নগেন ওপৰৰ পৰা পৰিল..

By: ডঃ মাখন লাল দাস

আমাৰ নগেন বৰ কৃপণ ৷
এবাৰ নগেন ঘৈণীয়েকৰ লগত কিছুদিনৰ বাবে চহৰলৈ গৈছিল কিবা কামত৷
ত্ৰিশশমহলীয়া বিল্ডিং এটাৰ দহ নম্বৰ মহলাৰ এটা সৰু ফ্লেট ভাড়া লৈ দুয়ো থাকে৷
এদিন ৰাতিপুৱা নগেন কিবা এটা চাবলৈ ত্ৰিশমহলীয়া ঘৰটোৰ একেবাৰে ওপৰলৈ গৈছিল৷ ওপৰৰ পৰা তললৈ চাই বৰ ভাল লাগে বাবে নগেনে সকলো পাহৰি তললৈ চাই আছিল কিছুপৰ৷
কিন্তু অতি দুখৰ কথা যে নগেনৰ ভৰি পিছল খালে আৰু ওপৰৰ পৰা তললৈ পৰিব ধৰিলে৷ নগেনে বুজিলে আজি তাৰ মৃত্যু অনিবাৰ্য...
ত্ৰিশ মহলাৰ পৰা নগেন তললৈ পৰি আহি আছে, আহি আছে৷
আহি আহি বিশ মহলা পালে..
তাৰপাছত পোন্ধৰ মহলা..
তাৰপাছত তেৰ, বাৰ, এঘাৰ মহলা.. নগেন সাজু হ'ল..
দহমহলাত নগেনহঁতৰ ফ্লেট..
পৰোঁতে নগেনে দেখিলে ঘৈণীয়েকে ৰুটি বনাবলৈ আটা মাৰি আছে..
নগেনে পৰি থাকোঁতেই চিঞৰি চিঞৰি ঘৈণীয়েকক কৈ গ'ল..
" মোৰ কাৰণে ৰুটি নবনাবা দেই........"
(সংগ্ৰহ)
কেনে লাগিল:

Post a Comment

0 Comments