Tuesday 13 May 2014

@জোনবাই ২০৫০@

by: চিন্ময় দত্ত

আমাৰ পৰৱর্তী প্রজন্মই "জোনবাই এ বেজি এটি দিয়া বুলি..." গানটো কেনেকৈ গাব জানেনে

জোনবাই এ;
মবাইল এটি দিয়া বুলি
পদ্য মতা বয়সত;
তুমি পঢ়িছিলা এচি ৰুমত বহি
এপেল আইফোন ৰে লগত।।
আৰু মই তোমাকে 3G কল কৰি চালো জান ঐ;
ফটোচপ ৰ ইডিটিংত তোমাৰ মুখনি
নতুন ৰঙেৰে উঠিছিল জিলিকি।।


জোনবাই এ;
লেপটপ এটি দিয়া বুলি পদ্য মতা বয়সত,
আমি পঢ়িছিলো আৰামী চকীত বহি
প্লে-স্কুলৰ চোতালত।।
আৰু মই তোমাৰে ফটো লৈছিলো জান ঐ;
মৰম বুজি তুমি নাপালা ঐ,
ৱালপেপাৰ তেতিয়াৰ পৰাই তোমাৰে অ।।

মৰমজান ঐ;
ফেচবুকৰ বুকুতে চাটিং কৰা বয়সত;
তুমি পঢ়িছিলা ডুবাইৰ স্কুলত
এইটত নে ও নাইনত।।
আৰু মই তোমালৈ সদায় ৰাতি কৰি চাটিং;
ফটো টেগ কৰো তুমি ভাল পাবায়ে বুলি;
কোৱাই নহল জানা তোমাকে ও,
ভাল পাও বুলি এবাৰ চাটিংত অ।।

দেহাজান ও;
জীৱনত প্রথমবাৰ মিনি স্কার্ট পিন্ধোতে;
তুমি জোকাইছিলা গাল ৰঙা পেলাই ডিস্ক বাৰত পাই অকলে।
আৰু মই উচুপি উচুপি কান্দিলো জান ঐ;
কোমল বয়সৰ কোমলীয়া মন;
দেহাত জাগিছিল যৌৱনৰ শিশৰণ।।

No comments:

Post a Comment