Friday 21 December 2018

ৰচনা

অই কনপিটৌ, "তই ৰচনা কোনখন লিখিলি"? টিউচন মাষ্টৰ প্ৰদিপে সুধিলে ।
" ছাৰ," মহাত্মা গান্ধী"খন লিখিলো।" কনপিটৌ ৱে যথেষ্ট উৎসাহেৰে ক'লে।

" হৈছে আৰু, তই কি লিখিছ মই গম পাইছোঁ, হব এই ১৫ নম্বৰ বাদ দিয়াই ভাল" প্ৰদীপ মাষ্টৰে প্ৰশ্নকাকতখন লৈ ক'লে।
"এ নহয় ছাৰ, মই ৰচনা ভালকৈয়ে লিখিছোঁ "। কনপিটৌৱে ক'লে
"বাৰু তইনো কি ' মহাত্মা গান্ধীৰ' ৰচনা লিখিলি গাই শুনাছোন " মাষ্টৰে ক' লে।

"শুনক তেতিয়াহলে" বুলি কনপিটৌৱে ৰচনা আৰম্ভ কৰিলে
" মহাত্মা গান্ধী "
১৪৫৯ চনৰ শুক্লা দশমী তিথিত মহাত্মা গান্ধীৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম 'কুসুম্বৰ গান্ধী' আৰু মাক ইন্দিৰা গান্ধী। সৰুতেই মহাত্মা গান্ধীৰ মাকৰ মৃত্যু হোৱাত, বুঢ়ীমাক খেৰসুতীয়ে তেওঁক গুৰু দ্ৰোণাচাৰ্য্যৰ টোলত নাম লগাই দিয়ে।
মহাত্মা গান্ধীয়ে প্ৰথমতে ভৰিৰ গোৰোহালৈকে লেটিয়াই চুৰিয়া পিন্ধিছিল, কিন্তু এদিন এটা প্ৰকাণ্ড ষাঁড় গৰুৱে খেদা মাৰি আহিল, কোনোমতে মহাত্মা গান্ধীয়ে ষাঁড় গৰুটোৰ শিঙত ধৰি বগৰাই দিয়ে আৰু নিজেও জোঁটপোট খাই পৰে। সেইদিনাৰ পৰাই মহাত্মা গান্ধীয়ে আঁঠুৰ মুৰত চুৰিয়া পিন্ধিবলৈ লয়।
ষাঁড় গৰুটো বগৰাই ভাগৰে জোগৰে আমন জিমনকৈ বেঞ্চ এখনত বহি থাকোতেই মহাত্মা গান্ধীয়ে এটা আপেল সৰি পৰা দেখে আৰু লগে লগে তেওঁ যতৰ আবিষ্কাৰ কৰিলে।

মহাত্মা গান্ধীয়ে ভাৰতৰ পৰা ইংৰাজক বিতাৰণ কৰিবৰ বাবে যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। ইংৰাজৰ লগত সংগ্ৰাম কৰি ১৮২৬ চনত " ইয়াণ্ডাবু" নামৰ ঠাইত সন্ধি" কৰিব লগীয়া হৈছিল। সন্ধিত ইংৰাজে সুধিলে, "তুমি আমাৰ পৰা কেনে ব্যৱহাৰ বিচাৰা"?
মহাত্মা গান্ধীয়ে ক'লে, "ৰজাৰ দৰে"।
মহাত্মা গান্ধীৰ মৃত্যু বৰ কৰুণ আছিল। "লোণ আইন" ভংগ কৰাৰ বাবে এদিন "দণ্ডি - যাত্ৰা"ত ভাগ লৈ মহাত্মা গান্ধী, খোজ কাঢ়ি আহি থাকোতে পিয়াহত অণ্ট - কণ্ঠ শুকাই এটা নিজৰাত পানী খাবলৈ ল' লে। সেই সময়তেই আকৌ ৰজা দশৰথে মৃগয়া কৰিবলৈ গৈছিল। দশৰথৰ হাতত এদাল "শব্দভেদী বাণ" আছিল, ৰজা দশৰথে মহাত্মা গান্ধীয়ে নিজৰাত পানী খাই থকা শব্দটো শুনি ভাবিলে, এইয়া নিশ্চয় কোনোবা মৃগই পানী খোৱাৰ শব্দ। লগে লগে দশৰথে "শব্দভেদী বাণ" এৰে আৰু মহাত্মা গান্ধীৰ ভৰিত লাগি তেখেতৰ "বৈকুণ্ঠ প্ৰয়াণ" হয়।

কনপিটৌ ৰচনা শুনি প্ৰদীপ মাষ্টৰো কোনোমতেহে বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পৰা ৰক্ষা পৰে 😂😂😂

Tuesday 13 March 2018

আপলোড

এজনী ছোৱালীয়ে

তাইৰ নিজৰ ফটো এখন আপলোড কৰি লিখিছে
মোক কেনেকোৱা লাগিছে ফ্ৰেইন্ডচ
.
.
.
.
.
.
.
.
.
.
মই কলো----> তোমাৰ দেউতা বা মাৰাই ৯হাজাৰ বা ১০হাজাৰ টকা খৰছ কৰি মবাইল কিনি দিছে যেতিয়া তোমালোকৰ ঘৰত একেবাৰে কম দামৰ মানে ৫০০ টকা মান দামৰ এখন আইনা নিশ্চয় থাকিব !!


সেইখনতে চাই লোৱা নিজক কেনেকোৱা লাগিছে ??

আমাক কিয় সুধিব লাগে ভুটুনী !!!!

আই ঔ লগে লগে ব্লক মাৰিলে বে

Friday 12 January 2018

ভোগালী বিহুৰ শুভেচ্ছা

মাঘৰ বিহু উপলক্ষে কেইটামান
 উপদেশ::
১/ মদ নেখাব। খালেও ৰাম, হুইস্কী, ভদকা, বিয়েৰ,
ৱাইন, চেম্পেইন, লাওপানী, ফটিকা, চুলাই, জোঙাৰ
 বাহিৰে বেলেগ নেখাব।
 ২/ উৰুকাৰ দিনা মদ কিনিবলৈ নথব। আগদিনাই কিনি থব, কব
 নোৱাৰি কেতিয়া চৰকাৰে ড্ৰাই ডে দি দিয়ে!
২/ উৰুকাৰ বজাৰ কৰিম বুলি যাওঁতে ঘৈণীক সুধি
 নেযাব। নহলে যিখন লিস্ট দিব, আপুনি ট্ৰাক ভাড়া
 কৰিহে বজাৰ কৰিব লগা হব।
 ৩/ উৰুকাৰ ৰাতি ঘৈণীৰ লগত কাজিয়া নকৰিব। নহ'লে
 যিখিনি নিচা ধৰিব, সব ফাটি যাব।
 ৪/ ব্ৰইলাৰ মুৰ্গি নিকিনিব। পাৰিলে ওচৰৰে কাৰোবাৰ
 ঘৰৰ লোকেল মুৰ্গি এটা আনি লুকাই থৈ দিয়ক।
 ৫/ ঘৈণীয়ে বনোৱা পিঠাখন যদি পিঠা যেন লগা নাই,
কিবাকে পানীৰে গিলি থৈ দিয়ক।
 ৬/ উৰুকাৰ ৰাতি লোকৰ কবি, বেঙেনা, বিলাহী,
জেওৰা আদি আনিবলৈ যাওতে মোবাইল চাইলেন্ট
 কৰি থব।
 ৭/ লোকৰ কবি, বেঙেনা, বিলাহী, জেওৰা আদি
 আনোতে টৰ্চ এটা লৈ যাব নহলে ৰাতিপুৱা হে গ'ম
 পাব যে মদৰ নিচাত আপুনি নিজৰেই বাৰি-ঘৰ তহিলং
 কৰিলে!
৮/ মেজি জ্বলি থকাৰ সময়ত ঘৈণীক আগত ৰাখিব,
কিবাকে মেজি ভাঙি পৰিলেও এটলিস্ট আপুনি বাচি যাব।
 ৯/ ঘৈণীয়ে বনোৱা পিঠা বোৰ যদি নৰ-মনিচে
 খালে বিপদ হব পাৰে বুলি ভাবে, মেজিৰ জুইতে ঢালি
 দিব, ঘৈণীক কলেই হ'ল যে এয়া অসমৰ পৰম্পৰা।
 ১০/ ঘৈণীয়ে আপোনালৈ বনোৱা পিঠা-লাড়ু আদি
 আপুনি খোৱাৰ আগতে ঘৈণীক খুৱাই দিব। ঘৈণীয়ে
 আপোনাক মৰমীয়াল বুলি ভাবিব আৰু আপুনিও নিশ্চিত
 হব পাৰিব যে পিঠা-লাড়ুত বিহ নাই!!!
১১/ কিছুমান লাড়ু খুব টান হয়, কামুৰি ভাঙিব নোৱাৰি।
 তেনেবোৰ লাড়ু টেমা এটাত ভৰাই থৈ দিয়ক। পাছত
 কেতিয়াবা ঘৈণীৰ লগত কাজিয়া লাগিলে কামত আহিব।
 ভোগালী বিহুৰ আগতীয়া
 শুভেচ্ছা জনালো ।