Tuesday 5 April 2016

বুদ্ধিজীৱিৰ প্ৰয়োজন

From rogor:
।। নিয়োগ সংবাদ ।।

"বুদ্ধিজীৱিৰ প্ৰয়োজন"

অসমৰ আগশাৰীৰ কোম্পানী এটাৰ "National Marketing Head" পদৰ কাৰণে ইচ্ছুক বুদ্ধিজীৱি প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

অৰ্হতা:
.
১/ যিকোনো ডিগ্ৰী হলেই হ'ল। টিপ চহী মাৰা সকলৰ ক্ষেত্ৰত হাতৰ বুঢ়া আঙুলিটো থাকিব লাগিব।
.
২/ বাওঁপন্থী আৰু জাতি বিৰোধী চিন্তাধৰা থাকিব লাগিব।
.
৩/ সংবাদমেল পাতি বেলেগ কোম্পানীৰ প্ৰডাক্ট নিকিনিবলৈ ৰাইজক কব পাৰিব লাগিব।
.
৪/ আমাৰ প্ৰডাক্ট বিক্ৰী কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিলেও যুক্তি তৰ্ক কৰিব পাৰিব লাগিব।
.
৫/ চালে বেৰে কোবাই হলেও যুক্তিৰে আমাৰ প্ৰডাক্ট বিক্ৰী কৰিব পাৰিব লাগিব।
.
৬/ টিভি, বাতৰি কাকত, টুইটাৰ, ফেচবুকত ৰাইজৰ গালি আৰু ককৰ্থনা শুনিও ডেম-কেয়াৰ হৈ থাকিব লাগিব।
.
৭/ আত্মসন্মান নথকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।
.
৮/ মগজুত কমেও ৪২ GB মেমোৰি থাকিব লাগিব।
.
৯/ টকাৰ কাৰণে মান সন্মান বিক্ৰী কৰিব পাৰিব লাগিব।
.
১০/ কোনো ৰাজনৈতিক দলৰ দালালি কৰাৰ পূৰ্ব অভিজ্ঞতা থাকিব লাগিব।
.
১১/ বয়স আৰু দৰমহাৰ কোনো সীমা নাই।
.
ইচ্ছুক বুদ্ধিজীৱি প্ৰাৰ্থীয়ে একপি "চেল্ফি"ৰে সৈতে নিজৰ বায়ডাটা আমাৰ কাৰ্যালয়ত জমা কৰক।

যোগাযোগৰ ঠিকনা:
নিয়োগ বিভাগ,
"ঘটিৰাম অবৈধ চুলাই আৰু মাদকদ্ৰব্য কোম্পানী লিমিটেড",
গণিকা বিল্ডিং,
(ৰেড লাইট এৰিয়াৰ বিপৰীতে)
দিছপুৰ, গৌহাটী।