Wednesday 19 March 2014

মহন্ত অষ্ট্রেলিয়াত থকা সময়ৰ কথা

By: Nayanjit Deka
আমাৰ মহন্তকনো কোনে চিনি নাপায়। এইয়া মহন্ত অষ্ট্রেলিয়াত থকা সময়ৰ কথা। এদিনাখন মহন্ত Woolworth's (অষ্ট্রেলিয়াৰ এখন বৃহৎ চুপাৰমাৰ্কেট) গ’ল। চুপাৰমাৰ্কেটত মেকুৰিৰ খাদ্য বহুত বেছি ৰেহাই মূল্যত দি থকা দেখিলে। মহন্তই ১০ টেমা মেকুৰিৰ খাদ্য ললে আৰু কাউন্তাৰত পইচা জমা দিবলৈ গ’ল।

দোকানৰ মেনেজাৰ জনৰ মনত কিবা এটা সন্দেহ হ’ল। তেওঁ ভাবিলে যে মহন্তৰ নিশ্চয় মেকুৰি নাই আৰু সি মেকুৰিৰ খাদ্য খিনি তাৰ ল’ৰা-ছোৱালী কেইটাক খুৱাব। মেনেজাৰ জনে মহন্তক মেকুৰিৰ খাদ্য কিনাৰ আগতে মহন্তৰ মেকুৰিটো দেখুৱাব ক’লে। মহন্ত ঘৰলৈ গ’ল আৰু ল’গত মেকুৰিটো লৈ আহিল। মেকুৰিটো দেখি মেনেজাৰে বিনা দ্বিধাই মহন্তক ১০ টেমা মেকুৰিৰ খাদ্য দি দিলে।

এসপ্তাহ পিছত মহন্ত আকৌ গ’ল আৰু সেইবাৰ কুকুৰৰ খাদ্য বহুত বেছি ৰেহাই মূল্যত দি থকা দেখা পালে। লগে লগে মহন্তই ১০ টেমা কুকুৰৰ খাদ্য ল’লে আৰু মেনেজাৰৰ ওচৰ পালেগৈ। মেনেজাৰ জনৰ মনত আকৌ সন্দেহ হ’ল। মেনেজাৰে ভাবিলে যে মহন্তৰ ঘৰত মেকুৰিহে আছে, কুকুৰ নাই আৰু মহন্তই কুকুৰৰ খাদ্য খিনি তাৰ ল’ৰা-ছোৱালী কেইটাক খুৱাবলৈ লৈছে। মেনেজাৰ জনে মহন্তক কুকুৰৰ খাদ্য কিনাৰ আগতে মহন্তৰ কুকুৰটো দেখুৱাব ক’লে। মহন্ত ঘৰলৈ গ’ল আৰু ল’গত কুকুৰটো লৈ উভতি আহিল। কুকুৰটো দেখি মেনেজাৰে মহন্তক ১০ টেমা কুকুৰৰ খাদ্য দি দিলে।

এসপ্তাহ পিছত মহন্ত আকৌ আহিল দোকানখনলৈ। ল’গত এটা বেগ। মহন্ত চিধাই মেনেজাৰৰ ওচৰ পালে আৰু মেনেজাৰৰ হাতখন বেগৰ ভিতৰত সুমুৱাব ক’লে। মেনেজাৰে হাতখন বেগত ভৰালে আৰু ভিতৰত কোমল, মিহি মিহি কিবা থকা যেন অনুভৱ কৰিলে। ল’গে ল’গে মেনেজাৰে হাতখন উলিয়াই আনিলে।

খঙত অগ্নিশৰ্মা হৈ মেনেজাৰে মহন্তক চিঞৰিলে “কটা নিধক, হাৰামজাদা, চুৱৰৰ বাচ্চা এইবোৰ কি? এইবোৰ দেখোন মানুহৰ গু ঐ জহনীত যোৱা।“
মহন্তই একেবাৰে শান্তভাবে উত্তৰ দিলে “হয়, এইয়া মোৰেই গু, আৰু মই আজি ১০ পেকেট টইলেট পেপাৰ কিনিব আহিছো।“

No comments:

Post a Comment