Wednesday 19 March 2014

নগেন আৰু ঘৈণীয়েকৰ ফাকুৱা..

By: ডঃ মাখন লাল দাস

ফাকুৱাৰ দিনা ৰাতিপুৱাৰে পৰা নগেনহঁতৰ চুবুৰীৰ সকলোৱে ফাকুৱা খেলিছে৷ নগেনো খেলি-খেলি মছগুল৷
দুপৰীয়া ঘৰলৈ আহি দেখে ঘৈণীয়েকে চুবুৰীৰ সৰু-সৰু ল’ৰাবোৰ এটা এটাকৈ আনি চাবোন ঘঁহি ঘঁহি গা ধুৱাই আছে৷ তেনেদৰে দহটামানক গা ধুৱালে ঘৈণীয়েকে৷ আৰু প্ৰায় ত্ৰিশটামান ল’ৰা গা ধুবলৈ শাৰী পাতি আছিল৷
তাকে দেখি নগেনৰ সহ্য নহ’ল ৷
সি ঘৈণীয়েকৰ ওচৰলৈ আহি ক’লে,
“ আজি চুবুৰীৰ গোটেইবোৰকে গা ধুৱাব খুজিছ নেকি? তোৰ মূৰ গৰম হৈছে নেকি?“
ঘৈণীয়েকে লাহেকৈ ক’লে,
“ ইহঁতবোৰৰ মাজৰ পৰা আপুনিয়েই বিচাৰি দিয়কচোন কোন দুটা আমাৰ বাবলু আৰু মুন্না? তেতিয়া হ’লে মোৰ কামটো সহজ হ’লহেতেন…”
ঘৈণীয়েকৰ কথা শুনি নগেনে শাৰী পাতি থকা ল’ৰাবোৰলৈ ভালদৰে চালে৷
তাৰপাছত সি ঘৈণীয়েকৰ ফালে চালে৷
মিচিকিয়াই হাঁহিলে৷
তাৰপাছত সিও ল’ৰাবোৰক গা ধুৱাবলৈ ধৰিলে, এটা এটাকৈ৷
(সংগ্ৰহ)

No comments:

Post a Comment