Monday 24 February 2014

@ছোৱালীৰ ছপিং@

By: চিন্ময় দত্ত

ৰাতিপুৱা ১০ বজাত দুয়োজনী বেষ্ট ফেণ্ড(!) উলাল ছপিংলৈ বুলি। প্রথমে চহৰৰ ডাঙৰ ছপিং মল কেইখন ঘুৰিলে। মেগী পেকেটৰ পৰা আৰম্ভ কৰি LCD টি.ভি লৈ সবতে হাত ফুৰাই গল; পিছে পছন্দ হলে একোৱেই নহল। সব old patternৰ। তাতেই গল ২ ঘণ্টামান।
মানে ১২ টা বাজিল।
এতিয়া ছপিং মলৰ পৰা উলাই কাপোৰৰ দোকান ৫ খন মান ঘুৰিল। ঘুৰিবই লাগিব; মনে বিচৰা কাপোৰসাজ জানো সোনকালে পায়! পিছে শেষত গৈ যেতিয়া উলিয়াই দিয়া ১০ যোৰ মান কাপোৰৰ মাজৰ পৰা পছন্দ হোৱা যোৰ বৰ দামী; ৮০০ টকীয়া কাপোৰযোৰ তেওঁলোকৰ দামত মানে ১৫০ টকাত নিদিয়াৰ বাবে গুচি আহিল। (সেইত; ইমান দামী পায়)
এনেকৈ গল আৰু ২ ঘণ্টা। বাজিল ২ টা।
ভোকো লাগিছে নহয়; কিবা এটা খাব লাগে এতিয়া। দহখন মান ৰেষ্টুৰেণ্ট ঘুৰি ঘুৰি এখনটো পছন্দ নহল। ইমান দাম বস্তুবোৰৰ। পিছে ভোকটো মাৰিব লাগিব; কি কৰা হয়। !dea; ৰাস্তাৰ কাষত দহ দহ টকাকৈ ফুচকা খাই ভোক মাৰিলে।

এনেকৈ আবেলি হল। হঠাত্‍ এজনীয়ে দেখিল যে তাইৰ ছেন্দেলৰ তলটো অলপ ফাটি আছে। "ঐ বলচোন ছেন্দেল এযোৰ কিনোগৈ" বুলি গল BATA, KHADIMS আদি দোকান দুখন মান ঘুৰিল।পিছে কি হব! পছন্দ নহয়; হোৱাযোৰৰ আকৌ জুই-চাই দাম। ধেইত যা: নিকিনো বুলি উলাই আহিল। ফটা ছেন্দেলযোৰতো পিন্ধি থাকিব নোৱাৰি; গতিকে মুছি এজনৰ ওচৰত ১০ টকা দি ঠিক কৰি দুয়োজনী ঘৰমুৱা হল আৰু।।

ৰাতি ফেচবুকত ষ্টেটাচ আপডেট

"Enjoyed a great day, shopping lots...bht val lagil aji"..with অমুকী

(১০০ লাইক; ৫০ কমেণ্ট)

No comments:

Post a Comment