Showing posts with label Asomiya Jokes. Show all posts
Showing posts with label Asomiya Jokes. Show all posts

Friday 28 August 2020

ঐ চবজিখিনি খাওঁতে মুখত ফেনাইছে দেখোন

কেইবছৰমানৰ আগৰ কথা, গাওঁত দাদা এজনৰ বিয়া আছিল। আজিকালিৰ দৰে তেতিয়া গাওঁবোৰত টেন্ট হাউচৰ মানুহে আহি বিয়াৰ পেণ্ডেল নিদিছিল, কেটাৰিংৰ মানুহে খানা নিবিলাইছিল। গাওঁৰ ল'ৰাবোৰেই মিলিজুলি পেণ্ডেল দিয়া, বিয়াত বিলনীয়া কৰা, খাবলৈ কলগছৰ পটুৱা বনোৱা আদি সকলো কাম কৰিছিল।
বিয়াৰ দিনা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ল'ৰাবোৰে লাগি ভাগি দি ৰাতি দৰা গাড়ীৰ লগত কইনা ঘৰলৈ যাবলৈ সাজু হ'ল। দিনটোৰ ভাগৰ, গা বিষ মাৰিবলৈ বগাইয়ে ক'ৰ পৰা জানো 'ফুল' এটা যোগাৰ কৰিলে কইনা ঘৰত খাই অলপ ফুৰ্টি কৰিবলৈ। লাগেই দিয়কছোন ইমান ভাগৰত গৈ গোটেই ৰাতি কইনা ঘৰত হামিয়াই থাকিলেহে হ'ব ধুনীয়া ধুনীয়া কইনা ঘৰৰ ছোৱালী নাচাই। ৰাতি ১০.৩০ মান বজাত গাড়ী কইনা ঘৰ পালেগৈ। কইনা ঘৰৰ আর্থিক অৱস্থা ইমান ভাল নহয়, কেঞ্চি বাটামৰ ঘৰ, নতুনকৈ চুণ-তেল মাৰিছে। গৈ পোৱাৰ অলপ পাছতে ভাত খাবলৈ মাতিলে। মাছ-মাংস নাই, ভাত, দালি, চয়াবিন-ৰঙলাও-আলু ভাজি, পাপৰ আচাৰ এনেকুৱা ধৰণৰ খানা আৰু। কেইটামান কেইটামান ভাত খাই বগাই, কণপিতৌ, থুলুকে বটলটো খোলা জেগা বিছাৰিব লাগিল।
সকলোফালে মানুহ। কোনেও নেদেখাকৈ শান্তিৰে বহিব পৰা জেগা অকণ নাই ক'তো। বাৰীৰ ফালে যোৱাত থুলুকে নতুনকৈ বনোৱা পকা বাথৰুম এটা দেখিলে, ওচৰত গৈ নকিয়া ব্লেক এণ্ড হুৱাইট ১১০০ মডেলৰ মোবাইলটোত থকা টর্চটো মাৰি চাই দেখিলে যে পকাখন শুকাই আছে। তিমূৰ্তিয়ে সিদ্ধান্ত কৰিলে যে কাম ফেৰা ইয়াতে কৰিব পৰা যাব। পলম নকৰি তিনিওটা তাতে এডজাষ্ট কৰি বহি ললে। বহোঁতেহে সিহঁতৰ মনত পৰিল যে ফুলটো আনিলে হয় কোন লগত খাবলৈ চানা, দালবুট, মাংস একো নাই। এতিয়া কি কৰা যায়!
অৱশেষত ওপাই এটা ওলাল যেনিবা; বিয়া ঘৰৰ ৰঙালাও-আলু ভাজিয়েই আজি কাম আহিব।বোলে "নাই মোমাইতকৈ কণা মোমাইয়ে ভাল"।
কথা মতেই কাম, কণপিতৌয়ে ৰন্ধা ঘৰৰ পৰা ৰঙালাও-আলু চবজি বাতি এটা আনিলে, নতুন বাথৰুমতে বহি বিয়া ঘৰৰ প্লাষ্টিকৰ গিলাছত এপেগ এপেগ ঢালি তিনিওয়ে গোঁসাই নাম লৈ আৰম্ভ কৰিলে।
তিনি পেগ মান খোৱা পাছত অলপ চকুতো জিলমিল-জিলমিল লাগিছে আৰু তেনেতে বগাইয়ে পাক খাই ধৰা জিভাখনৰে মাত দিলে "ঐ ৰঙালাও খিনি বৰ ধুনীয়া গোন্ধাইছে দেখোন.."
"ধেই এইটো, তিনি পেগ খাওঁতেই নিচা হ'লেই তোৰ..." থুলুকে বগাইক দম দি ক'লে।
তিনিওটায়ে আকৌ এপেগ এপেগ গিলিলে, আকৌ বগাইয়ে মাত দিছে "ঐ ৰঙালাও খিনি খাওঁতে মুখত ফেনাইছে দেখোন.."
কণপিতৌয়ে কথা কথাটোনো কি বুলি ভাবি নকিয়া মোবাইলৰ টর্চটো তাৰ মুখত মাৰি দেখে যে কথাটো হয়! তাৰ মুখ খন ফেনাই আছে।
তিনিওটাৰে চকুটোও নিচাত জিল মিলাই আছে, তেনৈকেয়ে কথাটো অনুসন্ধান কৰি দেখে যে কথা আৰু নিচাৰ কোবত ৰঙালাও-আলু চবজি প্লেটখন হাত লাগিয়ে নেকি চাইড হৈ আছে, তাৰ ঠাইত আছে চাবোনৰ কে'ছ এটাত পানী লাগি গেল-গেলিয়া হৈ থকা LUX চাবোন এটা।


তেতিয়াহে উৰহীৰ উৰ ওলাল। ইমান টাইম বগাইয়ে গেল-গেলিয়া দি থকা চাবোনটোকে সিজোৱা ৰঙালাও-আলু চবজি বুলি ভাবি চিকুতি চিকুতি খাই আছিল। দিনটো বিয়া ঘৰৰ মানুহে হাত ধুই ধুই চাবোনটোও ভালকৈয়ে গেল-গেলিয়া কৰি থৈছে।
- লক্ষ্য জ্যোতি নাথ

Tuesday 13 March 2018

আপলোড

এজনী ছোৱালীয়ে

তাইৰ নিজৰ ফটো এখন আপলোড কৰি লিখিছে
মোক কেনেকোৱা লাগিছে ফ্ৰেইন্ডচ
.
.
.
.
.
.
.
.
.
.
মই কলো----> তোমাৰ দেউতা বা মাৰাই ৯হাজাৰ বা ১০হাজাৰ টকা খৰছ কৰি মবাইল কিনি দিছে যেতিয়া তোমালোকৰ ঘৰত একেবাৰে কম দামৰ মানে ৫০০ টকা মান দামৰ এখন আইনা নিশ্চয় থাকিব !!


সেইখনতে চাই লোৱা নিজক কেনেকোৱা লাগিছে ??

আমাক কিয় সুধিব লাগে ভুটুনী !!!!

আই ঔ লগে লগে ব্লক মাৰিলে বে

Wednesday 29 November 2017

|| উৰাজাহাজত কলিং বেল ||

এবাৰ এখন উৰাজাহাজত এটা ভাটৌ আৰু নগেনে কেইবাজনো যাত্ৰী সহ যাত্ৰা কৰি আছিল ।

কিছুদূৰ যোৱাৰ পিছত ভাটৌটোৱে কলিং বেলৰ চুইচ টিপি দিলে । লগে লগে এয়াৰ হোষ্টেচ আহি ,,,

মই আপোনাক সহায় কৰিব পাৰোঁনে ,,,?

ভাটৌ :- নাই নহয় । এনে অলপ মজা লৈ আছিলোঁ ।

অলপ পিছতে ভাটৌটোৱে আকৌ আগৰ দৰেই চুইচ টিপি দিলে । এয়াৰ হোষ্টেচে আহি ঠিক আগৰ দৰেই সূধিলে :- মই আপোনাক সহায় কৰিব পাৰোঁনে ,,,?

ভাটৌ :- নাই ,,,! নহয় । এনে অলপ মজা লৈ আছোঁ ।

এইবাৰ নগেনে ভাবিলে, চাল্লা এটা ভাটৌ চৰাইয়ে যদি এয়াৰ হোষ্টেচৰ লগত চেনি খাব পাৰে তেন্তে মই কিয় খাব নোৱাৰিম ।
শেষত ভবামতেই কাম । নগেনে চুইচ টিপি দিলে । এয়াৰ হোষ্টেচে আহি যেতিয়া সোধে তেতিয়া কয় যে এনে অলপ মজা লৈ আছোঁ । এনেদৰে যেতিয়া তিনি চাৰিবাৰ এয়াৰহোষ্টেচ জনীক বিৰক্তি কৰিলে তেতিয়া এয়াৰ হোষ্টেচে গৈ পাইলটক এই বিষয়টো অৱগত কৰিলে । পাইলটে ক'লে - আগতে যি কৰিলে কৰিলে আৰু । যদি নতুনকৈ কোনোৱে এনেকুৱা কৰে তেন্তে দুয়োটাকে ফ্লাইটৰ পৰা দলিয়াই পেলাই দিলেই হ'ল ।
এনেতে নগেনে আৰু এবাৰ চুইচ টিপি দিলে । এয়াৰ হোষ্টেচে আহি দুয়োটাকে ফ্লাইটৰ পৰা দলিয়াই পেলাই দিলে ।

ভাটৌ টোৱে উৰি আছে আৰু নগেনক কৈ আছে :- মই তো উৰিব পাৰোঁ । তুমি উৰিব পাৰানে ,,,?

নগেন :- মই মানুহ দেখোন । মই কিবা তহঁতৰ দৰে প্ৰাণী নেকি যে উৰিব পাৰিম ,,,?

ভাটৌ :- তেতিয়াহ'লে মানুহ হৈ মোৰ দৰে জন্তুৰ ব্যৱহাৰ তই কিয় কৰিলি হা ,,,? ইমান সময় তই এয়াৰ হোষ্টেচৰ লগত মজা লৈ আছিলি ন' ,,,? এতিয়া এয়াৰ হোষ্টেচে তোৰ মজা লৈ আছে বাপ্পেকে ,,,!!!

||মাঁকৰ ঘৰ||

By: Rumi B Das

বিৰেনৰ বিয়া হোৱা এবছৰ হল।তাৰ ঘৈনীয়েক এবছৰৰ পিচত গৈছে মাঁকৰ ঘৰলৈ।বিৰেনে ঘৈনীয়েকক আনিবলৈ বুলি গৈছে শহুৰৰ ঘৰলৈ।লগত তাৰ বন্ধু এজনো গৈছে।সি যাওঁতেই বন্ধু জনক কৈ থৈছে "অই, মই শহুৰৰ ঘৰলৈ প্ৰথম যাম।আমাৰ খাতিৰ-বাতিৰ বহুত হব।তই কিন্তু পাগল হৈ নেযাবি, অলপ বাহাদুৰি মাৰি থাকিবি।"
দুয়োজন পালেগৈ শহুৰৰ ঘৰ।ঘৰৰ দৰ্জা বন্ধ।কলিং বেল মৰাৰ পিচত বহু দেৰিকৈ ওলাই আহিল কলেজত পঢ়ি থকা খূলশালী জনী।
"অ ভিনদেউ, আহক আহক।ঘৰৰ সকলো বোৰ শুই আছিলো, ভাত-পানী খায়।"বিৰেন "মই আহিম বুলি খবৰ দিছিলোৱেই দেখোন।"
খূলশালী "অঅ, হয় নেকি ! বাইদেউৱে কবলৈ পাহৰিলে ছাগৈ।"
দুয়োজন বহিল ঘৰৰ ভিতৰত।বহু দেৰিকৈ ওলাই আহিল শাহুৱেক।
"অ জোঁৱাই দেখোন।এই জনীক নিব
লৈ আহিলা ছাগৈ।আজিয়েই যাবাগৈ নে থাকিবা !"
বিৰেন মনে মনে থাকিল।ভিতৰি ভিতৰি লাজ পাইছে বন্ধুৰ আগত।
শহুৰ ওলাই আহিল "ঘৰত চাহ দিবলৈকো একো এটা আনিব নহল।তুমি কিবা-কিবি আনিছা নেকি !"
বিৰেন আহিছিল শুদা হাতেৰে।সি বৰ লাজ পালে।
শহুৰ "তোমাৰ ইনকাম পাতি আগতকৈ বাঢ়িছেনে ?"
শাহুৱেক "মোৰ ছোৱালী জনীক কাপোৰ দুযোৰ মান দি পথাইছো।নতুন কাপোৰ এবছৰে লোৱাই নাই বোলে।"
খূলশালী "আমাৰ বা আগতে বৰ চৌখিন আছিল।এতিয়া একেবাৰে ওলোটা হৈ গল।কি হল জানো !"কোনো মতে শুদাই-নিকাই খাই ৰাতি শুবলৈ আহিল বিৰেন।সি ঘৈনীয়েকক কলে "বৰ লাজ পালো তোমালোকৰ ঘৰলৈ আহি।জোঁৱায়েকক এনে ৱ্যবহাৰ কৰে নেকি?দুদিন মান থকাকৈ আহিছিলো, এতিয়া আৰু নেথাকো।কাইলৈ ৰাতিপুৱাই যামগৈ।তুমি লগত গলে যাবা, নগলে নাই !"
কথাবোৰ খূলশালী জনীয়ে শুনি আছিল।তাই তেতিয়া বিৰেনক কলে "ভিনদেউ, মোৰ বা আপোনালোকৰ ঘৰলৈ বিয়া হৈ যোৱা এবছৰ হৈ গল।কেতিয়াও বেয়াকৈ কোৱা নাই আপোনালোকৰ ঘৰৰ কথা।এইবাৰ ঘৰলৈ আহোঁতেহে মই তাইৰ মনটো মৰা দেখি সুধাত তাই কথাবোৰ কলে।বিয়াত কিমান সোন আনিলে, ঘৰৰ পৰা কি কি আনিলে।ইটো শিকোৱা নাই, সিটো শিকোৱা নাই।পঠা ভালকৈ বনাব নোৱাৰে, ঘৰৰ কাম -বনত ভাল নহয়।কেতিয়াবা কিবা এটাৰ উত্তৰ দিব গলেও কব সংস্কাৰ নাই তাইৰ।সেইবোৰৰ কথা শুনিহে আমি এই নাটক কৰিলো আপোনাৰ লগত।আপোনাক এদিন ভাল ব্যৱহাৰ নকৰাত আপুনি তাইক এৰিয়েই যাবলৈ ওলাইছে।তাই যে এবছৰ ইমান লাজ-অপমান সহ্য কৰি আছে, কেতিয়াবা আপোনাক এৰি অহাৰ কথা কৈছেনে ?সংবিধানে লৰা-ছোৱালীক সমান অধিকাৰ দিছে, কিন্তু কিছূমান মানুহে আজিও নাৰীক অবহেলিত কৰি আহিছে।জোঁৱায়েকে যদি সন্মান পাব লাগে, তেন্তে বোৱাৰী গৰাকীও শহুৰৰ ঘৰত মৰম পাব লাগিব।"
কথাবোৰ শুনি বিৰেনে বৰ লাজ পালে।সি লাজতে তাৰ লগৰটোৰ চকুলৈ চালে।লগৰ জনৰ মুখত মিঠা হাঁহি এটা।সি কলে "বিৰেন তই বৰ লাকী।এনেকোৱা ঘৰ এখন পাইছ, এনেকোৱা খূলশালী এজনী পাইছ।তই লাজ পোৱাতকৈ গৌৰব অনুভৱ কৰিব লাগে।তোৰ খূলশালী জনীৰ দৰে ছোৱালী এজনী মই পোৱা হলে, লগে লগে বিয়াই পাতিলো হয়।……………

Wednesday 22 November 2017

|| দেউতা ||

সকলোৰে হাতে হাতে 'এন্দ্ৰইড' মবাইল।সিওঁ এটা নতুন মবাইল লাগে বুলি জিদ কৰিব ধৰিলে।সেই মানুহজনে হাঁহি এটা মাৰি কলে "ঠিক আছে, অহামাহত লৈ লবি।'
দুদিনমানৰ পিছত এদিন তাৰ চকুত পৰিল সেই মানুহজনৰ 'মবাইলটো'।তিনিটা বুতাম বেয়া।ৰং-চং গৈ মবাইলৰ অবস্থা নাই।তাকে দেখি তাৰ নিজৰ মবাইলটোকে দিব খুজিলে।তেতিয়া মানুহজনে কলে " থ থ, তোৰ মবাইল তোৰ ওচৰতে থ।এইটো নকিয়া মবাইল বুজিছ, কোনোবাই লাখ টকা দিলেও নিদিওঁ………",বৰ সুন্দৰ অভিনয় কৰিব জানে সেই মানুহ জনে !!
তেতিয়া বজাৰত নতুনকৈ 'উডলেন্ড' জোতা ওলাইছিল।লগৰ সকলোৱে পিন্ধা বাৱে সিওঁ সেই মানুহ জনক জোতা এজোৰ 'ডিমান্দ' কৰিলে।একেই সহজ হাঁহি এটা মাৰি কলে "ৰ, অহামাহত দিম।"………তাৰ খঙ উঠিছিল, এজোৰ জোতাৰ বাৱে এমাহ ৰব লাগিব !! খঙতে সি মাঁ'ককে বকিলে।
ভাল পালে share  কৰিবলৈ নাপাহৰিব 
ৰাতি শুৱাৰ সময়ত মাঁ'কে তাৰ ওচৰলৈ দুযোৰ জোতা লৈ আহিল।এজোৰৰ বয়স ২৫ বছৰ আৰু আনজোৰৰ বয়স ১০ বছৰ।জোতা দুই জোৰৰে তল ফালে তাপলি মৰা।তথাপিও জোতা দুজোৰ পলিচ-চলিচ কৰি জিলিকাই থৈছে সেই মানুহজনে।তেওঁৰেই জোতা সেই দুজোৰ।
সি ৰাতিপুৱা মানুহ জনক কলে যে তাক নতুন জোতা নেলাগে।তেওঁকহে এজোৰ নতুন জোতা লোৱাৰ কথা কলে।মানুহ জনৰ উত্তৰ "মোক আজিকালিৰ তহঁতৰ দৰে জোতা নেলাগে।এইকেইজোৰ মোৰ 'ইটালিয়ান লেডাৰৰ' জোতা বুজিছ।কত পাবি আজিকালি।তোকেই দিম দে নতুন এজোৰ।"…………আকৌ সুন্দৰ অভিনয় সেই মানুহ জনৰ।সেই মানুহ জন অকল লোকৰ বাবেই জীয়াই আছে নেকি !!!!
এবাৰ তাৰ কিবা বেয়া স্বভাৱৰ বাবে সেই মানুহজনে তাক পিটিলে।খঙতে সি ঘৰলৈ তিনি দিন নাহিল।ঘৰলৈ আহি মাঁকে কোৱাত হে সি গম পালে যে যোৱা তিনিদিন সেই মানুহজনে মুখেৰে একো কোৱা নাই যদিও একো এটা খোৱা নাই!!…………অদ্ভূত সেই মানুহজন, মৰম থাকিলেও প্ৰকাশ নকৰে।কি সুন্দৰ অভিনয় কৰিব জানে সেই মানুহজনে।
নিজৰ বুকুৰ বিষ'ক গেচ হৈছে বুলি কৈ ডাক্টৰক নেদেখোৱাই।গোটেই জীৱনটো তাৰ মবাইল, জিন্স, বাইক, স্কুল-কলেজৰ ফিজ……নানান ধৰনৰ চাহিদা পুৰন কৰোঁতেই বুঢ়া হৈ গল।সি কিন্তু সেই ধাৰ মাৰিব নোৱাৰিলে।আজি সেই মানুহজন নাই, এই পৃথিৱীত।সি অভাগাই সেই মানুহজনৰ ধাৰ মৰাৰ কোনো সুযোগেই নেপালে!!!!!!
কোনোবা সোভাগ্যবানৰ লগত যদি সেই মানুহজন আছে, তেন্তে তেওঁৰ ধাৰবোৰ জীয়াই থাকোতেই মাৰি দিব।
বৰ অদ্ভূত সেই মানুহজন, নিজৰ দুখ-কস্টৰ বিষয়ে কাকো একো নকয়।বৰ সুন্দৰ অভিনয় কৰিব জানে, সেই মানুহজনে………………………
#সংগ্ৰহ

Friday 24 March 2017

বিতৰ্ক

বিতৰ্ক আৰু বিতৰ্ক,সীমাহীন বিতৰ্ক! নাহিদ,চিলাপথাৰ, সুবোধ এইবোৰটো বাদেই এটা গানৰ খৰচ,অডিঅ’ ভিডিঅ’, প্ৰয়োজনীয়তা লৈও বিতৰ্ক৷

সিদিনা কৰবাত পঢ়িলো লক্ষ্মীনাথ বেজবৰুৱাদেৱে আজিৰ তাৰিখত “অ’ মোৰ অসমী আই” লিখিলেও হেনো বিতৰ্ক হ’লহেতেন৷ অলপ কল্পনা কৰি চাব খুজিছো কেনেকুৱা বিতৰ্ক হ’লহেতেন৷ হয়তো এনেকুৱা ধৰনৰ প্ৰতিক্ৰিয়া আহিলহেতেন -

সংখ্যালঘু সংগঠনৰ নেতা- মাতৃপুজা বা মাতৃবন্দনা কৰাটো আমাৰ ধৰ্মত হাৰাম৷ যেনেদৰে আমি “ভাৰত মাতা কি জয়” কোৱাটোত মানা আছে সেইদৰেই “অসমী আই” বোলাটোতো মানা আছে৷

কৃষক নেতা- (মূৰটো জোকাৰি জোকাৰি)মই এই গানটোত ব্ৰাক্ষ্মণ্যবাদৰ গোন্ধ পাইছো৷ যেনেদৰে শৰ্মা,চক্ৰৱৰ্তী,ভট্টাচাৰ্য্যই যোৱা নিৰ্বাচনত দপদপাই আছিল ইয়াতো এজন ব্ৰাক্ষ্মণৰ হে গানটো কিয় বাছি লোৱা হ’ল? ইয়াৰ বিৰুদ্ধে আন্দোলন হব৷

চৰকাৰী মুখপত্ৰ- এই গানটোত অকল অসমীয়া মানুহৰ কথাহে কোৱা হৈছে,হিন্দু বাংলাদেশীৰ উল্লেখ নাই! শীঘ্ৰেই তেওঁলোকো বৃহত্তৰ অসমীয়া জাতিৰ এটা অভিন্ন অংগত পৰিণত হব৷ গানটোৰ সংশোধন হোৱা উচিত৷ ভাৰতৰ বাহিৰে হিন্দু বাংলাদেশীৰ আৰু কোন আছে?

যুৱ সাংসদ-ইয়াত “আই” মানে অকল মাইকী মানুহৰ কথাহে কোৱা হৈছে৷ মতা মানুহৰ উল্লেখ নাই৷ মই মাছৰেই মতা মাইকী উলিয়াই দিও, গান নো কি?

বুদ্ধিজীৱি- লক্ষ্মীনাথ নামটোতেই লক্ষ্মী মানে ধন আছে৷ বণিয়া,পুজিপতিৰ চৰকাৰত আৰু কি আশা কৰিব পাৰো ? সৰ্বহাৰাৰ কথা কোনে চিন্তা কৰিব?

প্ৰাক্তন মুখ্যমণ্ত্ৰী-আমাৰ চৰকাৰ থাকোতেই মই হেমন্তক এনেকুৱা এটা গান উলিয়াব কৈছিলো৷ আমাৰ দিনৰেই আঁচনিত পৰে এইটো৷ আৰু এটা কথা-গানটোত “আসাম” শব্দটো নাই ! মিছা ক’লে কিডাল হব?

জনজাতীয় সংগঠনৰ নেতা- গানটোত অসমৰ জনজাতি সমুহক উপেক্ষা কৰা হৈছে৷ অসমৰ ইতিসাহ,সমাজ ব্যৱস্থালৈ জনজাতি সমুহৰ অৱদান ইয়াত প্ৰকাশ পোৱা নাই৷

আম আদমীৰ নেতা- “চিকুনি” শব্দটোৰে পৰিস্কাৰ পৰিচ্ছন্নতাৰ কথা বুজোৱা হৈছে৷ ইয়াৰ জৰিয়তে “মোডীজীৰ স্বচ্ছ ভাৰত অভিযান”ৰ প্ৰচাৰ চলোৱা হৈছে৷ বেজবৰুৱাদেৱৰ ডিগ্ৰী লৈও আমাৰ সন্দেহ আছে৷ চব মিলে হুৱে হেই জী !

Tuesday 18 November 2014

আই এছ এলত এনেকুৱাও হয়নে !!

By: Nilutpal Sarmah
তিনিবছৰৰ ডেঞ্জাৰাছ প্ৰেম । প্ৰেম !! আউ.. প্ৰেম নহয় যেন সেয়া তিনিবছৰৰ সাংসাৰিক অভিজ্ঞতাহে আছিল । আৰু সেই সময়ত মোতকৈ সুখী আৰু ভাগ্যৱান চাগে এই দুনিয়াতে নোলাব । তেৰাৰ নামটো বাৰু নকওৱে দিয়কচোন... চিনাকি কৰাই দিবলৈ কামবোৰেই যথেষ্ঠ দেখোন । হৃষ্ট-পুষ্ট মানুহটোক যে তিনিটা বছৰতে এক্কেবাৰে পানীকেচুৱা কৰি পেলাইছিল ভাবকছোন সেইগৰাকীৰ মহিমা তেন্তে কম হ'ব নে...

এই ধৰক গৰমৰ দিনত ৰাতি কাৰেন্ট নাই, সৰু ভাৰাঘৰটোত বতাহ সোমাব পৰা এখনেই খিৰিকি... গুৱাহাটীৰ চোৰ ডকাইতলৈকো কেৰেপ নকৰি খিৰিকি খুলি শুবলৈ চেষ্টা কৰি আছো...পৰা নাই... কাৰেন্ট নাহে হে নাহে... বাৰ বাজি গ'ল..এক বাজি গ'ল..কাৰেন্ট তথাপিও নাই... শেষত প্ৰায় আঢ়ৈমান বজাত কাৰেন্টটো আহিল, ধপকৈ শব্দ এটা কৰি মোৰ পুৰণি ফেনখন লাহে লাহে ঘুৰিব ধৰিছে... মইও উস্..ৰক্ষা বুলি চকুকেইটা মুদি শুবলৈ চেষ্টা কৰিছো...বাজিল নহয় মোবাইলটো... চাই দেখু এঞ্জেল কলিং.... আউ.. এঞ্জেল মানে সেই তাই আকৌ... ক'লোৱে দেখুন সেই সময়ত মোতকৈ সুখী কোনোয়ে নাছিল বুলি... আৰু ইমান সুখী মানুহ এটাই কাৰোবাক যেনিবা এঞ্জেল বুলি মাতিলেই...মতিছো নো ক'ত... ফোনতহে চেভ কৰিছো... এতিয়া আকৌ বেলেগ অৰ্থ নুলিয়াব দেই... মই একো গালি খাই সেইটো নাম দিয়া নাই... আপোনালোকে চাগে ভাবিছে মই নাম্বাৰ চেভ নকৰাকৈ ৰাখি থোৱা তাই চাগে দেখিলে, দেখিয়ে মুখ উফন্দাই মোৰ লগত কাজিয়া কৰিলে...আৰু তাইৰ সমুখতে ধুনীয়া নাম এটা দি নাম্বাৰটো চেভ কৰিব দিলে... আৰু তেতিয়াৰ পৰা নাম্বাৰটো এঞ্জেল বুলি চেভ হৈ আছে মোৰ মোবাইলত । হ'ব হ'ব...তেনেকুৱা একো নহয় বুজিলে... আমাৰ তাই তেনেকুৱা নহয় ও....

চেহ তাই কল কৰি আছিল নহয়.... পাহৰিছিলোয়ে কথাটো আধৰোৱা হ'ল বুলি...
এই ৰাতি আঢ়ৈ বজাত হঠাৎ আকৌ এঞ্জেলৰ কি হ'ল....

মই বোলো – হেল্ল....

: কি কৰিছা....

মই বোলো- শুব লৈছিলো....

: তোমাৰেই দিন আৰু...

মই বোলো- কিয়..? কি হ'ল নো ?

: ইম্মান ধুনীয়াকৈ শুই আছিলো জানানে, হোষ্টেলৰ কাৰেন্টটো গুচি গ'ল...গৰমত এতিয়া শুব পৰা নাই...প্লিছ....জান... কথা পাতা না অলপ....প্লিছ..তোমাক বহুহুহুতত....মিছ কৰিছো...

উপাই নাই আৰু... গৰমতকৈ উফন্দা মুখৰ উত্তাপ বহুত বেছি... বুজা সকলে বুজিব... ওপৰত ফেনখন চলি আছে, তলত মোৰ মুখখন....

এয়াই আছিল প্ৰেম.. কথা পতাৰ কোনো নিৰ্দিষ্ট সময় যেনেদৰে নাছিল মিছ কৰাৰো কোনো নিৰ্দিষ্ট সময় নাছিল । আৰু ঠিক তেনেকৈ মৰম কৰাৰ, কেয়াৰ লোৱাৰ, চিন্তা কৰাৰ...

ঠাণ্ডা দিন পৰিল কি নাই আৰম্ভ হৈ যায়... গৰম পানী খাবা, ৰাতিটো নকৰিবাই দিনতো গৰম বেছি লাগিলে কল্ড ড্ৰিংকছ ইউজ নকৰিবা, পাৰিলে ৰাতিপুৱা গৰম পানীৰে গা ধুবা, তুমি কিন্তু বাইক বেছিকৈ চলোৱা দেই..একদম কমোৱা বাইক চলোৱা...

ক'লোৱে নহয় মোতকৈ ভাগ্যবান সম্ভৱ দ্বিতীয়টো কোনো নাই...
এই যে ডাক্তৰে দৰৱ দিলে কয় দুচামুচ আহাৰৰ আগত...মোৰো অৱস্থা ঠিক তেনেকুৱাই । দুচামুচ কেয়াৰ আহাৰৰ আগত... দুচামোচ চিন্তা বাইক চলোৱাৰ আগত, দুচামোচ মিছ শুই থকাৰ মাজত আৰু দুচামোচ মৰম.... তাইৰ বাৰ্থডেৰ আগত.....

জীৱন জীৱন বৰ অনুপম.... নিৰ্মলপ্ৰভা বাইদেউৰ কিতাপখনৰ শিৰোনামটোৰ সৈতে যেন মোৰ জীৱনটো মিলি গৈছিল সেই সময়ত.. কিতাপখন কিনি আনি পঢ়ি দিবই মন গৈছিল...পিছে প্ৰেমিক মানুহৰ আকৌ সময় ক'ত...তাতে মোৰ নিচিনাবোৰৰতো কথাই বেলেগ...
আজি বোলে এঞ্জেলক চিনেমা দেখুৱাবলৈ নিব লাগে...কাইলৈ আকৌ পেন্টালুনচত মহিলালৈ বুলি থোৱা কাপোৰৰ আঁৰে আঁৰে সোমাই তাইক ড্ৰেছ চইচ কৰাত হেল্প কৰি দিব লাগে...

এহ...আপোনালোকো কম নহয় দিয়ক... ডেবিট কাৰ্ডখন কাৰ ব্যৱহাৰ কৰিছিলো সেইটোকলৈহে চিন্তা কৰিছে... তাইৰ বা মোৰ এটাৰ হ'লেই হ'ল আৰু... মই ল'ৰা মানুহটো থাকোতে ছোৱালীজনীক বাৰু পেইমেন্ট কৰিব দিব পাৰো নে... ধুৰ.. প্ৰেষ্টিজৰ কথা নাই নেকি কিবা...

চকুচৰহাবোৰতো জ্বলিবই... কেৱল নিগেটিভ চিন্তা...আনৰ ভাল দেখিবই নোৱাৰে... আৰে এঞ্জেলৰ মৰম, চেনেহ, কেয়াৰ এইবোৰৰ ওচৰত মইচোন একোৱে দিবই পৰা নাই...তথাপি তাই কিমান বহল অন্তৰৰ চাওক, মোক লৈ কেতিয়াও একো অৱজেকচন নাই তাইৰ... অ' অৱশ্যে মই ঘৰৰ পৰা পঠোৱা টকা কেইটাৰে তাইক ইটো সিটো সৰু সুৰা বস্তু কিনি দিবলৈ অসুবিধা হোৱাৰ বাবে ক্ৰেডিট কাৰ্ডখন লওতে তাই অলপ অৱজেকচন নকৰা নহয়... সেইদিনা তাই মনটো একেবাৰে মাৰিয়ে পেলাইছিল....
তাই কৈছিল..এতিয়াতো তুমি মোক বহুত ভাবি চিন্তিহে কিবা দিবা চাগে... ক্ৰেডিট কাৰ্ডৰ বিল বুলিতো চাগে মাজে মাজে শুনাইয়ে থাকিবা আৰু... বাপৰে...কম বুজাইছিলোনে তেনেকুৱা একো নহ'ব বুলি....

এতিয়া আকৌ নুশুধিব দেই ক্ৰেডিট কাৰ্ডৰ বিল কিমান আহিছিল বুলি...
সেইবোৰ পুৰণি ফাইল খুচৰিবলৈ মোৰ ওচৰত এতিয়া ক্ৰেডিট কাৰ্ডো নাই বিলো নাই...

মুঠতে মোৰ হিট লাভ ষ্টৰি... চকুচৰহাবোৰে নামানিলে কি হ'ল...

প্ৰথমে মাজ নিশা সাৰ পাই শুনা – অ' জান মিছ ইউ, ৰাতিপুৱা এলাৰ্ম ক্লকৰ দৰে টোপনিৰ পৰা জগাই দি কোৱা – গুদ মৰ্নিং ছুইহাৰ্ট, চাণ্ডা দিনত বাইকলৈ ক'ৰবালৈ যাব ওলালে – অ' দেহা..ভালকৈ গৰম কাপোৰ পিন্ধি যাবা আদিৰ দৰে বিশেষণবোৰ পিছলৈ অস্তত্বৰ সংকতত ভোগিছিল... ভুলটো তেনেকুৱা শব্দবোৰ শুনিবলৈ পোৱা নাছিলো...। অৱশ্যে তাৰ ঠাইত বেলেগ কিছুমান শব্দহে সংযোগ হৈছিল। যেনে – তুমি কিন্তু শকত হৈছা... আগতকৈ অলপ কলাও পৰিছা... আজি কালি মই কিবা এটা কলেই তুমি উল্টা বুজা... কেতিয়াবা অলপ বেছিকৈ এনেদৰে- হ'ব..যি কৰা কৰি থাকা... তুমি বহুহুহুহুততত চেঞ্জ হ'লা.. মোক অলপো বুজিব ট্ৰাই নকৰা...

এনেকৈয়ে প্ৰব্লেম ৰ পিছত প্ৰব্লেম ওলাওতে ওলাওতে এদিন কোনোবা ৰাৱনে আহি এঞ্জেলক হৰণ কৰি লৈ গৈছিল... নে এঞ্জেল নিজেই পূৰণ হৈছিল ক'ব নোৱাৰো... মইটো আৰু ৰামচন্দ্ৰ নহয় যে শিলৰ সাকোঁ বনাই এঞ্জেলক বিচাৰি যাম... মদ খাবলৈও আকৌ দেৱদাস নহয়....
গতিকে পাৰোৰ নামত জগজিৎ সিঙ বা পংকজ উদাষৰ গজল কেইটামানকে শুনিব ল'লো... আৰু ফু বাবাই ফু দি বেমাৰ ভাল কৰাৰ নিচিনাকৈ মই জান, সোণ, ধন, দেহা আদি বিশেষণৰ মায়া মোহৰ পৰা সোনকালেই আৰোগ্য হৈ উঠিলো ।

সেইদিনা আই এছ এলত পুনেৰ লগৰ মেচখন চাবলৈ বুলি ষ্টেডিয়ামত বহি আছো.. লগত আৰু দুজন... খেল তেতিয়াও আৰম্ভ হোৱাই নাই... ইফালে আকৌ বন্ধুৰ দৰে দাদা দুজনমানেও একেলগে চাব... গতিকে মই আৰু লগৰ দুটা অলপ সোনকালে ষ্টেডিয়াম পালো কাৰণে সেই দাদা কেইজনলৈও চিট দুটামান ৰাখি থৈ দিছো... বহুতে আহি ছিট কেইটাৰ কথা সুধিছে, আমিও পানী বটল আনিবলৈ উঠি গৈছে বুলি কিবা প্ৰকাৰে চিট কেইটা ৰাখি আছো যেনেতেনে । ইফালে মানুহে ষ্টেডিয়াম ভৰি পৰিছে... বহুতে লাহে লাহে ছিটৰ আশা বাদ দি থিয় হৈ চাবলৈকে ঠিৰাং কৰিছে । আমিও দাদা কেইজনক ফোন লগাও হে লগাও... নাই...নেটৱৰ্ক নাই... ফোন নালাগে...ছেহ কি কৰা যায় বাৰু... ইফালে খেলপথাৰত খেলুৱৈবোৰ শাৰী পাতিছে ৰাষ্ট্ৰীয় সংগীত গাবলৈ.... দৰ্শকো থিয় হ'ল.... তথাপি দাদা কেইজনৰ কোনো খবৰ নাই... আৰম্ভ হ'ল....

"জন গণ মন অধিনায়ক জয় হে
ভাৰত ভাগ্য বিধাতা..."

এহ ভাৰতৰ ভাগ্য বাদ দিয়কহে মোৰ ভাগ্যখন চাওকচোন...
আমি বহা শাৰীতে কোলাত কেচুৱা লৈ থিয় হৈ আছে এঞ্জেল... এফালে গাই আছো ৰাষ্ট্ৰীয় সংগীত আনফালে চকু এবাৰ এঞ্জেললৈ এবাৰ কোলাৰ কেচুৱাটোলৈ এবাৰ আকৌ খুৰাকলৈ ।

ৰাষ্ট্ৰীয় সংগীত শেষ তাৰ পিছতে আমাৰ মিলন সংগীত বাজি উঠিল....
মই একো ক'বই নাপালো... দেখা লগে লগে অলপো পলম নকৰি তাই চিঞৰি উঠিল—অহ.. হাই...তুমি.... ইয়াত.....???

ইচ্ যেন মই ভনীয়েকৰ বিয়াত হে আছো...তাইৰ ৰিয়েকচনটো দেখি তেনেকুৱাই লাগিল....

মই বোলো—অ...হাই....এই খেল চাব আহিলো...

: অ' অ' ... আমিও... পিছে ছিটেই পোৱা নাই জানানে...
এইকেইটা ছিট দেখিহে লৰা লৰিকৈ আহিছো...কোনোবা আছে নেকি এইকেইটাত...??

মই বোলো—লগৰ দুজনমান আহি আছে...

: এহ হ'ব দিয়া.. আহিলে বাৰু এৰি দিম..এতিয়া বহি থাকো... কৈয়ে নিজেতো বহিলেই খুৰাককো হাতত ধৰি বহাই দিলে...

: অহ পাহৰিছিলো... অই শুনাছোন... এয়া মোৰ হাছবেণ্ড অনিৰ্বান... আৰু অনিৰ্বান, এয়া মোৰ ক্লাছ ফ্ৰেণ্ড........অমুক......

অট্ টেৰি.... খুৰাক নহয়...পতিহে সেইজন....

আৰু মই...!!! মোতকৈ বয়সত চাৰিবছৰৰ সৰু ছোৱালীজনী হ'লগৈ মোৰ ক্লাছ ফ্ৰেণ্ড...

মইও সৌজন্যতাৰ খাতিৰত হেল্ল' জাতীয় কিবা এটা দিলো... শুনিলেনে নাই নাজানো... প্ৰত্তোতৰ হিচাপে তেওঁ হাঁহিটো মাৰি হেল্ল' বুলিয়ে ক'লে যেন পাও... মই তেওঁনো কি কয় ইমান আগ্ৰহেৰে অপেক্ষা কৰা নাছিলো ।

খেল ইতিমধ্যে আৰম্ভ হৈ গৈছে... দাদা কেইজনৰ কোনো খবৰ নাই...

বাংলাদেশীয়ে চাগে এনেকৈয়ে অলপ বহিম বুলিয়ে নিগাজিকৈ অসমত বহি গৈছিল... মোৰ প্ৰাক্তন প্ৰেমিকাই পতি আৰু পুত্ৰৰ সৈতে ডেৰ ঘন্টা ধৰি নানা ফাকি ফুকা, কষ্টৰে ৰাখি থোৱা ছিটকেইটাত নিগাজিকৈ খুপনি পুতিছিল ।

কোলাৰ কেচুৱাটোৱে সম্ভৱ মানুহৰ ভিৰত অশান্তি কৰিছিল নেকি... এঞ্জেলে এগাৰাকী দায়িত্বশীল মাতৃৰ দৰে নিচুকাবলৈ যত্ন কৰিছিল... মই খেল চাই থকাৰ মাজতে মাজে মাজে এঞ্জেললৈ চাও... এবাৰ চকুৱে চকুৱে পৰিল... ডাঙৰ স্ক্ৰীণখনত তেতিয়া সাত মিনিতৰ খেল হৈ গৈছে...

চকুৱে চকুৱে পৰাত..তাই ক'লে... ভিৰ যে..অলপ আমনি কৰিছে ।
কিন্তু মগজ...বেয়া হ'ল তেতিয়া যেতিয়া কেচুৱাটোৱে মোক দেখি হাঁহিব খোজোতে তাই কৈ উঠিল...

কিনো... কিনো.... মামাৰ ওচৰলৈ যাবা...

মামা....!!!!

কোন...?? কোনো মামা ওলাল ইয়াত...??

কথাটো কৈ কেচুৱাটো মোৰ ফালে আগবঢ়াই দিয়াত হে বুজিলো...মামাটো চোন মইয়ে....

এতিয়া দৃশ্যপট মন কৰক.... মানুহে গিজগিজাই থকা সৰুসজাই ষ্টেডিয়াম... সমুখত কোকে, এলেন, কেপডাভিয়াই বল লৈ দৌৰি আছে... মই গেলেৰীত বহি আছো, কাষত হাছবেণ্ডৰ সৈতে আছে মোৰ প্ৰাক্তন প্ৰেয়সী...আৰু মই প্ৰথমতে প্ৰেয়সীৰ ক্লাছ ফ্ৰেণ্ড আৰু পিছলৈ মামা ৰূপ ধাৰণ কৰি প্ৰেয়সীৰ সন্তান মানে ভাগিনক কোলাত লৈ নিচুকাই আছো ।

নব্বৈ মিনিটৰ খেল চাই শেষ হ'বৰ হ'ল... তেতিয়াও মামা ভাগিনৰ যোগলবন্দী শেষ হোৱাৰ কোনো আশা নাই... মাজে মাজে এঞ্জেলে মোকে শুনাবলৈকে কেচুৱাটোক কয়... "ইছ...মামা পাই মোক পাহৰি গল আউ...নহ্...নহ্ ধুনু... হয়নে...অ বুলু হয়নে...??"

লগে লগে কেচুৱাটোৰ এটা মিচিকিয়া হাঁহি...
সেই হাঁহিটোৰ কথাকে আকৌ হাছবেণ্ডক কয়....হাছবেণ্ডে মোলৈ চাই কয়—
আপুনি বাৰু আমনি পাইছে নেকি....

ক'বলৈ মন যায়... সেই মাজ ৰাতি শুব নিদি "কথা পাতা না জান" বুলি কোৱা ভুক্তভোগীটো হয় মই... মন আৰু ছাল এক্কেবাৰে ডাঠ কৰি থৈছে আপোনাৰ পত্নীয়ে ডাঙৰীয়া...এইবোৰ তেনেই সাধাৰণ কথা...নকওঁ... মিচিকিয়াই হাঁহি এটা মাৰি একো নাই বুলি কৈ থও...

খেলৰ অতিৰিক্ত সময়তহে এঞ্জেলে মোৰ পৰা এই অতিৰিক্ত দায়িত্বটো কমালে...

খেল শেষ হোৱাৰ পাছত ক'লে...
নাই নাই এনেকে খেল চাব দিগদাৰ জানানে... ইয়াকলৈ খেল চাব আহিব নোৱাৰি... মানুহ বেছি যে বৰ আমনি কৰে পাই...

ঘৰলৈ বুলি আহি থাকোতে ভাবিলো... নব্বৈ মিনিট কোলাত প্ৰাক্তন প্ৰেয়সীৰ কেচুৱা লৈ আই এছ এল চোৱা মানুহ চাগে মইয়ে প্ৰথম নেকি...!

এঞ্জেলৰ কথাবোৰকে ভাবি ভাবি আহি কেতিয়ানো ঘৰৰ গেটৰ ওচৰ পালোহি গমেই নাপালো... ব্ৰেকডাল মাৰিহে মনত পৰিল...দাদা কেইজন বা আহিছিল নে নাই খেল চাব...

Sunday 13 April 2014

*** পত্নী এনেকুৱা হ’ব লাগে***

by: Ideal Hero Janardan Neog

Wife: ইমান দেৰিকে আহিছা যে, অফিচৰ সেইজনীৰ লগত চিনেমা চাবলে গ’লা নেকি?
Husband: সদায় সন্দেহ কৰা কেলে,বিয়াৰ প্রথমদিনাৰ পৰাই সন্দেহৰ চকুৰে চাই আহিছা....
Wife:তেনে ৭ বজাত ঘৰলে অহাৰ সলনি নিশা ১০ বজাত আহিছা যে...
Husband: নহয় মানে মানুহ এটাৰ ১০০০ টকাৰ নোট এটা হেৰাইছিল....
Wife: উওঅ... তেনে তুমি তেওক টকাতো বিচৰাত সহায় কৰিছিলা নেকি ?
Husband: নহয় ... নহয় মই সেই নোটখনৰ ওপৰত থিয় হৈ আছিলো......
Wife: চাও দিয়া তেনে ক’ত থলা নোটখন…!!!
Husband:এয়া লোৱা 100 টকা
Wife:বাকী 900 টকা ক’ত গ’ল....
Husband:কথাতো মানে এনেকুৱা হ’ল মই নোটখন উঠাওতে যিজনী ছোৱালীয়ে দেখিলে তাইক চিনেমা দেখুৱাবলগীয়া হ’ল তাৰ পাছত সস্তীয়া হোটেল এখনত খানা খোৱাব লগা হ’ল আৰু শেষত বাইকত নি ঘৰত থ’বলগীয়া হ’ল....
তেতিয়াহে মই তাৰে ১০০ টকা তোমাৰ কাৰণে বচালো
যাতে তোমাৰ ...চপৰ যোগাৰ হৈ যায়, তুমি খাই বহুত পোৱা নহয় জানো...
Wife: হয় পাই, আপুনি মোৰ কথা কিমান ভাবে, মইহে আপোনাক অযথা সন্দেহ কৰি থাকো...

Sunday 6 April 2014

প্ৰতিক্ৰিয়া

By: Bitupon Saikia
এখন হোটেলত ত এক গিলাচ গাখীৰ ত অকস্মাত এটা মাখি পৰি গ'লে ,, প্ৰতি দেশৰ নাগৰিক ৰ প্ৰতিক্ৰিয়া এনে হয়:--
১/ ইংলেণ্ডৰ নাগৰিক হলে গাখীৰ গিলাচ দলিয়াই গুছি যাব । -

২/ আমেৰিকান হ'লে মাখি টো পেলাই গাখীৰ গিলাচ খাই পেলাব ।


৩/ চীনা নাগৰিক হলে মাখি টো প্রথম খাই পাচত গাখীৰ গিলাচ
খাই পেলাব ।

৪/ ভাৰতীয় হ'লে মাখি টো চীনাক বিক্ৰী কৰিব গাখীৰ গিলাচ আমেৰিকান জনক বিক্ৰী কৰিব আৰু সেই পইচা ই এক গিলাচ মদ কিনি খাব ।
আৰু
৫/পাকিস্তানী হলে গাখীৰত মাখি পৰা কাৰণে ভাৰতীয় ক জগৰীয়া কৰিব। আৰু তাৰ লগত কাশ্মীৰ বিষয় টো জোৰা দিব
চীন ক সৈন্য ৰ সহায় বিচাৰিব আৰু আমেৰিকাৰ পৰা টকা ধাৰ বিচাৰিব নতুন গাখীৰ কিনি খাবলৈ । ।।।

Friday 4 April 2014

তোৰ যেতিয়া ন বছৰ বয়স হৈছিল

Topon Gohain

পাপ্পু, নিখিল আৰু লুপ্পুৱে নৰকলৈ গল ৷ শাস্তি হিচাপে প্ৰথমে যমৰাজে পাপ্পুক কলে--তই আমাৰ নৰকৰ সকলোতকৈ কুৎসিত আৰু দন্দুৰি তিৰোতা জনিৰ লগত থাকিব লাগিব ৷
কথামতেই কাম ৷ আদেশ পোৱাৰ পিচতেই যমৰাজৰ চামচা কেইটাই তিৰোতা গৰাকি পাপ্পুৰ ওচৰলৈ লৈ আহিল ৷ তিৰোতা গৰাকি দেখাৰ লগে লগে পাপ্পুৰটো বাদেই নিখিল আৰু লুপ্পৱোৰ জীউ উৰি যাওঁ যাওঁ যেন হল ৷
পাপ্পুৱে যমৰাজক এনেকুৱা শাস্তি তাক কিয় দিয়া হৈছে সুধাত যমৰাজে ধমক দি কলে--চুপ , চাল্লা তোৰ যেতিয়া ন বছৰ বয়স হৈছিল তেতিয়া তই চৰাই এটা শিলগুটি দলিয়াই মাৰিছিলি ৷
এইবাৰ যমৰাজে নিখিললৈ চাই কলে---তই আমাৰ নৰকৰ দ্বিতীয় কুৎসিত আৰু মুখচুকি তিৰোতা জনিৰ লগত থাকিব লাগিব ৷
যমৰাজৰ আদেশটো শুনাৰ লগে লগে নিখিলৰ বুকু কপি উঠিল ৷ যমৰাজৰ চামচা কেইটাই লৈ অহা তিৰোতা জনিলৈ চাবলৈকে সাহস নহল নিখিলৰ ৷ নিখিলৰ অৱস্হাটো দেখি যমৰাজে কলে--মুৰ্খ তইও ন বছৰ বয়সত চৰাই এটা শিলগুটি দলিয়াই মাৰিছিলি , সেইকাৰণে তোৰ শাস্তিও একেই ৷
ঘটনাবোৰ দেখি দেখি লুপ্পুৱে ভাবি আছিল---সি বাৰু ন বছৰ বয়সত শিল দলিয়াই চৰাই মাৰিছিল নেকি !!! নাই তাৰ মনত পৰা নাই , এনেকুৱা কাম কৰাৰ ৷ সি ভাবি থাকোতেই হঠাত যমৰাজৰ চামচা কেইটাই তিৰোতা এজনি তাৰ কাষলৈ লৈ আহিল ৷ তিৰোতা জনি দেখি লুপ্পুৱেটো বাদেই পাপ্পু আৰু নিখিলো অবাক হৈ গল ৷ ওখই-পাখই শ্লিম ফিগাৰৰ তিৰোতা জনি যেন মানৱী নহয় সাইলাখ সৰগৰ পৰিহে ৷ তিৰোতা জনি পাই লুপ্পুৰ দিল খুচ হৈ গল ৷ কিন্ত পাপ্পু আৰু নিখিলে যমৰাজক প্ৰতিবাদ কৰি কলে---যম চাৰ আমি তিনিওটাই একে কামকে কৰো একেলগতে থাকো অথচ আমাক বকচিচ হিচাপে ডাইনী দিলে আৰু লুপ্পু দিলে কি মষ্ট আইটেম ৷ এনেকুৱা দুৰ্নিতি কিয় ?
পাপ্পু আৰু নিখিলৰ কথাষাৰ শুনি যমৰাজে কোমল মাতেৰে কলে--আচলতে এই তিৰোতা জনিয়ে ন বছৰ বয়সত শিল দলিয়াই চৰাই এটা মাৰিছিল ৷
:
:
:
বন্ধু সকল সেই সুন্দৰী তিৰোতা জনিয়ে শাস্তি হিচাপে কিয় লুপ্পুক পালে , সেইটো আপুনালোকৰ আগত বুজাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই নহয় জানো ?

Sunday 30 March 2014

গোপন বৈঠক

By: Dípankar Nath
'মোডী' আৰু 'ওবামা,ই এখন
গোপন বৈঠকত মিলিত হৈ আছে..!
.

তেনেতে তালৈ ৰাহুলবাবা সোমাই আহিল আৰু সুধিলে-- কি বিষয়ৰ ওপৰত আলোচনা চলি আছে..?

ওবামা : আমি ছৈধ্য হাজাৰ ভাৰতীয় আৰু 'চানী লিয়ন' ক মৃত্যু দণ্ড দিব বিছাৰিছো..!

ৰাহুল বাবা : 'চানী লিয়ন'ক কিয়..?

..
..
..
..
..

মোডী : (ওবামা উদ্দেশি) মই কৈছিলো নে, কোনোয়ে ছৈধ্য হাজাৰ ভাৰতীয়ৰ ওপৰত গুৰুত্ব নিদিব, সকলোয়ে মাথো 'চানী লিয়ন'ক মৃত্যুদণ্ড দিয়াৰ কাৰণ জানিব বিছাৰিব !

Saturday 29 March 2014

কেনেকৈ কলেজত জনপ্ৰিয় হব পাৰি

By: Master Dhruba Nath
কেৱল কলেজত পঢ়ি থকা সকলৰ বাবে । কেনেকৈ কলেজত জনপ্ৰিয় হব পাৰি ।
( লেখনিটো ২০০২ চনত এখন হাস্য ব্যঙ্গ আলোচনীত প্ৰকাশ পাইছিল )
মাষ্টাৰ ধ্ৰুৱ

কলেজত সকলোৱে মাজত জনপ্ৰিয় হবলৈ হলে তলৰ কিটিপ কেইটা ব্যৱহাৰ কৰি চাব পাৰে ।

১: মুখত অনবৰতে ১২০/১৬০ পান এটা ভৰাই চোবাই থাকিব ।

২: ইউনিফৰ্ম খুব কমেই পিন্ধিব । প্ৰায়ে বেলেগ বেলেগ ডিজাইনৰ কাপোৰ পিন্ধিব ।

৩: কাপোৰত সদায় কাঢ়া ইষ্টি কৰিবলৈ নাপাহৰিব ।

৪: চকুত চানগ্লাছ কাণত এটা ৰিং, চুলিৰ কাট কোনোবা নতুন চিনেমাৰ হিৰৰ দৰে হব লাগিব ।

৫: যিমান পাৰে সকলোৱে লগত নিজে গৈ চিনাকি হব । বাটে ঘাটে দেখিলে হাই হেল্ল বুলি কৈ হাত মিলাবলৈ নাপাহৰিব ।

৬: মাটি বাৰী বিক্ৰী কৰি , ঘৰত ওভতগোৰে নাচি হলেও নতুন মডেলৰ পালচাৰ এখন যোগাৰ কৰি লওক । আৰু পাছফালে সদায় এগৰাকী নতুন নতুন ছোৱালী উঠাই ফুৰক ।

৭: হোটেল ৰেষ্টুৰেণ্ট যতেই নহওক কলেজৰ ছোৱালীৰ লগত খোৱাৰ পাছত বিলটো আপুনি দি দিয়ক ।

৮: ক্লাছ কৰিবলৈ আহোঁতে কেৱল সৰু বহী এখন হে পকেটত লৈ আহিব । যাতে কোনোবাই কৰবাত লগ ধৰিলে যাবলৈ একো অসুবিধা নহয় ।

৯: কলেজলৈ নহাকৈ এদিনো নাথাকিব আকৌ দেই ।

১০: শেষত কও এটিয়া বিহুৰ বতৰ পাইছেহি । পাৰিলে বিহুত সকলোৱে ঘৰলৈ এপাক মাৰিব ।

কেনে পালে জনাব দেই ।

পুণৰ অপাৰেচন

By: Dípankar Nath
অস্ত্রোপচাৰৰ পিছত এজনী ছোৱালীৰ পেটত এখন কেচি সোমাই থাকিল !
.


ডাক্তৰে পৰীক্ষা কৰি কলে যে--
আপোনাক পুণৰ অপাৰেচন কৰিব লাগিব !

ছোৱালী : পাগল নেকি..? প্রথম বাৰ কৰোতেই ইমান ভয় খাই আছিলো !
এইয়া ২০ টকা লওক--

..

..

..

..

'নতুনকৈ এখন কিনি লব..!'

Sunday 23 March 2014

জুতি বাইৰ বিয়া

by: আকাশ জ্যোতি দেৱ গোস্বামী
গাজাৰী লেণ্ডৰ সম্ৰাজ্ঞী, বেণ্ডিদ কুইন খ্যাত টিও টিও ওৰফে জুতি বাইৰ বিয়াৰ পাছৰ কাহিনী -

এদিন মাজৰাতি জুতি বাইএ ঘৰলৈ ফোন কৰিলে

মাক :-- হেল্ল'

বেণ্ডিদ কুইন :-- হেল্ল' মা, আজি মোৰ মানুহজনৰ লগত কাজিয়া লাগিল !

মাক :-- চিন্তা নকৰিবি, পতি-পত্নীৰ মাজত এনেকুৱা বোৰ হৈয়েই থাকে !

বে. কু. :-- এহ সেইবোৰ কথা মোক পাছত বুজাবি !

আগতে ক এতিয়া লাচটো কি কৰিম !!!

Wednesday 19 March 2014

নগেন আৰু ঘৈণীয়েকৰ ফাকুৱা..

By: ডঃ মাখন লাল দাস

ফাকুৱাৰ দিনা ৰাতিপুৱাৰে পৰা নগেনহঁতৰ চুবুৰীৰ সকলোৱে ফাকুৱা খেলিছে৷ নগেনো খেলি-খেলি মছগুল৷
দুপৰীয়া ঘৰলৈ আহি দেখে ঘৈণীয়েকে চুবুৰীৰ সৰু-সৰু ল’ৰাবোৰ এটা এটাকৈ আনি চাবোন ঘঁহি ঘঁহি গা ধুৱাই আছে৷ তেনেদৰে দহটামানক গা ধুৱালে ঘৈণীয়েকে৷ আৰু প্ৰায় ত্ৰিশটামান ল’ৰা গা ধুবলৈ শাৰী পাতি আছিল৷
তাকে দেখি নগেনৰ সহ্য নহ’ল ৷
সি ঘৈণীয়েকৰ ওচৰলৈ আহি ক’লে,
“ আজি চুবুৰীৰ গোটেইবোৰকে গা ধুৱাব খুজিছ নেকি? তোৰ মূৰ গৰম হৈছে নেকি?“
ঘৈণীয়েকে লাহেকৈ ক’লে,
“ ইহঁতবোৰৰ মাজৰ পৰা আপুনিয়েই বিচাৰি দিয়কচোন কোন দুটা আমাৰ বাবলু আৰু মুন্না? তেতিয়া হ’লে মোৰ কামটো সহজ হ’লহেতেন…”
ঘৈণীয়েকৰ কথা শুনি নগেনে শাৰী পাতি থকা ল’ৰাবোৰলৈ ভালদৰে চালে৷
তাৰপাছত সি ঘৈণীয়েকৰ ফালে চালে৷
মিচিকিয়াই হাঁহিলে৷
তাৰপাছত সিও ল’ৰাবোৰক গা ধুৱাবলৈ ধৰিলে, এটা এটাকৈ৷
(সংগ্ৰহ)

Tuesday 11 March 2014

ভগৱানক প্ৰাৰ্থনা

By: Topon Gohain
সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনে ভগৱানক প্ৰাৰ্থনা কৰিছে---ভগৱান মোৰ অংক ছাৰৰ জিভা খন কাটি পেলোৱা ৷ তেওঁ মোক বৰকৈ গালি পাৰি থাকে ৷
পিছদিনা খন লৰাটোৱে শুনিলে তাৰ অংক ছাৰৰ জিভা খন কোনোবাই কাটি পেলালে ৷ লৰাটো ভগৱানৰ ওচৰত সন্তষ্ট হল
সি আকৌ ভগৱানক কলে ---ভগৱান তুমি মোৰ লগৰ নিখিলৰ ভৰি এটা ভাঙি পেলোৱা , সি এবাৰ মোক ফুটবল খেলোতে গোৰ মাৰি দিছিল ৷
পিছদিনা সি শুনিলে নিখিলৰ চাইকেলৰ পৰা পৰি ভৰি এটা ভাঙি থাকিল ৷
সি পুনৰ ভগঁৱানক কলে--ভগৱান মোৰ দেউতাই মোক সদায় মাৰি থাকে, তুমি মোৰ দেউতাক উঠাই লৈ যোৱা ৷
কিন্ত পিছদিনা খন লৰাটোৱে দেউতাকক দেখি আচৰিত হল ৷
দেউতা , তোমাৰ একো হোৱা নাই ? --লৰাটোৱে দেউতাকলৈ চাই সুধিলে ৷
নাই একো হোৱা নাই--দেউতাকে কলে
কিন্ত মা কলৈ গল দেউতা--লৰাটোৱে দেউতাকক কলে ৷
আমাৰ ওচৰৰ শৰ্মা চাৰ যে, তেওঁ ঢুকাল , তোমাৰ মা তালৈকে গৈছে--দেউতাকে লৰাটোক কলে ৷
( ফ্ৰেইণ্ডচ কিবা বুজিলেনে ? যদি বুজি পাইচা কমেণ্ট কৰিবচোন )

আইতাৰ স্কুল

by: Madhurjya Dutta

হঠাৎ চৰকাৰে এখন আছনি জাৰি কৰিলে যে,দেশত নিৰক্ষৰ লোকসকলক লিখা পঢ়া শিকোৱা হ'ব ৷
কথামতেই কাম ৷ আমাৰ গাঁৱতো পাঠদান আৰম্ভ হৈ গ'ল ৷ গাঁৱৰ সকলো আইতাই একগোট হৈ আবেলি মহিলা সমিটিৰ কায্যালয়তে লিখা পঢ়া শিকিবলৈ ল'লে , এজনক শিক্ষক হিচাপে নিযুক্তি দিয়া হ'ল ৷
লেঠা লাগিল শিক্ষকৰ,কিয়নো অাইতা সকলক শিকোৱা ইমান সহজ নহয়,গতিকে তেঁও এটা নতুন পদ্ধতিত শিক্ষা আৰম্ভ কৰিলে, এনেদৰে-
A (ব'ৰ্ড ত লিখি )মানে অমল ৰ মাক, B মানে বলেন ৰ মাক ,,,,,,,,,,,,,
,
,
,
,
,
,
,
এনেদৰে এমাহ মান যোৱাৰ পাছত ইনস্পেক্টৰ আহিল স্কূল চাবলে,,,
ইনস্পেক্টৰ: আপোনালোকে কিমান শিকিব পাৰিছে মই এতিয়া পৰীক্ষা কৰিম,
এইবুলি ব'ৰ্ড ত W লিখি এইটো কি আখৰ কোনে কব পাৰিব সুধিলে,,
কিন্তূ শিক্ষকৰ W শিকোৱা হোৱাই নাছিল ,R লৈকে শিকাইছিল হে ৷
সকলোৱে ইন্সপেক্টৰক ক'লে যে আমাক এইটো শিকোৱাই নাই৷
তেনেতে এগৰাকী বুধিয়ক আইতাই ক'ব পাৰিম বুলি শিক্ষকৰ লগতে সকলোকে লাজৰ পৰা বছালে আৰু উত্তৰটো দিলে,
উত্তৰ শুনি ইন্সপেক্টৰ বেঁহুছ,আইতাই কি ক'লে জানেনে,
,
,
,
,
,
,
,
সেইজনী মৃনালৰ মাক উলটি পৰি আছে৷

Sunday 9 March 2014

পুৰণি স্মৃতি

By: Ashish Majumdar
বহুদিনৰ হেৰাই যোৱা দুজন বন্ধু ৰমেন আৰু ৰাতুলক ফেচবুকৰ জৰিয়তে আৱিষ্কাৰ কৰি নবীন আনন্দত আত্মহাৰা হৈ পৰিল!
তিনিও পুৰণি স্মৃতি ৰোমন্থন কৰিবলৈ ৰেষ্টুৰাঁত সোমাল।
নবীন সৰুপানী চুবলৈ টয়লেটত যোৱাৰ পিছত..

ৰমেন- কোৱাচোন ৰাতুল, তোমাৰ ল'ৰা ছোৱালী কেইটা?
ৰাতুল-এটাই ল'ৰা, বৰ বুধিয়ক! ধনীঘৰৰ ছোৱালী এজনী পটাইছে। ইমেজ বনাবলৈ তাইক গাড়ী এখনো gift দিছে। এবাৰ বিয়াখন হৈ গ'লে বাপেকৰ সকলো সম্পত্তি মোৰ!

ৰমেন- হয় নেকি! মোৰ ল'ৰাটোৱেও এজনী ধনীৰ দুলালীক পটাইছে। সি বেংকৰ পৰা টকা ধাৰলৈ লৈ ছোৱালীজনীক ফ্লেট এটা gift দিছে। মই বেয়া পোৱানাই! বিয়াৰ পিছত বাপেকৰ বিপুল সম্পত্তি দেখোন মোৰেই হ'ব!

নবীনে আহি দুয়োৰে কথা শুনি ক'লে- মোৰ এজনীয়ে ছোৱালী, কিন্তু বৰ তীখৰ। তাই একেলগে দুটা ল'ৰাক প্রেমজালত ফচাই থৈছে। এটাই গাড়ী এখন gift দিছে আৰু আনটোৱে ফ্লেট দিছে। তাই হেনো আৰু কিবাকিবি সৰকাবলৈ প্লেন কৰি আছে!

ইন্টাৰ ভিও

By: Anuj Kumar Das

এবাৰ আশিষ'কাইয়ে 'মদাসক্ত সংশোধন কেন্দ্ৰত ভৰ্তি হবলৈ 'ইন্টাৰ ভিও" এটালৈ গল।...ইন্টাৰভিও টো আমাৰ নিভা'মেডামে লৈ আছিল ।...নাম-ধাম সোধাৰ পাছত নিভা'মেডামে প্ৰশ্ন কৰিলে-

নিভা'মেডামঃ-...আপুনি মদ খায় নে ?
.

আশিষ'কাইঃ(পোনপটিয়া উত্তৰ)-..হয়...খাওঁ ।
.

নিভা'মেডামঃ-..সদায় খায় নে ?
.

আশিষ'কাইঃ(সংকোচ নকৰা কৈ)-..অ খাওঁ ।
.

নিভা'মেডামঃ- দৈনিক কি পৰিমানে খায় ?
.

আশিষ'কাইঃ (ডেম কেয়াৰত)-...6/7 পেগ মান হবগৈ ।
.

নিভা'মেডামঃ-ও য়া ও ! 6/7 পেগ ! (আচৰিত হৈ)...এই পেগ বোৰৰ দাম কিমান হব ?
.

আশিষ'কাইঃ-...কিমান আৰু ?...1000/- টকা মান হব ।
.

নিভা'মেডামঃ-আপুনি কিমান দিনৰ পৰা খাই আছে ?
.

আশিষ'কাইঃ-(অলপ ভাবি চিন্তি)..প্ৰায় 14 বছৰ মানেই হব ।
.

নিভা'মেডামঃ(তাচ্ছিল্য ভাবেৰে)...আপুনি 14 বছৰৰ ধৰি 'মদ' খাই আছে...Oh ! No...
(হিচাপ কৰি কৰি)..মানে প্ৰত্যেক মাহত 30,000/-হাজাৰ টকা...এবছৰত 36,000/-হাজাৰ টকা...আৰু 14 বছৰত প্ৰায় 50 লাখ টকা !!!
...বাপ ৰেই...আপুনি ইমান দিনে 50 লাখ টকা উৰাই দিলে ???...মাথোঁ 'মদ'ৰ তলত ??

-হে ভগবান !...এই 50 লাখ টকাৰে আপুনি B.M.W. CAR এখনকে কিনিব পাৰিলেহেঁতেন !...কথাটো ভাবিছেনে ?
.

নিভা'মেডামৰ যুক্তিপূৰ্ন কথা শুনি আশিষ'কাই কিছুসময় 'তভক' মাৰি থাকিল...শেষত নিভা'মেডামক সুধিলেঃ-মেডাম , আপুনি বাৰু 'মদ' খায় নে ?
.

নিভা'মেডামঃ(অবাক হৈ)-...নাই নাখাওঁ ।
.

আশিষ'কাইঃ-আপোনাৰ চাকৰি কৰা কিমান বছৰ হল ?
.

নিভা'মেডামঃ(বিৰক্তি ভাবে)-হ'ল আৰু...14/15 বছৰ ।
.

আশিষ'কাইঃ-আপোনাৰ মাহ'ত দৰমাহ কিমান ?
.

নিভা'মেডামঃ-...কিয় ? প্ৰায় 16/17 হেজাৰ মান !
.

আশিষ'কাইঃ- মেডাম...প্ৰায় 16 বছৰ চাকৰি কৰাৰ পাছত 'মদ-পানী' নোখোবাকৈ...আপোনাৰ মুঠ দৰমাহ -2 কোটিৰ ওচৰা ওচৰি হল গৈ নহয় নে ?...এতিয়া আপোনাৰ B.M.W.CAR খন অলপ দেখুবাই দিব নে ???
.

আশিষ'কাইৰ কথাত নিভা'মেডাম বেহুচঁ !..
ইন্টাৰভিও হল-'ফুঁচ' !!

বিঃদ্ৰঃ- আশিষ'দা আৰু নিভা'মেডাম খং নকৰিব ।'ৰগৰ' কৰাত 'জগৰ'হলে আগতিয়াকৈ 'ক্ষমা' প্ৰাথী হলো ।