Wednesday 26 February 2014

টিফিন টাইম

By: Rituraj Borgohain
চেঙেলীয়ে সদায় স্কুললৈ বেলেগ বেলেগ বস্তু নিয়ে টিফিন টাইমত খাবলৈ । পিছে কি হব কিছুদিনৰ পৰা সি খাবলৈ নোপোৱা হল । চকিদাৰ জনে সি নিয়া খাদ্যখিনি খাই পেলায় । ইয়াৰ পৰা বাচিবলৈ চেঙেলীয়ে এদিন বুদ্ধি পাঙিলে । সি মাক চেনিমাইক কলে...মা অ' মা আজি পায়স অলপ বেছিকৈ বনাবিচোন লগৰ কেইটামানেও খাব । কথা মতে কাম মাকে এগাল মান পায়স বনাই ঘাটলৈ পানী আনিবলৈ গল । চেঙেলীয়ে পায়সখিনি নিজেই বান্ধি লৈ স্কুল পালেগৈ । স্কুলত.......
চকিদাৰ >ঐ চেঙেলী আজি কি আনিছ ?
চেঙেলী > পায়স আনিছিলো ।
চকিদাৰ > দে মই খাই চাওঁ ।
এইবুলি গোটেই পায়সখিনি লৈ খাবলৈ লাগিল । শেষ কৰিব নোৱাৰি চকিদাৰজনে কলে > এইখিনি মই ঘৰলৈ লৈ যাম । বাচনটো আজি ঘৰলৈ নিনিলে তোক ঘৰত গালি দিব নেকি ?
চেঙেলী > (গহীন ভাৱে ) দিওঁতে গালি দিব নালাগে কিন্তু (অলপ ৰৈ ) ?
চকিদাৰ > কিন্তু কি ?
চেঙেলী > নহয় মানে ৰাতি যদি মাৰ প্ৰেচাৱ কৰিব লাগে তেতিয়া..........
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
যদি চৰিয়াটো বিচাৰি নাপায় গালি দিব পাৰে ।
.
(সেইদিনাৰ পৰা চকিদাৰে চেঙেলীৰ টিফিন নোখোৱা হল )

No comments:

Post a Comment