Tuesday 18 February 2014

তিনিজন মিস্ত্রী

By: Madhurya M. Borah
এইবাৰ আকৌ তিনিজন মিস্ত্রী লগ হল -

জাপানী মিস্ত্রী -জানাই আমাৰ তাত কিমান ভূমিকম্প ,তথাপি আমি ইমান ওখ বিল্ডিং সাজু যে থিয় হৈ চালে আগতো নেদেখিয়েই , মাটিত শুই চালেহে যেনেতেনে দেখি |

আমেৰিকাৰ মিস্ত্রী -ও , সেইতোনো কি ওখ? আমি আকৌ ইমান ওখ বিল্ডিং সাজু যে যেনেকৈয়ে নোচোৱা খালী চকুৰে আগতো নেদেখিয়েই , টেলিস্কোপেৰে চালেহে দেখি |

ভাৰতীয় মিস্ত্রী -আমাৰ তাততো ইমান ওখ বিল্ডিং নাই, অৱশ্যে এবাৰ এটা বিল্ডিং সজা মোৰ মনত আছে | এদিন একেবাৰে ওপৰ মহলাত কাম কৰি আছিলো , ছুটী হবৰ সময়তে পত্নিয়ে ফোন কৰিলে -"লৰাটোৰ গা বেয়া সোনকালে আহা |" , লৰালৰিকৈ সৰন্জামবোৰ সামৰে৷তে হাতুৰিটো পিছলী পৰি গল | ভাবিলো এতিয়া নিবিচাৰে৷ দেৰি হব | ঘৰলৈ আহি লৰাটোক দক্তৰৰ ওচৰত নিলো | সি গা ভাল পালে | পাচদিনা কামত লাগিবলৈ গৈ লিফটত উঠিবলৈ লওতেই ওচৰতে ধপকৈ কিবা এটা পৰিলেহি | ভালকৈ চাই দেখো ,ওৱা, মোৰ হাতুৰিটো দেখোন ! আগদিনাই পিছলী পৰিছিল | পাচদিনাহে মাটি পাইছেগৈ !!!!!!!

No comments:

Post a Comment