Sunday 9 March 2014

♣ঘোৰ মদাহী

By: Anuj Kumar Das

♣ঘোৰ মদাহী ঘটিৰামে ৰাতি 12 বজাত মদৰ বাৰখনৰ মালিকলৈ ফোন কৰি কলে-"দাদা...দোকানখন কেই বজাত খুলিব ?"
.

মালিকজনে টোপনিৰ পৰা খপজখাই সাৰ পাই উঠিল...বিৰক্ত হল যদিও ব্যবসায়ীসুলভ ভাবে উত্তৰত কলে-'ৰাতিপূবা 10 বজাত...ডাঙৰিয়া !'
.

অলপ পাছত আকৌ ফোন আহিল আৰু ঘটিৰামে সুধিলে-'এতিয়া কেইটা বাজিছে আৰু বাৰখন কেই বজাত খুলিব ?
.

ভৰ মাজ নিশা...এইদৰে ফোন অহাত মদৰ বাৰ'খনৰ মালিকজনৰ খংটো বাৰু কৈয়ে উঠিল...তথাপিও ব্যবসায়ীসূলভ কন্ঠেৰে কলে-"ডাঙৰিয়া...এতিয়া ৰাতি 2 বাজিছে...অনুগ্ৰহ কৰি শুই থাকক আৰু ৰাতিপূবা 10 বজাত দোকান খন খুলিম ।
.
.

এঘন্টা মানৰ পাছত আমাৰ ঘটিৰামে আকৌ ফোন কৰিলে...টোপনিত থকা মালিকক... এইদৰে এটা মদাহীয়ে বাৰে বাৰে ডিষ্টাৰ্ভ দিয়াত...এইবাৰ ধৈৰ্য্যৰ বাধঁ চিঙি গল আৰু খংত গোৰগোৰাই উঠি কলে-'চাল্লা হাৰামী...আৰু কিমান বাৰ কম বে ৰাতিপূবা 10 বজাত দোকানখন খুলিম বুলি ? ... টাইমৰ কথা তোক কিয় লাগে ? চুপচাপ শুই থাক...আৰু এবাৰ ফোন কৰিলে... তোৰ ঘৰত গৈ তোক বটলটোৰে মূৰ ফালি আহিম...চে-লা মদাহী !'
.
.
.

মালিকৰ কথাত মদাহী ঘটিৰামৰো খং টিঙিচ কৈ উঠি গল...আৰু মদৰ ৰাগীত মাতাল ঘটিৰামে জিভা লেকেছিয়াই লেকেছিয়াই কলে-"অই বে দম নিদিবি...তোৰ দোকানৰ বটল খাই খাই মই একেবাৰে ফিটিং...তই মোৰ ঘৰত 'বটল' দিব গৈ নালাগে...দোকানখনৰ তলাটো খুলি দে !...চাল্লা মোক দোকানৰ ভিতৰত ৰাখি তলা লগাই দি... তই ঘৰত আৰামেৰে শুই আছ ?...চে লা !!!
.
.
.

ঘটিৰামৰ কথাত দোকানী বেহুচঁ !!!
ফ্ৰি-তে বটল পাই ঘটিৰাম খুশ ।

No comments:

Post a Comment