Saturday 1 February 2014

জেনেটিকছ - অথঃ মালি সংবাদ

বহুদিন মালিৰ খবৰ নাই ৷
সিদিনা লগ ফাৰ্মাছী এখনৰ বাহিৰত লগ পালো ৷
‘‘আৰে ভাই মালি, বহু দিন খা-খবৰ নাই যে ?’’
মালি, ‘‘এহ্ নক’ব আৰু দাদা ৷ মোৰ হাই ব্লাড প্ৰেছাৰ !’’
কথাটো শুনি বেয়া লাগিল ৷ সুধিলো, ‘‘ডাক্টৰক দেখুৱালা নে নাই ?’’
মালি, ‘‘দেখুৱাইছো দাদা ৷ পাছে ফেমেলিতেই আছে ৷ গতিকে উপায় নাই আৰু !’’
মই সান্তনা দিবলৈ তাক ক’লো, ‘‘হেহ্ ! ফেমেলিত থাকিলেও ব্লাড প্ৰেছাৰ হে ! দৰব খালে ভাল হৈ যায় ৷ ফেমেলি মানে তোমাৰ দেউতাৰ ফালৰ কথা কৈছা নে মাৰ ফালৰ কথা কৈছ ?’’
মই এনেদৰে প্ৰশ্ন কৰিলো যে মই ডাঙৰ জেনেটিক বিশেষজ্ঞহে ৷
মালি, ‘‘নাই নাই দাদা ৷ মা-দেউতাৰ ফালে প্ৰেছাৰৰ প-টোও নাই ৷ মোৰ ৱাইফৰ ফালৰ পৰা পাইছো ৷’’
মোৰ খং উঠিল, ‘‘কি যা তা কথা কৈছা হে ? তোমাৰ ৱাইফৰ ফালৰ পৰা আকৌ কেনেকৈ ব্লাড প্ৰেছাৰ হ’ব হে ?’’
মালি, ‘‘দাদা, এবাৰ লগ পোৱাই দিম দিয়ক ! আপোনাৰো হৈ যাব ৷’’


By: Pratibhu Dutta

No comments:

Post a Comment