Sunday 9 March 2014

* তাৰ মানে কেচটো নগেন *

by: Chao Bitupan Boruah
.
এদিন এদল আৰ্মী অভিযান এটাত আমাৰ নগেন কাইটি হঁতৰ গাঁৱৰ ৰাস্তাৰেদি যাবলগীয়া হ'ল । নগেনকাইহঁতৰ গাঁওখন তাতে আক' বহুত ভিতৰুৱা । আৰ্মীৰ গাড়ীখন নগেনকাইৰ গাঁৱৰ ৰাস্তাতে বেয়া হ'ল ।বহুত চেষ্টা কৰিও জোৱানকেইজনে গাড়ীখন ভাল কৰিব পৰা নাই তাতে আকৌ সেইদিনা খুউব টান ৰ'দ । ঠাইখনৰ নামো সিহঁতে জানিব পৰা নাই । জোৱানকেইজনে বৰ বিৰক্তি পাইছে ।হেড কুৱাৰ্টাৰলৈ খবৰ দিবলৈও নেটৱৰ্ক পোৱা নাই । এনেতে সেইফালে দি আমাৰ নগেনকাই ক'ৰবালৈ যাওঁতে জোৱান কেইজনৰ ফালে ঘূৰি ঘূৰি চাবলৈ ধৰিলে ।তাকে দেখি এজন জোৱানে নগেনক হিন্দীতে সুধিলে ।
জোৱান :- ক্যা হোতা হে ?
পিছে নগেনে হিন্দী ভালদৰে বুজিও নেপায়, ক'বও নেজানে ।
নগেনে উত্তৰ দিলে
নগেন :- ডাঙৰি সূতা হে (এবিধ কপাহী সূতা )।
জোৱান :-কাঁহা চে আতা হে ? নগেন :- ঘেহুঁ চে আতা হে ।(মানে ঘেহুঁৰ পৰা আটা হয়)
জোৱান :-কাঁহা হে ?
নগেনৰ কাহিব লগা নাছিল যদিও জোৰ দি হ'লেও কাহিবলৈ ধৰিলে ।জোৱান :- আচ্চা য়ে বাতাও ইচ ৰোড কা নাম ক্যা হে?
নগেন :- ইচ ৰ'দ কা নাম টিকাফটা ৰ'দ হে(খুউব টান ৰ'দ)
জোৱানজনে নগেনক যাবলৈ দি টিকাফটা ৰ'দ ক'ত আছে মেপত বিচাৰি বিচাৰি নাপালে ।
.
জোৱান চক নগেন ৰক

No comments:

Post a Comment