Sunday 9 March 2014

লৰাই ছোৱালীক বেয়া পোৱা কেইটিমান কাৰণ ।

By: Master Dhruba Nath

( কেৱল হাঁহিৰ খোৰাক যোগাবৰ বাবেহে )

১: ছোৱালী বোৰ মহা কৃপণ । দহ পইচা এটাও খৰছ কৰিব নিবিচাৰে । কিবা বস্তু কিনিবলৈ অকলে কেতিয়াও নাযায় । লগত লৰা এজন নিবই । তাৰপিছত ৰেষ্টুৰেণ্টত সোমাই লৰাজনৰ তলি উদং কৰি খাব ।
২: নিজেও নাখায় আৰু লৰাকো খাব নিদিয়ে । লৰাই মনটো ভাল লাগিবলৈ কেতিয়াবা চিগাৰেট , চাধা , মদ অকণমান খাবলৈ ললে চিধাই বাধা দিব ।
৩: ছোৱালী বোৰ বৰ আৰামী । কৰবালৈ যাবলগা হলে খোজ কাঢ়ি যাবই নিবিচাৰে । কেৱল মটৰ চাইকেলৰ টিকাত বা ৰিক্সাৰ টিকাত উঠিব বিচাৰে ।
৪: ইছটাইল বেছি । কৰবাত যাব লগা হলে বা ঘৰতেই থাকক সিহঁতৰ ইচটাইল কি চাবা । নখ পালিচ , ওঁঠ পালিচ , চকু পালিচ , গাল পালিচ এইবোৰ কৰি থাকোতেই দুইঘণ্টা মান লাগে ।
৫: ছোৱালী বিলাক ভয়াতুৰ । সাধাৰণ পইতাচোৰা এটা দেখিলেই টেটু ফালে । জোক দেখিলেতো কবই নেলাগে । খালেও মৰিলোও যেন বাঘেহে খেদা মাৰি আহিছে ।
৬: বিশ্বাস কৰিব নোৱাৰি । এজনক ভাল পাই আন এজনৰ লগত বিয়া হৈ যায় । ভাল পোৱাৰ সময়ত কব জান, এই মৰম কেৱল তোমাৰ বাবে । আই লাভ ইউ । কিছুদিন পাছত সেইজনক লেং মাৰি ভিক্ষাৰী কৰি আন এজনলৈ যায়গৈ ।

এনে আৰু বহু উদাহৰণ আছে । পাছে পৰে কম । কেনে পালে জনাবলৈ নাপাহৰিব ।

No comments:

Post a Comment