Friday 22 November 2013

চালাক ছোৱালী ...

তিনিজন বন্ধু বহুত বছৰৰ মূৰত লগ হৈ হোটেলত খাৱলৈ সোমাল । তিনিওজনে খাই থাকোতে এজনে টয়লেটলৈ গল । বাকী দুজনে খাই থাকোতে কথা পাতিছে।
প্ৰথম বন্ধু - তোৰ ল'ৰা ছোৱালী কেইটা ?

২য় বন্ধু - ল'ৰা এটা । বৰ বুিদ্ধয়ক । বাছি বাছি বৰ ধনী ঘৰৰ একমাত্ৰ ছোৱালী জনীকে পটাইছে। ইমপ্ৰেছ বঢ়াবৰ বাবেই গাড়ী এখন গিফট দিছো।বিয়াৰ পাছতো চব মোৰেই হব। তোৰ কচোন।
১ম বন্ধু - মোৰো ল'ৰা এটাই । মোৰদৰেই টেঙৰ। বৰ ধনী ঘৰৰ একমাত্ৰ ছোৱালীজনীকে পটাইছে।ইমপ্ৰেছ বঢ়াবলৈ মইও ফ্লেট এটা গিফট দিলো।

৩য় বন্ধু টয়লেটৰ পৰা অহাত দুয়োজনে সুধিলে - তোৰ ল'ৰা ছোৱালী কেইটা?
৩য় বন্ধু - মোৰ ছোৱালী এজনী । মোৰ দৰেই চালাক বুজিছ । তাই ইতিমধ্যে বৰধনী ঘৰৰ দুটা ল'ৰা পটাইছে।এটাই গাড়ী আৰু আনটোৱে এটা ফ্লেট গিফট দিছে।

No comments:

Post a Comment