Saturday 8 February 2014

তপু দা

By: Niyar Partha Pratim Bujarbaruah

আজি ৰাতিপুৱাই উঠি দেখো, কথা বিষম । আমাৰ ওচৰত যে থাকে তপু দা, তেঁওৰ গোটেই মুখ ফুলি কলা পৰি আছে । চকু দুটাৰ ফালেটো চাবই নোৱাৰি, যিহে দেৱালীৰ আলু বোমাটোৰ দৰে হৈ আছে, এই ফুটু এই ফুটু অৱস্থা ।
মই বোলো কথা কি তপু দা? এই পুৱাই কোনখন বিধান সভাত যুজ বাগৰ কৰি আহিলহে?
( মই আপোনালোকক বিশ্বাস কৰি কথাখিনি কও, আপোনালোকে কিন্তু কাকো নকব দেই, মানে তপু দাক প্রমিজ কৰি থৈছো । )
- যোৱাৰাতি বোলে তপু দাই বহু ৰাতিলৈ মবাইলত ফেচবুক কৰি আছিল , নিলে নহয় বৌই টান মাৰি দিলে মবাইলটো । তপু দাৰো উঠি আছিল খং । কোনোবাই বোলে কেইদিনমানৰ পৰা ফেচবুকত তেঁওৰ টেমা বজাই আচিল । গতিকে খঙৰ ভমকত লগাই দিলে বৌক এচৰ । ঠাচ্...
লগে লগে বৌৰ কান্দি কাতি অৱস্থা নাই । তপু দাই দেখিলে কথা বিষম । তপু দাৰ কটীয়া দেহাটোত যিমান মৰম আছিল সকলো একলগ কৰি বৌক ক বুজালে- “ নাকান্দিবাচোন । মই মৰমতে হে মাৰিছো তোমাক । আচলতে যাক বেছি মৰম কৰা যায়, তেঁওৰ ওপৰত হে বেছি খং উঠে ।”

অলপ সময় পিছত বৌ ৰূমৰ পৰা ওলাই আহিল।
বৌৰ উত্তৰঃ তুমিও নাভাবিবা, মই তোমাক কমকে মৰম কৰো বুলি ।
তপু দাই ঘূৰি চোৱাৰ লগে লগেই দিলে নহয় ঠাচ্ ঠাচ্ ঠাচ্ ঠাচ্.........

No comments:

Post a Comment