Saturday 9 November 2013

ভজা মাছৰ মূৰটো !

এয়া ১৯৭৫ চনমানৰ কথা ।
 সেনাপতি দা তেতিয়া মুম্বাইত থাকে।
এদিন ৰাতিপুৱা সময়ত তেওঁ জাহাজত উঠি কৰবালৈ ফুৰিবলৈ গৈ আছিল !
তেওঁৰ কাষত আছিল এজন ইজৰাইলী ভদ্রলোক !
 দুয়ো চিনাকি হ'ল । ইটো সিটো কথা পাতিবলৈ আৰম্ভ কৰিলে !
কিছুসময় এনেকৈ যোৱাৰ পিচত সেনাপতি দাই হঠাত্‍ কিবা এটা চিন্তা কৰাৰ দৰে কৰি তেওঁৰ লগত বস্তু নিয়া বেগ টো খুলি কাগজেৰে আলফুলকৈ মেৰিয়াই অনা টোপোলা এটা উলিয়ালে আৰু তাৰপৰা ডাঙৰ ভজা মাছৰ মূৰ এটা উলিয়াই এবাৰ ভালদৰে চাই লৈ তাক খাবলৈ ধৰিলে ।..... ....
ইজৰাইলী ভদ্রলোক জনে তেওঁৰ কার্যকলাপ চাই আছিল । তেওঁ সেনাপতি দাক তেনেকে মাছৰ মূৰাতো খাইলৈ লোৱা দেখি সুধিলে -
 "হেৰি বন্ধু আপুনি এনেকৈ ভজা মাছৰ মূৰটো কিয় খাবলৈ লৈছে!"
 সেনাপতি দা :" আপুনি নুবুজিব হে ! এয়া আমাৰ ভৰতীয়সকলৰ চিক্রেট ! এনেকৈ ৰাতিপুৱা ভজা মাছৰ মূৰ খালে টামাম মগজু হয় ! আমি ভাৰতীয় সকলে সদায় এনেকৈ এটা এটা মাছৰ মূৰ খাওঁ । সেইকাৰণে আমাৰ টামাম মাথা ! "
 ইজৰাইলী জনে ভাবিলে হবওঁ পাৰে কি ঠিক ! তথাপি তেওঁ নিজৰ মনটোক সন্তুষ্ট কৰিব নোৱাৰিলে ।
সুধিলে- ..."আওঁ দেউ আপুনি কয় কি হে ! ভজা মাছৰ মূৰ খালে সচাকে মগজু হয়নে ?...
 সেনাপতি দা: "আপুনি একোদাল নাজানে হে ! আপুনি মুর্খ ! আচলতে আপুনিহে ভজা মাছৰ মূৰ খাবলৈ আৰম্ভ কৰা উচিত, মগজু হব !"...
 ইজৰাইলী জনে কিবা এটা ভাবিলে আৰু কলে - "হেৰি বন্ধু অনুগ্রহ কৰি মোকো এটা ভজা মাছৰ মূৰ দিবনে ?" 
 সেনাপতি দা : "মোৰ হাতত এটা বঢ়িয়াকে ভাজি থোৱা ডাঙৰ মাছৰ মূৰ এটা আছে অবশ্যে ! কিন্তু মই আপোনাক দিব নোৱাৰিম !"
 ইজৰাইলী ভদ্রলোক : "নহয় নহয় আপোনাক মই যিমান লাগে সিমান পইচা দিম ! (১০০ টকীয়া নোট এখন উলিয়াই ) লয়া লওঁক !"
 সেনাপতি দা : "নাই নাই !আপুনি বৰ কিবা দিয়ক হে ! উপায় নাই আৰু ! লয়া লওঁক !আপোনাক বন্ধু বুলিহে দিলো আৰু ! ".... .....
এইবুলি ১০০ টকীয়া নোটখন লৈ বেলেগ কাগজৰ টোপোলা এটা খুলি ডাঙৰ মাছৰ মূৰ এটা উলিয়াই সেনাপতি দাই ইজৰাইলী জনক খাবলৈ দিলে ।.... ...
ইজৰাইলী জনে আনন্দমনে মাছৰ মূৰটো খাবলৈ আৰম্ভ কৰিলে ! মূৰটো খাবলৈ আৰম্ভ কৰাৰ কিছুসময় পিচত হঠাত কিবা এটা চিন্তা কৰি তেওঁ সেনাপতি দাৰ ফালে চাই কলে -
 "আপোনাৰ চাগে গোটেই মাছটো কিনোটেই ৫ টকাৰ বেছি লোৱা নাছিলে ! মোক মূৰটোৱেই ১০০ টকাত বেছিলে !"....

সেনাপতি দা: "এয়া চাওঁক, মই কৈছিলোনে ! মাছৰ মূৰ খোৱা শেষ নৌ হওঁতেই আপোনাৰ মগজুৱে কাম দিবলৈ ললেই !

হেভ এ হেপ্পী জার্নি বন্ধু , এনজয় কৰক !"........
By: Nâvâ Kríshñá DéKá

No comments:

Post a Comment