ফোন, এইটো মোৰ নহয়....
পৰীয়ে ক'লে আৰে গাধা ধুই চাই ল এইটোয়ে তোৰ ফোনটো ।
এনেতে বাহিৰৰ পৰা বাইদেউয়ে দুৱাৰত প্ৰচন্ড জোৰে টুকৰিয়ালে, ছাৰে গোল্ডেন এন্ডৰয়েড ফোনটো নোধোৱাকৈয়ে পকেটতলৈ পাইখানাৰ পৰা ওলাই আহিল ।

No comments:

Post a Comment