Sunday 30 March 2014

মাইকী কুকুৰা

By: Dip Chutia

এবাৰ এটা শিয়াল চিকাৰৰ উদ্দেশ্যে এটা গড়ালৰ কাষ পালেগৈ । সেই সময়ত গড়ালত ৰাজহাঁহ সাৰে আছিল । হৰ্থাৎ বাহিৰত খচমচনি শুনি বাহিৰলৈ চাই শিয়ালক দেখি .....ডকাইত....... ডকাইত....... বুলি চিঞৰিব ধৰিলে । ৰাজহাঁহৰ চিঞৰত গড়ালৰ সকলো সদস্য সাৰ পাই গল ।ৰাজহাঁহক তেনেকৈ চিঞৰা দেখি গড়ালৰ মাইকী কুকুৰাই মাত লগালে

;-ক'ত..... ক'ত..... ক'ত.... ক'ত..... ,,,

তেনেতে শিয়ালক বাহিৰত দেখি পাতিহাঁহে কলে :- তাত.......তাত.......তাত......তাত.....

মতা পাতিহাঁহটোৱে সকলোকে উদ্দেশ্যি ক'লে;- চুপ..... চাপ...,চুপ..... চাপ...,চুপ..... চাপ...,

কথা বিষম দেখি শিয়ালে চিকাৰৰ আশা বাদ দি গুছি গল ।ৰাতিপুৱা মতা কুকুৰাটোৱে ৰাতিৰ ঘটনাটোৰ খং সামৰিব নোৱাৰি বুকুত পাখি চপৰিয়াই চিঞৰিব ধৰিলে :- (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) শিয়াল কুকুৰ ক'ত.......... (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) পোৱাহ'লে তাক .............(ঢাপ-ঢাপ, ঢাপ-ঢাপ ) শিয়াল কুকুৰ ক'ত.......... (ঢাপ-ঢাপ, ঢাপ-ঢাপ ) পোৱাহ'লে তাক .............

তেনেতে মাইকী কুকুৰাই কালিনো কি চাই আছিল ভাৱেৰে ঠাট্টা কৰি লাহেকৈ ক'লে :- থঅঅঅক........ থক থক থক থক থক থক...........

No comments:

Post a Comment