Saturday 9 November 2013

******অথঃ দত্ত সংবাদ :- *******

 তিনিজন শৈশৱৰ বন্ধু প্ৰ দত্ত , মে দত্ত আৰু দি দত্ত ।
এবাৰ তিনিওটাই হিমালয় পৰ্বতখনক ৰং দিয়াৰ কনট্ৰেক্ট এটা পালে ।
কাম কৰাৰ মাজত এদিন লান্স ব্ৰেকৰ সময়ত তিনিওটাই নিজৰ নিজৰ টিফিন উলিয়ালে ।

 প্ৰ দত্ত :- হে গড , আজিও ভাতৰ লগত স্প্ৰাইটৰ তৰকাৰী । কালিও যদি একে টিফিন পাও মই ইয়াৰ পৰা জাপ মাৰি চুইচাইদ কৰিম ।

 দি দত্ত :- হে ৰম , আজিও ব্ৰেড আৰু পকা কঠাল , কালিও যদি একে টিফিন পাও মই ইয়াৰ পৰা জাপ মাৰি চুইচাইদ কৰিম ।

 মে দত্ত :- হে অপু , আজিও বেঙেনা ভাজি আৰু ৰুটি , কালিও যদি একে টিফিন পাও মই ইয়াৰ পৰা জাপ মাৰি চুইচাইদ কৰিম । (বি.দ্ৰ. - মে দত্তই অপুক ভগৱান হিচাপে মানে )

 পিছদিনা খন হ‘ল পুৱা মুখত তিনিও সোমাই এখন এখন গুৱা , তিনিও ওলাল হিমালয়লৈ বুলি , ফাটাফাটি ৰংমিস্ট্ৰি হম বুলি ।
 টিফিন টাইমত ভয়ে ভয়ে তিনিও নিজৰ নিজৰ টিফিন বক্স উলিয়ালে ।

প্ৰ দত্ত :- হে গড , আজিও ভাতৰ লগত স্প্ৰাইটৰ তৰকাৰী । মই মৰো দেই , বাই বাই । এইবুলি প্ৰ দত্তই জাপ মাৰি চুইচাইড কৰিলে ।

 দি দত্ত :- হে ৰম , আজিও ব্ৰেড আৰু পকা কঠাল । মই মৰো দেই , বাই বাই । এইবুলি দি দত্তই জাপ মাৰি চুইচাইড কৰিলে ।

 মে দত্ত :- হে অপু , আজিও বেঙেনা ভাজি আৰু ৰুটি । মই মৰো দেই , বাই বাই । এইবুলি মে দত্তই জাপ মাৰি চুইচাইড কৰিলে ।

 কালু দা কলা কুত্তাই সেই সময়ত হাগু দিব আহিছিল হিমালয়লৈ। সি সকলো দেখি তাহাতৰ ঘৰলৈ ফোন মাৰি সিহঁতৰ মৃত্যুৰ কাৰনসহ সকলো খিনি কৈ দিলে আৰু তাহাতৰ টিফিনখিনি খাই মেলি আহিলে ।

 শ্মসানত গোটেই দত্তকেইটাৰ ঘৈনিয়েকবোৰে কান্দি আছে ।
 প্ৰ দত্তৰ পত্নী :- আগতে জনা হলে মই ভাতৰ লগত স্প্ৰাইট নিদি কোকা-কোলাৰ আন্জা দিলো হৈ নহয় । হুক হুক হুক হুক
দি দত্তৰ পত্নী :- আগতে জনা হলে মই তেখেতক চুজি কা হালোৱা বনাই দিলো হৈ নহয় । হুক হুক হুক হুক
 মে দত্তৰ পত্নী :- বিয়া কৰাৰ পৰাই মই পাকঘৰত ভৰি দি পোৱায়েই নাই। তেখেতেটো নিজৰ টিফিন নিজে বনাই লৈ যায় সদায় ।
মোৰ কি হব এতিয়া ।

 * * মৰেল :- দত্ত মাখা কিয়া এনাই হা কিয়া !!!!!!!!!

By:Apurba Kalita

No comments:

Post a Comment