Tuesday 26 November 2013

উঠ চালা!

টেটোনে এদিন মদ খায় মাতাল হৈ মাজ নিশা
ঘৰলৈ উভতি আহি শুই থাকিল ।
তাৰ পিছতে তাৰ মৃত্যু হল । দুজন যমদূতে তাক টানি টানি জমৰ
আগত হাজিৰ কৰালে ।সি কান্দি কান্দি গাৰ কাপোৰ
কানি টিয়াই পেলালে আৰু
সি জম ৰজাক অনুৰোধ কৰিলে
দুনিয়াত আৰু এবাৰ ফিৰাই পাঠোৱাৰ কাৰণে ।
জমৰাজে তাক আৰু এটা সুযোগ দিলে আৰু তাক
মুৰগী বনায়
দুনিয়াত ফিৰাই পঠালে।
মুৰগী হৈয়ে সি এটা কণী পাৰিলে ।
কণীটো দেখি সি আচৰিত হৈ গল।
কণীটো আছিল সোনৰ আনন্দতে সি জোৰ
দি আৰু এটা কণী পাৰিলে ।
সেইটোওঁ আছিল সোনৰ কণী আৰু
আনন্দতে কণী পাৰিবলৈ জোৰ দিওঁতেই কোনোবা এজনে তাক
বাঢ়হনীৰে কোবালে ।
সি চকু খুলি দেখিলে তাৰ স্ত্রী ভেবলিয়ে
চিঞৰী আছে-
. . .
.
.
“উঠ চালা!
বিছনাত পেচাব কৰি তো ভহায় দিছাই
এতিয়া আকৌ পায়খানা কৰিব ধৰিছা !!!

No comments:

Post a Comment