ডা0 মাখন দা তেতিয়া দাঁতৰ চিকিৎসক । এদিন সন্ধিয়া দেখা গ'ল চেম্বাৰৰ বাহিৰত তেওঁ আনন্দৰে নাচি আছে । তেনেতে তেওঁৰ ব্যক্তিগত সহকাৰী সেংমাই আহিল, ''ছাৰ কিবা সমস্যাত পৰিছে নেকি ?''
মাখন দা -- সমস্যা হ'লে কি মই এনেদৰে আনন্দত নাচি থাকিম ।
সেংমাই :-- সেইবাবেইতো সুধিছো ছাৰ । ভিতৰত ৰোগী বহি আছে আৰু আপুনি বাহিৰত নাচি আছে !!
মাখন দা :-- ভিতৰত যি জন ৰোগী বহি আছে তেওঁ কোন জান্ জানো ?
সেংমাই :-- নাজানো, কোননো ছাৰ ?
মাখন দা :-- এজন পুলিচ চাৰ্জেন্ট, সেইদিনা ষ্পীডত গাড়ী চলোৱাৰ অপৰাধত ৩০০ টকা মোক জৰিমনা কৰিছিল । আজি তাক পাইছো বাপপেকে ।
By: Deep Jyoti Nath
0 Comments