Friday 24 March 2017

বিতৰ্ক

বিতৰ্ক আৰু বিতৰ্ক,সীমাহীন বিতৰ্ক! নাহিদ,চিলাপথাৰ, সুবোধ এইবোৰটো বাদেই এটা গানৰ খৰচ,অডিঅ’ ভিডিঅ’, প্ৰয়োজনীয়তা লৈও বিতৰ্ক৷

সিদিনা কৰবাত পঢ়িলো লক্ষ্মীনাথ বেজবৰুৱাদেৱে আজিৰ তাৰিখত “অ’ মোৰ অসমী আই” লিখিলেও হেনো বিতৰ্ক হ’লহেতেন৷ অলপ কল্পনা কৰি চাব খুজিছো কেনেকুৱা বিতৰ্ক হ’লহেতেন৷ হয়তো এনেকুৱা ধৰনৰ প্ৰতিক্ৰিয়া আহিলহেতেন -

সংখ্যালঘু সংগঠনৰ নেতা- মাতৃপুজা বা মাতৃবন্দনা কৰাটো আমাৰ ধৰ্মত হাৰাম৷ যেনেদৰে আমি “ভাৰত মাতা কি জয়” কোৱাটোত মানা আছে সেইদৰেই “অসমী আই” বোলাটোতো মানা আছে৷

কৃষক নেতা- (মূৰটো জোকাৰি জোকাৰি)মই এই গানটোত ব্ৰাক্ষ্মণ্যবাদৰ গোন্ধ পাইছো৷ যেনেদৰে শৰ্মা,চক্ৰৱৰ্তী,ভট্টাচাৰ্য্যই যোৱা নিৰ্বাচনত দপদপাই আছিল ইয়াতো এজন ব্ৰাক্ষ্মণৰ হে গানটো কিয় বাছি লোৱা হ’ল? ইয়াৰ বিৰুদ্ধে আন্দোলন হব৷

চৰকাৰী মুখপত্ৰ- এই গানটোত অকল অসমীয়া মানুহৰ কথাহে কোৱা হৈছে,হিন্দু বাংলাদেশীৰ উল্লেখ নাই! শীঘ্ৰেই তেওঁলোকো বৃহত্তৰ অসমীয়া জাতিৰ এটা অভিন্ন অংগত পৰিণত হব৷ গানটোৰ সংশোধন হোৱা উচিত৷ ভাৰতৰ বাহিৰে হিন্দু বাংলাদেশীৰ আৰু কোন আছে?

যুৱ সাংসদ-ইয়াত “আই” মানে অকল মাইকী মানুহৰ কথাহে কোৱা হৈছে৷ মতা মানুহৰ উল্লেখ নাই৷ মই মাছৰেই মতা মাইকী উলিয়াই দিও, গান নো কি?

বুদ্ধিজীৱি- লক্ষ্মীনাথ নামটোতেই লক্ষ্মী মানে ধন আছে৷ বণিয়া,পুজিপতিৰ চৰকাৰত আৰু কি আশা কৰিব পাৰো ? সৰ্বহাৰাৰ কথা কোনে চিন্তা কৰিব?

প্ৰাক্তন মুখ্যমণ্ত্ৰী-আমাৰ চৰকাৰ থাকোতেই মই হেমন্তক এনেকুৱা এটা গান উলিয়াব কৈছিলো৷ আমাৰ দিনৰেই আঁচনিত পৰে এইটো৷ আৰু এটা কথা-গানটোত “আসাম” শব্দটো নাই ! মিছা ক’লে কিডাল হব?

জনজাতীয় সংগঠনৰ নেতা- গানটোত অসমৰ জনজাতি সমুহক উপেক্ষা কৰা হৈছে৷ অসমৰ ইতিসাহ,সমাজ ব্যৱস্থালৈ জনজাতি সমুহৰ অৱদান ইয়াত প্ৰকাশ পোৱা নাই৷

আম আদমীৰ নেতা- “চিকুনি” শব্দটোৰে পৰিস্কাৰ পৰিচ্ছন্নতাৰ কথা বুজোৱা হৈছে৷ ইয়াৰ জৰিয়তে “মোডীজীৰ স্বচ্ছ ভাৰত অভিযান”ৰ প্ৰচাৰ চলোৱা হৈছে৷ বেজবৰুৱাদেৱৰ ডিগ্ৰী লৈও আমাৰ সন্দেহ আছে৷ চব মিলে হুৱে হেই জী !