Wednesday 7 January 2015

বিষ

By: Mamoni Biswas
নগেন এবাৰ ডাক্তৰৰ ওচৰলে গ'ল
নগেন: ছাৰ, মোৰ গোটেই গাতে বিষ হৈছে। সৰ্ব শৰীৰ বিষত মই তত পোৱা নাই। মোক অাপুনি help কৰক ছাৰ
ডাক্তৰ: বিষ ক'ত ক'ত হৈছে?
নগেন: তৰ্জনি অাঙুলিৰে কপালত ছুই ডাক্তৰক দেখুৱালেছাৰ,মই ইয়াত ছুলে বিষায়
তাৰ পাছত হাতত ছোও.....তাতো বিষায়
ডিঙিত ছোও তাতো বিষায়
ইমান যে বিষ......উস্
ডাক্তৰ: চাওছোন ওচৰলে অাহ্
নগেন ডাক্তৰৰ ওচৰত থিয় হ'ল অাৰু
নিজৰ অাঙুলি এটাৰে নগেনৰ কপালত ছুই নগেনক সুধিলে.......
এতিয়া বিষাইছেনে?
নগেন: নাই বিষোৱা ছাৰ
এইবাৰ একেদৰে ডাক্তৰে নগেনৰ হাত অাৰু ডিঙিতো ছুই নগেনক বিষাইছেনে নাই সুধিলত নগেনে নাই বিষোৱা বুলি ক'লে
নগেনে অাচৰিত হৈ ডাক্তৰক সুধিলে ..... ছাৰ মোৰ কেনেকুৱা বিষ হৈছে এইটো......মোক অাপুনি বছওক ছাৰ।
ডাক্তৰ: কুকুৰ ......তোৰ গাত একো হোৱা নাই ......... অাঙুলিত ঘা হৈছে তোৰ!!!!!!!!!

No comments:

Post a Comment