Wednesday 26 February 2014

দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ

By: Jayanta Hazarika
আমাৰ চৰকাৰে বাৰু গুটখা বন্ধ কৰিব নে নকৰে ৷ ৰুদ্ধদ্বাৰ বৈঠক বহি আছে আমাৰ অৱতৰিয়া
বানপানী হোৱা একদম মেইন জাগাত ৷

কৰুন গগৈ— দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ যে কালন্ত, তুমি অলচ' এই গুটখা বিল খন
পাছ কৰিবই নালাগিছিল ৷ বাৰু কালন্ত এই গুটখা বিলাক বন্ধ হৈ নাযাইতো ৷

কালন্ত কৃষ্ণ শৰ্মা— ছাৰ আপোনি কোনো চিন্তাই নকৰিব ৷ মই এইবোৰ সকলোঁ চেটিং কৰিথৈছো নহয়
ছাৰ ৷ আপুনি মাত্ৰ চাই থাকক আৰু গুতকা কোম্পানী বিলাকৰ পৰা টকা লৈ নিচিন্তে
জেপত ভৰাই থাকক ৷

কৰুন গগৈ— হেহ হেহ হেহ, মিছা ক'লে কিদাল হ'ব ৷ নহয় জানো কালন্ত ৷ মই তো অলচ'আগতেই জানিছিলোঁ
যে কালন্তই নিচ্চয় কিবা নহয় কিবা এটা কৰিবই ৷ হেৰি নহয় কালন্ত , এইতো কিবা নতুন আচনি
উলিয়াইছা নেকি তুমি?

কালন্ত কৃষ্ণ শৰ্মা— হয় ছাৰ ৷ এইতো মানে আপোনি আচঁনি বুলি ও ধৰিলেই হ'ল ৷ এই ধৰক গুতকা তোক আমি
তিনি ভাগত ভগাই দিলোঁ ৷ প্ৰথম হ'ল শিখৰ— ইয়াক দিছোঁ অসমৰ দুখীয়া বিলাকক খাবলৈ ৷ তেওঁলোকৰ বাবেই ইয়াৰ দাম ধৰি দিয়া হৈছে মাত্ৰ ৩ টকা ৷ ২য়তে আছে আমাৰ দিলৰুৱা— যাৰ দাম মাত্ৰ ৭ টকা ৷ ইয়াক খাবলৈ দিয়া হৈছে আমাৰ মানে মধ্যবৃত্ত মানুহখিনিক ৷ আৰু ছাৰ তিনি নম্বৰত আছে আমাৰ এই যে ধৰমপাল হতৰ ৰজনীগন্ধা ৷ ইয়াক ছাৰ খাব পাৰিব আমাৰ ধনী মানুহ বিলাকেহে ৷ কাৰন ইয়াৰ দাম আছে ১০ ৰ পৰা ১৫ টকাৰ ভিতৰত ৷ গতিকে ছাৰ আমাৰ চৰকাৰৰ কৃপাত গুটখাক ইমান সুন্দৰকৈ ভগাই দিছোঁ ৷ ৰাইজে এতিয়া ছাৰ আমাৰ নাম লৈ কিনি কিনি খোৱাৰ হে কথা আৰু ৷ নহয় জানো ছাৰ ৷

কৰুন গগৈ— হেহ হেহ হেহ, অল ইজ্ ৱেল্ - অল ইজ্ ৱেল্ ৷ কালন্ত তোমাৰ কিন্তু এইদাল মাঠা কমতি
নহয় দেই ৷ দেত ইজ অলচ' এ ইমপৰ্তেন্ত মেতাৰ যে কালন্ত তোমাৰ দৰে যদি মিনিস্টাৰ মোৰ লগত থাকে ৷ তেতিয়া মই কাকো কেয়াৰেই নকৰোঁ ৷ মিছা ক'লে কিদাল হ'ব, নহয় জানো ৷ পিছে কালন্ত আমাৰ এই আচনি তোৰ নাম বা কি?

কালন্ত কৃষ্ণ শৰ্মা— ছাৰ আমাৰ এই আচঁনি টোৰ নাম হল" গুটখা সুৰক্ষা আচঁনি "৷

কৰুন গগৈ—— হেহ হেহ হেহ অল্ ইজ্ ৱেল্— অল্ ইজ্ ৱেল্ ৷

No comments:

Post a Comment