Saturday 28 May 2016

বোৰ্ণভিতা

From Rogor:
বহুত ক্ষীণ একপ্ৰকাৰ হাড়ে চালে লগা লৰা এজন বাটেৰে গৈ আছিল ।
:
এজনী খুৱ ধুনীয়া ছোৱালী দামী গাড়ী এখনত আহি লৰা জনৰ কাষত ৰখি দিলে । আৰু গাড়ীত উঠিবলৈ অনুৰোধ কৰিলে ।
:
লৰাজনে ভাবিলে ...... ইমান ধুনীয়া আৰু ধনী মানুহৰ ছোৱালীয়ে তাক অনুৰোধ কৰিছে !! যদি এইৰ লগত মই বিয়া হওঁ খুৱ ধনী হম আৰু সুখেৰে থাকিব পাৰিম ।
:
লৰাজন যাবলৈ মান্তি হ'ল আৰু গাড়ীত বহি ললে ।
:
ছোৱালী জনীয়ে তাইৰ ঘৰলৈ লৈ গ'ল । ঘৰ মানে তাইৰ খুৱ ধুনীয়া অট্টালিকা ।
:
ছোৱালী জনীয়ে লৰাজনক একেবাৰে ডাইনিং ৰুমলৈ লৈ গ'ল আৰু বহিবলৈ দি তাই অপেক্ষা কৰিব কলে ।
:
লৰাজনে আনন্দতে কি কৰো কি নকৰো লাগিল ।
:
অলপ পিছত ছোৱালী জনীয়ে দুটা সৰু লৰা ছোৱালী লৈ আহিল আৰু লৰাজনক দেখুৱাই কলে ..................
চোৱা বাবা মাইনা যদি বোৰ্ণভিতা নোখোৱা এই আংকল জনৰ নিচিনা হবা ।

No comments:

Post a Comment