Sunday 9 March 2014

পুৰণি স্মৃতি

By: Ashish Majumdar
বহুদিনৰ হেৰাই যোৱা দুজন বন্ধু ৰমেন আৰু ৰাতুলক ফেচবুকৰ জৰিয়তে আৱিষ্কাৰ কৰি নবীন আনন্দত আত্মহাৰা হৈ পৰিল!
তিনিও পুৰণি স্মৃতি ৰোমন্থন কৰিবলৈ ৰেষ্টুৰাঁত সোমাল।
নবীন সৰুপানী চুবলৈ টয়লেটত যোৱাৰ পিছত..

ৰমেন- কোৱাচোন ৰাতুল, তোমাৰ ল'ৰা ছোৱালী কেইটা?
ৰাতুল-এটাই ল'ৰা, বৰ বুধিয়ক! ধনীঘৰৰ ছোৱালী এজনী পটাইছে। ইমেজ বনাবলৈ তাইক গাড়ী এখনো gift দিছে। এবাৰ বিয়াখন হৈ গ'লে বাপেকৰ সকলো সম্পত্তি মোৰ!

ৰমেন- হয় নেকি! মোৰ ল'ৰাটোৱেও এজনী ধনীৰ দুলালীক পটাইছে। সি বেংকৰ পৰা টকা ধাৰলৈ লৈ ছোৱালীজনীক ফ্লেট এটা gift দিছে। মই বেয়া পোৱানাই! বিয়াৰ পিছত বাপেকৰ বিপুল সম্পত্তি দেখোন মোৰেই হ'ব!

নবীনে আহি দুয়োৰে কথা শুনি ক'লে- মোৰ এজনীয়ে ছোৱালী, কিন্তু বৰ তীখৰ। তাই একেলগে দুটা ল'ৰাক প্রেমজালত ফচাই থৈছে। এটাই গাড়ী এখন gift দিছে আৰু আনটোৱে ফ্লেট দিছে। তাই হেনো আৰু কিবাকিবি সৰকাবলৈ প্লেন কৰি আছে!

No comments:

Post a Comment