Wednesday 26 February 2014

✪হাঁহিৰাম গগৈৰ ডায়েৰিৰ পৰা… ✪

By: Sanjeeb Borkakati

মনমোহন সিং চাৰি দিনৰ কাৰনে অসম ভ্রমন
কৰিব আহিল ! উদেশ্য - অসমৰ আর্থিক
সমস্যাৰ বুজ লোৱাৰ ! এই চাৰি দিন তেও
হাঁহিৰাম গগৈৰ ঘৰত থকাৰ সিদ্ধান্ত ললে !
প্রথম দিনা তেও দিনটো ভ্রমনৰ শেষত
হাঁহিৰাম গগৈৰ ঘৰত আহি জিৰনি ললে !
সন্ধিয়া সময়ত তেও আৰু
গগৈ দুয়োৱে বহি একান্তমনে কিবা আলোচনা কৰি আছিল !
তেনেতে দুৰৰ পৰা ভাঁহি অহা শিয়ালৰ
হোৱা হোৱা শব্দ শুনি মনমোহনে গগৈক
সুধিলে -
: হেৰা গগৈ, এইবোৰ কিহে চিঞৰিচে…?
: চাৰ এইবোৰ শিয়ালে চিঞৰিচে !
: কিয় চিঞৰিচে …?
: চাৰ, সিহতে আমাৰ দৰে থাকিবলৈ ঘৰ নাই !
বাহতলিতে থাকিব লাগে ! এতিয়া মহৰ কামুৰ
খাই চিঞৰিচে !
: হয় নেকি…? তেনেহলেএটা কাম কৰা,
চৰকাৰী একাউন্টৰ পৰা সিহতৰ অনুদানৰ ঘৰৰ
ব্যৱস্থা কৰা !
: থিক আছে চাৰ, মই কালিৰ
ভিতৰতে ব্যৱস্থা কৰি আছো !
( পিছদিনা হাঁহিৰাম গগৈয়ে চৰকাৰি একাউন্টৰ
পৰা কিচু টকা উলিয়াই নিজৰ একাউন্টত ভৰাই
থলেগৈ ! )

দিতীয় দিনাখন একে সময়তে আকৌ শিয়ালৰ
হোৱা শুনি মনমোহনে গগৈক সুধিলে -
: হেৰা গগৈ, তুমি সিহতক ঘৰৰ
ব্যৱস্থা কৰি নিদিলা নেকি ?
: চাৰ, সিহতক ব্যৱস্থা কৰি দিয়া হল !
: তেনেহলে কিয় চিঞৰিচে…?
: চাৰ সিহতে ঘৰ পালে সচা, কিন্তু আমাৰ
দৰে খাবলৈ নাপায় ! সেয়ে ভুকতে চিঞৰিচে !
: হয় নেকি ? তেনেহলে সিহতক
চৰকাৰী একাউন্টৰ
পৰা খোৱা বোৱাৰো ব্যৱস্থা কৰি দিয়া !
: হব চাৰ, মই কালিলৈকে কৰি দিম !
( পিছদিনাও হাঁহিৰাম গগৈয়ে চৰকাৰি একাউন্টৰ
পৰা কিচু টকা উলিয়াই নিজৰ একাউন্টত ভৰাই
থলেগৈ ! )

তৃতীয় দিনাও শিয়ালৰ
হোৱা শুনি মনমোহনে গগৈক সুধিলে -
: হেৰা গগৈ, আজি আকৌ সিহতে কিয়
চিঞৰিচে…?
: চাৰ, সিহতে থকা - খোৱাৰ
ব্যৱস্থা পালে সচা, কিন্তু আমাৰ
দৰে সিহতে পিন্ধিবলৈ কাপোৰ -কানি নাপায় !
সেয়ে সিহতে ঠাণ্ডাতে চিঞৰিচে !
: হয় নেকি…? তেনেহলে এটা কাম কৰা, সিহতৰ
যিমান সমস্যা আছে, কালিৰ ভিতৰত
চৰকাৰী একাউন্টৰ পৰা সমাধান কৰি দিয়া !
: হব চাৰ, মই কালিৰ ভিতৰত সকলো সমাধান
কৰি দিম !
( পিছদিনাও হাঁহিৰাম গগৈয়ে চৰকাৰি একাউন্টৰ
পৰা কিচু টকা উলিয়াই নিজৰ একাউন্টত ভৰাই
থলেগৈ ! )

চতুর্থ দিনাও একেই ঘটনা……!
মনমোহন সিঙে গগৈক অলপ জোৰেৰে সুধিলে-
: হেৰা গগৈ,
তুমি একো ব্যৱস্থা কৰি নিদিলা নেকি হে ?
: চাৰ, মই সকলো ব্যৱস্থা কৰি দিলো !
: তেনেহলে সিহতে কিয় চিঞৰিছে…?
: চাৰ, সিহতে ঘৰ পালে, খোৱা-বোৱা পালে,
পিন্ধা কাপোৰৰ পৰা ধৰি চব পালে !
এতিয়া সিহতৰ তামাম ফুর্টি !আপুনাৰ খুব
প্রশংসা কৰিচে, সিহতে ! এই
আনন্দতে সিহতে…
.
. .
.
.
.
.
.
.
.
.
.
.
. আপুনাক এতিয়া আৰতি কৰিছে !
মিচা কলে কি দাল হব, এতিয়াৰ পৰা সদায়
সন্ধিয়া হলেই চাকি-বন্তি লগাই আপুনাক
সিহতে হেনো আৰতি কৰিব !
assamese meme

No comments:

Post a Comment