Wednesday 26 February 2014

নগেন আৰু মনালিছা

By: Jaan Deepjyoti Borah

আজি আপোনালোকক নগেন আৰু মনালিছাৰ বিয়াৰ কথা কবলৈ উলাইছো।
নগেন আৰু মনালিছা ব্যস্ত হোমৰ ওচৰত ।নগেনৰ বন্ধু খগেন ব্যস্ত বিয়াৰ ঘৰত ছোৱালী চোৱাত।
এনেদৰে ছোৱালী চাই থাকোতেই এগৰাকীয়ে খগেনলৈ চাই হাঁহি মাৰি হাই বুলি কলে।
কইনাঘৰৰ ছোৱালীৰ এনে মৰমচেনেহ দেখি খগেনৰ মনতো বৰ ভাল লাগি গল। আৰু লাহে লাহে সেই ছোৱালীজনীৰ লগত কথা পাতিবলৈ খগেন আগুৱাই গল।ছোৱালীজনীৰ ওচৰ পাই খগেনে লাজলাজকৈ সুধিলে ।
খগেন : তোমাৰ নাম কি ভনী ।
ছোৱালী : মোৰ নাম মালতী
ছোৱালী :বৰ ধুনীয়া কাপোৰ এসজ পিন্ধিছে দেই ।
খগেন :অ এইযোৰ।পেন্তৰ দাম ২৫০০টকা,চোলাটোৰ দাম ১৫০০টকা.জোতাযোৰত ললে ৩০০০ আৰু ভিতৰত পিন্ধি থকা কেইটাৰ নকওঁ দিয়া ।এইকেইটাও বৰ দামী বুইছা।
ছোৱালী :হব হব ভিতৰৰটো দাম কিমান মই গম পাইছো ।ফুল ফুল ঠকাহে ।আমাৰ যে দেউবৰীয়া বজাৰত পাই।
খগেন :অ ফুল ফুল থকা ।তুমি কেনেকৈ জানিলা।
ছোৱালী :অলপমান কাণখন মোৰফালে আগুৱাই আনক কাণতহে কব পাৰিম ।
আৰু খগেনৰ কাণত মালতীয়ে কলে যে চেনদাল বন্ধ কৰি লওক ।আৰু ময়েই নহয় বিয়া ঘৰৰ সকলোৱে চিনি পাইছে এই ফুল আৰু ফুলৰ দাম কিমান ?

No comments:

Post a Comment