Saturday 8 February 2014

৩ চোৰ

By: Dipa Moni
৩ চোৰ চেংমা, দুত্তা আৰু কলিতা এবাৰ পুলিচৰ ভয়ত পলাই ৩ টা বস্তাত সোমায় থাকিল। পুলিচে বিচাৰি বিচাৰি নাপায় বস্তা কেইটাৰ ওচৰত ৰ'লহি। তেনেতে এটা পুলিচে এটা বস্তাত গোৰ মাৰি দিলে, গোৰ খায় কলিতা চিঞৰি উঠিল- "মেউ মেউ।"
পুলিচটোৱে ক'লে, অহ এইটোত মেকুৰি আছে।
এইবাৰ ২ নং বস্তা গোৰ মাৰি দিয়াত ভিতৰৰ পৰা দুত্তাই মাত দিলে- "ভৌ ভৌ"
পুলিচ : অহ, এইটো কুকুৰ হে।
পুলিচটোৱে ৩ নম্বৰ বস্তাত গোৰ মাৰিলে।
কোনো মাত নাহিল।
এইবাৰ ৪ ৫ টা মান গোৰ শোধালে, তেতিয়াও কোনো মাত নোলাল।
একেৰাহে ২৫ টা গোৰ মাৰাৰ পিছত ভিতৰৰ পৰা চেংমায়ে চিঞৰি কলে, "আব্বে এইটো আলুৰ বস্তা হয় বে ! কেনেকৈ মাত দিব আকৌ "

No comments:

Post a Comment