Monday 24 February 2014

দৰাঘৰীয়া আৰু কইনাঘৰীয়া

By: DrBhupendra Saikia

এটা পাৰ্টি হল মানুহেৰে ঠাহ খাই পৰাত গৃহস্থ চিন্তিত হৈ পৰিল
- খোৱা বস্তুৰ নাটনি হব চোন ৷
ধৈৰ্য নেহেৰুৱাই গৃহিনীয়ে ঘোষণা কৰিলে
- এতিয়া দৰাঘৰীয়াখিনিয়ে অনুগ্ৰহ কৰি হলৰ সোঁফালে ঠিয় হওক ৷
৫০জন মানে সোঁফালে ঠিয় হ'লগৈ ৷
এইবাৰ গৃহিনীয়ে ঘোষণা কৰিলে
- কইনাঘৰীয়াখিনিয়ে অনুগ্ৰহ কৰি হলৰ বাওঁফালে ঠিয় হওক ৷
এইবাৰ ৪০জন মানে বাওঁফালে ঠিয় হ'লগৈ ৷
এইবাৰ লগে লগে গৃহস্থই ঘোষণা কৰিলে
- দৰাঘৰীয়া আৰু কইনাঘৰীয়াসকল বেলেগ পাৰ্টি হললৈ যাব পাৰে ৷
বাকী থকাসকলে আমাৰ সন্তানৰ বাৰ্থডে পাৰ্টিৰবাবে ইয়াতে ৰৈ যায় যেন ৷

No comments:

Post a Comment