Wednesday 7 January 2015

»»»নপঢ়িলে দুখত থাকক, একদম সত্য«««


By: Pankaj Dutta

এদিনাখন মমিবাই অফিচৰ পৰা ঘৰলৈ আহি আছিল .. ৰাস্টাত বহুত জাম হোৱা দেখি মমিবা লগতে আন মানুহবোৰো ৰ'ব লগা হ'ল..
ঠিক সেই সময়তে মমিবাই মন কৰিলে এজন ভিক্ষাৰীয়ে ওচৰত ৰৈ থকা মানুহ এটাক ভিক্ষা খুজি আছে..


মানুহজনক কিবা মমিবাৰ চিনাকী চিনাকী লাগিল , সেয়েহে সুধিয়েই পেলালে ভিক্ষাৰীজনক- আপোনাক মই ক'ৰবাত দেখিছো..!!!

ভিক্ষাৰী- আৰে এইজনী আমাৰ মমিচোন ... ক'ত গৈছিলা ?

মমি বা- (অবাক হৈ) আৰে মোক কেনেকে চিনি পায় ?

ভিক্ষাৰী- (অলপ লাজ কৰি) কিয় মোক চিনি পোৱা নাই ? সেই যে ফেচবুকৰ 'ৰগৰ' নামৰ অসমীয়া গোটটিত ‪#‎নিলু‬ বা‪#‎নেলু‬ বুলি যে নাম এটা পোৱা , সেইজনে মই..

মমি বা- কি ইইইইইইইই..তাৰমানে ?

ভিক্ষাৰী নেলুকাই- নাইচ টু মিট ইউ মমি .. পিছে কাকো নকবা হা, আজি অলপ অভাৰ টাইম কৰিছো, কালিলৈ দিনটোত তেতিয়াহে খুব ফেচবুক কৰিব পাৰিম .. আৰু ৰাতি ইনবক্সত আহিবা হা মমি...

নেলু কথা শুনি মমিবা বেহুচ তেতিয়াৰ পৰা ....

(আগতে শুনা কৌতুক সকলোৱে, অলপ ৰিমিক্স কৰি দিলোং)

বিষ

By: Mamoni Biswas
নগেন এবাৰ ডাক্তৰৰ ওচৰলে গ'ল
নগেন: ছাৰ, মোৰ গোটেই গাতে বিষ হৈছে। সৰ্ব শৰীৰ বিষত মই তত পোৱা নাই। মোক অাপুনি help কৰক ছাৰ
ডাক্তৰ: বিষ ক'ত ক'ত হৈছে?
নগেন: তৰ্জনি অাঙুলিৰে কপালত ছুই ডাক্তৰক দেখুৱালেছাৰ,মই ইয়াত ছুলে বিষায়
তাৰ পাছত হাতত ছোও.....তাতো বিষায়
ডিঙিত ছোও তাতো বিষায়
ইমান যে বিষ......উস্
ডাক্তৰ: চাওছোন ওচৰলে অাহ্
নগেন ডাক্তৰৰ ওচৰত থিয় হ'ল অাৰু
নিজৰ অাঙুলি এটাৰে নগেনৰ কপালত ছুই নগেনক সুধিলে.......
এতিয়া বিষাইছেনে?
নগেন: নাই বিষোৱা ছাৰ
এইবাৰ একেদৰে ডাক্তৰে নগেনৰ হাত অাৰু ডিঙিতো ছুই নগেনক বিষাইছেনে নাই সুধিলত নগেনে নাই বিষোৱা বুলি ক'লে
নগেনে অাচৰিত হৈ ডাক্তৰক সুধিলে ..... ছাৰ মোৰ কেনেকুৱা বিষ হৈছে এইটো......মোক অাপুনি বছওক ছাৰ।
ডাক্তৰ: কুকুৰ ......তোৰ গাত একো হোৱা নাই ......... অাঙুলিত ঘা হৈছে তোৰ!!!!!!!!!