Wednesday 19 March 2014

ৰান্ধনিৰ প'ষ্ট

By: Madhurjya Dutta
এবাৰ নগেন আৰু খগেন চহৰত ধন ঘটিবলৈ গ'ল ৷ কিন্তু ক'তো কাম বিছাৰি নাপালে ৷ শেষত এঘৰত যেনিবা ৰান্ধনিৰ প'ষ্ট ত চাণ্স পাই গ'ল ৷
লেঠা লাগিল ৰন্ধাৰ সময়ত, দুয়োটাৰে এটায়ো ৰান্ধিব নেজানে , ইফালে মালিকক সব কাম জানো বুলি কোৱাৰ কাৰনেহে কাম দিছিল ৷
যি হ'ব ভাবি নগেনে খগেনকে প্ৰথমতে ভাত ৰান্ধিবলে ক'লে, বাকীবোৰ সি কৰিব ৷ কিন্তু ৰান্ধনি ঘৰত সোমাই আকৌ বিপদ লাগিল, খৰিৰ ব্যৱস্হা নাই (আজিকালি সকলোতে ৰন্ধন গেছ)৷ তেনেতে দেখিলে এচুকত তেলৰ টেংকি আৰু ষ্ট'ভ সাজু আছে,ৰক্ষা উপায় ওলালে, কিন্তু আকৌ লাগিল লেঠা জুইশলা কাঠী জ্বলাই আছে ষ্ট'ভ নজলেহে নজ্বলে ৷
খগেন: ঐ নগেনকাই এইফালে আহ এইটো নজ্বলে দেখোন,
নগেন আহি দেখিলে যে কথাটো মিছা নহয়, আমাৰ টেঙৰ নগেনে ঘুৰি পকি চাই দেখিলে যে কথাৰ গুৰি বেলেগ, লগে লগে খগেনক দিলে ধমক "হেৰৌ মূৰ্খ তেলৰ টেংকি আছে তলত, ষ্ট'ভ আছে ওপৰত,ক'ত জ্বলিব, কমচেকম টেংকিতো ওপৰত উঠাই ল পাইপেদি তেল পাচ হোৱাকে ৷

দেখিলে নগেন কিমান বুদ্ধিয়ক

No comments:

Post a Comment