Tuesday 26 November 2013

বিজ্ঞানৰ আজৱ উত্তৰ..

এবাৰ হাইস্কুল এখনৰ ছমহীয়া পৰীক্ষাৰ বহী চাবলৈ পোৱাৰ সুযোগ ঘটিছিল৷ অষ্টম নে নৱম শ্ৰেণীৰ বিজ্ঞানৰ বহী৷ উত্তৰবোৰ পঢ়ি পঢ়ি যথেষ্ট আমোদ পালো৷ তাৰে মনত থাকি যোৱা দুটামান উত্তৰ উল্লেখ কৰিলো৷
(ৰসৰ উৎস যদিও চিন্তনীয় বিষয়)
প্ৰশ্ন: মামৰ কি?
উত্তৰ: মামৰ এবিধ জিনিচ৷ ইয়াকে মামৰ বোলে৷

প্ৰশ্ন: ৰেলৰ চিৰিৰ মাজত ফাঁক কিয় থাকে?
উত্তৰ: বৰপেটাৰোডৰ পৰা গুৱাহাটী বহু দূৰ৷ গতিকে ৰেলেৰে যাব লাগে৷ ৰেলত বহুত মানুহ থাকে৷ ইমানবিলাক মানুহে উশাহ ল’বলৈ বহুতো অক্সিজেনৰ প্ৰয়োজন৷ সেইকাৰণে চিৰিৰ মাজত ফাঁক থাকে আৰু তাতে অক্সিজেন থাকে৷
প্ৰশ্ন: জাৰকালি ফণিৰে চুলি আঁচোৰাৰ পাছত সেই ফণিখনে কাগজৰ টুকুৰা আকৰ্ষণ কৰে৷ কিয়?
উত্তৰ: ফণিৰে চুলি আঁচুৰিলে ফণিত কিছুমান বগা বগা বস্তু লাগি আহে (ছাত্ৰ/ছাত্ৰীগৰাকীৰ নিশ্চয় মূৰত উফি হৈছিল) ৷ ইয়াৰ দ্বাৰা বুজা যায় যে ফণিখন কাগজেৰে তৈয়াৰী৷ একেজাতীয় বস্তুৱে একে বস্তুক আকৰ্ষণ কৰে৷ গতিকে ফণিখনে কাগজৰ টুকুৰা আকৰ্ষণ কৰে৷

প্ৰশ্ন: মাখিপাত কি?
উত্তৰ: মৌ-মাখিয়ে মৌ খাই যিটো পাতত পৰে সেইটোকে মাখিপাত বোলে৷
প্ৰশ্ন: আলু কাণ্ড নে শিপা?
উত্তৰ: বেছিকৈ সাৰ দিলে আলু প্ৰকাণ্ড হয়৷

No comments:

Post a Comment